মিয়াগি প্ৰিফেকচাৰৰ চেণ্ডাইস্থিত এটা অৰ্ধপৰিবাহী প্ৰকল্প পৰিদৰ্শন কৰিলে প্ৰধানমন্ত্ৰীয়ে

August 30th, 11:52 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জাপানৰ প্ৰধানমন্ত্ৰী মহামহিম শ্ৰী শ্বিগেৰু ইছিবাৰ সৈতে মিয়াগি প্ৰিফেকচাৰৰ অন্তৰ্গত চেণ্ডাইলৈ যাত্ৰা কৰে। চেণ্ডাইত দুয়োগৰাকী নেতাই অৰ্ধপৰিবাহী খণ্ডৰ আগশাৰীৰ জাপানী কোম্পানী টকিঅ’ ইলেক্ট্ৰন মিয়াগি লিমিটেড (টি ই এল মিয়াগি) পৰিদৰ্শন কৰে। পৰিদৰ্শনকালত প্ৰধানমন্ত্ৰী মোদীক বিশ্ব অৰ্ধপৰিবাহী মূল্য শৃংখলত টকিঅ’ ইলেক্ট্ৰন মিয়াগি লিমিটেডৰ ভূমিকা, ইয়াৰ উন্নত উৎপাদন ক্ষমতা তথা ভাৰতৰ সৈতে বৰ্তমান চলি থকা আৰু ভৱিষ্যতৰ বাবে পৰিকল্পনা কৰা সহযোগিতাৰ বিষয়ে অৱগত কৰা হয়। প্ৰকল্পটো ভ্ৰমণৰ জৰিয়তে নেতাদ্বয়ে অৰ্ধপৰিবাহী যোগান শৃংখল, নিৰ্মাণ আৰু পৰীক্ষণৰ ক্ষেত্ৰত সহযোগিতা গঢ়ি তোলাৰ বাবে দুয়োখন দেশৰ মাজত থকা সুযোগসমূহৰ অন্বেষণ কৰে।

জাপানৰ প্ৰিফেকচাৰৰ গৱৰ্ণৰসকলৰ সৈতে মত বিনিময় অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীৰ বক্তব্য

August 30th, 08:00 am

আজি আপোনালোক সকলোৰে সৈতে মিলিত হৈ আনন্দিত হৈছো। আপোনালোক সকলোৱে জাপানৰ বৈচিত্ৰ্য আৰু শক্তিৰ এক জীৱন্ত উদাহৰণ।

জাপানৰ প্ৰিফেকচাৰৰ গৱৰ্ণৰসকলৰ সৈতে মত বিনিময় প্ৰধানমন্ত্ৰী মোদীৰ

August 30th, 07:34 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জাপানৰ বিভিন্ন প্ৰিফেকচাৰৰ গৱৰ্ণৰসকলক সাক্ষাৎ কৰে। মোদীৰ সৈতে মত-বিনিময় অনুষ্ঠানত ষোল্লগৰাকী গৱৰ্ণৰে অংশগ্ৰহণ কৰে।

ঘটনাক্ৰম : ভাৰত-জাপান অৰ্থনৈতিক সুৰক্ষা সহযোগিতা

August 29th, 08:12 pm

আমাৰ উমৈহতীয়া মূল্যবোধ আৰু পাৰস্পৰিক সন্মানৰ আঁত ধৰি ভাৰত-জাপান বিশেষ কৌশলগত আৰু বৈশ্বিক অংশীদাৰিত্ব দুয়োখন দেশৰ নিৰাপত্তা আৰু সমৃদ্ধি আগুৱাই নিয়াৰ বাবে অতি গুৰুত্বপূৰ্ণ। অৰ্থনৈতিক সুৰক্ষাৰ ক্ষেত্ৰত সহযোগিতা আমাৰ কৌশলগত দৃষ্টিভংগী আৰু অৰ্থনৈতিক আৱশ্যকতাৰ ক্ৰমবৰ্ধমান অভিসৰণৰ পৰা উদ্ভৱ হোৱা আমাৰ দ্বিপাক্ষিক সহযোগিতাৰ এক মূল আধাৰ।

ভাৰত আৰু জাপানৰ মাজৰ সুৰক্ষা সহযোগিতা সন্দৰ্ভত যৌথ ঘোষণা

August 29th, 07:43 pm

ভাগ-বতৰা কৰা মূল্যবোধ আৰু উমৈহতীয়া স্বাৰ্থৰ ওপৰত আধাৰিত ভাৰত-জাপান বিশেষ ৰণনীতিগত আৰু বিশ্বব্যাপী অংশীদাৰিত্বৰ ৰাজনৈতিক দৃষ্টিভংগী আৰু উদ্দেশ্যক স্মৰণ কৰি,

পৰৱৰ্তী দশকৰ বাবে ভাৰত - জাপানৰ যৌথ দৃষ্টিভংগী: বিশেষ কৌশলগত আৰু বিশ্বজোৰা অংশীদাৰিত্ব পৰিচালনাৰ বাবে আঠটা দিশ

August 29th, 07:11 pm

ভাৰত আৰু জাপানৰ মাজত আইনগত প্ৰশাসনৰ ভেটিত থকা মুক্ত, স্বতন্ত্ৰ, শান্তিপূৰ্ণ আৰু সমৃদ্ধিশালী ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ এক উমৈহতীয়া দৃষ্টিভংগী আছে। সম্পদ, প্ৰযুক্তি, আৰু প্ৰতিযোগিতামূলক ক্ষমতাৰ পৰিপূৰক শক্তি, আৰু বন্ধুত্ব তথা সদিচ্ছাৰ সুদীৰ্ঘ পৰম্পৰাৰে সৈতে, দুয়োখন ৰাষ্ট্ৰই অনাগত দশকত বিশ্বজোৰা উপলব্ধ পৰিৱৰ্তন আৰু সুযোগসমূহ যৌথভাৱে ব্যৱহাৰ কৰিবলৈ বিচাৰে। এই অংশীদাৰিত্বৰ লক্ষ্য হৈছে প্ৰতিখন দেশৰ ঘৰুৱা লক্ষ্যক সমৰ্থন কৰাৰ লগতে তেওঁলোকৰ জনগোষ্ঠী আৰু ভৱিষ্যত প্ৰজন্মক পূৰ্বতকৈ অধিক ওচৰ চপাই অনা।

১৫ সংখ্যক ভাৰত-জাপান বাৰ্ষিক শীৰ্ষ সন্মিলনৰ যৌথ বিবৃতি: আমাৰ পৰৱৰ্তী প্ৰজন্মৰ নিৰাপত্তা আৰু সমৃদ্ধিৰ বাবে অংশীদাৰিত্ব

August 29th, 07:06 pm

এইচই ইছিবা শিগেৰু ডাঙৰীয়াৰ আমন্ত্ৰণত ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে ২৯-৩০ আগষ্ট ২০২৫ত ১৫ সংখ্যক ভাৰত-জাপান বাৰ্ষিক সন্মিলনৰ বাবে জাপানলৈ আনুষ্ঠানিক কৰ্ম ভ্ৰমণ কৰে। প্ৰধানমন্ত্ৰী মোডীক প্ৰধানমন্ত্ৰী ইছিবাই ২৯ আগষ্ট ২০২৫ৰ সন্ধিয়া প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত (কান্তেই) আদৰণি জনায় য'ত তেওঁ আনুষ্ঠানিকভাৱে গাৰ্ড অৱ অনাৰ লাভ কৰে। দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে প্ৰতিনিধি পৰ্যায়ৰ আলোচনাত মিলিত হয়, য’ত তেওঁলোকে ভাৰত আৰু জাপানৰ মাজত সভ্যতাৰ সম্পৰ্ক, ভাগ-বতৰা কৰা মূল্যবোধ আৰু স্বাৰ্থ, উমৈহতীয়া কৌশলগত দৃষ্টিভংগী আৰু পাৰস্পৰিক সন্মানৰ মাজত শিপাই থকা ভাৰত আৰু জাপানৰ দীৰ্ঘদিনীয়া বন্ধুত্বক স্মৰণ কৰে। ভাৰত-জাপানৰ অংশীদাৰিত্বই বিগত দশকত লাভ কৰা উল্লেখযোগ্য অগ্ৰগতিৰ শলাগ লৈ দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে আগন্তুক দশকত পাৰস্পৰিক নিৰাপত্তা আৰু সমৃদ্ধি অৰ্জনৰ বাবে কৌশলগত আৰু আগন্তুক অংশীদাৰিত্বক শক্তিশালী কৰাৰ উপায় সম্পৰ্কে গঠনমূলক আলোচনাত মিলিত হয়।

ভাৰত-জাপান মানৱ সম্পদ বিনিময় আৰু সহযোগিতাৰ বাবে কাৰ্য্য পৰিকল্পনা

August 29th, 06:54 pm

ভাৰত-জাপান বাৰ্ষিক সন্মিলন ২০২৫ৰ সময়ত ভাৰত আৰু জাপানৰ প্ৰধানমন্ত্ৰীয়ে ভ্ৰমণ আৰু বিনিময়ৰ জৰিয়তে তেওঁলোকৰ নাগৰিকসকলৰ মাজত গভীৰ বুজাবুজি গঢ়ি তোলাৰ লগতে তেওঁলোকৰ মানৱ সম্পদৰ বাবে সহযোগিতামূলক পথ বিচাৰি উলিওৱাৰ প্ৰয়োজনীয়তাৰ ওপৰত সহমত প্ৰকাশ কৰে আৰু নিজ নিজ ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰ অনুসৰি কাম কৰে।

ফলাফলৰ তালিকাঃ প্ৰধানমন্ত্ৰীৰ জাপান ভ্ৰমণ

August 29th, 06:23 pm

অৰ্থনৈতিক অংশীদাৰিত্ব, অৰ্থনৈতিক সুৰক্ষা, গতিশীলতা, পাৰিপাৰ্শ্বিক বহনক্ষমতা, প্ৰযুক্তি আৰু উদ্ভাৱন, স্বাস্থ্য, জনতাৰ পৰা জনতালৈ আৰু ৰাজ্য-প্ৰিফেকচাৰৰ সংযোগৰ ক্ষেত্ৰত অৰ্থনৈতিক আৰু কাৰ্য্যকৰী সহযোগিতাৰ বাবে ১০-বছৰীয়া কৌশলগত অগ্ৰাধিকাৰ

শ্বোৰিনজান দাৰুমা-জি মন্দিৰৰ মুখ্য পুৰোহিত ৰেভ ছেইছি হিৰোছৰ পৰা এটা দাৰুমা পুতলা গ্ৰহণ প্ৰধানমন্ত্ৰীৰ

August 29th, 04:29 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক আজি টাকাচাকি-গুনমাৰ শ্বোৰিনজান দাৰুমা-জি মন্দিৰৰ মুখ্য পুৰোহিত ৰেভ ছেইছি হিৰোছে এটা দাৰুমা পুতলা উপহাৰ হিচাপে প্ৰদান কৰে। এই বিশেষ অভিব্যক্তিয়ে ভাৰত আৰু জাপানৰ মাজত ঘনিষ্ঠ সভ্যতা আৰু আধ্যাত্মিক সম্পৰ্কক পুনৰ নিশ্চিত কৰে।

জাপানৰ প্ৰধানমন্ত্ৰীৰ সৈতে যুটীয়া প্ৰেছ বিবৃতিৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিজ্ঞপ্তিৰ অসমীয়া অনুবাদ

August 29th, 03:59 pm

আজি আমি আমাৰ বিশেষ কৌশলগত আৰু বৈশ্বিক অংশীদাৰিত্বৰ এক নতুন আৰু সোণালী অধ্যায়ৰ বাবে এটি শক্তিশালী ভেটি স্থাপন কৰিছোঁ। আমি আগন্তুক দশকৰ বাবে ৰোডমেপ নিৰ্ধাৰণ কৰিছোঁ। আমাৰ দৃষ্টিভংগীয়ে বিনিয়োগ, উদ্ভাৱন, অৰ্থনৈতিক সুৰক্ষা, পৰিবেশ, প্ৰযুক্তি, স্বাস্থ্য, গতিশীলতা, জনসাধাৰণৰ মাজৰ সম্পৰ্কত গুৰুত্ব আৰোপ কৰে। আমি আগন্তুক দহ বছৰত ভাৰতত জাপানৰ ১০ ট্ৰিলিয়ন য়েন বিনিয়োগৰ লক্ষ্য নিৰ্ধাৰণ কৰিছোঁ। দুয়োখন দেশৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ তথা ষ্টাৰ্ট-আপক সংযোগ কৰাৰ ক্ষেত্ৰতো আমি বিশেষ গুৰুত্ব প্ৰদান কৰিম।

ভাৰত-জাপান অৰ্থনৈতিক মঞ্চত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ

August 29th, 11:20 am

অৱশ্যে, এনেকুৱা বহু লোক আছে যাৰ সৈতে মোৰ ব্যক্তিগত পৰিচয় আছে। আনকি মই গুজৰাটত থকা কালত আৰু মই গুজৰাটৰ পৰা দিল্লীলৈ অহাৰ সময়তো। আপোনালোকৰ মাজৰ বহুতৰে সৈতে মোৰ ঘনিষ্ঠ পৰিচয় আছে। মই আনন্দিত যে আজি আপোনালোক সকলোকে লগ পোৱাৰ সুযোগ পাইছো।

প্ৰধানমন্ত্ৰীয়ে ভাৰত-জাপান ইকনমিক ফৰামত অংশগ্ৰহণ কৰে

August 29th, 11:02 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু জাপানৰ প্ৰধানমন্ত্ৰী মহামহিম শ্বিগেৰু ইছিবাই ২৯ আগষ্টত টকিঅ’ত কনফেডাৰেচন অৱ ইণ্ডিয়ান ইণ্ডাষ্ট্ৰী আৰু কেইডানৰেনে [জাপান বিজনেছ ফেডাৰেচন]-ৰ উদ্যোগত আয়োজিত ভাৰত-জাপান ইকনমিক ফৰামত অংশগ্ৰহণ কৰে। ইয়াত ভাৰত-জাপান বিজনেছ লিডাৰ্ছ ফৰামৰ চিইঅ’সকলকে প্ৰমুখ্য কৰি ভাৰত আৰু জাপানৰ উদ্যোগৰ আগশাৰীৰ ব্যক্তিসকলে ভাগ লয়।

PM Modi arrives in Tokyo, Japan

August 29th, 06:43 am

Prime Minister Narendra Modi arrived in Japan a short while ago. In Japan, the PM will participate in the 15th India–Japan Annual Summit. PM Modi and Japanese PM Shigeru Ishiba will review the Special Strategic and Global Partnership between India & Japan, and discuss important issues.

ব্ৰাজিলৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

May 21st, 09:49 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জি-৭ সন্মিলনৰ সমান্তৰালভাৱে হিৰোছিমাত ২১ মে’, ২০২৩ত ব্ৰাজিলৰ ৰাষ্ট্ৰপতি শ্ৰীযুত লুইজ ইনাচিঅ’ লুলা দা ছিলভাৰ সৈতে বৈঠকত মিলিত হয়৷

Prime Minister’s visit to the Hiroshima Peace Memorial Museum

May 21st, 07:58 am

Prime Minister Shri Narendra Modi joined other leaders at G-7 Summit in Hiroshima to visit the Peace Memorial Museum. Prime Minister signed the visitor’s book in the Museum. The leaders also paid floral tributes at the Cenotaph for the victims of the Atomic Bomb.

জাপানৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

May 20th, 08:16 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ চনৰ ২০ মে'ত হিৰোছিমাত অনুষ্ঠিত জি-৭ সন্মিলনৰ সময়ত জাপানৰ প্ৰধানমন্ত্ৰী শ্ৰী ফুমিও কিছিদাৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়।

হিৰোছিমাত মহাত্মা গান্ধীৰ আৱক্ষ মূৰ্তি উন্মোচন প্ৰধানমন্ত্ৰীৰ

May 20th, 08:12 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০ মে’, ২০২৩ত জাপানৰ হিৰোছিমাত মহাত্মা গান্ধীৰ আৱক্ষ মুৰ্তি উন্মোচন কৰে৷

PM Modi arrives in Hiroshima, Japan

May 19th, 05:23 pm

Prime Minister Narendra Modi arrived in Hiroshima, Japan. He will attend the G7 Summit as well hold bilateral meetings with PM Kishida of Japan and other world leaders.

জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বিনজো আবেৰ ৰাজকীয় অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ

September 27th, 04:34 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে টকিঅ’ৰ নিপ্পন বুডোকানত জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বিনজো আবেৰ ৰাজকীয় অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰে। ২০ জনতকৈ অধিক ৰাষ্ট্ৰ/চৰকাৰৰ মুৰব্বীকে ধৰি শতাধিক দেশৰ প্ৰতিনিধিয়ে ৰাজকীয় অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰে।