
চাইপ্ৰাছ গণৰাজ্য আৰু ভাৰত গণৰাজ্যৰ মাজত ব্যাপক অংশীদাৰিত্ব ৰূপায়ণ সন্দৰ্ভত যৌথ ঘোষণাপত্ৰ
June 16th, 03:20 pm
চাইপ্ৰাছ ৰিপাব্লিকৰ ৰাষ্ট্ৰপতি নিকোছ ক্রিষ্টোডুলিডেছে ২০২৫ চনৰ ১৫ জুনৰ পৰা ১৬ জুনলৈ চাইপ্ৰাছলৈ আনুষ্ঠানিক ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনোৱা ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক উষ্ম আদৰণি জনায়।প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণ হৈছে কোনো এগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে দুটা দশকৰো অধিক সময়ৰ পিছত প্ৰথমবাৰৰ বাবে কৰা চাইপ্ৰাছলৈ ভ্ৰমণ। সেয়ে প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণ এক ঐতিহাসিক মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে। এই ভ্ৰমণে দুয়ো খন দেশৰ মাজত গভীৰ আৰু চিৰস্থায়ী বন্ধুত্বক পুনৰ সুদৃঢ় কৰি তুলিছে । এই ভ্ৰমণে কেৱল ঐতিহাসিকভাবেই গুৰুত্বপূ্ৰ্ণ নহয়, ই দুয়োখন দেশৰ মাজত ভৱিষ্যতৰ যৌথ কৌশলগত দৃষ্টিভংগী আৰু পাৰস্পৰিক বিশ্বাস তথা সন্মানৰ মাজত শিপাই থকা অংশীদাৰিত্বৰৰ কথাও প্ৰতিফলিত কৰিছে।
চাইপ্ৰাছ গণৰাজ্যৰ ৰাষ্ট্ৰপতিৰে মিলিত প্ৰধানমন্ত্ৰী
June 16th, 03:15 pm
আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী চাইপ্ৰাছ গণৰাজ্যৰ ৰাষ্ট্ৰপতি মহামহিম নিকোছ ক্রিষ্টোডুলিডেছৰ সৈতে আনুষ্ঠানিক বৈঠকত মিলিত হয়। ৰাষ্ট্ৰপতি ভৱনত উপস্থিত হোৱাৰ লগে-লগে প্ৰধানমন্ত্ৰীগৰাকীক ৰাষ্ট্ৰপতি ক্রিষ্টোডুলিডেছে আনুষ্ঠানিকভাৱে আদৰণি জনায়। কালিও প্ৰধানমন্ত্ৰীগৰাকীক বিমানবন্দৰতে ৰাষ্ট্ৰপতি ক্রিষ্টোডুলিডেছে উষ্ম আদৰণি জনাইছিল, এই কাৰ্য্যই দুয়োখন ৰাষ্ট্ৰৰ মাজত থকা পাৰস্পৰিক আস্থা আৰু চিৰস্থায়ী বন্ধুত্বৰ মনোভাৱকে প্ৰতিফলিত কৰে।
চাইপ্ৰাছৰ ৰাষ্ট্ৰপতিৰ সৈতে যুটীয়া প্ৰেছ ব্রিফিঙত প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ বিবৃতিৰ অসমীয়া অনুবাদ
June 16th, 01:45 pm
আৰম্ভণিতেই মাননীয় ৰাষ্ট্ৰপতিগৰাকীক তেওঁৰ উষ্ম আদৰণি আৰু আতিথ্যৰ বাবে আন্তৰিক কৃতজ্ঞতা জনাইছোঁ। কালি চাইপ্ৰাছত ভৰি দিয়াৰ পৰাই ৰাষ্ট্ৰপতি আৰু এই দেশৰ জনসাধাৰণে প্ৰদৰ্শন কৰা মৰমে মোৰ হৃদয় স্পৰ্শ কৰিছে।চাইপ্ৰাছৰ ‘গ্ৰেণ্ড ক্ৰছ অৱ দ্য অৰ্ডাৰ অৱ মাকাৰিয়ছ III’ বঁটা প্ৰদানৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
June 16th, 01:35 pm
মই আপোনাক, চৰকাৰ আৰু চাইপ্ৰাছৰ জনসাধাৰণক ধন্যবাদ জনাইছো যে তেওঁলোকে মোক ‘গ্ৰেণ্ড ক্ৰছ অৱ দ্য অৰ্ডাৰ অৱ মাকাৰিয়ছ III’ প্ৰদান কৰিলে।প্ৰধানমন্ত্ৰীয়ে গ্ৰেণ্ড ক্ৰছ অৱ দ্য অৰ্ডাৰ অৱ মাকাৰিয়াছ III গ্ৰহণ কৰে
June 16th, 01:33 pm
আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক চাইপ্ৰাছৰ ৰাষ্ট্ৰপতি মহামহিম নিকোছ ক্রিষ্টোডুলিডেছে চাইপ্ৰাছৰ সন্মান – গ্ৰেণ্ড ক্ৰছ অৱ দ্য অৰ্ডাৰ অৱ মাকাৰিয়াছ III প্ৰদান কৰে।প্ৰধানমন্ত্ৰী আৰু চাইপ্ৰাছৰ ৰাষ্ট্ৰপতিয়ে চাইপ্ৰাছ আৰু ভাৰতৰ ব্যৱসায়িক নেতৃবৃন্দৰে মত-বিনিময় কৰে
June 16th, 02:17 am
, প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ লগতে চাইপ্ৰাছৰ ৰাষ্ট্ৰপতি মহামহিম নিকোছ ক্রিষ্টোডুলিডেছে আজি লিমাছলত চাইপ্ৰাছ আৰু ভাৰতৰ ব্যৱসায়িক নেতৃবৃন্দৰ সৈতে মত-বিনিময় কৰে। ইয়াত অংশগ্ৰহণকাৰীসকলে বেংকিং, বিত্তীয় প্ৰতিষ্ঠান, উৎপাদন, প্ৰতিৰক্ষা, লজিষ্টিক, সামুদ্ৰিক, জাহাজ, প্ৰযুক্তি, উদ্ভাৱন, ডিজিটেল প্ৰযুক্তি, এআই, আইটি সেৱা, পৰ্যটন আৰু ম’বিলিটি আদি একাধিক খণ্ডক প্ৰতিনিধিত্ব কৰে।চাইপ্ৰাছত অনুষ্ঠিত ভাৰত-চাইপ্ৰাছ বিজনেছ ৰাউণ্ডটেবুল মিটিঙত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ পূৰ্ণপাঠ
June 15th, 11:10 pm
প্ৰথমে ৰাষ্ট্ৰপতি মহোদয়লৈ আজি মোক বিমানবন্দৰত নিজে আদৰিবলৈ অহাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলোঁ। ব্যৱসায়িক নেতৃবৃন্দৰ সৈতে ইমান ডাঙৰ ৰাউণ্ড টেবুল আয়োজনৰ বাবে তেওঁক মই গভীৰ কৃতজ্ঞতা জনালোঁ। লগতে মোৰ আৰু আমাৰ অংশীদাৰিত্বৰ ক্ষেত্ৰত তেওঁৰ ইতিবাচক চিন্তাৰ বাবে মই অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ।চাইপ্ৰাছত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
June 15th, 06:06 pm
কিছু সময়ৰ পূৰ্বে চাইপ্ৰাছত উপস্থিত হৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বিমানবন্দৰত চাইপ্ৰাছৰ ৰাষ্ট্ৰপতি নিকোছ ক্রিষ্টোডুলিডেছে তেওঁক উষ্ম আদৰণি জনায়