ব্ৰাজিলৰ ৰাষ্ট্ৰপতিক প্ৰধানমন্ত্ৰীৰ সাক্ষাৎ

July 09th, 06:02 am

প্ৰধানমন্ত্ৰী তথা ৰাষ্ট্ৰপতি লুলাই সীমিত আৰু প্ৰতিনিধি পৰ্যায়ত আলোচনা কৰে তথা ভাৰত আৰু ব্ৰাজিলৰ মাজত বহুমুখী কৌশলগত অংশীদাৰিত্বৰ সকলো দিশত আলোকপাত কৰে। তেওঁলোকে ভাৰত-ব্ৰাজিলৰ উষ্ম আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ আধাৰৰ লেখীয়া উমৈহতীয়া প্ৰমূল্যসমূহ পুনৰ নিশ্চিত কৰে। নেতাদ্বয়ে বাণিজ্য আৰু বিনিয়োগ, প্ৰতিৰক্ষা আৰু নিৰাপত্তা, স্বাস্থ্য আৰু ভেষজ, মহাকাশ, নৱীকৰণযোগ্য শক্তি, কৃষি আৰু খাদ্য সংসাধন, শক্তি সুৰক্ষা, আন্তঃগাঁথনি উন্নয়ন, ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি আৰু ইউপিআই, পৰম্পৰাগত ঔষধ, যোগ, ক্ৰীড়া সংযোগ, সংস্কৃতি আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্কৰ ক্ষেত্ৰত সহযোগিতাৰ বিষয়ে আলোচনা কৰে। তেওঁলোকে গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থ, নতুন আৰু উদীয়মান প্ৰযুক্তি, কৃত্ৰিম বুদ্ধিমত্তা আৰু ছুপাৰ কম্পিউটাৰ, ডিজিটেল সহযোগিতা আৰু গতিশীলতাৰ দৰে সহযোগিতাৰ নতুন ক্ষেত্ৰত উমৈহতীয়াভাৱে কাম কৰাৰ পথ অন্বেষণ কৰে।

যৌথ বিবৃতিঃ ভাৰত আৰু ব্ৰাজিল-মহান উদ্দেশ্যৰে সমৃদ্ধ দুখন আদৰ্শৱান ৰাষ্ট্ৰ

July 09th, 05:55 am

ভাৰত গণৰাজ্যৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে ব্ৰাজিল গণতান্ত্ৰিক যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি লুইজ ইনাচিঅ' লুলা ডা ছিলভাৰ আমন্ত্ৰণত ২০২৫ চনৰ ৮ জুলাইত ব্ৰাজিল ভ্ৰমণ কৰে। বিগত আঠ দশক ধৰি বন্ধুত্ব আৰু বিশ্বাসৰ মনোভাৱ ব্ৰাজিল-ভাৰতৰ সম্পৰ্কৰ আধাৰশিলা হৈ আহিছে। ২০০৬ চনত এই সম্পৰ্ক কৌশলগত অংশীদাৰিত্বলৈ উন্নীত হয়।

প্ৰধানমন্ত্ৰীৰ ব্ৰাজিল ভ্ৰমণঃ ফলাফলৰ সবিশেষ

July 09th, 03:14 am

আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদ আৰু আন্তঃৰাষ্ট্ৰীয় সংগঠিত অপৰাধৰ বিৰুদ্ধে যুঁজত সহযোগিতাৰ চুক্তি

প্ৰধানমন্ত্ৰীক ব্ৰাজিলৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় সন্মান ‘দা গ্ৰেণ্ড কলৰ অৱ দা নেচনেল অৰ্ডাৰ অব দা ছাউডাৰ্ন ক্ৰছ’ প্ৰদান

July 09th, 12:58 am

ব্ৰাজিলৰ ৰাষ্ট্ৰপতি মহামান্য লুইজ ইনাচিঅ' লুলা ডা ছিলভাই আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক ব্ৰাজিলৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় সন্মান 'দা গ্ৰেণ্ড ক'লৰ অৱ দা নেচনেল অৰ্ডাৰ অৱ দা ছাউডাৰ্ন ক্ৰছ' প্ৰদান কৰে।

ব্ৰাজিলৰ ৰাষ্ট্ৰপতিৰ সৈতে যুটীয়া প্ৰেছ বিবৃতিত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ ইংৰাজী অনুবাদ

July 08th, 08:30 pm

ৰিঅ’ আৰু ব্ৰাজিলিয়াত উষ্ম আদৰণি জনোৱাৰ বাবে মই মোৰ বন্ধু ৰাষ্ট্ৰপতি লুলাক আন্তৰিকতাৰে ধন্যবাদ জনাইছো। আমাজনৰ সৌন্দৰ্য আৰু আপোনালোকৰ সৌৰ্হাদ্যই আমাক সঁচাকৈয়ে স্পৰ্শ কৰিছে।

ব্ৰাজিলৰ ব্ৰাছিলিয়াত উপস্থিত প্ৰধানমন্ত্ৰী মোদী

July 08th, 02:55 am

কিছু সময়ৰ পূৰ্বে আৰ্জেণ্টিনাত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। তেওঁ ৰাষ্ট্ৰপতি মিলেইৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব।

ব্ৰাজিলৰ ৰিঅ’ ডি জেনেইৰ’ত অনুষ্ঠিত ব্ৰিকছ সন্মিলনৰ মাজতে কিউবাৰ ৰাষ্ট্ৰপতিক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ

July 07th, 05:19 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ব্ৰাজিলৰ ৰিঅ’ ডি জেনেইৰ’ত অনুষ্ঠিত সপ্তদশ ব্ৰিকছ শীৰ্ষ সন্মিলনৰ মাজতে কিউবাৰ ৰাষ্ট্ৰপতি মাননীয় মিগুৱেল ডিয়াজ-কানেল বাৰ্মুডেজক সাক্ষাৎ কৰে। ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে ২০২৩ চনত জোহান্সবাৰ্গত অনুষ্ঠিত ব্ৰিকছ সন্মিলনত ৰাষ্ট্ৰপতি ডায়েজ-কানেলক সাক্ষাৎ কৰিছিল, য’ত কিউবা আছিল বিশেষ আমন্ত্ৰিত ৰাষ্ট্ৰ।

ব্ৰাজিলৰ ৰিঅ’ ডি জেনেইৰ’ত অনুষ্ঠিত সপ্তদশ ব্ৰিকছ সন্মিলনৰ মাজতে মালয়েছিয়াৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ

July 07th, 05:13 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ব্ৰাজিলৰ ৰিঅ’ ডি জেনেইৰ’ত অনুষ্ঠিত সপ্তদশ ব্ৰিকছ সন্মিলনৰ মাজতে মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী মাননীয় আনৱাৰ বিন ইব্ৰাহিমক সাক্ষাৎ কৰে।

প্ৰধানমন্ত্ৰীয়ে ব্ৰাজিলৰ ভাৰতীয় সমাজক তেওঁলোকে জনোৱা উষ্ম আদৰণিৰ বাবে প্ৰশংসা কৰে

July 06th, 08:28 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰিঅ’ ডি জেনেইৰ’ত তেওঁক জনোৱা উষ্ম আদৰণিৰ বাবে ব্ৰাজিলৰ ভাৰতীয় সমাজক প্ৰশংসা কৰে। শ্ৰী মোদীয়ে কয় যে এয়া সঁচাকৈয়ে আচৰিত কথা যে তেওঁলোকে ভাৰতীয় সংস্কৃতিৰ সৈতে সংপৃক্ত হৈ আছে আৰু ভাৰতৰ উন্নয়নকলৈয়ো অতি আবেগিক । শ্ৰী মোদীয়ে তেওঁক জনোৱা আদৰণিৰ কিছু আভাস দাঙি ধৰে।

ব্ৰাজিলৰ ৰিঅ’ ডি জেনেইৰ’ত উপস্থিত প্ৰধানমন্ত্ৰী মোদী

July 06th, 04:47 am

কিছু সময়ৰ পূৰ্বে ব্ৰাজিলত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। ৰিঅ’ ডি জেনেইৰ’ত অনুষ্ঠিত হ’বলগীয়া ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ কৰাৰ লগতে সাক্ষাৎ কৰিব বিশ্বৰ কেইবাগৰাকীও নেতাক।