প্ৰধানমন্ত্ৰীক প্ৰদান কৰা হ'ল কী টু দ্য চিটি অব বুয়েনছ আয়াৰ্ছ সন্মান
July 06th, 02:42 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক আজি বুয়েনছ আয়াৰ্ছ চহৰ চৰকাৰৰ মুৰব্বী জৰ্জ মেক্ৰি ডাঙৰীয়াই কী টু দ্য চিটি অব বুয়েনছ আয়াৰ্ছ সন্মান প্ৰদান কৰে।আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰপতি জেভিয়াৰ মিলেইক সাক্ষাৎ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে
July 06th, 01:48 am
আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আৰ্জেণ্টিনাৰ ৰাষ্ট্ৰপতি মহামহিম জেভিয়াৰ মিলেইক সাক্ষাৎ কৰে। কাছা ৰোজাডাত উপস্থিত হোৱাৰ সময়ত ৰাষ্ট্ৰপতি মিলেই প্ৰধানমন্ত্ৰী শ্ৰী মোদীক উষ্ম আদৰণি জনায়। কালি বুয়েনছ আয়াৰ্ছত উপস্থিত হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰীক আনুষ্ঠানিকভাৱে আদৰণি জনোৱা হৈছিল। প্ৰধানমন্ত্ৰী মোদীৰ এই ভ্ৰমণে বিশেষ তাৎপৰ্য্য বহন কৰিছে । কাৰণ ৫৭ বছৰৰ পিছত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ এয়া প্ৰথমটো আৰ্জেণ্টিনা ভ্ৰমণ। ভাৰত-আৰ্জেণ্টিনাৰ সম্পৰ্কৰ এয়া এক গুৰুত্বপূৰ্ণ বছৰ, কাৰণ দুয়োখন দেশে কূটনৈতিক সম্পৰ্ক স্থাপনৰ ৭৫ বছৰ উদযাপন কৰিছে। প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে ৰাষ্ট্ৰপতি মিলেইৰ লগতে তেওঁৰ প্ৰতিনিধি দলৰ প্ৰতি তেওঁক আগবঢ়োৱা আতিথ্যৰ বাবে ধন্যবাদ জ্ঞাপন কৰে।ছান মাৰ্টিন স্মাৰকত মাল্যাৰ্পণ কৰিলে প্ৰধানমন্ত্ৰীয়ে
July 06th, 12:08 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আৰ্জেণ্টিনাৰ জাতিৰ পিতৃ জেনেৰেল জোচে ডি ছান মাৰ্টিনক শ্ৰদ্ধাঞ্জলি জনাই আনুষ্ঠানিকভাবে আৰ্জেণ্টিনা ভ্ৰমণৰ আৰম্ভণি কৰে।আৰ্জেণ্টিনাৰ বুয়েনছ আয়াৰ্ছত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
July 05th, 07:23 am
কিছু সময়ৰ পূৰ্বে আৰ্জেণ্টিনাত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। তেওঁ ৰাষ্ট্ৰপতি মিলেইৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব।