অংশগ্ৰহণ কৰি ‘ডিজিটেল লোকপিয়ল ২০২৭’ সফল কৰি তুলিবলৈ দেশবাসীৰ প্ৰতি ‘মন কী বাত’ত আহ্বান জনাই প্ৰধানমন্ত্ৰী মোদীয়ে

April 26th, 11:30 am

‘মন কী বাত’ৰ চলিত মাহৰ খণ্ডটোত প্ৰধানমন্ত্ৰী মোদীয়ে পাৰমাণৱিক আৰু বায়ু শক্তিখণ্ডত ভাৰতৰ অগ্ৰগতিৰ প্ৰসংগত আলোকপাত কৰে। ভগৱান বুদ্ধৰ শিক্ষা, ‘বীটিং ৰিট্ৰীট’ অনুষ্ঠান, প্ৰকৃতি সংৰক্ষণ, বাঁহ উদ্যোগখণ্ড, প্ৰাচীন গ্ৰন্থ আৰু ‘গাণিতিক অলিম্পিয়াড’ কাৰ্যসূচীকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ো তেওঁ স্পৰ্শ কৰে। চলি থকা ‘ডিজিটেল লোকপিয়ল অভিযান’ সন্দৰ্ভতো মন্তব্য কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে সকলোকে এই প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়।

অসমৰ শিলচৰত বিভিন্ন উন্নয়নমূলক কাম উদ্বোধনৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূল পাঠ

March 14th, 11:10 am

সংস্কৃতি, সাহস আৰু সজীৱতাৰে ভৰা ঠাই বৰাক উপত্যকাৰ পৰিয়ালৰ সদস্যসকল, আপোনালোক সকলোৰে মাজত থকাটো এক অতি বিশেষ অভিজ্ঞতা। শিলচৰক বৰাক উপত্যকাৰ প্ৰৱেশদ্বাৰ হিচাপে জনা যায়। এইখন এনে এখন ঠাই, য’ত ইতিহাস, ভাষা, সংস্কৃতি, উদ্যোগ একত্ৰিত হৈ এক অনন্য পৰিচয়ৰ সৃষ্টি হৈছে। ইয়াত বাংলা ভাষা কোৱা হয়, অসমীয়া প্ৰতিধ্বনি শুনা যায়, আন আন জনজাতীয় পৰম্পৰাও প্ৰস্ফুটিত হয়। এই বৈচিত্ৰ্যক আপোনালোকৰ শক্তি হিচাপে লৈ সকলোৱে এই সমগ্ৰ অঞ্চলটোক ভাতৃত্ববোধ আৰু সম্প্ৰীতিৰে বিকশিত কৰিছে। এয়াই বৰাক উপত্যকাৰ অপৰিসীম শক্তি।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ শিলচৰত ২৩,৫৫০ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে

March 14th, 10:45 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অসমৰ শিলচৰত কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। সভাত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে সংস্কৃতি আৰু সজীৱতাৰ বাবে পৰিচিত বৰাক উপত্যকা ভ্ৰমণ কৰাটো তেওঁৰ বাবে সদায় এক অতি বিশেষ অভিজ্ঞতা হৈ আহিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয় যে শিলচৰ হৈছে এই উপত্যকাৰ দুৱাৰমুখ, য’ত ইতিহাস আৰু ভাষা একত্ৰিত হৈ এক অনন্য আঞ্চলিক পৰিচয় সৃষ্টি কৰে। শ্ৰী মোদীয়ে কয় যে এই অঞ্চলৰ শক্তি নিহিত হৈ আছে ইয়াৰ বৈচিত্ৰ্যত, য’ত বাঙালী, অসমীয়া, জনজাতীয় পৰম্পৰা একেলগে সমন্বয়ৰ মাজেৰে বিকশিত হয়। শ্ৰী মোদীয়ে গুৰুত্ব আৰোপ কৰি কয় যে, বৰাক উপত্যকাৰ বৈচিত্ৰ্যই ইয়াৰ সৰ্ববৃহৎ সম্পদ, ইয়েই ইয়াৰ নাগৰিকসকলৰ মাজত ভাতৃত্ববোধ গঢ়ি তুলিছে।

ৰাজ্যৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে মিজোৰামৰ জনসাধাৰণক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন

February 20th, 09:33 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মিজোৰামৰ জনসাধাৰণক ৰাজ্যখনৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰে।

শ্ৰী স্বৰাজ কৌশল জীৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

December 04th, 06:00 pm

শ্ৰী মোদীয়ে উল্লেখ কৰে যে শ্ৰী স্বৰাজ কৌশল জীয়ে এজন অধিবক্তা হিচাবে আইনী বৃত্তিৰে অভাৱগ্ৰস্ত লোকৰ জীৱন উন্নত কৰা বিশ্বাসী ব্যক্তি হিচাপে নিজকে বিশিষ্ট কৰি তুলিছিল।

অৰুণাচল প্ৰদেশৰ ইটানগৰত উন্নয়নমূলক কাম-কাজৰ শুভাৰম্ভ কৰি প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

September 22nd, 11:36 am

অৰুণাচল প্ৰদেশৰ মাননীয় ৰাজ্যপাল শ্ৰী কে. টি. পাৰ্নাইক ডাঙৰীয়া, ৰাজ্যখনৰ জনপ্ৰিয় আৰু সক্ৰিয় মুখ্যমন্ত্ৰী পেমা খাণ্ডু ডাঙৰীয়া, কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থ কিৰেণ ৰিজিজু, ৰাজ্য চৰকাৰৰ মন্ত্ৰীসকল, মোৰ সতীৰ্থ সাংসদ নবাম ৰেবিয়া ডাঙৰীয়া আৰু তাপিৰ গাও ডাঙৰীয়া, সকলো বিধায়ক, আন-আন জনপ্ৰতিনিধিসকল তথা অৰুণাচল প্ৰদেশৰ মোৰ মৰমৰ ভ্ৰাতৃ-ভগ্নীসকল,

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অৰুণাচল প্ৰদেশৰ ইটানগৰত ৫,১০০ কোটিৰো অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক কামৰ উদ্বোধন তথা আধাৰশিলা স্থাপন

September 22nd, 11:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অৰুণাচল প্ৰদেশৰ ইটানগৰত ৫,১০০ কোটিৰো অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন তথা উদ্বোধন কৰে। এই উপলক্ষে সভাত ভাষণ দি তেওঁ সৰ্বশক্তিমান দঃঞি প’লোক শ্ৰদ্ধা জনাই সকলোৰে বাবে আশীৰ্বাদ বিচাৰি প্ৰাৰ্থনা কৰে।

মিজোৰামত আধাৰশিলা স্থাপন আৰু উন্নয়নমূলক কামৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ

September 13th, 10:30 am

নীলা পৰ্বতৰ এই সুন্দৰ ভূমিক চোৱাচিতা কৰা পৰম ঈশ্বৰ পাথিয়ানক মই প্ৰণাম জনাইছো। মই মিজোৰামৰ লেংপুই বিমানবন্দৰত আছো। দুৰ্ভাগ্যবশতঃ বেয়া বতৰৰ বাবে আপোনালোকৰ লগত আইজলত যোগদান কৰিব নোৱাৰাৰ বাবে মই দুঃখিত। কিন্তু এই মাধ্যমৰ পৰাও আপোনালোকৰ মৰম অনুভৱ কৰিব পাৰিছো।

মিজোৰামৰ আইজলত ৯০০০কোটিৰো অধিক টকা মূল্যৰ উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন, শুভাৰম্ভ কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে

September 13th, 10:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মিজোৰামৰ আইজলত ৯০০০ কোটিৰো অধিক টকা মূল্যৰ উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন, উদ্বোধন কৰে। এই প্ৰকল্পসমূহে ৰে’লৱে, পথ, শক্তি, ক্ৰীড়া আদিকে ধৰি একাধিক খণ্ডক সামৰি ল’ব। ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে জনসভাক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে নীলা পৰ্বতে আগুৰি ৰখা মনোমোহা ভূমি চোৱাচিতা কৰা পৰম ঈশ্বৰ পাথিয়ানক প্ৰণিপাত জনায় । দুখ প্ৰকাশ কৰি তেওঁ উল্লেখ কৰে যে তেওঁ মিজোৰামৰ লেংপুই বিমানবন্দৰত উপস্থিত আছিল কিন্তু বেয়া বতৰৰ বাবে আইজলত তেওঁ ৰাইজৰ সৈতে যোগ দিব পৰা নাই । এনে পৰিস্থিতিৰ মাজতে প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে ভিডিঅ’ কনফাৰেন্সিঙৰ মাধ্যমেৰেও তেওঁ ৰাইজৰ মৰম অনুভৱ কৰিব পাৰিছে।

প্ৰধানমন্ত্ৰীয়ে ১৩ৰ পৰা ১৫ ছেপ্টেম্বৰলৈ মিজোৰাম, মণিপুৰ, অসম, পশ্চিম বংগ আৰু বিহাৰ ভ্ৰমণ কৰিব

September 12th, 02:12 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১৩ৰ পৰা ১৫ ছেপ্টেম্বৰলৈ মিজোৰাম, মণিপুৰ, অসম, পশ্চিমবংগ আৰু বিহাৰ ভ্ৰমণ কৰিব।

প্ৰধানমন্ত্ৰীক সাক্ষাৎ মিজোৰামৰ মুখ্যমন্ত্ৰীৰ

July 14th, 04:48 pm

মিজোৰামৰ মুখ্যমন্ত্ৰী শ্ৰী লালদুহোমাই আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে

ৰাইজিং নৰ্থ ইষ্ট ইনভেষ্টৰ্ছ ছামিটত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

May 23rd, 11:00 am

কেন্দ্ৰীয় কেবিনেটৰ মোৰ সতীৰ্থ জ্যোতিৰাদিত্য সিন্ধিয়া জী, সুকান্ত মজুমদাৰ জী, মণিপুৰৰ ৰাজ্যপাল অজয় ভল্লা জী, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জী, অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু জী, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহা জী, মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা জী, ছিক্কিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাং জী, নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ' জী, মিজোৰামৰ মুখ্যমন্ত্ৰী লালদুহোমা জী, সকলো উদ্যোগৰ নেতা, বিনিয়োগকাৰী, ভদ্ৰমহিলা আৰু সুধী সমাজ!

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাইজিং নৰ্থ-ইষ্ট ইনভেষ্টৰ্ছ ছামিট, ২০২৫ উদ্বোধন কৰে

May 23rd, 10:30 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত ৰাইজিং নৰ্থ-ইষ্ট ইনভেষ্টৰ্ছ ছামিট, ২০২৫ উদ্বোধন কৰে। ইয়াত সমবেত সকলো গণ্যমান্য ব্যক্তিক উষ্ম আদৰণি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ ভৱিষ্যতক লৈ গৌৰৱ আৰু গভীৰ আস্থা প্ৰকাশ কৰে। শেহতীয়াকৈ ভাৰত মণ্ডপমত অনুষ্ঠিত অষ্টলক্ষ্মী মহোৎসৱৰ কথা স্মৰণেৰে তেখেতে কয় যে আজি এই অনুষ্ঠানত উত্তৰ-পূৰ্বাঞ্চলত বিনিয়োগক উদযাপন কৰা হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে এই সন্মিলনত একাধিক উদ্যোগপতিয়ে অংশগ্ৰহণ কৰাৰ কথা উল্লেখেৰে অঞ্চলটোৰ সুযোগৰাজিক কেন্দ্ৰ কৰি বিৰাজ কৰা উৎসাহ-উদ্দীপনাত আলোকপাত কৰে। তেখেতে সকলো মন্ত্ৰালয় আৰু ৰাজ্য চৰকাৰলৈ অভিনন্দন জ্ঞাপনেৰে এটি বিনিয়োগ-অনুকূল পৰিবেশ গঢ়ি তোলাৰ ক্ষেত্ৰত তেওঁলোকে গ্ৰহণ কৰা প্ৰচেষ্টাৰাজিৰ শলাগ লয়। সকলোকে শুভেচ্ছা জ্ঞাপনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাইজিং নৰ্থ-ইষ্ট ইনভেষ্টৰ্ছ ছামিটক ​​প্ৰশংসাৰে অঞ্চলটোৰ অবিৰত বিকাশ আৰু সমৃদ্ধিৰ প্ৰতি স্বকীয় দায়বদ্ধতাৰ কথা দোহাৰে।

Prime Minister Narendra Modi extends greetings to the people of Mizoram on their Statehood Day

February 20th, 04:03 pm

The Prime Minister, Shri Narendra Modi has extended warm greetings to the people of Mizoram on their Statehood Day. Shri Modi said that the Mizo culture reflects a beautiful mix of heritage and harmony. He has also wished that Mizoram may continue to prosper, and may its journey of peace, development and progress reach even greater heights in the years to come.

প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে মিজোৰামৰ ৰাজ্যপালে

January 21st, 12:54 pm

মিজোৰামৰ ৰাজ্যপাল জেনেৰেল ভি কে সিঙে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

নতুন দিল্লীত অষ্টলক্ষ্মী মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ

December 06th, 02:10 pm

অসমৰ মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মা জী, মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা জী, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মাণিক সাহা জী, ছিক্কিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাং জী, কেন্দ্ৰীয় কেবিনেটত মোৰ সহযোগী জ্যোতিৰাদিত্য সিন্ধিয়া জী, সুকান্ত মজুমদাৰ জী, অৰুণাচল প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী, মিজোৰাম আৰু নাগালেণ্ড চৰকাৰৰ মন্ত্ৰীগণ, অন্যান্য জনপ্ৰতিনিধিসকল, উত্তৰ পূৰ্বাঞ্চলৰ পৰা অহা সকলো ভাতৃ-ভগ্নী, দেৱী আৰু সজ্জনসকল।

অষ্টলক্ষ্মী মহোৎসৱৰ শুভাৰম্ভ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

December 06th, 02:08 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত অষ্টলক্ষ্মী মহোৎসৱৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত সকলো বিশিষ্ট ব্যক্তিক আদৰণি জনাই শ্ৰী মোদীয়ে কয় যে আজি বাবাছাহেব ড০ বি আৰ আম্বেদকাৰৰ মহাপৰিনিৰ্বাণ দিৱস। তেওঁ লগতে কয় যে ৭৫ বছৰ সম্পূৰ্ণ কৰা বাবাছাহেব আম্বেদকাৰে প্ৰস্তুত কৰা সংবিধানখন সকলো নাগৰিকৰ বাবে এক বৃহৎ প্ৰেৰণা। শ্ৰী মোদীয়ে ভাৰতৰ সকলো নাগৰিকৰ হৈ বাবাছাহেব আম্বেদকাৰৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰে।

Mizoram Chief Minister Shri Lal Duhoma meets PM Modi

October 26th, 01:45 pm

The Chief Minister of Mizoram Shri Lal Duhoma met the Prime Minister Shri Narendra Modi today.

মিজোৰামৰ মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰে

July 06th, 01:25 pm

মিজোৰামৰ মুখ্যমন্ত্ৰী শ্ৰী লালদুহোমাই আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

প্ৰধানমন্ত্ৰীয়ে মিজোৰামৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে ৰাজ্যবাসীক শুভেচ্ছা জনায়

February 20th, 10:49 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মিজোৰামৰ প্ৰতিষ্ঠা দিৱস উপলক্ষেৰাজ্যবাসীক শুভেচ্ছা জনাইছে। তেখেতে লগতে মিজোৰামৰ অবিৰত প্ৰগতি, শান্তি আৰু সমৃদ্ধিৰ বাবেও প্ৰাৰ্থনা জনায়।