৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ প্ৰাচীৰৰ পৰা প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দিয়া ভাষণৰ মূল অংশসমূহ

August 15th, 04:44 pm

আজি ৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ প্ৰাচীৰৰ পৰা দেশবাসীক সম্বোধন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। তেওঁৰ ভাষণত বিগত মোদীয়ে বিগত ১২টা বছৰত উৎপাদন, ডিজিটেলখণ্ডৰ উথ্থান আৰু নাগৰিকসকললৈ সেৱা আগবঢ়োৱাৰ ক্ষেত্ৰত ভাৰতৰ প্ৰগতিৰ বিশদ প্ৰতিবেদন দাখিল কৰে। ৰাষ্ট্ৰীয় উচ্চাকাংক্ষা পূৰণৰ বাবে সাতটা মূলখণ্ডক সামৰি লোৱা ৰূপান্তৰণশীল 'সপ্ত ধৰা'-ও উন্মোচন কৰে।

প্ৰধানমন্ত্ৰী মোদীৰ ৭৯সংখ্যক স্বাধীনতা দিৱসৰ ভাষণঃ ২০৪৭ৰ ভিতৰত এখন বিকশিত ভাৰতৰ বাবে এক সপোন

August 15th, 11:58 am

৭৯সংখ্যক স্বাধীনতা দিৱসত প্ৰধানমন্ত্ৰী মোদীয়ে লালকিল্লাৰ পৰা ১০৩ মিনিটৰ আটাইতকৈ দীঘলীয়া আৰু নিৰ্ণায়ক ভাষণ প্ৰদান কৰি ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতৰ বাবে এক সাহসী ৰোডমেপ প্ৰদান কৰে।আত্মনিৰ্ভৰশীলতা, উদ্ভাৱন আৰু নাগৰিক সবলীকৰণৰ ওপৰত কঠোৰ মনোনিৱেশ কৰি প্ৰধানমন্ত্ৰীয়ে আনৰ ওপৰত নিৰ্ভৰশীল ৰাষ্ট্ৰৰ পৰা বৈশ্বিক আত্মবিশ্বাসী, প্ৰযুক্তিগতভাৱে উন্নত আৰু অৰ্থনৈতিকভাৱে সুস্থিৰ দেশ গঢ়াত গুৰুত্ব প্ৰদান কৰে।

আত্মনিৰ্ভৰ ভাৰতঃ শক্তিশালী আৰু উন্নত ভাৰতৰ আধাৰ

August 15th, 10:20 am

৭৯সংখ্যক স্বাধীনতা দিৱসত প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰতিৰক্ষা, প্ৰযুক্তি, শক্তি, মহাকাশ আৰু উৎপাদন ক্ষেত্ৰত ভাৰতৰ অগ্ৰগতিৰ উল্লেখ কৰি আত্মনিৰ্ভৰ ভাৰতক বিকশিত ভাৰতৰ অন্যতম মূল আধাৰ হিচাপে আলোকপাত কৰে। অপাৰেচন সিন্দূৰৰ ওপৰত আলোকপাত কৰি তেওঁ কয় যে কৌশলগত স্বতন্ত্ৰতা আৰু খিলঞ্জীয়া সামৰ্থ্যই ভাবুকিৰ সৈতে নিৰ্ণায়কভাৱে মোকাবিলা কৰাৰ মূল চাবিকাঠি, যাৰ ফলত আত্মনিৰ্ভৰশীলতাক ২০৪৭ চনৰ ভিতৰত ৰাষ্ট্ৰীয় শক্তি, মৰ্যাদা আৰু উন্নত ভাৰতলৈ যাত্ৰাৰ মূল আধাৰ কৰি তোলা হৈছে।