ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ ১৫০সংখ্যক প্ৰতিষ্ঠা দিৱসত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

January 14th, 10:45 am

কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ মোৰ সতীৰ্থ ড০ জিতেন্দ্ৰ সিং জী, বিশ্ব বতৰ বিজ্ঞান সংস্থাৰ সচিব প্ৰধান অধ্যাপক ছেলেষ্টে চাওলে জী, বিদেশৰ পৰা অহা আমাৰ অতিথিবৃন্দ, পৃথিৱী বিজ্ঞান মন্ত্ৰালয়ৰ সচিব ড০ এম ৰবিচন্দ্ৰন জী, আইএমডিৰ সঞ্চালক প্ৰধান ড০ মৃত্যুঞ্জয় মহাপাত্ৰ জী, অন্যান্য অতিথিসকল, বৈজ্ঞানিকসকল আৰু বিভিন্ন বিভাগ তথা সংস্থাৰ বিষয়া, ভদ্ৰ পুৰুষ-মহিলাসকল।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ ১৫০ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সমাৰোহত ভাষণ দিয়ে

January 14th, 10:30 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত ভাৰতীয় বতৰ বিজ্ঞান বিভাগ (আইএমডি)ৰ ১৫০ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজিত সমাৰোহত অংশগ্ৰহণ কৰে। এই উপলক্ষে সভাত ভাষণ প্ৰদান কৰি তেওঁ কয় যে আইএমডিৰ ১৫০ বছৰে কেৱল বতৰ বিজ্ঞান বিভাগৰ যাত্ৰাকে প্ৰতিফলিত কৰাই নহয়, বৰং ভাৰতত আধুনিক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ গৌৰৱময় যাত্ৰাকো প্ৰতিফলিত কৰে। তেওঁ কয় যে আইএমডিয়ে এই ডেৰ শতিকাত লাখ লাখ ভাৰতীয়ক সেৱা আগবঢ়াইছে আৰু ই ভাৰতৰ বৈজ্ঞানিক প্ৰগতিৰ প্ৰতীক হৈ পৰিছে। শ্ৰী মোদীয়ে কয় যে আইএমডিৰ কৃতিত্বক সন্মান জনাই আজি এটা স্মাৰক ডাক টিকট আৰু মুদ্ৰাও মুকলি কৰা হৈছে। তেওঁ কয় যে ২০৪৭ চনত আইএমডিৰ ভৱিষ্যতৰ ৰূপৰেখা দাঙি ধৰা এক দৃষ্টিভংগী দস্তাবেজ প্ৰকাশ কৰা হৈছে। ২০৪৭ চনত ভাৰতে স্বাধীনতাৰ ১০০ বছৰ উদযাপন কৰিব। তেওঁ আইএমডিৰ ১৫০ বছৰ সম্পূৰ্ণ হোৱাৰ এই গুৰুত্বপূৰ্ণ উপলক্ষে নাগৰিকসকলক অভিনন্দন জনায়।

প্ৰধানমন্ত্ৰীয়ে ১৪ জানুৱাৰীত ভাৰতৰবতৰ বিজ্ঞান বিভাগৰ ১৫০ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপনত অংশগ্ৰহণ কৰিব

January 13th, 11:14 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৪ জানুৱাৰীৰপুৱা প্ৰায় ১০:৩০ বজাতনতুন দিল্লীৰ ভাৰত মণ্ডপমত ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ ১৫০ সংখ্যকপ্ৰতিষ্ঠা দিৱস উদযাপনত অংশগ্ৰহণ কৰিব। এই উপলক্ষে তেওঁ অনুষ্ঠানত সমবেত লোকসকলৰ আগতভাষণ দিব।

Cabinet Approves Mission Mausam for Advanced Weather and Climate Services

September 11th, 08:19 pm

The Union Cabinet, led by PM Modi, has approved Mission Mausam with a Rs. 2,000 crore outlay to enhance India's weather science, forecasting, and climate resilience. The initiative will use cutting-edge technologies like AI, advanced radars, and high-performance computing to improve weather predictions and benefit sectors like agriculture, disaster management, and transport.