কেবিনেটে ভাৰতৰ ৰাষ্ট্ৰীয়ভাৱে নিৰ্ধাৰিত অৱদান (২০৩১-২০৩৫)ক ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তনৰ কাঠামো চুক্তিৰ সৈতে সংপৃক্ত কৰাত অনুমোদন জনায়
March 25th, 05:35 pm
ভাৰতৰ জলবায়ু সম্পৰ্কীয় কাৰ্যকলাপ শক্তিশালী কৰাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে ২০৩১ চনৰ পৰা ২০৩৫ চনলৈকে ভাৰতৰ ৰাষ্ট্ৰীয়ভাৱে নিৰ্ধাৰিত অৱদান (এনডিচি)ত অনুমোদন জনাইছে। ই ইউএনএফচিচিচি আৰু ইয়াৰ পেৰিছ চুক্তিৰ অধীনত দেশৰ উচ্চাকাংক্ষা বৃদ্ধি কৰাৰ লগতে বহনক্ষম উন্নয়ন তথা জলবায়ু সংৰক্ষণৰ প্ৰতি দেশৰ আগ্ৰহকেই প্ৰতিফলিত কৰিছে। ২০৩১-৩৫ চনৰ বাবে ভাৰতৰ ৰাষ্ট্ৰীয়ভাৱে নিৰ্ধাৰিত অৱদান (এনডিচি) বিকশিত ভাৰতৰ দৃষ্টিভংগীৰ দ্বাৰা পৰিচালিত। যি কেৱল ২০৪৭ চনৰ বাবে নিৰ্ধাৰণ কৰা লক্ষ্য নহয়, বৰঞ্চ ভৱিষ্যত প্ৰজন্মৰ বাবে এখন সমৃদ্ধিশালী আৰু জলবায়ু স্থিতিস্থাপক ভাৰত গঢ়ি তোলাৰ বাবে কাম কৰাৰ প্ৰতিশ্ৰুতি। ভাৰতে ইয়াৰ জলবায়ু লক্ষ্যসমূহ ভাৰতৰ পূৰ্বৰ প্ৰতিশ্ৰুতিসমূহৰ ওপৰত ভিত্তি কৰি গ্ৰহণ কৰিছে। যাৰ বহুখিনি ইতিমধ্যে নিৰ্ধাৰিত সময়ৰ আগতেই পূৰণ কৰা হৈছে। পাঁচটা গুণগত লক্ষ্য, দৈনন্দিন জীৱন আৰু শাসন ব্যৱস্থাত বহনক্ষমতাক সন্নিৱিষ্ট কৰা, জলবায়ু-স্থিতিস্থাপক উন্নয়নৰ পথসমূহক প্ৰসাৰ কৰা, আৰু সমাজৰ সকলো শ্ৰেণীৰ বাবে এক ন্যায্য আৰু অন্তৰ্ভুক্ত পৰিৱৰ্তন সক্ষম কৰা আদি লক্ষ্যসমূহ স্থিৰ কৰা হৈছে।১ মাৰ্চত তামিলনাডু আৰু পুডুচেৰী ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
February 27th, 04:40 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬-ৰ ১ মাৰ্চত তামিলনাডু আৰু পুডুচেৰী ভ্ৰমণ কৰিব। ৰাজস্থান আৰু গুজৰাট ভ্ৰমণ সামৰি প্ৰধানমন্ত্ৰী ২৮ ফেব্ৰুৱাৰীৰ নিশা প্ৰায় ৯ বজাত চেন্নাইত উপস্থিত হ'ব।