নতুন দিল্লীত পৰম্পৰাগত চিকিৎসা সম্পৰ্কীয় দ্বিতীয় ডব্লিউএইচঅ’ বিশ্ব সন্মিলনত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
December 19th, 08:11 pm
আজি পৰম্পৰাগত চিকিৎসা সম্পৰ্কীয় দ্বিতীয় ডব্লিউএইচঅ’ বিশ্ব সন্মিলনৰ সামৰণি দিৱস। বিগত তিনিদিনত বিশ্বৰ ভিন্ন প্ৰান্তৰ পৰম্পৰাগত চিকিৎসা ক্ষেত্ৰৰ বিশেষজ্ঞসকলে গুৰুত্বপূৰ্ণ আৰু অৰ্থপূৰ্ণ আলোচনাত মিলিত হৈছে। মই এই উদ্দেশ্যে ভাৰতে এখনি শক্তিশালী মঞ্চ হিচাপে কাম কৰি থকাত সন্তোষ পাইছো। এই প্ৰক্ৰিয়াত বিশ্ব স্বাস্থ্য সংস্থাই (WHO) সক্ৰিয় ভূমিকা পালন কৰিছে। এই সন্মিলনৰ সফল আয়োজনৰ বাবে মই ডব্লিউএইচঅ’, ভাৰত চৰকাৰৰ আয়ুষ মন্ত্ৰালয় আৰু উপস্থিত সকলো অংশগ্ৰহণকাৰীলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলো।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পৰম্পৰাগত চিকিৎসা সম্পৰ্কীয় দ্বিতীয় ডব্লিউএইচঅ’ বিশ্ব সন্মিলনৰ সামৰণি অনুষ্ঠান সম্বোধন কৰে
December 19th, 07:07 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত পৰম্পৰাগত চিকিৎসা সম্পৰ্কীয় দ্বিতীয় ডব্লিউএইচঅ’ বিশ্ব সন্মিলনৰ সামৰণি অনুষ্ঠান সম্বোধন কৰে। ইয়াত প্ৰধানমন্ত্ৰীয়ে কয় যে বিগত তিনিদিনত বিশ্বৰ ভিন্ন প্ৰান্তৰ পৰম্পৰাগত চিকিৎসা ক্ষেত্ৰৰ বিশেষজ্ঞসকলে গুৰুত্বপূৰ্ণ আৰু অৰ্থপূৰ্ণ আলোচনাত মিলিত হৈছে। তেওঁ এই উদ্দেশ্যে ভাৰতে এখনি শক্তিশালী মঞ্চ হিচাপে কাম কৰি থকাত সন্তোষ প্ৰকাশ কৰি উক্ত প্ৰক্ৰিয়াত বিশ্ব স্বাস্থ্য সংস্থাৰ (WHO) সক্ৰিয় ভূমিকাৰ কথা উল্লেখ কৰে। এই সন্মিলনৰ সফল আয়োজনৰ বাবে তেওঁ ডব্লিউএইচঅ’, ভাৰত চৰকাৰৰ আয়ুষ মন্ত্ৰালয় আৰু উপস্থিত সকলো অংশগ্ৰহণকাৰীলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে।পৰম্পৰাগত চিকিৎসা সম্পৰ্কীয় বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বিতীয় গোলকীয় সন্মিলনৰ সামৰণি অনুষ্ঠানত ভাষণ দিব প্ৰধানমন্ত্ৰীয়ে
December 18th, 04:21 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৯ ডিচেম্বৰ ২০২৫ তাৰিখে বিয়লি ৪:৩০ বজাত নতুন দিল্লীৰ ভাৰত মণ্ডপমত বিশ্ব স্বাস্থ্য সংস্থাৰ পৰম্পৰাগত চিকিৎসা সম্পৰ্কীয় দ্বিতীয় বিশ্ব স্বাস্থ্য সংস্থাৰ গোলকীয় সন্মিলনৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰিব ।১১ ডিচেম্বৰত স্মাৰ্ট ইণ্ডিয়া হেকাথন ২০২৪ৰ অংশগ্ৰহণকাৰীসকলৰ সৈতে মত বিনিময় কৰিব প্ৰধানমন্ত্ৰীয়ে
December 09th, 07:38 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১১ ডিচেম্বৰ, ২০২৪ত প্ৰায় ৪:৩০ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে স্মাৰ্ট ইণ্ডিয়া হেকাথন ২০২৪ৰ গ্ৰেণ্ড ফিনালেত যুৱ উদ্ভাৱকৰ সৈতে মত বিনিময় কৰিব। গ্ৰেণ্ড ফিনালেত ১৩০০ৰো অধিক শিক্ষাৰ্থীৰ দলে অংশগ্ৰহণ কৰিব। এই উপলক্ষে সভাত প্ৰধানমন্ত্ৰীয়ে ভাষণো আগবঢ়াব।প্ৰধানমন্ত্ৰীয়ে ‘বিশ্ব স্বাস্থ্য সংস্থা’ৰ ‘সঞ্চালক প্ৰধান’ ড০ টেড্ৰোছ অধানম ঘেব্ৰেয়েছাছক ভাৰতলৈ স্বাগত জনায়
August 16th, 02:39 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘বিশ্ব স্বাস্থ্য সংস্থা’ৰ ‘সঞ্চালক প্ৰধান’ ড০ টেড্ৰোছ অধানম ঘেব্ৰেয়েছাছক ভাৰতলৈ স্বাগত জনাইছে। শ্ৰী মোদীয়ে ড০ টেড্ৰোছক 'তুলসী ভাই' নামৰে সম্বোধন কৰিছিল। প্ৰধানমন্ত্ৰীয়ে সঞ্চালক প্ৰধানগৰাকীক তেওঁৰ অন্তিম ভ্ৰমণৰ সময়ত এই নামটো দিছিল।