The party governing Punjab today has neither clean intentions nor honesty: PM Modi in Jalandhar

July 17th, 04:31 pm

PM Modi addressed a massive public rally in Jalandhar, Punjab, where he highlighted the transformation of India's railway infrastructure, outlined the BJP's vision for a Viksit Punjab and called for a double-engine government to unlock the state's full potential. He also spoke about the growing opportunities for Punjab's youth through India's emerging sports economy.

PM addresses an energy-packed public rally in Jalandhar, Punjab

July 17th, 04:30 pm

PM Modi addressed a massive public rally in Jalandhar, Punjab, where he highlighted the transformation of India's railway infrastructure, outlined the BJP's vision for a Viksit Punjab and called for a double-engine government to unlock the state's full potential. He also spoke about the growing opportunities for Punjab's youth through India's emerging sports economy.

মধ্যবিত্ত শ্ৰেণীৰ বাবে জীৱন ধাৰণৰ সূচলতা ত্বৰান্বিত কৰাৰ বাবে চৰকাৰৰ প্ৰচেষ্টাৰ ওপৰত আলোকপাত প্ৰধানমন্ত্ৰীৰ

June 15th, 01:16 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মধ্যবিত্ত শ্ৰেণীৰ বাবে জীৱন ধাৰণৰ সূচলতা ত্বৰান্বিত কৰাৰ বাবে চৰকাৰৰ প্ৰচেষ্টাৰ ওপৰত আলোকপাত কৰি কয় যে মধ্যবিত্ত শ্ৰেণীৰ আকাংক্ষা পূৰণৰ দিশত কাম কৰাটো চৰকাৰৰ বিশেষত্ব। তেওঁ উল্লেখ কৰে যে মধ্যবিত্ত শ্ৰেণীয়ে অসংখ্য পথেৰে ৰাষ্ট্ৰ নিৰ্মাণত অৰিহণা যোগাইছে।

কেন্দ্ৰীয় বাজেট সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কৰা মন্তব্যৰ অসমীয়া অনুবাদ

February 01st, 01:38 pm

আজিৰ বাজেটখন ঐতিহাসিক; ই দেশৰ নাৰী শক্তিৰ এক কথা প্ৰতিফলিত কৰিছে। এগৰাকী মহিলা বিত্তমন্ত্ৰী হিচাপে নিৰ্মলা জীয়ে একেৰাহে নৱমবাৰৰ বাবে দেশৰ বাজেট দাখিল কৰি এক নতুন অভিলেখ গঢ়িছে। এই বাজেটখন অপৰিসীম সুযোগৰ এক পথ। এই বাজেটে বৰ্তমানৰ সপোন বাস্তৱায়িত কৰিব আৰু ভাৰতৰ উজ্জ্বল ভৱিষ্যতৰ ভেটি শক্তিশালী কৰিব। এই বাজেট ২০৪৭ চনৰ এখন উন্নত ভাৰত (বিকশিত ভাৰত)ৰ দিশত আমাৰ যাত্ৰাৰ এক শক্তিশালী ভিত্তি।

২০২৬ৰ কেন্দ্ৰীয় বাজেট সন্দৰ্ভত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য

February 01st, 01:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ বাৰ্তাৰ জৰিয়তে কেন্দ্ৰীয় বাজেট ২০২৬ সন্দৰ্ভত তেওঁৰ মন্তব্য শ্বেয়াৰ কৰে। এই উপলক্ষে ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে আজিৰ বাজেটখন ঐতিহাসিক আৰু ই দেশৰ মহিলাসকলৰ সৱল মনোভাৱক প্ৰতিফলিত কৰে। তেওঁ আলোকপাত কৰে যে কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে এগৰাকী মহিলা বিত্তমন্ত্ৰী হিচাপে একেৰাহে নৱমবাৰৰ বাবে দেশৰ বাজেট দাখিল কৰি এক নতুন অভিলেখ গঢ়িছে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এই বাজেট হৈছে অপৰিসীম সুযোগৰ মুল পথ, যিয়ে বৰ্তমানৰ সপোন পূৰণ কৰে আৰু ভাৰতৰ উজ্জ্বল ভৱিষ্যতৰ ভেটি শক্তিশালী কৰে। তেওঁ দৃঢ়তাৰে কয় যে বাজেটখনে ২০৪৭ চনৰ ভিতৰত উন্নত ৰাষ্ট্ৰ হোৱাৰ দিশত ভাৰতৰ উচ্চ উৰণৰ ভিত্তি হিচাপে কাম কৰে।

ষ্টাৰ্টআপ ইণ্ডিয়াৰ এটা দশক উপলক্ষে আয়োজিত অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

January 16th, 01:30 pm

আজি আমি সকলোৱে ইয়াত এক এক বিশেষ অনুষ্ঠানত একত্ৰিত হৈছো। ৰাষ্ট্ৰীয় ষ্টাৰ্টআপ দিৱস উপলক্ষে আয়োজিত এই অনুষ্ঠানত ষ্টাৰ্টআপৰ প্ৰতিষ্ঠাপক তথা উদ্ভাৱকৰ এই সমাৱেশৰ জৰিয়তে মই মোৰ সন্মুখত দেখিছোঁ এখন নতুন আৰু বিকশিত ভাৰতৰ ভৱিষ্যতৰ ছবি।

হিন্দুস্তান টাইমছ লীডাৰ্ছ ছামিটত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

December 06th, 08:14 pm

হিন্দুস্তান টাইমছ সন্মিলনত ভাৰত আৰু বিদেশৰ ভালে কেইগৰাকী বিশিষ্ট অতিথিয়ে অংশগ্ৰহণ কৰিছে। মই আয়োজকবৃন্দ আৰু মতামত আগবঢ়োৱা সকলো সতীৰ্থকে অভিনন্দন জনাইছো। শোভানা জীয়ে দুটা কথা উল্লেখ কৰিছে, এয়া মই শুনিলো। প্ৰথমে তেওঁ কৈছে যে যোৱাবাৰ মোদী জীয়ে ভ্ৰমণ কৰোতে তেওঁ এই পৰামৰ্শ প্ৰদান কৰিছিল। এই দেশৰ কোনেও মিডিয়া হাউচক নিজৰ কাম কৰিবলৈ ক’বলৈ সাহস নকৰে। কিন্তু মই কৈছিলো আৰু মই সুখী যে শোভানা জী আৰু তেওঁৰ টীমটোৱে এই কামটো অতিশয় উৎসাহেৰে কৰিলে। আৰু মই ক্ষন্তেক পূৰ্বে প্ৰদৰ্শনীখন চালো, সেয়ে মই সকলোকে প্ৰদৰ্শনীখন চাবলৈ আহ্বান জনাইছো। এই ফটোগ্ৰাফাৰ বন্ধুসকলে এই মুহূৰ্তটোক এনেদৰে বন্দী কৰিছে যে মুহূৰ্ততো স্মৰণীয় হৈ উঠিছে। দ্বিতীয়তে তেওঁ কৈছিল আৰু মই মাত্ৰ কথাটো বুজিবলৈ চেষ্টা কৰিছো, তেওঁ ক'ব পাৰিলেহেঁতেন, আপুনি দেশৰ সেৱা কৰি যাওক। কিন্তু ইয়াৰ পৰিৱৰ্তে হিন্দুস্তান টাইমছে কৈছিল, আপুনি দেশৰ সেৱা কৰি যাওক। ইয়াৰ বাবেও মই মোৰ বিশেষ কৃতজ্ঞতা প্ৰকাশ কৰিছো।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত হিন্দুস্তান টাইমছ লীডাৰ্ছ ছামিট, ২০২৫ সম্বোধন কৰে

December 06th, 08:13 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত হিন্দুস্তান টাইমছ লীডাৰ্ছ ছামিট, ২০২৫ সম্বোধন কৰে। ইয়াত ভাষণ প্ৰদানেৰে তেওঁ এই সন্মিলনত ভাৰত আৰু বিদেশৰ ভালেসংখ্য বিশিষ্ট অতিথিয়ে অংশগ্ৰহণ কৰাৰ কথা উল্লেখেৰে আয়োজক আৰু চিন্তাধাৰা ব্যক্ত কৰা সকলোকে শুভেচ্ছা জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয় যে শোভানা জীয়ে দুটা কথা উল্লেখ কৰিছে, যি কথা তেওঁ মনোযোগেৰে শুনিছে। প্ৰথমটো আছিল তেওঁৰ পূৰ্বৰ ভ্ৰমণ সম্পৰ্কীয়। তেওঁ এটা পৰামৰ্শ প্ৰদান কৰিছিল। মিডিয়া হাউছৰ ক্ষেত্ৰত এয়া বিৰল যদিও তেওঁ পৰামৰ্শ দিছিল। শোভানা জী আৰু টীমটোৱে উৎসাহেৰে সম্পন্ন কৰাত তেওঁ সন্তোষ প্ৰকাশ কৰে। তেওঁ কয় যে প্ৰদৰ্শনীখন দৰ্শনৰ সময়ত তেওঁ প্ৰত্য়ক্ষ কৰিছিল যে ফটোগ্ৰাফাৰসকলে এনেদৰে মুহূৰ্তসমূহ বন্দী কৰিছিল যে সেই মুহূৰ্তসমূহ স্মৰণীয় হৈ পৰিছিল আৰু তেওঁ সকলোকে এয়া চাবলৈ আহ্বান জনায়। শ্ৰী মোদীয়ে শোভানা জীৰ দ্বিতীয়টো কথা সন্দৰ্ভত মন্তব্য প্ৰদানেৰে কেৱল তেৱেঁই নহয়, বৰঞ্চ হিন্দুস্তান টাইমছেও একেদৰেই ৰাষ্ট্ৰক সেৱা কৰি যাব লাগে বুলি কোৱা বুলি ব্যাখ্যা কৰে, ইয়াৰ বাবে তেওঁ বিশেষ কৃতজ্ঞতা প্ৰকাশ কৰে।