Yoga is the best way to maintain a healthy lifestyle with minimal expense: PM Modi at World Yogasana Championship in Ahmedabad
June 04th, 06:41 pm
PM Modi inaugurated the first World Yogasana Championship in Ahmedabad, calling yoga India’s timeless gift to humanity and expressing confidence that Yogasana will gain recognition as a competitive sport in global multi-sport events, including the Olympics. Highlighting yoga’s role in health, wellness and healthy ageing, he urged participants to become ambassadors of the ‘Yoga 365’ campaign and spread yoga’s message worldwide.Prime Minister Inaugurates First World Yogasana Championship In Ahmedabad, Gujarat
June 04th, 06:40 pm
PM Modi inaugurated the first World Yogasana Championship in Ahmedabad, calling yoga India’s timeless gift to humanity and expressing confidence that Yogasana will gain recognition as a competitive sport in global multi-sport events, including the Olympics. Highlighting yoga’s role in health, wellness and healthy ageing, he urged participants to become ambassadors of the ‘Yoga 365’ campaign and spread yoga’s message worldwide.ম্যানমাৰৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণৰ সময়ত প্ৰকাশ কৰা ভাৰত-ম্যানমাৰৰ যুটীয়া বিবৃতি
June 01st, 07:16 pm
প্ৰধানমন্ত্ৰীয়ে শান্তি, স্থিতিশীলতা, ৰাষ্ট্ৰীয় মিলন আৰু আৰ্থ-সামাজিক বিকাশৰ দিশত ম্যানমাৰ নেতৃত্বাধীন প্ৰচেষ্টাক সমৰ্থন আগবঢ়ায়। তেওঁ দুয়োখন দেশৰ মাজত পাৰস্পৰিক সন্মান আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ বিষয়ত নিৰন্তৰ সহায় তথা সহযোগিতা আগবঢ়াই যোৱাৰ কথা প্ৰকাশ কৰে। এইক্ষেত্ৰত ভাৰতৰ সহযোগিতাৰো শলাগ লয় ৰাষ্ট্ৰপতিগৰাকীয়ে।বেংগালুৰুত দ্য আৰ্ট অব লিভিঙৰ ৪৫ বছৰীয়া জয়ন্তী উদযাপনৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূল পাঠ
May 10th, 11:05 am
আজিৰ এই পুৱাটোৱে কঢ়িয়াই আনিছে এক অনন্য অভিজ্ঞতা। বৈদিক মন্ত্ৰৰে শিশুসকলৰ আদৰণি, ভগৱান শ্ৰী গণেশৰ দৰ্শন, শ্ৰীশ্ৰী ৰবিশংকৰজীৰ ৭০ বছৰীয়া জয়ন্তী আৰু আৰ্ট অব্ লিভিঙৰ ৪৫ বছৰীয়া জয়ন্তী আদি মুহূৰ্ত মোৰ স্মৃতিত আজীৱন খোদিত হৈ থাকিব। এই সুন্দৰ অনুষ্ঠানলৈ মোক আমন্ত্ৰণ জনোৱাৰ বাবে আপোনালোক সকলোৰে ওচৰত কৃতজ্ঞ।কৰ্ণাটকৰ বেংগালুৰুত আৰ্ট অব্ লিভিঙৰ ৪৫ বছৰীয়া জয়ন্তী উদযাপনত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
May 10th, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কৰ্ণাটকৰ বেংগালুৰুত আৰ্ট অব লিভিঙৰ ৪৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপনত অংশগ্ৰহণ কৰে। এই শুভ অনুষ্ঠানৰ তাৎপৰ্যৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে শিশুসকলে বৈদিক মন্ত্ৰৰে আদৰণি জনোৱা, ভগৱান শ্ৰীগণেশৰ দৰ্শন, শ্ৰীশ্ৰী ৰবিশংকৰজীৰ ৭০ সংখ্যক জয়ন্তী, আৰু আৰ্ট অব লিভিঙৰ ৪৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপনৰ দ্বাৰা সমৃদ্ধ হোৱা ৰাতিপুৱাৰ স্বকীয়তা বৰ্ণনা কৰে। শ্ৰী মোদীয়ে কয়, এইবোৰ এনেকুৱা মুহূৰ্ত যিবোৰ মোৰ স্মৃতিত চিৰদিন খোদিত হৈ থাকিব।”অংশগ্ৰহণ কৰি ‘ডিজিটেল লোকপিয়ল ২০২৭’ সফল কৰি তুলিবলৈ দেশবাসীৰ প্ৰতি ‘মন কী বাত’ত আহ্বান জনাই প্ৰধানমন্ত্ৰী মোদীয়ে
April 26th, 11:30 am
‘মন কী বাত’ৰ চলিত মাহৰ খণ্ডটোত প্ৰধানমন্ত্ৰী মোদীয়ে পাৰমাণৱিক আৰু বায়ু শক্তিখণ্ডত ভাৰতৰ অগ্ৰগতিৰ প্ৰসংগত আলোকপাত কৰে। ভগৱান বুদ্ধৰ শিক্ষা, ‘বীটিং ৰিট্ৰীট’ অনুষ্ঠান, প্ৰকৃতি সংৰক্ষণ, বাঁহ উদ্যোগখণ্ড, প্ৰাচীন গ্ৰন্থ আৰু ‘গাণিতিক অলিম্পিয়াড’ কাৰ্যসূচীকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ো তেওঁ স্পৰ্শ কৰে। চলি থকা ‘ডিজিটেল লোকপিয়ল অভিযান’ সন্দৰ্ভতো মন্তব্য কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে সকলোকে এই প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়।ভগৱান স্বামীনাৰায়ণৰ শিক্ষাপত্ৰীৰ দ্বিশতবাৰ্ষিকী উদযাপন মহোৎসৱত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ
January 23rd, 02:12 pm
আজি আমি সকলোৱে এটা বিশেষ অনুষ্ঠানৰ সাক্ষী হোৱাৰ সৌভাগ্য লভিছো। আমাৰ সকলোৰে বাবে এক সৌভাগ্যৰ বিষয় যে ভগৱান স্বামীনাৰায়ণৰ ২০০ বছৰীয়া শিক্ষাপত্রীৰ দ্বিশতবাৰ্ষিকী উদযাপনৰ এই পবিত্ৰ উৎসৱত আমি সকলোৱে অংশগ্ৰহণকাৰী হৈ পৰিছো। এই পুণ্যকালত সকলো সাধুকে প্ৰণাম জনাইছো। ভগৱান স্বামীনাৰায়ণৰ কোটি কোটি অনুগামীক দ্বিশতবাৰ্ষিকী উৎসৱত অভিনন্দন জনাইছো।শিক্ষাপত্রী দ্বিশতাব্দী মহোৎসৱত ভাষণ প্ৰদান কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
January 23rd, 02:00 pm
আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শিক্ষাপত্রী দ্বিশতাব্দী মহোৎসৱত ভিডিঅ’ বাৰ্তাৰ যোগেদি ভাষণ প্ৰদান কৰে। এই উপলক্ষ্যে ভাষণ আগবঢ়াই শ্ৰী মোদীয়ে কয় যে আজি সকলোৱে ভগৱান স্বামীনাৰায়ণৰ শিক্ষাপত্ৰীৰ ২০০ বছৰ পূৰ্ণ হোৱা উপলক্ষ্যে আজিৰ এই বিশেষ অনুষ্ঠানৰ সাক্ষী হৈছে। তেওঁ দৃঢ়তাৰে কয় যে দ্বিশতিবাৰ্ষিকী উদযাপনৰ এই পবিত্ৰ অনুষ্ঠানৰ অংশ হ’বলৈ পোৱাটো সকলোৰে বাবে এক সৌভাগ্যৰ মুহূৰ্ত। এই পূণ্য মুহূৰ্তত সকলো সাধুক প্ৰণাম জনাই শ্ৰী মোদীয়ে ভগৱান স্বামীনাৰায়ণৰ কোটি কোটি অনুগামীক দ্বিশতবাৰ্ষিকী উৎসৱত শুভেচ্ছা জনায়।ভগৱান বুদ্ধৰ সৈতে জড়িত পৱিত্ৰ পিপ্ৰহৱা ধ্বংসাৱশেষৰ বিশাল আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনীৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
January 03rd, 12:00 pm
কেন্দ্ৰীয় মন্ত্ৰীসভাৰ পৰা মোৰ সহযোগী গজেন্দ্ৰ সিং শ্বেখাৱটজী, কিৰেণ ৰিজিজুজী, ৰামদাস আথাৱালেজী, ৰাও ইন্দৰজিৎজী, দিল্লীৰ মুখ্যমন্ত্ৰীৰ পূৰ্বৰ এটা অনুষ্ঠান আছিল আৰু তেওঁ যাবলগীয়া হৈছে, দিল্লীৰ অন্যান্য সকলো সতীৰ্থ মন্ত্ৰী, দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰ শ্ৰী ছাক্সেনাজী, মহামহিমসকল, কূটনৈতিক সম্প্ৰদায়ৰ সন্মানীয় সদস্যসকল, বৌদ্ধ পণ্ডিতগণ, ধৰ্ম অনুগামী ভদ্ৰ পুৰুষ আৰু মহিলাসকল।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত ভগৱান বুদ্ধৰ সৈতে জড়িত পৱিত্ৰ পিপ্ৰহৱা ধ্বংসাৱশেষৰ বিশাল আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনী উদ্বোধন কৰে
January 03rd, 11:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ৰায় পিথোৰা সাংস্কৃতিক কমপ্লেক্সত “দ্য লাইট এণ্ড দ্য লোটাছ ঃ ৰেলিছ অব্ দ্য এৱেকেনড ৱান” শীৰ্ষক ভগৱান বুদ্ধৰ সৈতে জড়িত পৱিত্ৰ পিপ্ৰহৱা ধ্বংসাৱশেষৰ বিশাল আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনী উদ্বোধন কৰে। এই উপলক্ষে সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে এশ পঁচিশ বছৰ অপেক্ষাৰ অন্তত ভাৰতৰ ঐতিহ্য ঘূৰি আহিছে, ভাৰতৰ উত্তৰাধিকাৰ পুনৰ উভতি আহিছে। তেওঁ আলোকপাত কৰে যে আজিৰ পৰা ভাৰতৰ জনসাধাৰণে ভগৱান বুদ্ধৰ এই পৱিত্ৰ ধ্বংসাৱশেষসমূহ প্ৰত্যক্ষ কৰি তেওঁৰ আশীৰ্বাদ লাভ কৰিব পাৰিব। এই শুভ অনুষ্ঠানত উপস্থিত থকা সকলো অতিথিক শ্ৰী মোদীয়ে আদৰণি জনাই শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ বৌদ্ধ পৰম্পৰাৰ লগত জড়িত সন্ন্যাসী আৰু ধৰ্মাচাৰ্যও উপস্থিত থকা বুলি উল্লেখ কৰি তেওঁলোকৰ প্ৰতি তেওঁৰ শ্ৰদ্ধা ব্যক্ত কৰে। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে তেওঁলোকৰ উপস্থিতিয়ে এই অনুষ্ঠানটোক নতুন শক্তি প্ৰদান কৰিছে। প্ৰধানমন্ত্ৰীয়ে এই কথাতো আলোকপাত কৰে যে ২০২৬ চনৰ একেবাৰে আৰম্ভণিতে এই শুভ উদযাপন অতি প্ৰেৰণাদায়ক। ভগৱান বুদ্ধৰ আশীৰ্বাদত ২০২৬ বৰ্ষই বিশ্বৰ বাবে শান্তি, সমৃদ্ধি, সম্প্ৰীতিৰ এক নতুন যুগৰ সূচনা কৰক তাকেই কামনা কৰে।নতুন দিল্লীত পৰম্পৰাগত চিকিৎসা সম্পৰ্কীয় দ্বিতীয় ডব্লিউএইচঅ’ বিশ্ব সন্মিলনত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
December 19th, 08:11 pm
আজি পৰম্পৰাগত চিকিৎসা সম্পৰ্কীয় দ্বিতীয় ডব্লিউএইচঅ’ বিশ্ব সন্মিলনৰ সামৰণি দিৱস। বিগত তিনিদিনত বিশ্বৰ ভিন্ন প্ৰান্তৰ পৰম্পৰাগত চিকিৎসা ক্ষেত্ৰৰ বিশেষজ্ঞসকলে গুৰুত্বপূৰ্ণ আৰু অৰ্থপূৰ্ণ আলোচনাত মিলিত হৈছে। মই এই উদ্দেশ্যে ভাৰতে এখনি শক্তিশালী মঞ্চ হিচাপে কাম কৰি থকাত সন্তোষ পাইছো। এই প্ৰক্ৰিয়াত বিশ্ব স্বাস্থ্য সংস্থাই (WHO) সক্ৰিয় ভূমিকা পালন কৰিছে। এই সন্মিলনৰ সফল আয়োজনৰ বাবে মই ডব্লিউএইচঅ’, ভাৰত চৰকাৰৰ আয়ুষ মন্ত্ৰালয় আৰু উপস্থিত সকলো অংশগ্ৰহণকাৰীলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিলো।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পৰম্পৰাগত চিকিৎসা সম্পৰ্কীয় দ্বিতীয় ডব্লিউএইচঅ’ বিশ্ব সন্মিলনৰ সামৰণি অনুষ্ঠান সম্বোধন কৰে
December 19th, 07:07 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত পৰম্পৰাগত চিকিৎসা সম্পৰ্কীয় দ্বিতীয় ডব্লিউএইচঅ’ বিশ্ব সন্মিলনৰ সামৰণি অনুষ্ঠান সম্বোধন কৰে। ইয়াত প্ৰধানমন্ত্ৰীয়ে কয় যে বিগত তিনিদিনত বিশ্বৰ ভিন্ন প্ৰান্তৰ পৰম্পৰাগত চিকিৎসা ক্ষেত্ৰৰ বিশেষজ্ঞসকলে গুৰুত্বপূৰ্ণ আৰু অৰ্থপূৰ্ণ আলোচনাত মিলিত হৈছে। তেওঁ এই উদ্দেশ্যে ভাৰতে এখনি শক্তিশালী মঞ্চ হিচাপে কাম কৰি থকাত সন্তোষ প্ৰকাশ কৰি উক্ত প্ৰক্ৰিয়াত বিশ্ব স্বাস্থ্য সংস্থাৰ (WHO) সক্ৰিয় ভূমিকাৰ কথা উল্লেখ কৰে। এই সন্মিলনৰ সফল আয়োজনৰ বাবে তেওঁ ডব্লিউএইচঅ’, ভাৰত চৰকাৰৰ আয়ুষ মন্ত্ৰালয় আৰু উপস্থিত সকলো অংশগ্ৰহণকাৰীলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে।পৰৱৰ্তী দশকৰ বাবে ভাৰত - জাপানৰ যৌথ দৃষ্টিভংগী: বিশেষ কৌশলগত আৰু বিশ্বজোৰা অংশীদাৰিত্ব পৰিচালনাৰ বাবে আঠটা দিশ
August 29th, 07:11 pm
ভাৰত আৰু জাপানৰ মাজত আইনগত প্ৰশাসনৰ ভেটিত থকা মুক্ত, স্বতন্ত্ৰ, শান্তিপূৰ্ণ আৰু সমৃদ্ধিশালী ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ এক উমৈহতীয়া দৃষ্টিভংগী আছে। সম্পদ, প্ৰযুক্তি, আৰু প্ৰতিযোগিতামূলক ক্ষমতাৰ পৰিপূৰক শক্তি, আৰু বন্ধুত্ব তথা সদিচ্ছাৰ সুদীৰ্ঘ পৰম্পৰাৰে সৈতে, দুয়োখন ৰাষ্ট্ৰই অনাগত দশকত বিশ্বজোৰা উপলব্ধ পৰিৱৰ্তন আৰু সুযোগসমূহ যৌথভাৱে ব্যৱহাৰ কৰিবলৈ বিচাৰে। এই অংশীদাৰিত্বৰ লক্ষ্য হৈছে প্ৰতিখন দেশৰ ঘৰুৱা লক্ষ্যক সমৰ্থন কৰাৰ লগতে তেওঁলোকৰ জনগোষ্ঠী আৰু ভৱিষ্যত প্ৰজন্মক পূৰ্বতকৈ অধিক ওচৰ চপাই অনা।India is going to open doors of new possibilities of space for the world: PM Modi
June 28th, 08:24 pm
PM Modi interacted with the astronaut Shubhanshu Shukla from the International Space Station. The PM stated that their conversation embodied the emotions and enthusiasm of 140 crore Indians. The PM said that Shubhanshu now had the rare honour of performing parikrama of Mother Earth herself. Shubhanshu Shukla wholeheartedly agreed with the PM's reflection that ‘science and spirituality are twin pillars of India’s strength’.Prime Minister Shri Narendra Modi interacts with Group Captain Shubhanshu Shukla aboard the International Space Station
June 28th, 08:22 pm
PM Modi interacted with the astronaut Shubhanshu Shukla from the International Space Station. The PM stated that their conversation embodied the emotions and enthusiasm of 140 crore Indians. The PM said that Shubhanshu now had the rare honour of performing parikrama of Mother Earth herself. Shubhanshu Shukla wholeheartedly agreed with the PM's reflection that ‘science and spirituality are twin pillars of India’s strength’.লেক্স ফ্ৰিডমেনৰ সৈতে এক পডকাষ্টত প্ৰধানমন্ত্ৰীৰ কথোপকথনৰ পাঠ
March 16th, 11:47 pm
প্ৰধানমন্ত্ৰী- মোৰ যি সামৰ্থ্য সেয়া মোদীৰ নহয়, এয়া হৈছে ১৪০ কোটি দেশবাসীৰ, হাজাৰ হাজাৰ বছৰৰ মহান সংস্কৃতি, পৰম্পৰা, সেয়াই হৈছে মোৰ সামৰ্থ্য। সেয়েহে, মই য'লৈকে যাওঁ, মোদীয়েই নাযায়, বৰঞ্চ মই বেদৰ পৰা বিবেকানন্দলৈ মহান পৰম্পৰাক, ১৪০ কোটি লোকৰ সপোন আৰু আকাংক্ষাকো কঢ়িয়াই নিছোঁ। গতিকে মই যেতিয়া পৃথিৱীৰ কোনো নেতাৰ সৈতে হাত মিলাওঁ, এয়া মোদীয়েই কেৱল হাত নিমিলাই, এয়া হৈছে ১৪০ কোটি লোকৰ হাত। গতিকে এই সামৰ্থ্য মোদীৰ নহয়, এই সামৰ্থ্য হৈছে ভাৰতৰ। যেতিয়াই আমি শান্তিৰ কথা কওঁ, পৃথিৱীয়ে আমাৰ কথা শুনে। কিয়নো এয়া হৈছে বুদ্ধৰ দেশ, এয়া হৈছে মহাত্মা গান্ধীৰ দেশ, সেয়েহে বিশ্বই আমাৰ কথা শুনিছে আৰু আমিতো সংঘাতৰ পক্ষপাতীয়েই নহয়। আমি হৈছোঁ সমন্বয়ৰ পক্ষপাতী। না আমি প্ৰকৃতিৰ সৈতে সংঘাত কৰিব বিচাৰো, না আমি ৰাষ্ট্ৰসমূহৰ মাজত সংঘৰ্ষ বিচাৰো; আমি হৈছোঁ সমন্বয় বিচৰা মানুহ। আৰু যদি আমি ইয়াৰ বাবে কোনো ভূমিকা পালন কৰিব পাৰোঁ, আমি নিৰন্তৰভাৱে এনে কৰিবলৈ চেষ্টা কৰি আহিছোঁ। মোৰ জীৱন চৰম দাৰিদ্ৰ্যৰ মাজেৰে উন্মেষিত হৈছিল। কিন্তু আমি কেতিয়াও দাৰিদ্ৰ্যৰ বোজা অনুভৱ কৰা নাছিলো, কিয়নো ভাল জোতা পিন্ধি ফুৰা এগৰাকী ব্যক্তিয়েহেজোতাযোৰ নথকা পৰিস্থিতি এটাত অনুভৱ কৰিব যে এৰাটো, এইটোতো এক ডাঙৰ কথা।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লেক্স ফ্ৰিডমেনৰ সৈতে প’ডকাষ্টত মত বিনিময় কৰে
March 16th, 05:30 pm
আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লেক্স ফ্ৰিডমেনৰ সৈতে বিভিন্ন বিষয়ৰ ওপৰত প’ডকাষ্টত মত বিনিময় কৰে। এক স্পষ্ট বাৰ্তালাপত, তেওঁ কিয় উপবাস কৰে আৰু কেনেকৈ পৰিচালনা কৰে সেই বিষয়ে সোধাত, প্ৰধানমন্ত্ৰীয়ে তেওঁৰ প্ৰতি সন্মানৰ চিন হিচাপে উপবাসৰ ইংগিত দিয়াৰ বাবে লেক্স ফ্ৰিডমেনক কৃতজ্ঞতা প্ৰকাশ কৰে। “ভাৰতত ধৰ্মীয় পৰম্পৰা দৈনন্দিন জীৱনৰ সৈতে গভীৰভাৱে জড়িত হৈ আছে”, শ্ৰী মোদীয়ে কয়, তেওঁ লগতে কয় যে হিন্দু ধৰ্ম কেৱল আচাৰ-অনুষ্ঠানৰ বিষয় নহয়, বৰঞ্চ ভাৰতৰ সন্মানীয় উচ্চতম ন্যায়ালয়ে ব্যাখ্যা কৰা জীৱনৰ পথ প্ৰদৰ্শক দৰ্শন। তেওঁ জোৰ দি কয় যে উপবাস হৈছে অনুশাসনৰ কৰ্ষণ আৰু অন্তৰ্নিহিত আৰু বাহ্যিক আত্মাৰ ভাৰসাম্য ৰক্ষাৰ এক আহিলা। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে উপবাসে ইন্দ্ৰিয়সমূহক উচ্চ কৰি তোলে, ইন্দ্ৰিয়ক অধিক সংবেদনশীল আৰু সচেতন কৰি তোলে। তেওঁ লক্ষ্য কৰিছিল যে উপবাসৰ সময়ত আনকি সূক্ষ্ম সুগন্ধি আৰু সবিশেষো অধিক স্পষ্টভাৱে অনুভৱ কৰিব পাৰি। তেওঁ লগতে আলোকপাত কৰে যে উপবাসে চিন্তা প্ৰক্ৰিয়া ত্বৰান্বিত কৰে, সতেজ দৃষ্টিভংগী প্ৰদান কৰে আৰু প্ৰসাৰিত চিন্তাধাৰাক উৎসাহিত কৰে। শ্ৰী মোদীয়ে স্পষ্ট কৰি দিয়ে যে উপবাস কেৱল খাদ্যৰ পৰা বিৰত থকা নহয়; ইয়াৰ লগত প্ৰস্তুতি আৰু বিষমুক্তকৰণৰ বৈজ্ঞানিক প্ৰক্ৰিয়া জড়িত হৈ থাকে। তেওঁ আগতীয়াকৈ কেইবাদিনো আয়ুৰ্বেদিক আৰু যোগাভ্যাস পালন কৰি শৰীৰটো উপবাসৰ বাবে প্ৰস্তুত কৰা বুলি জোৰ দি এই সময়ছোৱাত হাইড্ৰেচনৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। উপবাস আৰম্ভ হ’লেই তেওঁ ইয়াক ভক্তি আৰু আত্ম-অনুশাসনৰ কাৰ্য্য হিচাপে লয়, যাৰ ফলত গভীৰ আত্মনিৰীক্ষণ আৰু মনোনিৱেশৰ সুবিধা হয়। প্ৰধানমন্ত্ৰীয়ে শ্বেয়াৰ কৰে যে তেওঁৰ উপবাসৰ প্ৰথা ব্যক্তিগত অভিজ্ঞতাৰ পৰাই উদ্ভৱ হৈছিল, যিটো তেওঁৰ স্কুলীয়া দিনত মহাত্মা গান্ধীৰ পৰা অনুপ্ৰাণিত হৈ এক আন্দোলনৰ পৰা আৰম্ভ হৈছিল। প্ৰথম উপবাসৰ সময়ত তেওঁ শক্তি আৰু সচেতনতাৰ লহৰ অনুভৱ কৰিছিল, যিয়ে তেওঁক ইয়াৰ পৰিৱৰ্তনশীল শক্তিৰ বিষয়ে পতিয়ন নিয়াইছিল। তেওঁ আলোকপাত কৰে যে উপবাসে তেওঁক লেহেমীয়া নকৰে; বৰঞ্চ ই প্ৰায়ে তেওঁৰ উৎপাদনশীলতা বৃদ্ধি কৰে। তেওঁ লক্ষ্য কৰিছিল যে উপবাসৰ সময়ত তেওঁৰ চিন্তাবোৰ অধিক মুক্ত আৰু সৃষ্টিশীলভাৱে প্ৰবাহিত হয়, যাৰ ফলত ই নিজকে প্ৰকাশ কৰাৰ বাবে এক অবিশ্বাস্য অভিজ্ঞতা হৈ পৰে।"পৰীক্ষা পে’ চৰ্চা ২০২৫" কাৰ্যসূচীত শিক্ষাৰ্থীসকলৰ সৈতে প্ৰধানমন্ত্ৰীয়ে কৰা বাৰ্তালাপৰ পাঠ
February 10th, 11:30 am
আমি ‘পৰীক্ষা পে’ চৰ্চা’ৰ বাবে খুবেই উৎফুল্লিত হৈ আছোঁ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পৰীক্ষা পে চৰ্চা ২০২৫ৰ সময়ত শিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় কৰে
February 10th, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ সুন্দৰ নাৰ্চাৰীত পৰীক্ষা পে চৰ্চা (পি পি চি)ৰ অষ্টম সংস্কৰণৰ সময়ত শিক্ষাৰ্থীসকলৰ সৈতে মত বিনিময় কৰে। প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ দেশৰ শিক্ষাৰ্থীসকলৰ সৈতে এক অনানুষ্ঠানিক বাৰ্তালাপত বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰে। তেওঁ তিলৰ পৰা তৈয়াৰী মিঠাই বিতৰণ কৰে, যিটো পৰম্পৰাগতভাৱে শৰীৰ গৰম ৰাখিবলৈ শীতকালত পৰিবেশন কৰা হয়।কুৱেইটত ভাৰতীয় সম্প্ৰদায়ৰ অনুষ্ঠান 'হালা মোদী'ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
December 21st, 06:34 pm
মই মাত্ৰ আঢ়ৈ ঘণ্টা আগতে কুৱেইটত উপস্থিত হৈছোহি আৰু মই ইয়াত ভৰি দিয়াৰ পিছৰে পৰা মই চাৰিওফালে এক বেলেগ সম্পৰ্ক, এক পৃথক উষ্ণতা অনুভৱ কৰিছোঁ। আপোনালোক সকলো ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা আহিছে। কিন্তু আপোনালোক সকলোকে দেখি এনে লাগিছে যেন মোৰ সন্মুখত এখন ক্ষুদ্ৰ ভাৰতহে গঢ়ি উঠিছে। ইয়াত, উত্তৰ, দক্ষিণ, পূব আৰু পশ্চিমৰ প্ৰতিটো অঞ্চলৰ পৰা বিভিন্ন ভাষা কোৱা লোকসকলক মোৰ সন্মুখত দেখিবলৈ পাইছোঁ। কিন্তু সকলোৰে হৃদয়ত একেই প্ৰতিধ্বনি অনুৰণিত হৈ আছে। সকলোৰে হৃদয়ত কেৱল এটাই প্ৰতিধ্বনি অনুৰণিত হৈ আছে— ভাৰত মাতা কী জয়, ভাৰত মাতা কী জয়।