দেশবাসীক উদ্দেশ্যি প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ
September 21st, 06:09 pm
কাইলৈৰ পৰা আৰম্ভ হ'ব শক্তি পূজাৰ উৎসৱ নৱৰাত্ৰি। আপোনালোক সকলোলৈ শুভেচ্ছা থাকিল! নৱৰাত্ৰিৰ প্ৰথম দিনাৰ পৰাই দেশে আত্মনিৰ্ভৰ ভাৰত অভিযানৰ দিশত আন এক গুৰুত্বপূৰ্ণ আৰু বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে। কাইলৈ ২২ ছেপ্টেম্বৰ, নৱৰাত্ৰিৰ প্ৰথম দিনা সূৰ্য্য উদয় হোৱাৰ লগে লগে পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি সংস্কাৰ কাৰ্যকৰী হ’ব। এক প্ৰকাৰে কাইলৈৰ পৰা দেশত জি এছ টি ৰাহি উৎসৱ আৰম্ভ হ’বলৈ গৈ আছে। এই জিএছটি ৰাহি উৎসৱে আপোনাৰ সঞ্চয় বৃদ্ধি কৰিব আৰু আপুনি বিচৰা বস্তুবোৰ অতি সহজে ক্ৰয় কৰিব পাৰিব। আমাৰ দেশৰ দুখীয়া, মধ্যবিত্ত শ্ৰেণীৰ মানুহ, নব্য মধ্যবিত্ত শ্ৰেণী, যুৱক-যুৱতী, কৃষক, মহিলা, দোকানী, ব্যৱসায়ী, উদ্যোগী সকলোৱে এই ৰাহি উৎসৱৰ পৰা বহু উপকৃত হ’ব। অৰ্থাৎ এই উৎসৱৰ বতৰত সকলোৱে মিঠাই খাব, আৰু দেশৰ প্ৰতিটো পৰিয়াল ধন্য হ’ব। পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি সংস্কাৰ আৰু এই ৰাহি উৎসৱ উপলক্ষে দেশৰ কোটি কোটি পৰিয়াললৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এই সংস্কাৰসমূহে ভাৰতৰ বৃদ্ধিৰ কাহিনী ত্বৰান্বিত কৰিব, ব্যৱসায় কৰাটো সহজ কৰি তুলিব, বিনিয়োগক অধিক আকৰ্ষণীয় কৰি তুলিব আৰু প্ৰতিখন ৰাজ্যক উন্নয়নৰ দৌৰত সমান অংশীদাৰ কৰি তুলিব।দেশবাসীক সম্বোধন কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
September 21st, 05:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে দেশবাসীক সম্বোধন কৰে। শক্তি পূজাৰ উৎসৱ নৱৰাত্ৰিৰ আৰম্ভণিতে দেশৰ সকলো নাগৰিকলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি তেওঁ মন্তব্য কৰে যে নৱৰাত্ৰিৰ প্ৰথম দিনাৰ পৰাই দেশখনে আত্মনিৰ্ভৰ ভাৰত অভিযানত এক উল্লেখযোগ্য পদক্ষেপ আগবঢ়াব। ২২ ছেপ্টেম্বৰৰ সূৰ্য্য উদয়ৰ পৰা আৰম্ভ কৰি দেশত পৰৱৰ্তী প্ৰকল্পৰ জি এছ টি সংস্কাৰ ৰূপায়ণ কৰা হ’ব। প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে ইয়াৰ দ্বাৰা সমগ্ৰ ভাৰততে জি এছ টি ৰাহি উৎসৱ(সঞ্চয় মহোৎসৱ) আৰম্ভ হৈছে। তেওঁ কয় যে এই উৎসৱে সঞ্চয় বৃদ্ধি কৰিব আৰু মানুহে নিজৰ পছন্দৰ সামগ্ৰী ক্ৰয় কৰাত সহজ হ’ব। শ্ৰী মোদীয়ে উল্লেখ কৰে যে এই সঞ্চয় উৎসৱৰ সুফল দৰিদ্ৰ, মধ্যবিত্ত শ্ৰেণী, নব্য মধ্যবিত্ত শ্ৰেণী, যুৱক-যুৱতী, কৃষক, মহিলা, দোকানী, ব্যৱসায়ী আৰু উদ্যোগীসকলৰ মাজত একেদৰেই পৰিলক্ষিত হ'ব । তেওঁ মন্তব্য কৰে যে এই উৎসৱৰ বতৰত প্ৰতিখন ঘৰতে সুখ আৰু মধুৰতা বৃদ্ধি পাব। সকলোকে অভিনন্দন জ্ঞাপন কৰি প্ৰধানমন্ত্ৰীয়ে দেশৰ কোটি কোটি পৰিয়াললৈ পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি সংস্কাৰ আৰু জি এছ টি সঞ্চয় মহোৎসৱৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ এই কথাত গুৰুত্ব আৰোপ কৰে যে এই সংস্কাৰে ভাৰতৰ বিকাশৰ কাহিনীক ত্বৰান্বিত কৰিব, ব্যৱসায়িক কাৰ্য্যকলাপ সৰল কৰিব, বিনিয়োগক অধিক আকৰ্ষণীয় কৰি তুলিব আৰু প্ৰতিখন ৰাজ্য উন্নয়নৰ দৌৰত সমান অংশীদাৰ হোৱাটো নিশ্চিত কৰিব।পৰৱৰ্তী দশকৰ বাবে ভাৰত - জাপানৰ যৌথ দৃষ্টিভংগী: বিশেষ কৌশলগত আৰু বিশ্বজোৰা অংশীদাৰিত্ব পৰিচালনাৰ বাবে আঠটা দিশ
August 29th, 07:11 pm
ভাৰত আৰু জাপানৰ মাজত আইনগত প্ৰশাসনৰ ভেটিত থকা মুক্ত, স্বতন্ত্ৰ, শান্তিপূৰ্ণ আৰু সমৃদ্ধিশালী ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ এক উমৈহতীয়া দৃষ্টিভংগী আছে। সম্পদ, প্ৰযুক্তি, আৰু প্ৰতিযোগিতামূলক ক্ষমতাৰ পৰিপূৰক শক্তি, আৰু বন্ধুত্ব তথা সদিচ্ছাৰ সুদীৰ্ঘ পৰম্পৰাৰে সৈতে, দুয়োখন ৰাষ্ট্ৰই অনাগত দশকত বিশ্বজোৰা উপলব্ধ পৰিৱৰ্তন আৰু সুযোগসমূহ যৌথভাৱে ব্যৱহাৰ কৰিবলৈ বিচাৰে। এই অংশীদাৰিত্বৰ লক্ষ্য হৈছে প্ৰতিখন দেশৰ ঘৰুৱা লক্ষ্যক সমৰ্থন কৰাৰ লগতে তেওঁলোকৰ জনগোষ্ঠী আৰু ভৱিষ্যত প্ৰজন্মক পূৰ্বতকৈ অধিক ওচৰ চপাই অনা।ফলাফলৰ তালিকা : প্ৰধানমন্ত্ৰীৰ নামিবিয়া ভ্ৰমণ
July 09th, 08:17 pm
নামিবিয়াত উদ্যোগীকৰণ উন্নয়ন কেন্দ্ৰ স্থাপনৰ বুজাবুজি চুক্তিলেক্স ফ্ৰিডমেনৰ সৈতে এক পডকাষ্টত প্ৰধানমন্ত্ৰীৰ কথোপকথনৰ পাঠ
March 16th, 11:47 pm
প্ৰধানমন্ত্ৰী- মোৰ যি সামৰ্থ্য সেয়া মোদীৰ নহয়, এয়া হৈছে ১৪০ কোটি দেশবাসীৰ, হাজাৰ হাজাৰ বছৰৰ মহান সংস্কৃতি, পৰম্পৰা, সেয়াই হৈছে মোৰ সামৰ্থ্য। সেয়েহে, মই য'লৈকে যাওঁ, মোদীয়েই নাযায়, বৰঞ্চ মই বেদৰ পৰা বিবেকানন্দলৈ মহান পৰম্পৰাক, ১৪০ কোটি লোকৰ সপোন আৰু আকাংক্ষাকো কঢ়িয়াই নিছোঁ। গতিকে মই যেতিয়া পৃথিৱীৰ কোনো নেতাৰ সৈতে হাত মিলাওঁ, এয়া মোদীয়েই কেৱল হাত নিমিলাই, এয়া হৈছে ১৪০ কোটি লোকৰ হাত। গতিকে এই সামৰ্থ্য মোদীৰ নহয়, এই সামৰ্থ্য হৈছে ভাৰতৰ। যেতিয়াই আমি শান্তিৰ কথা কওঁ, পৃথিৱীয়ে আমাৰ কথা শুনে। কিয়নো এয়া হৈছে বুদ্ধৰ দেশ, এয়া হৈছে মহাত্মা গান্ধীৰ দেশ, সেয়েহে বিশ্বই আমাৰ কথা শুনিছে আৰু আমিতো সংঘাতৰ পক্ষপাতীয়েই নহয়। আমি হৈছোঁ সমন্বয়ৰ পক্ষপাতী। না আমি প্ৰকৃতিৰ সৈতে সংঘাত কৰিব বিচাৰো, না আমি ৰাষ্ট্ৰসমূহৰ মাজত সংঘৰ্ষ বিচাৰো; আমি হৈছোঁ সমন্বয় বিচৰা মানুহ। আৰু যদি আমি ইয়াৰ বাবে কোনো ভূমিকা পালন কৰিব পাৰোঁ, আমি নিৰন্তৰভাৱে এনে কৰিবলৈ চেষ্টা কৰি আহিছোঁ। মোৰ জীৱন চৰম দাৰিদ্ৰ্যৰ মাজেৰে উন্মেষিত হৈছিল। কিন্তু আমি কেতিয়াও দাৰিদ্ৰ্যৰ বোজা অনুভৱ কৰা নাছিলো, কিয়নো ভাল জোতা পিন্ধি ফুৰা এগৰাকী ব্যক্তিয়েহেজোতাযোৰ নথকা পৰিস্থিতি এটাত অনুভৱ কৰিব যে এৰাটো, এইটোতো এক ডাঙৰ কথা।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লেক্স ফ্ৰিডমেনৰ সৈতে প’ডকাষ্টত মত বিনিময় কৰে
March 16th, 05:30 pm
আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লেক্স ফ্ৰিডমেনৰ সৈতে বিভিন্ন বিষয়ৰ ওপৰত প’ডকাষ্টত মত বিনিময় কৰে। এক স্পষ্ট বাৰ্তালাপত, তেওঁ কিয় উপবাস কৰে আৰু কেনেকৈ পৰিচালনা কৰে সেই বিষয়ে সোধাত, প্ৰধানমন্ত্ৰীয়ে তেওঁৰ প্ৰতি সন্মানৰ চিন হিচাপে উপবাসৰ ইংগিত দিয়াৰ বাবে লেক্স ফ্ৰিডমেনক কৃতজ্ঞতা প্ৰকাশ কৰে। “ভাৰতত ধৰ্মীয় পৰম্পৰা দৈনন্দিন জীৱনৰ সৈতে গভীৰভাৱে জড়িত হৈ আছে”, শ্ৰী মোদীয়ে কয়, তেওঁ লগতে কয় যে হিন্দু ধৰ্ম কেৱল আচাৰ-অনুষ্ঠানৰ বিষয় নহয়, বৰঞ্চ ভাৰতৰ সন্মানীয় উচ্চতম ন্যায়ালয়ে ব্যাখ্যা কৰা জীৱনৰ পথ প্ৰদৰ্শক দৰ্শন। তেওঁ জোৰ দি কয় যে উপবাস হৈছে অনুশাসনৰ কৰ্ষণ আৰু অন্তৰ্নিহিত আৰু বাহ্যিক আত্মাৰ ভাৰসাম্য ৰক্ষাৰ এক আহিলা। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে উপবাসে ইন্দ্ৰিয়সমূহক উচ্চ কৰি তোলে, ইন্দ্ৰিয়ক অধিক সংবেদনশীল আৰু সচেতন কৰি তোলে। তেওঁ লক্ষ্য কৰিছিল যে উপবাসৰ সময়ত আনকি সূক্ষ্ম সুগন্ধি আৰু সবিশেষো অধিক স্পষ্টভাৱে অনুভৱ কৰিব পাৰি। তেওঁ লগতে আলোকপাত কৰে যে উপবাসে চিন্তা প্ৰক্ৰিয়া ত্বৰান্বিত কৰে, সতেজ দৃষ্টিভংগী প্ৰদান কৰে আৰু প্ৰসাৰিত চিন্তাধাৰাক উৎসাহিত কৰে। শ্ৰী মোদীয়ে স্পষ্ট কৰি দিয়ে যে উপবাস কেৱল খাদ্যৰ পৰা বিৰত থকা নহয়; ইয়াৰ লগত প্ৰস্তুতি আৰু বিষমুক্তকৰণৰ বৈজ্ঞানিক প্ৰক্ৰিয়া জড়িত হৈ থাকে। তেওঁ আগতীয়াকৈ কেইবাদিনো আয়ুৰ্বেদিক আৰু যোগাভ্যাস পালন কৰি শৰীৰটো উপবাসৰ বাবে প্ৰস্তুত কৰা বুলি জোৰ দি এই সময়ছোৱাত হাইড্ৰেচনৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। উপবাস আৰম্ভ হ’লেই তেওঁ ইয়াক ভক্তি আৰু আত্ম-অনুশাসনৰ কাৰ্য্য হিচাপে লয়, যাৰ ফলত গভীৰ আত্মনিৰীক্ষণ আৰু মনোনিৱেশৰ সুবিধা হয়। প্ৰধানমন্ত্ৰীয়ে শ্বেয়াৰ কৰে যে তেওঁৰ উপবাসৰ প্ৰথা ব্যক্তিগত অভিজ্ঞতাৰ পৰাই উদ্ভৱ হৈছিল, যিটো তেওঁৰ স্কুলীয়া দিনত মহাত্মা গান্ধীৰ পৰা অনুপ্ৰাণিত হৈ এক আন্দোলনৰ পৰা আৰম্ভ হৈছিল। প্ৰথম উপবাসৰ সময়ত তেওঁ শক্তি আৰু সচেতনতাৰ লহৰ অনুভৱ কৰিছিল, যিয়ে তেওঁক ইয়াৰ পৰিৱৰ্তনশীল শক্তিৰ বিষয়ে পতিয়ন নিয়াইছিল। তেওঁ আলোকপাত কৰে যে উপবাসে তেওঁক লেহেমীয়া নকৰে; বৰঞ্চ ই প্ৰায়ে তেওঁৰ উৎপাদনশীলতা বৃদ্ধি কৰে। তেওঁ লক্ষ্য কৰিছিল যে উপবাসৰ সময়ত তেওঁৰ চিন্তাবোৰ অধিক মুক্ত আৰু সৃষ্টিশীলভাৱে প্ৰবাহিত হয়, যাৰ ফলত ই নিজকে প্ৰকাশ কৰাৰ বাবে এক অবিশ্বাস্য অভিজ্ঞতা হৈ পৰে।চাকৰিৰ সুযোগ সৃষ্টিক উত্সাহিতকৰণ সম্পৰ্কীয় বাজেট-পৰৱৰ্তী ৱে’বিনাৰত ‘ভিডিঅ' কনফাৰেন্সিং’ ব্যৱস্থাৰে প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
March 05th, 01:35 pm
এই গুৰুত্বপূৰ্ণ বাজেট ৱে’বিনাৰলৈ আপোনালোক সকলোকে আদৰণি আৰু শুভেচ্ছা জনাইছোঁ। জনসাধাৰণ, অৰ্থনীতি আৰু উদ্ভাৱনত বিনিয়োগ – এয়া এনে এটা বিষয় যি উন্নত ভাৰতৰ বাবে পথ-পৰিকল্পনা নিৰ্দ্ধাৰিত কৰিব। আপোনালোকে এই বছৰৰ বাজেটত ব্যপক পৰিমাপত ইয়াৰ প্ৰভাৱ দেখিব পাব। সেয়েহে, এইখন বাজেটে ভাৰতৰ ভৱিষ্যতৰ বাবে এক মূল আঁচনিৰ হিচাপে আত্মপ্ৰকাশ কৰিছে। আমি বিনিয়োগত আন্তঃগাঁথনি আৰু উদ্যোগসমূহক যিমান প্ৰাথমিকতা প্ৰদান কৰিছো সিমানেই আমি মানুহ, অৰ্থনীতি আৰু উদ্ভাৱনকো গুৰুত্ব দিছোঁ। আপোনালোক সকলোৱে জানে যে সামৰ্থ্য বৰ্দ্ধন আৰু প্ৰতিভাৰ প্ৰতিপালনে দেশৰ প্ৰগতিৰ আধাৰশিলা হিচাপে কাম কৰে। সেয়েহে, এতিয়া উন্নয়নৰ পৰৱৰ্তী পৰ্যায়ত আমি এই ক্ষেত্ৰসমূহত অধিক বিনিয়োগ কৰিব লাগিব। ইয়াৰ বাবে সকলো অংশীদাৰ আগবাঢ়ি আহিব লাগিব। কাৰণ, দেশৰ অৰ্থনৈতিক সফলতাৰ বাবে এয়া হৈছে প্ৰয়োজনীয়। আৰু একে সময়তে, ই হৈছে প্ৰতিটো সংগঠনৰ সফলতাৰো আধাৰ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নিয়োগ সৃষ্টি বৃদ্ধি- জনতা, অৰ্থনীতি আৰু উদ্ভাৱনত বিনিয়োগ শীৰ্ষক বাজেট-পৰৱৰ্তী ৱেবিনাৰ সম্বোধন কৰে
March 05th, 01:30 pm
“জনতাত বিনিয়োগৰ দৃষ্টিভংগী তিনি স্তম্ভ আধাৰিত যথাঃ শিক্ষা, দক্ষতা আৰু স্বাস্থ্যসেৱা” বুলি উল্লেখেৰে ভাৰতৰ শিক্ষা ব্যৱস্থাত কেইবাটাও দশকৰ পাছত উল্লেখযোগ্য ৰূপান্তৰ ঘটিছে বুলি শ্ৰী মোদীয়ে কয়। তেখেতে ৰাষ্ট্ৰীয় শিক্ষা নীতি, আইআইটিৰ সম্প্ৰসাৰণ, শিক্ষা ব্যৱস্থাত প্ৰযুক্তিক একত্ৰিতকৰণ আৰু এআইৰ সম্পূৰ্ণ সম্ভাৱনাৰ ব্যৱহাৰ আদি মূল পদক্ষেপসমূহত গুৰুত্ব আৰোপ কৰে। পাঠ্যপুথিৰ ডিজিটেলাইজেচন আৰু ২২ টা ভাৰতীয় ভাষাত শিক্ষণ সামগ্ৰীৰ উপলব্ধতাৰ দৰে প্ৰচেষ্টা গ্ৰহণ সম্পৰ্কে উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “এই মিছন-ম’ডৰ প্ৰচেষ্টাসমূহে ভাৰতৰ শিক্ষা ব্যৱস্থাক একবিংশ শতিকাৰ বিশ্বৰ প্ৰয়োজনীয়তা আৰু পৰিমাপসমূহৰ সৈতে সংগতি ৰাখিবলৈ সক্ষম কৰিছে।”The Genome India Project marks a defining moment in the country's biotechnology landscape: PM
January 09th, 06:38 pm
PM Modi delivered his remarks at the start of the Genome India Project. “Genome India Project is an important milestone in the biotechnology revolution”, exclaimed Shri Modi. He noted that this project has successfully created a perse genetic resource by sequencing the genomes of 10,000 inpiduals from various populations.Prime Minister Shri Narendra Modi's remarks at the start of Genome India Project
January 09th, 05:53 pm
PM Modi delivered his remarks at the start of the Genome India Project. “Genome India Project is an important milestone in the biotechnology revolution”, exclaimed Shri Modi. He noted that this project has successfully created a perse genetic resource by sequencing the genomes of 10,000 inpiduals from various populations.Serving the people of Andhra Pradesh is our commitment: PM Modi in Visakhapatnam
January 08th, 05:45 pm
PM Modi laid foundation stone, inaugurated development works worth over Rs. 2 lakh crore in Visakhapatnam, Andhra Pradesh. The Prime Minister emphasized that the development of Andhra Pradesh was the NDA Government's vision and serving the people of Andhra Pradesh was the Government's commitment.প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনমত ২ লাখ কোটি টকাৰো অধিক মূল্যৰ উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন, উদ্বোধন কৰে
January 08th, 05:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনমত আজি ২ লাখ কোটি টকাৰো অধিক মূল্যৰ উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন, উদ্বোধন কৰে। ভগৱান সিমহাচলম বৰাহা লক্ষ্মী নৰসিংহ স্বামীক যথাযথ সন্মান জনাই, শ্ৰী মোদীয়ে কয় যে ৬০ বছৰৰ ব্যৱধানৰ অন্তত ৰাইজৰ আশীৰ্বাদত দেশত একেৰাহে তৃতীয়বাৰৰ বাবে এখন কেন্দ্ৰীয় চৰকাৰ নিৰ্বাচিত হৈছে। তেওঁ লগতে কয় যে চৰকাৰ গঠনৰ পিছত অন্ধ্ৰ প্ৰদেশত এয়া তেওঁৰ প্ৰথম আনুষ্ঠানিক কাৰ্যসূচী। শ্ৰী মোদীয়ে, অনুষ্ঠানৰ পূৰ্বে ৰোডশ্ব’ৰ সময়ত তেওঁক জনোৱা এক বৃহৎ আদৰণিৰ বাবে ৰাইজক ধন্যবাদ জনায়। তেওঁ লগতে কয় যে শ্ৰী চন্দ্ৰবাবু নাইডুৰ ভাষণৰ সময়ত তেওঁৰ প্ৰতিটো শব্দ আৰু অনুভূতিৰ ভাবনাক তেওঁ সন্মান জনায়। প্ৰধানমন্ত্ৰীয়ে অন্ধ্ৰপ্ৰদেশ আৰু ভাৰতৰ জনসাধাৰণৰ সহযোগত শ্ৰী নাইডুৱে নিজৰ ভাষণত উল্লেখ কৰা সকলো লক্ষ্যত উপনীত হ’ব বুলি বিশ্বাস ব্যক্ত কৰে।প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বই মেলেৰিয়াৰ বিৰুদ্ধে চমকপ্ৰদ বিজয় সাব্যস্ত কৰাৰ লগতে স্বাস্থ্যসেৱাত বিপ্লৱ আনিছেঃ জে পি নাড্ডা
December 16th, 10:06 am
ভাৰতে মেলেৰিয়া ৰোগীৰ সংখ্যা ২০১৭ চনত ৬৪ লাখৰ পৰা ২০২৩ চনত মাত্ৰ ২০ লাখলৈ উল্লেখযোগ্যভাৱে ৬৯% হ্ৰাস পাইছে-যিটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কেন্দ্ৰীভূত নীতি আৰু নেতৃত্বৰ চমকপ্ৰদ সফলতাৰ কাৰণ। ২০১৫ চনৰ ইষ্ট এছিয়া সন্মিলনত ২০৩০ চনৰ ভিতৰত মেলেৰিয়া নিৰ্মূল কৰাৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে দিয়া প্ৰতিশ্ৰুতিৰ বৃহত্তৰ লক্ষ্যৰ এয়া মাইলৰ খুঁটিৰ অংশ।বিহাৰৰ জামুইত জনজাতীয় গৌৰৱ দিৱসৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
November 15th, 11:20 am
বিহাৰৰ ৰাজ্যপাল ৰাজেন্দ্ৰ আৰ্লেকাৰ জী, বিহাৰৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী নীতিশ কুমাৰ জী, কেন্দ্ৰীয় কেবিনেটত মোৰ সহযোগী জুৱেল ওৰাম জী, জিতন ৰাম মাঞ্জি জী, গিৰিৰাজ সিং জী, চিৰাগ পাছৱান জী, দুৰ্গাদাস উইকে জী, মোৰ সৌভাগ্য যে আজি বীৰছা মুণ্ডা জীৰ পৰিয়ালৰ বংশধৰসকল আমাৰ মাজত আছে। আজি ইয়াত এটা ডাঙৰ পূজা অনুষ্ঠিত কৰা হৈছে। পৰিয়ালৰ বাকী সকলো সদস্যই পূজাৰ কামত ব্যস্ত, তথাপিও বুদ্ধৰাম মুণ্ডা জী আমাৰ মাজত উপস্থিত আছে। আমি সৌভাগ্যৱান যে সিদ্ধু কানহু জীৰ বংশধৰ মণ্ডল মুৰ্মু জীও আমাৰ লগত আছে। আৰু মোৰ বাবে সুখৰ কথা যে আজি যদি মই আমাৰ ভাৰতীয় জনতা পাৰ্টি পৰিয়ালৰ জ্যেষ্ঠ নেতা আমাৰ শ্ৰদ্ধাৰ কৰিয়া মুণ্ডা জীও আমাৰ মাজত আছে। এসময়ত তেওঁ লোকসভাৰ উপাধ্যক্ষ আছিল। পদ্ম বিভূষণেৰে সন্মানীত মুণ্ডাজীয়ে এতিয়াও সকৱোকে মাৰ্গদৰ্শন কৰে। আৰু যেনেকৈ আমাৰ জুৱেল ওৰাম জীয়ে কৈছিল যে তেওঁ মোৰ বাবে এজন পিতৃৰ দৰে। এনে জ্যেষ্ঠ কাৰিয়া মুণ্ডা জী আজি ইয়ালৈ আহিছে বিশেষকৈ ঝাৰখণ্ডৰ পৰা। বিহাৰৰ উপ-মুখ্যমন্ত্ৰী, মোৰ বন্ধু ভাই বিজয় কুমাৰ সিনহা জী, ভাই সম্ৰাট চৌধুৰী জী, বিহাৰ চৰকাৰৰ মন্ত্ৰী, সাংসদ, বিধায়ক, অন্যান্য জনপ্ৰতিনিধি, দেশৰ চুক-কোণৰ পৰা অহা সকলো গণ্যমান্য ব্যক্তি আৰু জামুইৰ মোৰ মৰমৰ ভাই-ভনীসকল।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জনজাতীয় গৌৰৱ দিৱস উপলক্ষে ভগৱান বিৰছা মুণ্ডাৰ ১৫০ সংখ্যক জন্ম বাৰ্ষিকী বৰ্ষ উদযাপনৰ আৰম্ভণি কৰে
November 15th, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ জমুইত জনজাতীয় গৌৰৱ দিৱস উপলক্ষে ভগৱান বিৰছা মুণ্ডাৰ ১৫০ সংখ্যক জন্ম বাৰ্ষিকী বৰ্ষ উদযাপন কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰি প্ৰায় ৬,৬৪০ কোটি টকা মূল্যৰ ভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰে।বিহাৰৰ দাৰভাঙ্গাত বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু উৎসৰ্গা অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
November 13th, 11:00 am
ৰজা জনক, সীতা মাইয়াই মিথিলা বিদ্যাপতিৰ এই পবিত্ৰ ভূমিলৈ নমস্কাৰ জনাইছো। জ্ঞান-ধন-পান-মাখানা... আপুনি এই সমৃদ্ধ গৌৰৱময় ভূমিত আপোনালোক সকলোকে শুভেচ্ছা জনাইছো।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিহাৰত ১২,১০০ কোটি টকাৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন, আধাৰশিলা স্থাপন আৰু দেশবাসীলৈ উৎসৰ্গা কৰে
November 13th, 10:45 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ দাৰভাংগাত প্ৰায় ১২,১০০ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰে। উন্নয়নমূলক প্ৰকল্পসমূহত স্বাস্থ্য, ৰে’ল, পথ, পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ খণ্ডসমূহক অন্তৰ্ভুক্ত কৰা হৈছে।ভাৰত আৰু মালদ্বীপ : ব্যাপক অৰ্থনৈতিক আৰু সামুদ্ৰিক সুৰক্ষা অংশীদাৰিত্বৰ বাবে এক দৃষ্টিভংগী
October 07th, 02:39 pm
ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু মালদ্বীপৰ ৰাষ্ট্ৰপতি মহামহিম ড০ মহম্মদ মুইজ্জুৱে ২০২৪ চনৰ ৭ অক্টোবৰত মিলিত হয়। দুয়োগৰাকী নেতাই দেশ দুখনৰ ঐতিহাসিক ঘনিষ্ঠতা আৰু বিশেষ সম্পৰ্ক গভীৰ কৰাৰ ক্ষেত্ৰত অগ্ৰগতিৰ কথা উল্লেখ কৰি দ্বিপাক্ষিক সম্পৰ্কৰ পৰিসৰৰ বিষয়ে ব্যাপক পৰ্যালোচনা কৰে। এই সম্পৰ্কই দুয়োখন দেশৰ জনসাধাৰণৰ উন্নতিত যথেষ্ট অৰিহণা যোগাব বুলি আশা কৰা হৈছে।'মন কী বাত' তারিবশিং থৌরম অসিগী অশেংবা এংকরশিংনি: পি.এম. মোদী
September 29th, 11:30 am
My dear countrymen, Namaskar. Once again we have the opportunity to connect in today's Mann Ki Baat. This episode today is going to make me emotional. It's flooding me with a lot of old memories... The reason is that this journey of ours in Mann Ki Baat is completing 10 years. 10 years ago Mann Ki Baat started on the day of Vijayadashami on the 3rd of October. And what a pine coincidence it is that this year on the 3rd of October when 10 years of Mann Ki Baat are completed, it will be the first day of Navratri. There are many phases in this long journey of Mann Ki Baat that I can never forget. Crores of listeners of Mann Ki Baat have been our companions in this journey, whose continuous support I have kept receiving. They provided information from every corner of the country.ইকনমিক টাইমছ ৱৰ্ল্ড লিডাৰ্ছ ফৰামত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
August 31st, 10:39 pm
ইকনমিক টাইমছ ৱৰ্ল্ড লিডাৰ্ছ ফ’ৰামৰ এই অনুষ্ঠানলৈ আহি বহু পুৰণি মুখ দেখিবলৈ পোৱাটো মোৰ বাবে এক আনন্দৰ কথা। মই নিশ্চিত যে ইয়াত ভাৰতৰ উজ্জ্বল ভৱিষ্যতৰ সন্দৰ্ভত উৎকৃষ্ট আলোচনা হ’ব। আৰু এই আলোচনা এনে সময়ত হৈছে, যিসময়ত সমগ্ৰ বিশ্বই ভাৰতক লৈ আত্মবিশ্বাসেৰে ভৰপূৰ হৈ আছে।