প্ৰসিদ্ধ লেখক, চিন্তাবিদ তথা বুদ্ধিজীৱী শ্ৰী বলবীৰ পুঞ্জৰ বিয়োগত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
April 19th, 12:08 am
শ্ৰী মোদীয়ে কয় যে বলবীৰ পুঞ্জ জী আছিল এজন প্ৰসিদ্ধ লেখক, চিন্তাবিদ আৰু গণ বুদ্ধিজীৱী, যি সংবাদ মাধ্যমৰ জগতখনলৈ প্ৰশংসনীয় অৱদান আগবঢ়াইছিল। তেওঁৰ লেখাসমূহ বহুলভাৱে পঠিত আৰু ই ৰাষ্ট্ৰ নিৰ্মাণৰ প্ৰতি তেওঁৰ প্ৰবল আৱেগক প্ৰতিফলিত কৰিছিল। তেওঁ উল্লেখ কৰে যে শ্ৰী পুঞ্জৰ সংসদীয় ভাষণবোৰ আছিল তথ্য আৰু মানৱীয় ভাবনাৰে সমৃদ্ধ।ৰাজ্যসভাত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূল পাঠ
April 17th, 11:10 am
সদনৰ ফালৰ পৰা আৰু মোৰ ফালৰ পৰা, মই শ্ৰী হৰিবংশজীক বহুত অভিনন্দন আৰু শুভেচ্ছা জনাইছো। ৰাজ্যসভাৰ উপ-সভাপতি হিচাপে একেৰাহে তৃতীয়বাৰৰ বাবে নিৰ্বাচিত হোৱাটো, আপোনাৰ ওপৰত এই সদনৰ গভীৰ বিশ্বাস আৰু অতীতত আপোনাৰ অভিজ্ঞতাৰ পৰা উপকৃত হোৱা সকলোকে লগত লৈ যোৱাৰ আপোনাৰ প্ৰচেষ্টাৰ স্বীকৃতি। এক প্ৰকাৰে, সদনখনে আজি এক চিহ্ন স্থাপন কৰিছে আৰু ই নিজেই এক অভিজ্ঞতাৰ স্বীকৃতি আৰু লগতে এক মসৃণ কাম কৰা শৈলীৰ স্বীকৃতি। আমি সকলোৱে হৰিবংশজীৰ নেতৃত্বত সদনৰ ক্ষমতা অধিক ফলপ্ৰসূ হোৱাটোও দেখিছো আৰু মই ক’ব পাৰো যে কেৱল সদনৰ কাৰ্য্যকলাপ পৰিচালনা কৰাই নহয়, তেওঁ নিজৰ জীৱনৰ অতীতৰ অভিজ্ঞতাসমূহকো সদনক অতি সঠিকভাৱে সমৃদ্ধ কৰিবলৈ ব্যৱহাৰ কৰে। তেওঁৰ এই অভিজ্ঞতাই সদনৰ সমগ্ৰ কাৰ্য্যকলাপ, আচৰণ আৰু পৰিৱেশ অধিক পৰিপক্ক কৰি তোলে। মই আত্মবিশ্বাসী যে উপ-সভাপতিৰ নতুন কাৰ্যকাল একে মনোভাৱ, ভাৰসাম্য আৰু নিষ্ঠাৰে আগবাঢ়িব আৰু আমাৰ সকলোৰে প্ৰচেষ্টাত সদনৰ মৰ্যাদা নতুন শিখৰত উপনীত হ’ব।ৰাজ্যসভাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ
April 17th, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজ্যসভাত ভাষণ দিয়ে আৰু অভূতপূৰ্বভাৱে তৃতীয়বাৰৰ বাবে ৰাজ্যসভাৰ উপ-সভাপতি হিচাপে নিৰ্বাচিত হোৱাৰ বাবে শ্ৰী হৰিবংশক আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। এই ঐতিহাসিক সাফল্য সন্দৰ্ভত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়ে শ্ৰী হৰিবংশৰ ওপৰত সদনৰ গভীৰ বিশ্বাস আৰু প্ৰতিষ্ঠানটোৰ প্ৰতি তেওঁৰ মূল্যৱান অভিজ্ঞতাক প্ৰতিফলিত কৰে। একেৰাহে তৃতীয়বাৰৰ বাবে নিৰ্বাচিত হোৱাটো তেওঁৰ অভিজ্ঞতা, দৃষ্টিভংগী আৰু মৰ্য্যাদাপূৰ্ণ কৰ্মশৈলীৰ ওপৰতসদনৰ অনুমোদনৰ মোহৰ, শ্ৰী মোদীয়ে মন্তব্য কৰে।১৩ এপ্ৰিলত ‘নাৰী শক্তি বন্দন সন্মিলন’ত ভাষণ দিব প্ৰধানমন্ত্ৰীয়ে
April 12th, 04:43 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১৩ এপ্ৰিল, ২০২৬ তাৰিখে নতুন দিল্লীৰ বিজ্ঞান ভৱনত দিনৰ প্ৰায় ১১ বজাত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ‘নাৰী শক্তি বন্দন সন্মিলন’ত অংশগ্ৰহণ কৰিব। লগতে এই উপলক্ষে তেওঁ জন সমাৱেশক সম্বোধন কৰিব।মালয়েছিয়াৰ প্ৰধানমন্ত্ৰীৰ সৈতে যুটীয়া প্ৰেছ বিবৃতিৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতি
February 08th, 08:35 am
পোনপ্ৰথমে মই মোৰ ঘনিষ্ঠ বন্ধু প্ৰধানমন্ত্ৰী আনৱাৰ ইব্ৰাহিমক উষ্ম আদৰণি জনোৱাৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। যোৱা বছৰ আছিয়ান সন্মিলনৰ বাবে মালয়েছিয়ালৈ যাব পৰা নাছিলো। কিন্তু মই মোৰ প্ৰিয় বন্ধুক প্ৰতিশ্ৰুতি দিছিলোঁ যে মই অতি সোনকালে মালয়েছিয়া ভ্ৰমণ কৰিম। আৰু আজি ২০২৬ চনৰ প্ৰথম বিদেশ ভ্ৰমণতে মই মালয়েছিয়াত উপস্থিত হ’লোঁ।ভাৰতৰ প্ৰধানমন্ত্ৰীৰ মালয়েছিয়া ভ্ৰমণ উপলক্ষে ভাৰত-মালয়েছিয়াৰ যুটীয়া বিবৃতি
February 08th, 08:30 am
মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী মহামহিম দাটো’ ছেৰী আনৱাৰ ইব্ৰাহিমৰ আমন্ত্ৰণত ভাৰত গণৰাজ্যৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ৭ ফেব্ৰুৱাৰীৰ পৰা ৮ ফেব্ৰুৱাৰীলৈ মালয়েছিয়া ভ্ৰমণ কৰে। এই ভ্ৰমণে দুয়োখন দেশৰ মাজত সভ্যতাৰ সম্পৰ্কৰ ওপৰত আধাৰিত গভীৰ বন্ধুত্ব আৰু স্থায়ী জনসাধাৰণৰ মাজৰ সম্পৰ্কক প্ৰতিফলিত কৰিছিল। ই ভাৰত-মালয়েছিয়াৰ সৰ্বাংগীণ কৌশলগত অংশীদাৰিত্বক অধিক শক্তিশালী আৰু সম্প্ৰসাৰণৰ বাবে দুয়োগৰাকী নেতাৰ দায়বদ্ধতাক পুনৰ নিশ্চিত কৰে।সংসদৰ শীতকালীন অধিৱেশনৰ প্ৰাকক্ষণত সংবাদ মাধ্যমত প্ৰধানমন্ত্ৰীৰ বিবৃতিৰ পূৰ্ণপাঠ
December 01st, 10:15 am
এই শীতকালীন অধিৱেশন কেৱল এক অনুষ্ঠান নহয়। বৰঞ্চ ই ৰাষ্ট্ৰৰ প্ৰগতিক ত্বৰান্বিতকৰণৰ বাবে অব্যাহত প্ৰচেষ্টাৰাজিক শক্তিশালী কৰিব বুলি মোৰ সম্পূৰ্ণ বিশ্বাস আছে। ভাৰতে গণতন্ত্ৰৰ জীৱন-যাপন কৰি আহিছে আৰু গণতন্ত্ৰৰ প্ৰতি বিশ্বাস দৃঢ় কৰি তোলা ধৰণেৰে নিজৰ উদ্যম আৰু উৎসাহ বাৰে-বাৰে প্ৰদৰ্শন কৰি আহিছে। শেহতীয়া বিহাৰ নিৰ্বাচনত অভিলেখ সংখ্যক ভোটাৰৰ ভোটদান কাৰ্য্যই গণতন্ত্ৰৰ সৰ্বাধিক শক্তিকে প্ৰতিফলিত কৰিছে। ইয়াত মাতৃ-ভগ্নীসকলৰ ক্ৰমবৰ্ধমান অংশগ্ৰহণে নতুন আশা আৰু আত্মবিশ্বাসৰ সৃষ্টি কৰে। এই গণতান্ত্ৰিক ব্যৱস্থাৰ ভিতৰত গণতন্ত্ৰৰ শক্তি আৰু শক্তিশালী অৰ্থনীতিক বিশ্বই গভীৰভাৱে নিৰীক্ষণ কৰি আছে। গণতন্ত্ৰই যে প্ৰদান কৰিব (Deliver) পাৰে, সেই কথা ভাৰতে প্ৰমাণ কৰিছে। এখনি উন্নত ভাৰতৰ লক্ষ্যৰ দিশে আগবাঢ়ি যোৱাৰ সময়ত ভাৰতৰ অৰ্থনীতিয়ে যি গতিৰে নতুন শিখৰত আৰোহণ কৰিছে, যি দৰে আমাৰ মাজত নতুন আত্মবিশ্বাস আৰু সামৰ্থ্যৰ বীজ সিঁচিছে, এয়াই কেৱল নতুন আত্মবিশ্বাসৰ প্ৰেৰণা যোগোৱাই নহয়, বৰঞ্চ নতুন শক্তিও প্ৰদান কৰিছে।২০২৫-ৰ শীতকালীন অধিৱেশনৰ প্ৰাকক্ষণত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ বক্তব্য
December 01st, 10:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সংসদ ভৱনৰ চৌহদত ২০২৫-ৰ শীতকালীন অধিৱেশনৰ প্ৰাকক্ষণত সংবাদ মাধ্যমক সম্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে এই অধিৱেশন কেৱল এক অনুষ্ঠান নহয়, বৰঞ্চ ৰাষ্ট্ৰখনৰ দ্ৰুত অগ্ৰগতিৰ দিশত অব্যাহত থকা যাত্ৰাৰ বাবে নৱীকৃত শক্তিৰ এক গুৰুত্বপূৰ্ণ উৎস। শ্ৰী মোদীয়ে লগতে কয়, “এই শীতকালীন অধিৱেশনে ৰাষ্ট্ৰখনক অধিক দ্ৰুতগতিত আগুৱাই নিবলৈ আমাৰ প্ৰচেষ্টাত নতুন শক্তিৰ সঞ্চাৰ কৰিব বুলি মোৰ দৃঢ় বিশ্বাস।“Today, when one sees India, then they can be rest assured that Democracy can deliver: PM at ABP Network India@2047 Summit
May 06th, 08:04 pm
PM Modi, at the ABP News India@2047 Summit in Bharat Mandapam, hailed India's bold strides towards becoming a developed nation. Applauding the inspiring journeys of Drone Didis and Lakhpati Didis, he spotlighted key reforms, global trade pacts, and the transformative impact of DBT—underscoring his government's unwavering commitment to Nation First.প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এবিপি নেটৱৰ্ক ইণ্ডিয়া@২০৪৭ শীৰ্ষ সন্মিলনত ভাষণ দিয়ে
May 06th, 08:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হোৱা ABP Network India@2047 শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰে। উপস্থিত ৰাইজক সম্বোধন কৰি তেওঁ কয় যে ভাৰত মণ্ডপমত আজি পুৱাৰে পৰা কাৰ্যসূচীৰ হুলস্থুলীয়া পৰিৱেশ। তেওঁ আয়োজক দলৰ সৈতে হোৱা আদান-প্ৰদানৰ কথা উল্লেখ কৰে আৰু শীৰ্ষ সন্মিলনৰ চহকী বৈচিত্ৰ্যৰ ওপৰত আলোকপাত কৰে। তেওঁ বহু বিশিষ্ট ব্যক্তিৰ অংশগ্ৰহণৰ বাবে ধন্যবাদ জ্ঞাপন কৰে, যিসকলে এই অনুষ্ঠানটোৰ গতিশীলতাত অৰিহণা যোগায়। প্ৰধানমন্ত্ৰীয়ে আস্থা প্ৰকাশ কৰে যে উপস্থিত সকলোৰে অভিজ্ঞতা অত্যন্ত ইতিবাচক। সন্মিলনত যুৱক-যুৱতী আৰু মহিলাৰ বৃহৎ উপস্থিতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ বিশেষভাৱে ড্ৰ’ন দিদি আৰু লাখপতি দিদিসকলৰ দ্বাৰা ভাগ-বতৰা কৰা প্ৰেৰণাদায়ক অভিজ্ঞতাসমূহৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে তেওঁলোকৰ কাহিনীবোৰ প্ৰেৰণাৰ উৎস।ৰোজগাৰ মেলাৰ অধীনত ৫১,০০০ৰো অধিক নিযুক্তি পত্ৰ বিতৰণ কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
April 26th, 11:23 am
আজি কেন্দ্ৰীয় চৰকাৰৰ ভিন্ন বিভাগত ৫১ হাজাৰৰো অধিক যুৱক-যুৱতীক স্থায়ী চৰকাৰী পদৰ নিযুক্তি পত্ৰ প্ৰদান কৰা হৈছে। ইয়াৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ বিভাগসমূহত আপোনালোকৰ দৰে যুৱ প্ৰজন্মৰ বাবে দায়িত্বৰ এক নতুন অধ্যায় আৰম্ভ হৈছে। ৰাষ্ট্ৰৰ অৰ্থনীতি সুদৃঢ় কৰাটো এতিয়া আপোনাৰ কৰ্তব্য; দেশৰ অভ্যন্তৰীণ নিৰাপত্তা শক্তিশালী কৰাটো আপোনাৰ কৰ্তব্য; ৰাষ্ট্ৰখনত আধুনিক আন্তঃগাঁথনি গঢ়ি তোলাটো আপোনাৰ কৰ্তব্য আৰু শ্ৰমিকসকলৰ জীৱনৰ মৌলিক অগ্ৰগতি সাধন কৰাটো আপোনালোকৰ কৰ্তব্য। আপোনাসৱে যিমানেই আন্তৰিকতাৰে আৰু সততাৰে কামবোৰ সম্পাদন কৰিব, সিমানেই ভাৰতৰ উন্নত ৰাষ্ট্ৰ হোৱাৰ যাত্ৰাত ইয়াৰ তাৎপৰ্য্যপূৰ্ণ আৰু ইতিবাচক প্ৰভাৱ পৰিব। মোৰ বিশ্বাস যে আপোনালোকে পৰম ভক্তিৰে নিজৰ দায়িত্ব পালন কৰিব।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰোজগাৰ মেলা সম্বোধন কৰে
April 26th, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ৰোজগাৰ মেলাৰ কাৰ্য্যসূচী সম্বোধনেৰে ভিন্ন চৰকাৰী বিভাগ আৰু সংস্থাৰ নৱনিযুক্ত যুৱক-যুৱতীসকলৰ মাজত ৫১ হাজাৰৰো অধিক নিযুক্তি পত্ৰ বিতৰণ কৰে। ইয়াত সমবেতসকলক উদ্দেশ্যি তেখেতে কয় যে আজি ভাৰত চৰকাৰৰ ভিন্ন বিভাগত এই যুৱক-যুৱতীসকলৰ বাবে নতুন দায়িত্বৰ আৰম্ভণি ঘটিছে। তেখেতে কয় তেওঁলোকৰ কৰ্তব্যৰাজিৰ অন্যতম হৈছেঃ ৰাষ্ট্ৰৰ অৰ্থনৈতিক কাঠামোক সুদৃঢ়কৰণ, অভ্যন্তৰীণ নিৰাপত্তাক শক্তিশালীকৰণ, আধুনিক আন্তঃগাঁথনি নিৰ্মাণত অৰিহণা যোগোৱা, শ্ৰমিকৰ জীৱনৰ পৰিৱৰ্তন সাধন কৰা। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে তেওঁলোকে যি আন্তৰিকতাৰে নিজৰ দায়িত্ব পালন কৰে, সেই কাৰ্য্যই ভাৰতৰ উন্নত ৰাষ্ট্ৰ হোৱাৰ যাত্ৰাত ইতিবাচক প্ৰভাৱ পেলাব। তেখেতে আস্থা প্ৰকাশেৰে এই যুৱক-যুৱতীসকলে পৰম নিষ্ঠাৰে নিজৰ কৰ্তব্য পালন কৰিব বুলি উল্লেখ কৰে।এন এক্স টি কনক্লেভত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
March 01st, 11:00 am
আইটিভি নেটৱৰ্কৰ প্ৰতিষ্ঠাপক তথা সংসদত মোৰ সতীৰ্থ শ্ৰীযুত কাৰ্তিকেয়া শৰ্মা জী, নেটৱৰ্কৰ সমগ্ৰ দল, দেশ-বিদেশৰ সকলো অতিথি, অন্যান্য বিশিষ্ট ব্যক্তিবৃন্দ, নিউজএক্স ৱৰ্ল্ডৰ শুভ আৰম্ভণিৰ বাবে আপোনালোক সকলোকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো আৰু ইয়াৰ সফলতাৰ বাবে শুভেচ্ছা জনাইছো। আজি হিন্দী আৰু ইংৰাজীকে ধৰি আপোনাৰ নেটৱৰ্কৰ সকলো আঞ্চলিক চেনেলে বিশ্বমুখী যাত্ৰাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ উপৰিও আজি কেইবাটাও ফেল’শ্বিপ আৰু বৃত্তিও আৰম্ভ কৰা হৈছে। এই কাৰ্যসূচীসমূহৰ বাবে আৰু তেওঁলোকৰ ভৱিষ্যতৰ প্ৰচেষ্টাৰ বাবে আপোনালোক সকলোকে শুভেচ্ছা জনাইছো।এনএক্সটি কনক্লেভত অংশগ্ৰহণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
March 01st, 10:34 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মাণ্ডপামত অনুষ্ঠিত এনএক্সটি কনক্লেভত অংশগ্ৰহণ কৰে। সভাত ভাষণ দি তেওঁ নিউজএক্স ৱৰ্ল্ডৰ শুভ উন্মোচনৰ বাবে আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। তেওঁ আলোকপাত কৰে যে নেটৱৰ্কটোৱে হিন্দী, ইংৰাজী, আৰু বিভিন্ন আঞ্চলিক ভাষাৰ চেনেলসমূহক সামৰি লৈছে, আৰু আজি, ই বিশ্বব্যাপী হোৱাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰীয়ে কেইবাটাও ফেল’শ্বিপ আৰু ফেল’শ্বিপৰ আৰম্ভণিৰ কথাও উল্লেখ কৰি এই কাৰ্যসূচীসমূহৰ সফলতাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।Media and Entertainment sector poised for a Significant Leap
September 18th, 04:24 pm
The Union Cabinet has approved the establishment of the National Centre of Excellence (NCoE) for Animation, Visual Effects, Gaming, Comics, and Extended Reality (AVGC-XR) in Mumbai. This initiative aims to enhance skill development, research, and innovation in the AVGC-XR sector, fostering startups and positioning India as a global content hub. It aligns with the Atmanirbhar Bharat initiative, boosting employment and enhancing India's soft power in the media and entertainment industry.মুম্বাইত ইণ্ডিয়ান নিউজপেপাৰছ ছ’চাইটি টাৱাৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
July 13th, 09:33 pm
প্ৰথমে, ইণ্ডিয়ান নিউজপেপাৰছ ছ’চাইটিৰ সকলো সদস্যকে অভিনন্দন জনাইছো। আজি আপোনালোক সকলোৱে মুম্বাইত এটা বিশাল আৰু আধুনিক অট্টালিকা লাভ কৰিছে। আশাকৰোঁ এই নতুন অট্টালিকাটোৱে আপোনালোকৰ কাম-কাজ সম্প্ৰসাৰিত কৰিব আৰু আপোনালোকৰ কামৰ সহজতা বৃদ্ধি কৰিব, যিয়ে আমাৰ গণতন্ত্ৰক আৰু অধিক শক্তিশালী কৰিব। ইণ্ডিয়ান নিউজপেপাৰ ছ’চাইটি স্বাধীনতাৰ আগতেই অস্তিত্ব লাভ কৰা প্ৰতিষ্ঠানসমূহৰ ভিতৰত অন্যতম আৰু সেয়েহে আপোনালোক সকলোৱে দেশৰ যাত্ৰাৰ প্ৰতিটো উত্থান-পতন অতি নিবিড়ভাৱে দেখিছে, জীয়াই আছে আৰু লগতে সাধাৰণ জনতাক জনাইছে। গতিকে সংগঠন হিচাপে আপোনালোকৰ কাম যিমানেই ফলপ্ৰসূ হ'ব সিমানেই দেশ ইয়াৰ দ্বাৰা উপকৃত হ'ব।মহাৰাষ্ট্ৰৰ মুম্বাইত ‘ভাৰতীয় বাতৰিকাকত সমাজ (আইএনএছ) টাৱাৰ’ উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে
July 13th, 07:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মুম্বাইৰ ‘বান্দ্ৰা কুৰ্লা কমপ্লেক্স’ৰ ‘জি-ব্লক’ত থকা ‘ভাৰতীয় বাতৰিকাকত সমাজ’ (আইএনএছ)ৰ সচিবালয়লৈ কৰা ভ্ৰমণসূচীৰ অংশ হিচাপে ‘আইএনএছ টাৱাৰ’ উদ্বোধন কৰে। নতুন ভৱনটোৱে মুম্বাইত এক আধুনিক আৰু দক্ষ কাৰ্যালয়ৰ স্থানৰ বাবে ‘আইএনএছ’-ৰ সদস্যসকলৰ বিকশিত প্ৰয়োজনীয়তা পূৰণ কৰিব আৰু মুম্বাইৰ বাতৰি কাকত উদ্যোগৰ স্নায়ুকেন্দ্ৰ হিচাপে কাম কৰিব।PM Modi attends India Today Conclave 2024
March 16th, 08:00 pm
Addressing the India Today Conclave, PM Modi said that he works on deadlines than headlines. He added that reforms are being undertaken to enable India become the 3rd largest economy in the world. He said that 'Ease of Living' has been our priority and we are ensuring various initiatives to empower the common man.India is poised to continue its trajectory of success: PM Modi
November 17th, 08:44 pm
Speaking at the BJP's Diwali Milan event at the party's headquarters in New Delhi, Prime Minister Narendra Modi reiterated his commitment to transform India into a 'Viksit Bharat,' emphasizing that these are not merely words but a ground reality. He also noted that the 'vocal for local' initiative has garnered significant support from the people.PM Modi addresses Diwali Milan programme at BJP HQ, New Delhi
November 17th, 04:42 pm
Speaking at the BJP's Diwali Milan event at the party's headquarters in New Delhi, Prime Minister Narendra Modi reiterated his commitment to transform India into a 'Viksit Bharat,' emphasizing that these are not merely words but a ground reality. He also noted that the 'vocal for local' initiative has garnered significant support from the people.