
Today, when one sees India, then they can be rest assured that Democracy can deliver: PM at ABP Network India@2047 Summit
May 06th, 08:04 pm
PM Modi, at the ABP News India@2047 Summit in Bharat Mandapam, hailed India's bold strides towards becoming a developed nation. Applauding the inspiring journeys of Drone Didis and Lakhpati Didis, he spotlighted key reforms, global trade pacts, and the transformative impact of DBT—underscoring his government's unwavering commitment to Nation First.
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এবিপি নেটৱৰ্ক ইণ্ডিয়া@২০৪৭ শীৰ্ষ সন্মিলনত ভাষণ দিয়ে
May 06th, 08:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত অনুষ্ঠিত হোৱা ABP Network India@2047 শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰে। উপস্থিত ৰাইজক সম্বোধন কৰি তেওঁ কয় যে ভাৰত মণ্ডপমত আজি পুৱাৰে পৰা কাৰ্যসূচীৰ হুলস্থুলীয়া পৰিৱেশ। তেওঁ আয়োজক দলৰ সৈতে হোৱা আদান-প্ৰদানৰ কথা উল্লেখ কৰে আৰু শীৰ্ষ সন্মিলনৰ চহকী বৈচিত্ৰ্যৰ ওপৰত আলোকপাত কৰে। তেওঁ বহু বিশিষ্ট ব্যক্তিৰ অংশগ্ৰহণৰ বাবে ধন্যবাদ জ্ঞাপন কৰে, যিসকলে এই অনুষ্ঠানটোৰ গতিশীলতাত অৰিহণা যোগায়। প্ৰধানমন্ত্ৰীয়ে আস্থা প্ৰকাশ কৰে যে উপস্থিত সকলোৰে অভিজ্ঞতা অত্যন্ত ইতিবাচক। সন্মিলনত যুৱক-যুৱতী আৰু মহিলাৰ বৃহৎ উপস্থিতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ বিশেষভাৱে ড্ৰ’ন দিদি আৰু লাখপতি দিদিসকলৰ দ্বাৰা ভাগ-বতৰা কৰা প্ৰেৰণাদায়ক অভিজ্ঞতাসমূহৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে তেওঁলোকৰ কাহিনীবোৰ প্ৰেৰণাৰ উৎস।
When growth is driven by aspirations, it becomes inclusive and sustainable: PM Modi at Rising Bharat Summit
April 08th, 08:30 pm
PM Modi addressed the News18 Rising Bharat Summit. He remarked on the dreams, determination, and passion of the youth to develop India. The PM highlighted key initiatives, including zero tax on income up to ₹12 lakh, 10,000 new medical seats and 6,500 new IIT seats, 50,000 new Atal Tinkering Labs and over 52 crore Mudra Yojana loans. The PM congratulated the Parliament for enacting Waqf law.প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘নিউজ১৮ ৰাইজিং ভাৰত সন্মিলন’ত ভাষণ দিয়ে
April 08th, 08:15 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ‘ভাৰত মণ্ডপম’ত অনুষ্ঠিত ‘নিউজ১৮ ৰাইজিং ভাৰত সন্মিলন’ত ভাষণ দিয়ে। সমবেত সকলক সম্বোধন কৰি তেওঁ এই সন্মিলনৰ জৰিয়তে ভাৰত আৰু সমগ্ৰ বিশ্বৰ সন্মানীয় অতিথিসকলৰ সৈতে সংযোগ স্থাপনৰ সুযোগ প্ৰদান কৰাৰ বাবে ‘নেটৱৰ্ক১৮’লৈ কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ ভাৰতৰ যুৱপ্ৰজন্মৰ আশা-আকাংক্ষাৰ প্ৰতি এই বছৰৰ সন্মিলনে গুৰুত্ব প্ৰদান কৰা কথাক প্ৰশংসা কৰে। ‘ভাৰত মণ্ডপম’ত স্বামী বিবেকানন্দ জয়ন্তী উপলক্ষে চলিত বৰ্ষৰ আৰম্ভণিতে অনুষ্ঠিত 'বিকশিত ভাৰত যুৱ নেতা আলাপ'ৰ তাৎপৰ্যৰ কথা উল্লেখ কৰি তেওঁ ভাৰতক এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ বাবে যুৱসকলৰ সপোন, সংকল্প আৰু আবেগ সন্দৰ্ভত মন্তব্য কৰে। তেওঁ ২০৪৭ চনৰ ভিতৰত ভাৰতৰ প্ৰগতিৰ পথ-পৰিকল্পনা যুগুতোৱাত গুৰুত্ব আৰোপ কৰি কয় যে প্ৰতিটো পদক্ষেপত নিৰন্তৰ আলোচনাই মূল্যৱান অন্তৰ্দৃষ্টি লাভ কৰিব। তেওঁ উল্লেখ কৰে যে এই অন্তৰ্দৃষ্টিয়ে ‘অমৃত কালৰ প্ৰজন্ম’ক শক্তি, নিৰ্দেশনা আৰু গতি ত্বৰান্বিত কৰিব। তেওঁ সন্মিলনৰ বাবে অভিনন্দন আৰু সফলতাৰ কামনাৰে শুভেচ্ছা জ্ঞাপন কৰে।৩০.০৩.২০২৫ত ‘মন কী বাত’ৰ ১২০সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
March 30th, 11:30 am
নমস্কাৰ। আজি এটা অতি পবিত্ৰ দিনত আপোনালোকৰ লগত মোৰ চিন্তাধাৰা ব্যক্ত কৰাৰ সুযোগ পালোঁ। আজি চ’ত মাহৰ শুক্ল পক্ষৰ প্ৰতিপদ তিথি। আজিৰ পৰা আৰম্ভ হৈছে চৈত্ৰ নৱৰাত্ৰি। আজি ভাৰতীয় নৱবৰ্ষৰো আৰম্ভণি। এইবাৰ বিক্ৰম সংম্বাত ২০৮২ আৰম্ভ হৈছে। এই সময়ত মোৰ সন্মুখত আপোনালোকে পঠোৱা বহু চিঠি আছে। কোনোবাখন বিহাৰৰ, কোনোবাখন বংগৰ, কোনোবাখন তামিলনাডুৰ, কোনোবাখন গুজৰাটৰ। এই চিঠিসমূহত মানুহে নিজৰ চিন্তাবোৰ অতি আনন্দদায়ক ৰূপত লিখিছে। কেইবাখনো চিঠিত শুভেচ্ছা আৰু অভিনন্দন বাৰ্তাও আছে। আজি আপোনালোকৰ সৈতে কিছু বাৰ্তা শ্বেয়াৰ কৰিব ওলাইছোঁ-মহাকুম্ভ সন্দৰ্ভত লোকসভাত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
March 18th, 01:05 pm
প্ৰয়াগৰাজত অনুষ্ঠিত বিশাল মহাকুম্ভ সন্দৰ্ভত এক বক্তব্য প্ৰদান কৰিবলৈ ইয়াত উপস্থিত হৈছোঁ। মই এই সন্মানীয় সদনৰ যোগেদি সেইসকল লক্ষ-লক্ষ দেশবাসীক মোৰ প্ৰণাম জনাইছোঁ, যিসকলৰ অৱদানে মহাকুম্ভক সাফল্যমণ্ডিত কৰি তুলিলে। মহাকুম্ভৰ সফলতা সুনিশ্চিতকৰণৰ ক্ষেত্ৰত বহু ব্যক্তিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। মই চৰকাৰ, সমাজ আৰু সকলো নিষ্ঠাবান কৰ্মীক অভিনন্দন জনাইছোঁ। লগতে দেশৰ ভিন্ন প্ৰান্তৰ ভক্তসকল, উত্তৰ প্ৰদেশৰ জনসাধাৰণ আৰু বিশেষকৈ প্ৰয়াগৰাজৰ নাগৰিকসকললৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহা কুম্ভৰ সফল সামৰণি সন্দৰ্ভত লোকসভাক সম্বোধন কৰে
March 18th, 12:10 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত অনুষ্ঠিত মহাকুম্ভৰ সফল সামৰণি সন্দৰ্ভত লোকসভাক সম্বোধন কৰে। তেখেতে মহাকুম্ভৰ সফলতা নিশ্চিতকৰণৰ অৰ্থে প্ৰচেষ্টা গ্ৰহণ কৰা ৰাষ্ট্ৰৰ অগণন নাগৰিকলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। মহাকুম্ভক সাফল্যমণ্ডিত কৰি তোলাৰ ক্ষেত্ৰত ভিন্ন ব্যক্তি আৰু গোটৰ সামূহিক অৱদানত আলোকপাতেৰে তেখেতে চৰকাৰ, সমাজ আৰু জড়িত সকলো নিষ্ঠাবান কৰ্মীৰ প্ৰচেষ্টাক স্বীকৃতি জনাই আৰু তেওঁলোকৰ শলাগ লয়। শ্ৰী মোদীয়ে উত্তৰ প্ৰদেশৰ জনসাধাৰণ আৰু বিশেষকৈ প্ৰয়াগৰাজৰ নাগৰিকসকলৰ কথা উল্লেখেৰে দেশৰ ভিন্ন প্ৰান্তৰ ভক্তসকললৈ তেওঁলোকে আগবঢ়োৱা অমূল্য সহযোগিতাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে।গংগা তালাও ভ্ৰমণ প্ৰধানমন্ত্ৰীৰ
March 12th, 05:26 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মৰিচাছৰ পবিত্ৰ গংগা তালাও পৰিদৰ্শন কৰে। তেওঁ সেই পবিত্ৰ স্থানত প্ৰাৰ্থনা কৰাৰ লগতে ত্ৰিবেণী সংগমৰ পবিত্ৰ পানী বিসৰ্জন দিয়ে।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু মৰিচাছৰ প্ৰধানমন্ত্ৰী নবীনচন্দ্ৰ ৰামগুলামে যৌথভাৱে মৰিচাছত অটল বিহাৰী বাজপেয়ী ইনষ্টিটিউট অৱ পাব্লিক চাৰ্ভিচ এণ্ড ইনোভেচন উদ্বোধন কৰে
March 12th, 03:13 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু মৰিচাছৰ প্ৰধানমন্ত্ৰী নবীনচন্দ্ৰ ৰামগুলামে আজি যৌথভাৱে মৰিচাছৰ ৰেডুইটত অটল বিহাৰী বাজপেয়ী ইনষ্টিটিউট অব পাব্লিক ছাৰ্ভিচ এণ্ড ইনোভেচন উদ্বোধন কৰে। ভাৰত-মৰিচাছ উন্নয়ন অংশীদাৰিত্বৰ অধীনত ৰূপায়ণ কৰা এই গুৰুত্বপূৰ্ণ প্ৰকল্পটোৱে মৰিচাছত সামৰ্থ্য বিকাশৰ প্ৰতি ভাৰতৰ দায়বদ্ধতাক প্ৰতিফলিত কৰিছে।ৰাষ্ট্ৰীয় দিৱস উদযাপনত মৰিচাছৰ সৰ্বোচ্চ অসামৰিক বঁটা গ্ৰহণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ
March 12th, 03:12 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মৰিচাছ গণৰাজ্যৰ ৫৭ সংখ্যক ৰাষ্ট্ৰীয় দিৱস উদযাপনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে।গ্ৰেণ্ড কমাণ্ডাৰ অব দা অৰ্ডাৰ অব দা ষ্টাৰ এণ্ড কী অব দা ইণ্ডিয়ান অ’চেন (জিচিএছকে) বঁটা গ্ৰহণ সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ মন্তব্য
March 12th, 03:00 pm
মৰিচাছৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় বঁটা লাভ কৰাৰ বাবে মই আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰিছো। এয়া কেৱল মোৰ সন্মান নহয়। ই ১.৪ বিলিয়ন ভাৰতীয়ৰ সন্মান। ভাৰত আৰু মৰিচাছৰ মাজত যুগ যুগ ধৰি চলি অহা সাংস্কৃতিক আৰু ঐতিহাসিক আত্মীয়তাৰ বান্ধোনৰ প্ৰতি শ্ৰদ্ধাঞ্জলি। আঞ্চলিক শান্তি, প্ৰগতি, নিৰাপত্তা আৰু বহনক্ষম উন্নয়নৰ প্ৰতি আমাৰ ভাগ-বাটোৱাৰা দায়বদ্ধতাৰ স্বীকৃতি আৰু ই গ্ল’বেল চাউথৰ অংশীদাৰী আশা আৰু আকাংক্ষাৰ প্ৰতীক। এই বঁটাটো মই সম্পূৰ্ণ নম্ৰতাৰে আৰু কৃতজ্ঞতাৰে গ্ৰহণ কৰিলো। শতিকা আগতে ভাৰতৰ পৰা মৰিচাছলৈ অহা আপোনালোকৰ পূৰ্বপুৰুষৰ প্ৰতি আৰু তেওঁলোকৰ সকলো প্ৰজন্মলৈ এই সন্মান উৎসৰ্গা কৰিছো। তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ জৰিয়তে তেওঁলোকে মৰিচাছৰ উন্নয়নৰ এক সোণালী অধ্যায় লিখিছিল আৰু ইয়াৰ সজীৱ বৈচিত্ৰ্যত অৰিহণা যোগাইছিল। মইও এই সন্মানক দায়িত্ব হিচাপে আঁকোৱালি লৈছো। ভাৰত-মৰিচাছ কৌশলগত অংশীদাৰিত্বক অধিক উচ্চতালৈ উন্নীত কৰাৰ বাবে আমি সকলো প্ৰচেষ্টা অব্যাহত ৰাখিম বুলি আমাৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰিছো।এক সম্প্ৰসাৰিত কৌশলগত অংশীদাৰিত্বৰ বাবে ভাৰত-মৰিচাছৰ যুটীয়া দৃষ্টিভংগী
March 12th, 02:13 pm
২০২৫ চনৰ ১১ ৰ পৰা ১২ মাৰ্চলৈ কৰা মৰিচাছৰ চৰকাৰী ভ্ৰমণৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু মৰিচাছৰ মহামান্য প্ৰধানমন্ত্ৰী ড০ নৱীনচন্দ্ৰ ৰামগুলাম, জিচিএছকে, এফআৰচিপি মৰিচাছ আৰু ভাৰতৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কৰ সমগ্ৰ বিষয় সন্দৰ্ভত ব্যাপক আৰু ফলপ্ৰসূ আলোচনাত মিলিত হয়।ফলাফলৰ তালিকাঃ প্ৰধানমন্ত্ৰীৰ মৰিচাছ ভ্ৰমণ
March 12th, 01:56 pm
ভাৰতীয় ৰিজাৰ্ভ বেংক আৰু বেংক অৱ মৰিচাছৰ মাজত সীমান্ত-অতিক্ৰমি লেনদেনৰ বাবে স্থানীয় মুদ্ৰাৰ (INR বা MUR) ব্যৱহাৰক প্ৰসাৰিতকৰণৰ বাবে ব্যৱস্থা স্থাপনৰ অৰ্থে চুক্তি।ভাৰত মৰিচাছৰ যুটীয়া প্ৰেছ বিবৃতিৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ অসমীয়া অনুবাদ
March 12th, 12:30 pm
১৪০ কোটি ভাৰতীয়ৰ হৈ মৰিচাছৰ জনসাধাৰণক তেওঁলোকৰ ৰাষ্ট্ৰীয় দিৱসত আন্তৰিক শুভেচ্ছা জনাইছো। ৰাষ্ট্ৰীয় দিৱসৰ বাবে পুনৰ মৰিচাছ ভ্ৰমণ কৰাটো মোৰ বাবে এক বৃহৎ সন্মানৰ বিষয়। এই সৌভাগ্যৰ বাবে প্ৰধানমন্ত্ৰী নবীনচন্দ্ৰ ৰামগুলম জী আৰু মৰিচাছ চৰকাৰলৈ মোৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।মৰিচাছৰ ৰাষ্ট্ৰীয় দিৱস উপলক্ষে দেশখনৰ জনসাধাৰণক প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা
March 12th, 09:58 am
আজি মৰিচাছৰ ৰাষ্ট্ৰীয় দিৱস উপলক্ষে দেশখনৰ জনসাধাৰণক প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শুভেচ্ছা জনায়। ‘উদযাপনত অংশগ্ৰহণকে ধৰি আজিৰ কাৰ্যসূচীসমূহৰ বাবে আগ্ৰহী’, শ্ৰী মোদীয়ে কয়। প্ৰধানমন্ত্ৰীয়ে কালিৰ গুৰুত্বপূৰ্ণ বৈঠক আৰু কাৰ্যসূচীৰ উল্লেখযোগ্য দিশসমূহো শ্বেয়াৰ কৰে।মৰিচাছৰ প্ৰধানমন্ত্ৰীয়ে আয়োজন কৰা ভোজমেলত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ ইংৰাজী অনুবাদ
March 12th, 06:15 am
প্ৰথম আৰু প্ৰধানকৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আৱেগিক আৰু প্ৰেৰণাদায়ক চিন্তাধাৰাৰ বাবে মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো। এই বিশাল আদৰণি আৰু আতিথ্যৰ বাবে মই প্ৰধানমন্ত্ৰী, মৰিচাছ চৰকাৰ আৰু ইয়াৰ জনসাধাৰণৰ প্ৰতি কৃতজ্ঞ৷ এজন ভাৰতীয় প্ৰধানমন্ত্ৰীৰ বাবে মৰিচাছ ভ্ৰমণ সদায় অতি বিশেষ। ই কেৱল কূটনৈতিক ভ্ৰমণ নহয়, পৰিয়ালক লগ পোৱাৰ সুযোগ৷ মৰিচাছৰ ভূমিত ভৰি দিয়াৰ পৰাই এই আত্মীয়তা অনুভৱ কৰিলো। সকলোতে নিজৰ বুলি ভবাৰ ভাৱ। প্ৰট’কলৰ কোনো বাধা নাই। মৰিচাছ ৰাষ্ট্ৰীয় দিৱসৰ মুখ্য অতিথি হিচাপে পুনৰবাৰ আমন্ত্ৰণ পোৱাটো মোৰ বাবে এক সৌভাগ্যৰ কথা৷ এই উপলক্ষে ১৪০ কোটি ভাৰতীয়ৰ হৈ আপোনালোকলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।মৰিচাছত ভাৰতীয় সম্প্ৰদায়ক উদ্দ্যেশ্যি দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ ইংৰাজী অনুবাদ
March 12th, 06:07 am
১০ বছৰ আগতে যেতিয়া মই এই তাৰিখত মৰিচাছলৈ আহিছিলো তেতিয়া মোৰ আগমনৰ মাত্ৰ এসপ্তাহ আগতে আমি হোলী উদযাপন কৰিছিলো। ভাৰতৰ পৰা ফাকুৱাৰ আবেগ মোৰ লগত লৈ আহিছিলো। এইবাৰ মই মৰিচাছৰ পৰা ভাৰতলৈ হোলীৰ ৰং লগত লৈ যাম। আমি তাত এদিন পাছত হোলী উদযাপন কৰিম। ১৪ তাৰিখে সকলো ৰঙীন হৈ পৰিব।মৰিচাছত ভাৰতীয় সম্প্ৰদায়ক সম্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
March 11th, 07:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মৰিচাছৰ ট্ৰাইয়ান কনভেনচন চেণ্টাৰত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত দেশখনৰ প্ৰধানমন্ত্ৰী নবীনচন্দ্ৰ ৰামগুলামৰ সৈতে প্ৰৱাসী ভাৰতীয় সমূদায়ক সম্বোধন কৰে।মৰিচাছ গণৰাজ্যৰ ৰাষ্ট্ৰপতিৰে প্ৰধানমন্ত্ৰীৰ বৈঠক
March 11th, 04:01 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ষ্টেট হাউছ’ত মৰিচাছ গণৰাজ্যৰ ৰাষ্ট্ৰপতি মহামহিম শ্ৰী ধৰমবীৰ গোখুলক সাক্ষাৎ কৰে।মৰিচাছৰ ৰাষ্ট্ৰপতি মহামহিম ধৰমবীৰ গোকুলে আয়োজন কৰা লাঞ্চৰ সময়ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ টোষ্টৰ অসমীয়া অনুবাদ
March 11th, 03:06 pm
মৰিচাছৰ ৰাষ্ট্ৰীয় দিৱস সমাৰোহত পুনৰবাৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰাটো মোৰ বাবে সৌভাগ্যৰ কথা।