শ্ৰী গুৰু গোবিন্দ সিং জী আৰু মাতা চাহিব কৌৰ জীৰ পবিত্ৰ ‘জ’ৰ চাহিব’ৰ সুৰক্ষিত আৰু যথোচিত প্ৰদৰ্শন সন্দৰ্ভত বিশিষ্ট আৰু নিপুণ শিখ প্ৰতিনিধি দলৰে মিলিত হয় প্ৰধানমন্ত্ৰী
September 19th, 04:28 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আজি শ্ৰী গুৰু গোবিন্দ সিং জী আৰু মাতা চাহিব কৌৰ জীৰ পবিত্ৰ ‘জ’ৰ চাহিব’ৰ সুৰক্ষিত আৰু যথোচিত প্ৰদৰ্শন সন্দৰ্ভত বিশিষ্ট আৰু নিপুণ শিখ প্ৰতিনিধি দলৰে মিলিত হয়। তেওঁলোকে প্ৰধানমন্ত্ৰীগৰাকীৰ হাতত এই সন্দৰ্ভত পৰামৰ্শৰাজি অৰ্পণ কৰে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে পবিত্ৰ অৱশেষসমূহ যিমানেই তাৎপৰ্য্যপূৰ্ণ আৰু আধ্যাত্মিকভাৱে গুৰুত্বপূৰ্ণ, সিমানেই ‘জ’ৰ চাহিব’ গৌৰৱময় শিখ ইতিহাসৰো অংশ, একেদৰেই আমাৰ ৰাষ্ট্ৰৰ সাংস্কৃতিক ৰীতি-নীতিৰো অংশ। শ্ৰী মোদীয়ে লগতে কয়, পবিত্ৰ অৱশেষসমূহে ভৱিষ্যৎ প্ৰজন্মক শ্ৰীগুৰু গোবিন্দ সিং জীয়ে দেখুৱাই থৈ যোৱা সাহস, সদাচাৰ, ন্যায় আৰু সামাজিক সম্প্ৰীতিৰ পথ অনুসৰণ কৰিবলৈ অনুপ্ৰাণিত কৰিব।