
আম্মাৰ ৭০ বছৰীয়া জন্মদিন উপলক্ষে প্ৰধানমন্ত্ৰীৰ ভিডিঅ’ বাৰ্তাৰ অসমীয়া অনুবাদ
October 03rd, 02:00 pm
সেৱা আৰু আধ্যাত্মিকতাৰ প্ৰতিভূ আম্মা, মাতা অমৃতানন্দময়ীজীক শ্ৰদ্ধাৰে সেৱা জনাইছোঁ। তেখেতৰ সত্তৰতম জন্মদিন উপলক্ষে আম্মাৰ দীঘলীয়া আৰু সুস্থ জীৱনৰ কামনা কৰিলোঁ। মই প্ৰাৰ্থনা কৰোঁ যে আম্মাৰ বিশ্বজুৰি প্ৰেম আৰু মমতা বিয়পাই দিয়াৰ অভিযান আৰু আগবাঢ়ি যাওক। লগতে আম্মাৰ অনুগামীকে ধৰি বিভিন্ন স্তৰৰ পৰা ইয়াত সমবেত হোৱা সকলো লোককে অভিনন্দন আৰু শুভেচ্ছা জনাইছো।
আম্মাৰ ৭০ সংখ্য়ক জন্মদিন উপলক্ষে প্ৰধানমন্ত্ৰীৰ ভাষণ
October 03rd, 01:40 pm
প্ৰধানমন্ত্ৰীয়ে মাতা অমৃতানন্দময়ী জীক তেওঁৰ ৭০ সংখ্যক জন্মদিনত দীৰ্ঘ আৰু সুস্থ জীৱনৰ শুভেচ্ছা জনাই ভাষণ আৰম্ভ কৰি কয় যে তেওঁ সেৱা আৰু আধ্যাত্মিকতাৰ প্ৰতীক। তেওঁ আশা প্ৰকাশ কৰে যে বিশ্বজুৰি প্ৰেম আৰু মমতা বিয়পোৱাৰ বাবে তেওঁৰ মিছন আগবাঢ়ি যাব। প্ৰধানমন্ত্ৰী মোদীয়ে আম্মাৰ অনুগামীকে ধৰি বিভিন্ন শ্ৰেণীৰ পৰা সমবেত হোৱা সকলোকে অভিনন্দন জনোৱাৰ লগতে শুভেচ্ছা জ্ঞাপন কৰে।