মুম্বাইত সামূদ্ৰিক নেতা সন্মিলনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
October 29th, 04:09 pm
বিশ্ব সামুদ্ৰিক নেতা সন্মিলনলৈ আপোনালোক সকলোকে আদৰণি জনাইছো। এই অনুষ্ঠানটো ২০১৬ চনত মুম্বাইত আৰম্ভ কৰা হৈছিল আৰু আজি এই সন্মিলন বিশ্বজনীন অনুষ্ঠানত পৰিণত হোৱাটো আমাৰ সকলোৰে বাবে এক অতি আনন্দৰ বিষয়। আজি এই অনুষ্ঠানত ৮৫ খনতকৈও অধিক দেশৰ অংশগ্ৰহণে এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিছে। বৃহৎ জাহাজ নিৰ্মাণ প্ৰতিষ্ঠান আৰু সেইবোৰৰ চিইঅ’ৰ পৰা আৰম্ভ কৰি ষ্টাৰ্টআপলৈকে, নীতি নিৰ্ধাৰকৰ পৰা বিনিয়োগকাৰীলৈকে সকলোৱে ইয়াত উপস্থিত আছে। সৰু সৰু দ্বীপ ৰাষ্ট্ৰৰ প্ৰতিনিধিও উপস্থিত থাকে। আপোনাৰ দৃষ্টিভংগীয়ে এই শীৰ্ষ সন্মিলনৰ সহযোগিতা আৰু শক্তি দুয়োটাকে বৃদ্ধি কৰিছে।মুম্বাইত অনুষ্ঠিত ভাৰত সামুদ্ৰিক সপ্তাহ ২০২৫ৰ সামুদ্ৰিক নেতা সন্মিলনত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ
October 29th, 04:08 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ মুম্বাইত অনুষ্ঠিত ভাৰত সামুদ্ৰিক সপ্তাহ ২০২৫ৰ সামুদ্ৰিক নেতা সন্মিলনত ভাষণ দিয়াৰ লগতে বিশ্ব সামুদ্ৰিক চিইঅ’ ফ’ৰামৰ অধ্যক্ষতা কৰে। এই উপলক্ষে আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে বিশ্ব সামুদ্ৰিক নেতা সন্মিলনত অংশগ্ৰহণ কৰা সকলোকে আদৰণি জনায়। ২০১৬ চনত মুম্বাইত আৰম্ভ হোৱা এই অনুষ্ঠানটো এতিয়া বিশ্বৰ শীৰ্ষ সন্মিলনলৈ উন্নীত হোৱাত তেওঁ আনন্দ প্ৰকাশ কৰে। শ্ৰী মোদীয়ে আলোকপাত কৰে যে এই সন্মিলনত ৮৫খনতকৈও অধিক দেশৰ অংশগ্ৰহণে এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰে। অনুষ্ঠানত তেওঁ সমবেত হোৱা প্ৰধান জাহাজ চলোৱা কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়া, ষ্টাৰ্টআপ, নীতি নিৰ্ধাৰক আৰু উদ্ভাৱকসকলৰ উপস্থিতিৰ কথা উল্লেখ কৰে। তেওঁ লগতে ক্ষুদ্ৰ দ্বীপ ৰাষ্ট্ৰৰ প্ৰতিনিধিৰ উপস্থিতি স্বীকাৰ কৰি কয় যে তেওঁলোকৰ সামূহিক দৃষ্টিভংগীয়ে সন্মিলনৰ সহযোগিতা আৰু শক্তি যথেষ্ট বৃদ্ধি কৰিছে।২২ সংখ্যক আছিয়ান-ভাৰত সন্মিলনত প্ৰধানমন্ত্ৰীৰ উদ্বোধনী ভাষণ
October 26th, 02:20 pm
আছিয়ানৰ সফল অধ্যক্ষতাৰ বাবে প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিমক মই আন্তৰিক অভিনন্দন জনাইছো। ভাৰতৰ দেশ সমন্বয়ক হিচাপে দক্ষতাৰে কাম কৰাৰ বাবে ফিলিপাইনছৰ ৰাষ্ট্ৰপতি মাৰ্কছক ধন্যবাদ জনাইছো। লগতে মই টিমৰ-লেষ্টেক আছিয়ানৰ নতুন সদস্য হিচাপে আদৰণি জনাইছো।কুৱালালামপুৰত অনুষ্ঠিত ২২ সংখ্যক আছিয়ান-ভাৰত সন্মিলনত প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণ
October 26th, 02:06 pm
২০২৫ চনৰ ২৬ অক্টোবৰত অনুষ্ঠিত হোৱা ২২ সংখ্যক আছিয়ান-ভাৰত সন্মিলনত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেলি অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰী আৰু আছিয়ান নেতাসকলে যৌথভাৱে আছিয়ান-ভাৰত সম্পৰ্কৰ অগ্ৰগতিৰ বিষয়ে পৰ্যালোচনা কৰে আৰু সৰ্বাংগীন কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰাৰ পদক্ষেপসমূহৰ বিষয়ে আলোচনা কৰে। ভাৰত-আছিয়ান সন্মিলনত এয়া আছিল প্ৰধানমন্ত্ৰীৰ দ্বাদশ অংশগ্ৰহণ ।ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীৰ সৈতে যুটীয়া প্ৰেছ বিবৃতিৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ ইংৰাজী অনুবাদ
October 09th, 11:25 am
প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰমাৰক তেওঁৰ প্ৰথম ভাৰত ভ্ৰমণৰ বাবে আজি মুম্বাইত আদৰণি জনাবলৈ পাই মই আনন্দিত হৈছো।মৰিচাছৰ প্ৰধানমন্ত্ৰীৰ সৈতে যুটীয়া সংবাদ মেলৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ অসমীয়া অনুবাদ
September 11th, 12:30 pm
আৰু আজি যেতিয়া আমি কাশীত মৰিচাছৰ পৰা অহা বন্ধু-বান্ধৱীক আদৰণি জনাইছো, তেতিয়া ই কেৱল আনুষ্ঠানিকতা নহয়, আধ্যাত্মিক মিলনহে। সেইবাবেই মই গৌৰৱেৰে কওঁ যে ভাৰত আৰু মৰিচাছ কেৱল অংশীদাৰ নহয় বৰঞ্চ এটা পৰিয়াল।ভাৰত ছিংগাপুৰৰ যুটীয়া বিবৃতি
September 04th, 08:04 pm
ছিংগাপুৰ গণৰাজ্যৰ প্ৰধানমন্ত্ৰী মহামহিম লৰেন্স ৱং ডাঙৰীয়াই ভাৰত গণৰাজ্যলৈ কৰা আনুষ্ঠানিক ভ্ৰমণৰ সময়ছোৱাত প্ৰস্তুত কৰা ভাৰত আৰু ছিংগাপুৰৰ মাজৰ ব্যাপক কৌশলগত অংশীদাৰিত্বৰ পথ-মানচিত্ৰ সন্দৰ্ভত প্ৰদান কৰা যুটীয়া বিবৃতিছিংগাপুৰৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰা প্ৰেছ বিবৃতিৰ অসমীয়া অনুবাদ
September 04th, 12:45 pm
কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত প্ৰধানমন্ত্ৰী ৱঙক প্ৰথমবাৰৰ বাবে আনুষ্ঠানিকভাৱে ভাৰত ভ্ৰমণলৈ আন্তৰিকতাৰে আদৰণি জনাবলৈ পোৱাৰ কথাই মোক অতি আনন্দিত কৰিছে। এই ভ্ৰমণ বিশেষভাৱে গুৰুত্বপূৰ্ণ, কিয়নো আমি এই বছৰ আমাৰ কূটনৈতিক সম্পৰ্কৰ ৬০ বছৰীয়া জয়ন্তী উদযাপন কৰিছো।জাপানৰ প্ৰধানমন্ত্ৰীৰ সৈতে যুটীয়া প্ৰেছ বিবৃতিৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিজ্ঞপ্তিৰ অসমীয়া অনুবাদ
August 29th, 03:59 pm
আজি আমি আমাৰ বিশেষ কৌশলগত আৰু বৈশ্বিক অংশীদাৰিত্বৰ এক নতুন আৰু সোণালী অধ্যায়ৰ বাবে এটি শক্তিশালী ভেটি স্থাপন কৰিছোঁ। আমি আগন্তুক দশকৰ বাবে ৰোডমেপ নিৰ্ধাৰণ কৰিছোঁ। আমাৰ দৃষ্টিভংগীয়ে বিনিয়োগ, উদ্ভাৱন, অৰ্থনৈতিক সুৰক্ষা, পৰিবেশ, প্ৰযুক্তি, স্বাস্থ্য, গতিশীলতা, জনসাধাৰণৰ মাজৰ সম্পৰ্কত গুৰুত্ব আৰোপ কৰে। আমি আগন্তুক দহ বছৰত ভাৰতত জাপানৰ ১০ ট্ৰিলিয়ন য়েন বিনিয়োগৰ লক্ষ্য নিৰ্ধাৰণ কৰিছোঁ। দুয়োখন দেশৰ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ তথা ষ্টাৰ্ট-আপক সংযোগ কৰাৰ ক্ষেত্ৰতো আমি বিশেষ গুৰুত্ব প্ৰদান কৰিম।ফিজিৰ প্ৰধানমন্ত্ৰীৰ সৈতে যুটীয়া প্ৰেছ বিবৃতিৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিজ্ঞপ্তিৰ পূৰ্ণপাঠ
August 25th, 12:30 pm
তেতিয়া আমি ভাৰত-প্ৰশান্ত মহাসাগৰীয় দ্বীপপুঞ্জ সহযোগিতাৰ বাবে কাৰ্য্য-মুখী মঞ্চ অৰ্থাৎ ‘FIPIC’ আৰম্ভ কৰিছিলোঁ। এই পদক্ষেপে কেৱল ভাৰত-ফিজিৰ সম্পৰ্ককে নহয়, বৰঞ্চ সমগ্ৰ প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ সৈতে আমাৰ সংযোগকো এক নতুন শক্তি প্ৰদান কৰিছে। আৰু আজি প্ৰধানমন্ত্ৰী ৰাবুকাজীৰ এই ভ্ৰমণৰ জৰিয়তে আমি আমাৰ পাৰস্পৰিক সম্পৰ্কত এক নতুন অধ্যায়ৰ সংযোজন কৰিছোঁ।ফিলিপাইনছৰ ৰাষ্ট্ৰপতি ফাৰ্ডিনাণ্ড ৰোমুৱাল্ডেজ মাৰ্কছ জুনিয়ৰৰ সৈতে বৈঠকত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ পূৰ্ণপাঠ
August 05th, 03:45 pm
আপোনাক আৰু আপোনাৰ প্ৰতিনিধি দলটোক ভাৰতলৈ আন্তৰিকতাৰে আদৰণি জনাইছোঁ। আজি আমাৰ দ্বি-পাক্ষিক সম্পৰ্কৰ বাবে এক ঐতিহাসিক দিন। আমি ভাৰত-ফিলিপাইনছৰ সম্পৰ্কক কৌশলগত অংশীদাৰিত্বলৈ উন্নীত কৰিছোঁ। ইয়াৰ ফলশ্ৰুতিত আমাৰ সম্পৰ্কই এক নতুন গতি লাভ কৰিব আৰু এই সম্পৰ্ক অধিক গভীৰ হ’ব। প্ৰতিৰক্ষা আৰু নিৰাপত্তা খণ্ডত আমাৰ সম্পৰ্ক সুদৃঢ় হ’ব। যোৱা কেইবছৰমানৰ পৰা আমাৰ সম্পৰ্কৰ সকলো ক্ষেত্ৰতে অগ্ৰগতি হৈছে। ইয়াৰ ভিতৰত বাণিজ্য, প্ৰতিৰক্ষা, সামুদ্ৰিক, স্বাস্থ্য, নিৰাপত্তা, খাদ্য সুৰক্ষা, উন্নয়ন অংশীদাৰিত্ব আৰু জনতাৰ মাজৰ সম্পৰ্ক আদি অন্তৰ্ভুক্ত হৈছে। আজি আমি আগন্তুক পাঁচ বছৰৰ বাবে এক কাৰ্য্য পৰিকল্পনা যুগুত কৰা কাৰ্য্য পৰম সন্তোষৰ বিষয়।ফিলিপাইনছৰ ৰাষ্ট্ৰপতিৰ সৈতে যুটীয়া প্ৰেছ বিবৃতিৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিজ্ঞপ্তি
August 05th, 11:06 am
পোন-প্ৰথমে ৰাষ্ট্ৰপতি ডাঙৰীয়া আৰু তেওঁৰ প্ৰতিনিধি দলটোক ভাৰতলৈ আন্তৰিক আদৰণি জনাইছোঁ। এই বৰ্ষত ভাৰত আৰু ফিলিপাইনছৰ কূটনৈতিক সম্পৰ্কৰ ৭৫ বছৰ সম্পূৰ্ণ হৈছে। আৰু এনে প্ৰেক্ষাপটত তেওঁৰ এই ভ্ৰমণে বিশেষ তাৎপৰ্য্য বহন কৰিছে। আমাৰ কূটনৈতিক সম্পৰ্ক নতুন হ’ব পাৰে, কিন্তু আমাৰ সভ্যতাৰ যোগাযোগ প্ৰাচীন কালৰ পৰাই আছিল। ফিলিপাইনছৰ ৰামায়ণ - মহাৰদিয়া লাৱানা-ই আমাৰ শতিকা পুৰণি সাংস্কৃতিক সম্পৰ্কৰ সাক্ষ্য বহন কৰে। এইমাত্ৰ মুকলি কৰা ডাক টিকটত দুয়োখন দেশৰ ৰাষ্ট্ৰীয় ফুলৰ প্ৰতিচ্ছবিয়ে আমাৰ বন্ধুত্বৰ গভীৰতাকে প্ৰতিফলিত কৰে।মালদ্বীপৰ ৰাষ্ট্ৰপতিৰে প্ৰধানমন্ত্ৰীৰ বৈঠক
July 25th, 08:48 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আজি মালেস্থিত ৰাষ্ট্ৰপতি কাৰ্য্যালয়ত মালদ্বীপ গণৰাজ্যৰ ৰাষ্ট্ৰপতি মহামহিম ডঃ মুহম্মদ মুইজ্জুৰ সৈতে এখনি বৈঠকত মিলিত হয়। বৈঠকৰ পূৰ্বে ৰিপাব্লিক স্কোৱাৰত প্ৰধানমন্ত্ৰীক ৰাষ্ট্ৰপতি মুইজ্জুৱে সম্ভাষণ আৰু আনুষ্ঠানিকভাৱে আদৰণি জনায়। উক্ত বৈঠকত দুয়োখন ৰাষ্ট্ৰৰ মাজৰ বদ্ধমূল সম্পৰ্ক আৰু বন্ধুত্বৰ কথা দোহৰা হয়।প্ৰধানমন্ত্ৰীৰ গ্ৰেট ব্ৰিটেইন আৰু মালদ্বীপ ভ্ৰমণ (২৩ – ২৬ জুলাই, ২০২৫)
July 20th, 10:49 pm
২৩–২৬ জুলাইলৈ প্ৰধানমন্ত্ৰী মোদীয়ে ব্ৰিটেইন আৰু মালদ্বীপ ভ্ৰমণ কৰিব।প্ৰধানমন্ত্ৰী ষ্টাৰমাৰৰ সৈতে তেওঁ ব্যাপক আলোচনা কৰাৰ লগতে তেওঁলোকে চিএছপিৰ অগ্ৰগতিও পৰ্যালোচনা কৰিব। প্ৰধানমন্ত্ৰী মোদীয়ে ২৬ জুলাইত মালদ্বীপৰ স্বাধীনতাৰ ৬০বছৰীয়া জয়ন্তী উদযাপনত ‘সন্মানীয় অতিথি’ হিচাপে উপস্থিত থাকিব। মালদ্বীপৰ ৰাষ্ট্ৰপতি মুইজুক সাক্ষাৎ কৰি পাৰস্পৰিক স্বাৰ্থজড়িত বিষয়ত আলোচনা কৰিব।প্ৰধানমন্ত্ৰী মোদীয়ে সাক্ষাৎ কৰিলে নামিবিয়াৰ ৰাষ্ট্ৰপতিক
July 09th, 07:55 pm
নামিবিয়ালৈ কৰা চৰকাৰী ভ্ৰমণৰ সময়তে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উইণ্ডহ’কৰ ষ্টেট হাউছত নামিবিয়াৰ ৰাষ্ট্ৰপতি মহামহিম ড০ নেটুম্বো নন্দি-নদৈতৱাহক সাক্ষাৎ কৰে। ষ্টেট হাউছত উপস্থিত হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰী মোদীক ৰাষ্ট্ৰপতি নন্দি-দৈত্ৱাহে উষ্ম আদৰণি জনোৱাৰ লগতে আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনায়। ২৭ বছৰৰ পাছত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে নামিবিয়া ভ্ৰমণ কৰিছে। চলিত বৰ্ষৰ মাৰ্চ মাহত কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত ৰাষ্ট্ৰপতি নন্দি-দৈত্ৱাহে এইবাৰেই প্ৰথম ভাৰতৰ প্ৰধানমন্ত্ৰীৰ সৈতে মিলিত হৈছে।ঘানাৰ ৰাষ্ট্ৰপতিৰ সৈতে যুটীয় সংবাদ মেলত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ অসমীয়া অনুবাদ
July 03rd, 12:32 am
তিনি দশকৰ দীঘলীয়া ব্যৱধানৰ অন্তত ভাৰতৰ এজন প্ৰধানমন্ত্ৰীয়ে ঘানা ভ্ৰমণ কৰিছে।চাইপ্ৰাছৰ ৰাষ্ট্ৰপতিৰ সৈতে যুটীয়া প্ৰেছ ব্রিফিঙত প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীৰ বিবৃতিৰ অসমীয়া অনুবাদ
June 16th, 01:45 pm
আৰম্ভণিতেই মাননীয় ৰাষ্ট্ৰপতিগৰাকীক তেওঁৰ উষ্ম আদৰণি আৰু আতিথ্যৰ বাবে আন্তৰিক কৃতজ্ঞতা জনাইছোঁ। কালি চাইপ্ৰাছত ভৰি দিয়াৰ পৰাই ৰাষ্ট্ৰপতি আৰু এই দেশৰ জনসাধাৰণে প্ৰদৰ্শন কৰা মৰমে মোৰ হৃদয় স্পৰ্শ কৰিছে।এংগোলাৰ ৰাষ্ট্ৰপতিৰ সৈতে যুটীয়া প্ৰেছ বিজ্ঞপ্তিৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিজ্ঞপ্তি
May 03rd, 01:00 pm
মই ৰাষ্ট্ৰপতি ল’ৰেঞ্চো আৰু তেওঁৰ প্ৰতিনিধি দলক ভাৰতলৈ আন্তৰিকতাৰে আদৰণি জনাইছোঁ। এয়া এক ঐতিহাসিক মুহূৰ্ত। ৩৮ বছৰৰ পাছত, এংগোলাৰ ৰাষ্ট্ৰপতি ভাৰত ভ্ৰমণলৈ আহিছে। তেওঁৰ এই ভ্ৰমণে, কেৱল ভাৰত-এংগোলাৰ সম্পৰ্কক নতুন দিশ আৰু গতি প্ৰদান কৰাই নহয়, বৰং ভাৰত-আফ্ৰিকাৰ অংশীদাৰিত্বও শক্তিশালী কৰিছে।ছৌদি আৰৱলৈ প্ৰধানমন্ত্ৰীৰ ৰাজ্যিক ভ্ৰমণৰ সামৰণিত যৌথ বিবৃতি
April 23rd, 12:44 pm
এক ঐতিহাসিক বন্ধুত্ব; প্ৰগতিৰ বাবে এক অংশীদাৰিত্ব।” ছৌদি আৰব ৰাজ্যৰ ক্ৰাউন প্ৰিন্স আৰু প্ৰধানমন্ত্ৰী, ভাৰত গণৰাজ্যৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে ২০২৫ চনৰ ২২ এপ্ৰিলত ছৌদি আৰৱ ৰাজ্যত ৰাজ্যিক ভ্ৰমণ কৰে। এয়া আছিল প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ তৃতীয়টো ছৌদি আৰৱ ভ্ৰমণ। ২০২৩ চনৰ ছেপ্টেম্বৰ মাহত ছৌদি আৰৱৰ ক্ৰাউন প্ৰিন্স আৰু প্ৰধানমন্ত্ৰী প্ৰিন্স মহম্মদ বিন ছালমান বিন আব্দুলজিজ আল চৌদৰ ভাৰত ভ্ৰমণৰ পিছত জি-২০ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ আৰু ভাৰত-ছৌদি আৰব কৌশলগত অংশীদাৰিত্ব পৰিষদৰ প্ৰথমখন বৈঠকৰ সহ-অধ্যক্ষতা।ষষ্ঠ বিমষ্টেক সন্মিলনৰ সময়ত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ অসমীয়া অনুবাদ
April 04th, 12:59 pm
আৰম্ভণিতে এই সন্মিলনৰ উৎকৃষ্ট আয়োজনৰ বাবে প্ৰধানমন্ত্ৰী মহামহিম শ্বিনাৱাত্ৰা আৰু থাইলেণ্ড চৰকাৰলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো।