সংযুক্ত আৰৱ এমিৰেটছলৈ প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ
May 15th, 03:59 pm
এক চৰকাৰী ভ্ৰমণসূচীৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সংযুক্ত আৰৱ এমিৰেটছত উপস্থিত হয়। বিমানবন্দৰত ইউ এ ইৰ ৰাষ্ট্ৰপতি শ্বেইখ মহম্মদ বিন জায়েদ আল নাহিয়ানে তেওঁক আনুষ্ঠানিক আদৰণি জনায়।জাহাজ নিৰ্মাণ, জাহাজ চালনা আৰু সামুদ্ৰিক লজিষ্টিকছৰ অংশীদাৰিত্বৰ বাবে ভাৰত-কোৰিয়া গণৰাজ্যৰ বিস্তৃত কাঠামো
April 20th, 10:51 pm
২০২৬ চনৰ ২০ এপ্ৰিলত ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণ মৰ্মে কোৰিয়া গণৰাজ্যৰ ৰাষ্ট্ৰপতি মহামহিম লি জে ম্যুঙে ভাৰত ভ্ৰমণ কৰাৰ সময়তে দুয়োপক্ষই জাহাজ নিৰ্মাণ, জাহাজ চালনা আৰু সামুদ্ৰিক লজিষ্টিকছৰ অংশীদাৰিত্বৰ বাবে তেওঁলোকৰ চৰকাৰী সংস্থা তথা ব্যক্তিগত সত্তাসমূহৰ মাজত পাৰস্পৰিকভাৱে লাভজনক সহযোগিতাৰ বিশয়ত মত বিনিময় কৰে।জাহাজ নিৰ্মাণ, সামুদ্ৰিক বিত্ত যোগান আৰু ঘৰুৱা সামৰ্থ্য শক্তিশালী কৰাৰ বাবে ব্যাপক ৪-স্তম্ভৰ দৃষ্টিভংগী
September 24th, 03:08 pm
সামুদ্ৰিক খণ্ডৰ কৌশলগত আৰু অৰ্থনৈতিক গুৰুত্ব স্বীকাৰ কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে আজি ভাৰতৰ জাহাজ নিৰ্মাণ আৰু সামুদ্ৰিক পৰিৱেশ তন্ত্ৰক পুনৰুজ্জীৱিত কৰাৰ বাবে ৬৯,৭২৫কোটি টকাৰ এক ব্যাপক পেকেজত অনুমোদন জনাইছে। এই পেকেজৰ জৰিয়তে ঘৰুৱা ক্ষমতা শক্তিশালী কৰা, দীৰ্ঘম্যাদী বিত্তীয় উন্নয়ন, গ্ৰীণফিল্ড আৰু ব্ৰাউনফিল্ড শ্বিপয়াৰ্ড উন্নয়নৰ সংবৰ্ধন, কাৰিকৰী ক্ষমতা তথা দক্ষতা বৃদ্ধি আৰু এক শক্তিশালী সামুদ্ৰিক আন্তঃগাঁথনি সৃষ্টিৰ বাবে আইনী, কৰ আৰু নীতিগত সংস্কাৰ ৰূপায়ণৰ উদ্দেশ্যে প্ৰস্তুত কৰা চাৰিটা স্তম্ভৰ দৃষ্টিভংগীৰ সূচনা কৰা হৈছে।