ভাৰত-নিউজিলেণ্ড কৌশলগত অংশীদাৰিত্বঃ ২০৩০চনৰ বাবে ৰোডমেপ
July 11th, 08:06 am
ভাৰত আৰু নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰীদ্বয়ে ২০২৬ চনৰ ১১ জুলাইত নিউজিলেণ্ডৰ অকলেণ্ডত সাক্ষাৎ কৰি ভাৰত-নিউজিলেণ্ড কৌশলগত অংশীদাৰিত্ব গঠনৰ কথা ঘোষণা কৰে। প্ৰধানমন্ত্ৰীদ্বয়ে পৰৱৰ্তী চাৰি বছৰত যৌথ পদক্ষেপৰ পথ প্ৰদৰ্শন আৰু ভাৰত-নিউজিলেণ্ড কৌশলগত অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ বাবে এক অংশীদাৰী পৰিকাঠামো হিচাপে ২০৩০ লৈ এই ৰোডমেপত অনুমোদন জনায়। কৌশলগত অংশীদাৰিত্বত এই ৰোডমেপৰ তলত উল্লেখ কৰা স্তম্ভসমূহত নিৰ্ধাৰিত ক্ষেত্ৰ আৰু পদক্ষেপসমূহ অন্তৰ্ভুক্ত আছে, কিন্তু ইয়াতেই সীমাবদ্ধ নহয়।ফলাফলৰ তালিকাঃ প্ৰধানমন্ত্ৰীৰ আনুষ্ঠানিক নিউজিলেণ্ড ভ্ৰমণ
July 11th, 08:03 am
আলোচনা, সমন্বয়, তথ্য বিনিময় আৰু যৌথ কাৰ্যকলাপৰ জৰিয়তে ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত সামুদ্ৰিক সহযোগিতা বৃদ্ধিৰ বাবে এক পৰিকাঠামো স্থাপন কৰে।ভাৰত-নিউজিলেণ্ডৰ যুটীয়া বিবৃতি
July 11th, 07:59 am
নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী মহামহিম ক্রিষ্টোফাৰ লাক্সনৰ আমন্ত্রণমৰ্মে ভাৰতৰ প্রধানমন্ত্রী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ১০ আৰু ১১ জুলাইত নিউজিলেণ্ডৰ অকলেণ্ড আনুষ্ঠানিক ভ্ৰমণ কৰিছে। এয়া হৈছে ৪০ বছৰৰ পাছত ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে কৰা প্ৰথম নিউজিলেণ্ড ভ্ৰমণ, যি ভ্ৰমণ এক ঐতিহাসিক মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে আৰু এই ভ্ৰমণে দুয়োখন ৰাষ্ট্ৰৰ মাজত চিৰস্থায়ী বন্ধুত্ব তথা অংশীদাৰিত্বৰ এক নতুন পথ নিৰ্ধাৰণ কৰিব বুলি আশা কৰা হৈছে।ফলাফলৰ তালিকাঃ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অষ্ট্ৰেলিয়া ভ্ৰমণ
July 09th, 12:34 pm
২০০৯ চনৰ সুৰক্ষা সম্পৰ্কীয় যুটীয়া ঘোষণা পত্ৰখন নৱীকৰণ কৰে। ই সশস্ত্ৰ বাহিনীৰ পাৰস্পৰিক কাৰ্যক্ষমতা, ক্ষমতা বৃদ্ধি, সামুদ্ৰিক ক্ষেত্ৰ, প্ৰতিৰক্ষা ঔদ্যোগিক সহযোগিতা, চাইবাৰ নিৰাপত্তা আৰু প্ৰযুক্তি, সন্ত্ৰাসবাদ বিৰোধী অভিযান, দুৰ্যোগ প্ৰশমন আৰু সাহায্য তথা ৰাষ্ট্ৰসংঘৰ সাগৰীয় আইন সম্পৰ্কীয় সন্মিলন, আছিয়ান, পেচিফিক আইলেণ্ড ফ’ৰাম আৰু ভাৰত মহাসাগৰীয় ৰিম এছ’চিয়েশ্যনত একত্ৰিত দৃষ্টিভংগীক সহযোগিতাৰ ক্ষেত্ৰ হিচাপে চিহ্নিত কৰে।ইণ্ডোনেছিয়াত অনুষ্ঠিত ভাৰতীয় সমাজৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ
July 07th, 11:47 pm
ইণ্ডোনেছিয়াৰ এই তিনিওটা অনুষ্ঠানতে ‘মেন অৱ দ্য মেচ’ একেই আছে - ইণ্ডোনেছিয়াত বাস কৰা আপোনালোক সকলোৱে। আপোনালোকৰ প্ৰত্যেকেই প্ৰকৃত 'মেন অৱ দ্য মেচ'!জাৰ্কাৰ্টাত প্ৰবাসী ভাৰতীয়সকলক সম্বোধন প্ৰধানমন্ত্ৰীৰ
July 07th, 05:30 pm
সমাৱেশত সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে এই উষ্ম আদৰণিৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে। ৰাষ্ট্ৰপতি প্ৰাবোৱোৰ উপস্থিতিৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে তেওঁক এজন মহান নেতা আৰু ভাৰতৰ প্ৰকৃত বন্ধু বুলি অভিহিত কৰে। তেওঁ ইণ্ডোনেছিয়াৰ প্ৰগতি আৰু সমৃদ্ধিৰ ক্ষেত্ৰত ইয়াৰ অৱদানৰ বাবে আৰু দুয়োখন দেশৰ মাজত বন্ধুত্বৰ এক জীৱন্ত সেতু হিচাপে সেৱা আগবঢ়োৱাৰ বাবে প্ৰবাসী ভাৰতীয়সকলক প্ৰশংসা কৰে। তেওঁ পাৰস্পৰিক বিশ্বাস, অংশীদাৰী ঐতিহ্য আৰু সামুদ্ৰিক সম্পৰ্কৰ ভিত্তিত ইণ্ডোনেছিয়াৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক অধিক গভীৰ কৰাৰ বাবে ভাৰতৰ অটল প্ৰতিশ্ৰুতিৰ কথা দোহাৰে। দুয়োখন দেশৰ মাজত প্ৰাচীন সভ্যতাৰ সম্পৰ্কৰ ওপৰত আলোকপাত কৰি তেওঁ উল্লেখ কৰে যে বালি যাত্ৰা, ভেছাক তীৰ্থযাত্ৰা আৰু নালন্দা বিশ্ববিদ্যালয়ৰ জৰিয়তে আধুনিক যুগৰ সংযোগৰ দৰে পৰম্পৰাই জনসাধাৰণৰ মাজত বৈচিত্ৰ্যময় আৰু স্পন্দনশীল সম্পৰ্ক গঢ়ি তুলিছে।India-Indonesia Joint Statement on the State Visit by Prime Minister of India to Indonesia
July 07th, 05:15 pm
At the invitation of Indonesian President Prabowo Subianto, PM Modi is on a State Visit to Indonesia from 6-8 July 2026. PM Modi's visit reflects the shared commitment of the two leaders to achieve a substantial upward trajectory in the India-Indonesia Comprehensive Strategic Partnership. The two leaders held discussions at Istana Merdeka in Jakarta, covering the full spectrum of bilateral relations.ইণ্ডোনেছিয়াৰ সংসদত প্ৰধানমন্ত্ৰীৰ ভাষণৰ ইংৰাজী অনুবাদ
July 07th, 03:15 pm
আজি আপোনালোকৰ মাজত উপস্থিত থকাটো মোৰ বাবে এক ডাঙৰ সন্মান আৰু সৌভাগ্য। ১.৪ বিলিয়ন ভাৰতীয়ৰ প্ৰতিনিধি হিচাপে আৰু গণতন্ত্ৰৰ মাতৃৰ এগৰাকী গৌৰৱান্বিত নাগৰিক হিচাপে মই আপোনালোকক ভাৰতৰ সকলো জনসাধাৰণৰ হৈ উষ্ম শুভেচ্ছা জনাইছো।ইণ্ডোনেছিয়াৰ সংসদত প্ৰধানমন্ত্ৰীৰ ভাষণ প্ৰদান
July 07th, 03:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জাৰ্কাৰ্টাত ইণ্ডোনেছিয়াৰ সংসদত ভাষণ দিয়ে। তেওঁ হৈছে ইণ্ডোনেছিয়াৰ সংসদত ভাষণ দিয়া প্ৰথমগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰী।ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে যুটীয়া সংবাদ বিবৃতিৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ ইংৰাজী অনুবাদ
July 07th, 11:21 am
আজি পুৱা মই অতি আন্তৰিকতা আৰু সন্মানৰ সৈতে ইণ্ডোনেছিয়াৰ সৰ্বোচ্চ বঁটা লাভ কৰি গভীৰভাৱে সন্মানিত হৈছিলো। এই সন্মান কোটি কোটি ভাৰতীয়ৰ। ই ইণ্ডোনেছিয়াৰ জনসাধাৰণৰ সদিচ্ছাক প্ৰতিফলিত কৰে আৰু ভাৰত আৰু ইণ্ডোনেছিয়াৰ মাজত ঐতিহাসিক আৰু স্থায়ী বন্ধুত্বৰ বান্ধোনৰ প্ৰতি শ্ৰদ্ধাঞ্জলি হিচাপে পৰিগণিত হৈছে। এই বিশিষ্ট সন্মানৰ বাবে মই ৰাষ্ট্ৰপতি প্ৰাবোৱো, ইণ্ডোনেছিয়া চৰকাৰ আৰু ইণ্ডোনেছিয়াৰ জনসাধাৰণক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো।ফলাফলৰ তালিকা: ১৬ সংখ্যক ভাৰত-জাপান বাৰ্ষিক সন্মিলনৰ বাবে কৰা জাপানৰ প্ৰধানমন্ত্ৰীৰ ভাৰত ভ্ৰমণৰ সুফলসমূহ
July 02nd, 10:39 pm
অৰ্ধপৰিবাহী, জটিল খনিজ পদাৰ্থ, এআই, স্বচ্ছ শক্তি আৰু ঔষধকে ধৰি তথ্য আৰু যোগাযোগ প্ৰযুক্তিকে ধৰি মূল খণ্ডসমূহত যৌথ স্থিতিস্থাপকতা বৃদ্ধিৰ বাবে প্ৰকল্পভিত্তিক সহযোগিতাৰ প্ৰসাৰঘটোৱাৰ বিষয়ত সহমত প্ৰকাশ কৰে। ভাৰত-জাপান তথ্য পত্ৰ ২.০ য়ে এই গুৰুত্বপূৰ্ণ ক্ষেত্ৰত ভাৰত-জাপানৰ জি টু জি আৰু বি টু বি সংযোগক ক্ৰমবৰ্ধমান ৰূপত ধৰি ৰাখিছে।১৬ সংখ্যক ভাৰত-জাপান বাৰ্ষিক সন্মিলনৰ যুটীয়া বিবৃতি
July 02nd, 10:22 pm
অংশীদাৰিত্ব বৃদ্ধি, সমৃদ্ধি আৰু স্থিতিস্থাপকতাৰ বাবে কৌশলগত অভিসৰণ তথা বিশ্বাসৰ ধাৰাক আগুৱাই নিয়াৰ সংকল্পছেচেলছৰ ৰাষ্ট্ৰীয় সদনত প্ৰধানমন্ত্ৰীৰ ভাষণ
June 28th, 05:00 pm
প্ৰধানমন্ত্ৰী হিচাপে ভাৰত মহাসাগৰ অঞ্চললৈ মোৰ প্ৰথমটো ভ্ৰমণ আছিল ২০১৫ চনত ছেচেলছলৈ।প্ৰধানমন্ত্ৰী হিচাপেও মই প্ৰথমবাৰৰ বাবে আফ্ৰিকা ভ্ৰমণ কৰিছিলো। মই ইয়ালৈ আহিছোঁ কাৰণ মই বিশ্বাস কৰোঁ যে ভাৰত মহাসাগৰৰ প্ৰতি ভাৰতৰ দৃষ্টিভংগীত ছেচেলছৰ এক বিশেষ স্থান আছে। আজি এটা দশকৰ পাছত ইয়ালৈ উভতি অহাৰ লগে লগে মোৰ বিশ্বাস আগতকৈ অধিক সুদৃঢ় হৈ পৰিছে।কলকাতাত আই এন এছ অগ্ৰে, আই এন এছ দুনাগিৰি আৰু আই এন এছ সংশোধকৰ ত্ৰি-অন্তৰ্ভুক্তিকৰণ অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূল পাঠ
June 21st, 12:51 pm
আজিৰ দিনটো বহুকেইটা দিশত বিশেষ দিন। আজি সমগ্ৰ বিশ্বই আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কৰিছে। এই উপলক্ষে বংগৰ এই মহান ভূমি উপস্থিত থকাৰ সুযোগ পাই মই নথৈ আনন্দিত হৈছোঁ। এইখনেই সেই ভূমি, যি ভাৰতক নতুন দিশ দিছে, ভাৰতৰ নৱজাগৰণক ইন্ধন যোগাইছে আৰু যুগ যুগ ধৰি ভাৰতক সাগৰৰ মাজেৰে বিশ্বৰ সৈতে সংযোগ কৰি ৰাখিছে। আজি ঠিক এই ভূমিতে আত্মনিৰ্ভৰ ভাৰত, সুৰক্ষিত ভাৰত আৰু বিকশিত ভাৰতৰ সৈতে জড়িত এক গুৰুত্বপূৰ্ণ ঘটনা সংঘটিত হৈছে। কিছু সময়ৰ আগতে আই এন এছ অগ্ৰে, আই এন এছ দুনাগিৰি আৰু আই এন এছ সংশোধকক ভাৰতীয় নৌসেনাত অন্তৰ্ভুক্ত কৰা হৈছিল। ক'বলৈ গ'লে আজি ২১ জুন তাৰিখটো বিশ্ব জলৰাশি বিজ্ঞান দিৱস হিচাপেও পালন কৰা হয়। আৰু এইটো এটা আচৰিত কাকতালীয় সংযোগ যে আজিৰ দিনটোতে আমি ভাৰতৰ আটাইতকৈ উন্নত হাইড্ৰ'গ্ৰাফী জাহাজ আই এন এছ সংশোধক ভাৰতীয় নৌসেনাত অন্তৰ্ভুক্ত কৰিলোঁ। ভাৰতীয় নৌসেনালৈ, এই প্ৰকল্পসমূহৰ সৈতে জড়িত সকলো বিজ্ঞানী, অভিযন্তা, কৰ্মচাৰী আৰু মোৰ মৰমৰ দেশবাসীলৈ মোৰ শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পশ্চিমবংগৰ কলকাতাৰ শ্যামাপ্ৰসাদ মুখাৰ্জী বন্দৰত তিনিখন থলুৱা আৰ্হিৰে নিৰ্মাণ কৰা নৌসেনাৰ জাহাজ– আই এন এছ দুনাগিৰি, আই এন এছ সংশোধক আৰু আই এন এছ অগ্ৰে মুকলি কৰে
June 21st, 12:50 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পশ্চিমবংগৰ কলকাতাৰ শ্যামাপ্ৰসাদ মুখাৰ্জী বন্দৰত তিনিখন থলুৱা আৰ্হিৰে নিৰ্মিত নৌসেনাৰ জাহাজ– এডভান্সড ষ্টেলথ ফ্ৰিগেট ‘আইএনএছ দুনাগিৰি’, বৃহৎ জৰীপ জাহাজ ‘আইএনএছ সংশোধক’ আৰু এখন এণ্টি ছাবমেৰিন ৱাৰফেয়াৰ শ্ব’ল’ ৱাটাৰ ক্ৰাফ্ট ‘আইএনএছ অগ্ৰে’ ভাৰতীয় নৌসেনালৈ উছৰ্গা কৰে। এই জাহাজসমূহৰ প্ৰৱেশে দেশৰ কাৰ্যকৰী ক্ষমতা যথেষ্ট বৃদ্ধি কৰিব, সামুদ্ৰিক আধিপত্যত নিৰীক্ষণৰ উন্নতি সাধন কৰিব আৰু ভূ-ৰাজনৈতিক ভাবুকিৰ বিৰুদ্ধে আমাৰ উপকূলীয় জলসীমাৰ নিৰাপত্তা শক্তিশালী কৰিব। ভাৰতীয় নৌসেনাৰ যুদ্ধজাহাজ ডিজাইন ব্যুৰোৰ আৰ্হি আৰু কলকাতাৰ গাৰ্ডেন ৰিচ শ্বিপবিল্ডাৰ্ছ এণ্ড ইঞ্জিনিয়াৰ (জি আৰ এছ ই)ৰ দ্বাৰা নিৰ্মাণ কৰা হৈছে এই তিনিখন জাহাজ। ২০০ৰো অধিক এমএছএমইকে ধৰি ভাৰতীয় উদ্যোগসমূহে এই নিৰ্মাণত অংশগ্ৰহণ কৰে। ৭৫ শতাংশতকৈ অধিক থলুৱা সামগ্ৰীৰে পৰিপূৰ্ণ এই জাহাজসমূহো ভাৰতৰ আত্মনিৰ্ভৰশীলতাৰ প্ৰতি থকা দায়বদ্ধতাৰ প্ৰমাণ।প্ৰধানমন্ত্ৰীয়ে চিএমএ চিজিএমৰ অধ্যক্ষ তথা মুখ্য কাৰ্যবাহী বিষয়া ৰডলফ ছাডেৰ সৈতে সামুদ্ৰিক সংযোগ বৃদ্ধি তথা সহযোগিতাৰ সুযোগৰ বিষয়ে আলোচনা কৰে
June 18th, 06:37 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চিএমএ চিজিএমৰ ৰডলফ ছাডেৰ সৈতে ভাৰতৰ দ্ৰুতগতিত বৃদ্ধি পোৱা সামুদ্ৰিক খণ্ডত সামুদ্ৰিক সংযোগ বৃদ্ধি, বিশ্বৰ জাহাজ চলোৱাৰ ধাৰা আৰু উদীয়মান সুযোগসমূহৰ বিষয়ত আলোচনা কৰে।গুজৰাটৰ চুৰাটত উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূলপাঠ
June 05th, 04:30 pm
গুজৰাটৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ ভাই পেটেল, কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থ চি.আৰ. পাটিল, ৰাজ্যখনৰ উপ-মুখ্যমন্ত্ৰী ভাই হৰ্ষ সংঘভী, গুজৰাট বিজেপিৰ সভাপতি জগদীশ বিশ্বকৰ্মাজী, অন্যান্য মন্ত্ৰীসকল, জনপ্ৰতিনিধিসকল আৰু ইয়াত উপস্থিত থকা চুৰাটৰ মোৰ মৰমৰ ভাই-ভনীসকল।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ চুৰাটত ১৮,৮০০ কোটি টকাৰো অধিক মূল্যৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন, ৰাষ্ট্ৰৰ প্ৰতি উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰে
June 05th, 04:16 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ চুৰাটত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। এক বৃহৎ সমাৱেশক সম্বোধন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে গুজৰাটৰ জনসাধাৰণৰ অদম্য সমৰ্থনৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয়, স্থানীয় সংস্থাৰ নিৰ্বাচনৰ পিছত এয়া মোৰ প্ৰথম চুৰাট ভ্ৰমণ। চুৰাটৰ পৰা সমগ্ৰ গুজৰাটৰ জনসাধাৰণক প্ৰণাম আৰু অভিনন্দন জনাইছো।৫ জুনত চুৰাট আৰু দমন ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
June 04th, 10:03 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ৫ জুনত গুজৰাট আৰু ডমন ভ্ৰমণ কৰিব। প্ৰধানমন্ত্ৰীয়ে দুপৰীয়া প্ৰায় দুই বাজি ত্ৰিশ মিনিটত চুৰাট জিলাৰ হাজিৰা ভ্ৰমণ কৰি চলি থকা ঔদ্যোগিক কাৰ্য্যকলাপ আৰু আন্তঃগাঁথনি প্ৰকল্পসমূহৰ পৰ্যালোচনা কৰিব। সন্ধিয়া প্ৰায় ৪ বাজি ১৫ মিনিটত প্ৰধানমন্ত্ৰীয়ে চুৰাটত প্ৰায় ১৮,৮০০ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন, ৰাষ্ট্ৰলৈ উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰিব। এই উপলক্ষে তেওঁ সমাৱেশকো সম্বোধন কৰিব।ৰোজগাৰ মেলাত নিযুক্তি পত্ৰ বিতৰণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ
May 23rd, 11:15 am
এই মাইলৰ খুঁটিত উপনীত হ’বলৈ আপোনালোকে নিশ্চয় বিস্তৃত প্ৰস্তুতি চলাইছিল আৰু কঠোৰ পৰিশ্ৰম কৰিছিল। এই সাফল্যৰ বাবে আপোনালোক আৰু আপোনালোকৰ পৰিয়াল উভয়কে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আপোনালোকক এই পৰ্যায়ত উপনীত কৰোৱাত আপোনালোকৰ পিতৃ-মাতৃ আৰু পৰিয়ালৰ অৱদান কোনো কাৰণতে তুচ্ছ নহয়। কিন্তু—আৰু এয়া এটা গুৰুত্বপূৰ্ণ কথা—পৰিয়ালে যেনেকৈ অৰিহণা যোগায়, সমাজেও আমাক আজি য’ত আছো তাত উপনীত হোৱাত সহায় কৰাত বিশেষ ভূমিকা পালন কৰে। আমি কেৱল নিজৰ প্ৰচেষ্টাৰ বাবেই সফল নহয়, কেৱল পৰিয়ালৰ বাবেও নহয়। এইক্ষেত্ৰত এই বিশাল দেশৰ ১৪ কোটি নাগৰিকৰ অৱদানৰ গুৰুত্বও অপৰিসীম। গতিকে আমি কেৱল নিজৰ লগতে পৰিয়ালৰ প্ৰতিয়েই , নহয় সমগ্ৰ সমাজৰ প্ৰতিও সমানে দায়িত্ব পালন কৰোঁ। এই সকলো দায়িত্ব পালনৰ বাবে আপোনালোকৰ সামৰ্থ্য বৃদ্ধি কৰি যাব বুলি মোৰ বিশ্বাস। আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো।