প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিলে ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ সহায়কে

November 18th, 09:02 pm

ৰাছিয়ান ফেডাৰেচনৰ সভাপতি আৰু মেৰিটাইম ব’ৰ্ডৰ অধ্যক্ষ মহামহিম নিকোলাই পাত্ৰুশ্বেভ ডাঙৰীয়াই আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

মুম্বাইত সামূদ্ৰিক নেতা সন্মিলনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

October 29th, 04:09 pm

বিশ্ব সামুদ্ৰিক নেতা সন্মিলনলৈ আপোনালোক সকলোকে আদৰণি জনাইছো। এই অনুষ্ঠানটো ২০১৬ চনত মুম্বাইত আৰম্ভ কৰা হৈছিল আৰু আজি এই সন্মিলন বিশ্বজনীন অনুষ্ঠানত পৰিণত হোৱাটো আমাৰ সকলোৰে বাবে এক অতি আনন্দৰ বিষয়। আজি এই অনুষ্ঠানত ৮৫ খনতকৈও অধিক দেশৰ অংশগ্ৰহণে এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিছে। বৃহৎ জাহাজ নিৰ্মাণ প্ৰতিষ্ঠান আৰু সেইবোৰৰ চিইঅ’ৰ পৰা আৰম্ভ কৰি ষ্টাৰ্টআপলৈকে, নীতি নিৰ্ধাৰকৰ পৰা বিনিয়োগকাৰীলৈকে সকলোৱে ইয়াত উপস্থিত আছে। সৰু সৰু দ্বীপ ৰাষ্ট্ৰৰ প্ৰতিনিধিও উপস্থিত থাকে। আপোনাৰ দৃষ্টিভংগীয়ে এই শীৰ্ষ সন্মিলনৰ সহযোগিতা আৰু শক্তি দুয়োটাকে বৃদ্ধি কৰিছে।

মুম্বাইত অনুষ্ঠিত ভাৰত সামুদ্ৰিক সপ্তাহ ২০২৫ৰ সামুদ্ৰিক নেতা সন্মিলনত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ

October 29th, 04:08 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাৰাষ্ট্ৰৰ মুম্বাইত অনুষ্ঠিত ভাৰত সামুদ্ৰিক সপ্তাহ ২০২৫ৰ সামুদ্ৰিক নেতা সন্মিলনত ভাষণ দিয়াৰ লগতে বিশ্ব সামুদ্ৰিক চিইঅ’ ফ’ৰামৰ অধ্যক্ষতা কৰে। এই উপলক্ষে আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে বিশ্ব সামুদ্ৰিক নেতা সন্মিলনত অংশগ্ৰহণ কৰা সকলোকে আদৰণি জনায়। ২০১৬ চনত মুম্বাইত আৰম্ভ হোৱা এই অনুষ্ঠানটো এতিয়া বিশ্বৰ শীৰ্ষ সন্মিলনলৈ উন্নীত হোৱাত তেওঁ আনন্দ প্ৰকাশ কৰে। শ্ৰী মোদীয়ে আলোকপাত কৰে যে এই সন্মিলনত ৮৫খনতকৈও অধিক দেশৰ অংশগ্ৰহণে এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰে। অনুষ্ঠানত তেওঁ সমবেত হোৱা প্ৰধান জাহাজ চলোৱা কোম্পানীৰ মুখ্য কাৰ্যবাহী বিষয়া, ষ্টাৰ্টআপ, নীতি নিৰ্ধাৰক আৰু উদ্ভাৱকসকলৰ উপস্থিতিৰ কথা উল্লেখ কৰে। তেওঁ লগতে ক্ষুদ্ৰ দ্বীপ ৰাষ্ট্ৰৰ প্ৰতিনিধিৰ উপস্থিতি স্বীকাৰ কৰি কয় যে তেওঁলোকৰ সামূহিক দৃষ্টিভংগীয়ে সন্মিলনৰ সহযোগিতা আৰু শক্তি যথেষ্ট বৃদ্ধি কৰিছে।

আই এন এছ বিক্ৰান্তত সশস্ত্ৰ বাহিনীৰ সৈতে দীপাৱলী উদযাপনৰ সময়ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পূৰ্ণপাঠ

October 20th, 10:30 am

আজি এটা আচৰিত দিন, এই মুহূৰ্তটো স্মৰণীয়, এই দৃশ্য আচৰিত। আজি মোৰ এফালে বিশাল মহাসাগৰ আৰু আনফালে ভাৰত মাতাৰ বীৰ সৈনিকৰ অপৰিসীম শক্তি। আজি মোৰ এফালে অসীম দিগন্ত, অন্তহীন আকাশ আৰু আনফালে অসীম শক্তিক মূৰ্ত কৰি তোলা এই বিশাল আই এন এছ বিক্ৰান্ত। সাগৰৰ পানীৰ ওপৰত সূৰ্য্যৰ ৰশ্মিৰ এই জিলিকনি এক প্ৰকাৰে সাহসী সৈনিকে জ্বলোৱা দীপাৱলীৰ প্ৰতিফলন। এইবোৰ আমাৰ ঐশ্বৰিক প্ৰদীপৰ মালা। আপোনালোক সকলো নৌসেনাৰ বীৰ জোৱানৰ মাজত এই পবিত্ৰ দীপাৱলী উৎসৱ উদযাপন কৰিবলৈ পাই মই সৌভাগ্যৱান।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দীপাৱলী উদযাপন কৰিলে আই এন এছ বিক্ৰান্তত

October 20th, 10:00 am

আজি আই এন এছ বিক্ৰান্তত দীপাৱলী উদযাপনৰ সময়ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সশস্ত্ৰ বাহিনীৰ বিষয়া-জোৱানক সম্বোধন কৰে। আজি এটা উল্লেখযোগ্য দিন, এটা উল্লেখযোগ্য মুহূৰ্ত আৰু এটা উল্লেখযোগ্য পৰিঘটনা বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে এফালে বিশাল মহাসাগৰ আৰু আনফালে ভাৰত মাতৃৰ বীৰ সৈনিকৰ অপৰিসীম শক্তি। তেওঁ কয় যে এটা পক্ষই অসীম দিগন্ত আৰু সীমাহীন আকাশক উপস্থাপন কৰিলেও আনটো পক্ষই অসীম শক্তিক মূৰ্ত কৰি আই এন এছ বিক্ৰান্তৰ বিশাল শক্তিক প্ৰদৰ্শন কৰিছে। প্ৰধানমন্ত্ৰীয়ে পৰ্যবেক্ষণ কৰে যে সাগৰৰ ওপৰত পৰা সূৰ্যৰ পোহৰৰ জিলিকনিয়ে দীপাৱলীৰ সময়ত বীৰ সৈনিকে জ্বলোৱা দীপৰ দৰে হৈ পোহৰৰ এক ঐশ্বৰিক মালাৰ সৃষ্টি কৰিছে। ভাৰতীয় নৌসেনাৰ সাহসী জোৱানসকলৰ মাজত এই দীপাৱলী উদযাপন কৰিবলৈ পোৱাৰ সৌভাগ্যৰ কথাও তেওঁ প্রকাশ কৰে৷

জাহাজ নিৰ্মাণ, সামুদ্ৰিক বিত্ত যোগান আৰু ঘৰুৱা সামৰ্থ্য শক্তিশালী কৰাৰ বাবে ব্যাপক ৪-স্তম্ভৰ দৃষ্টিভংগী

September 24th, 03:08 pm

সামুদ্ৰিক খণ্ডৰ কৌশলগত আৰু অৰ্থনৈতিক গুৰুত্ব স্বীকাৰ কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে আজি ভাৰতৰ জাহাজ নিৰ্মাণ আৰু সামুদ্ৰিক পৰিৱেশ তন্ত্ৰক পুনৰুজ্জীৱিত কৰাৰ বাবে ৬৯,৭২৫কোটি টকাৰ এক ব্যাপক পেকেজত অনুমোদন জনাইছে। এই পেকেজৰ জৰিয়তে ঘৰুৱা ক্ষমতা শক্তিশালী কৰা, দীৰ্ঘম্যাদী বিত্তীয় উন্নয়ন, গ্ৰীণফিল্ড আৰু ব্ৰাউনফিল্ড শ্বিপয়াৰ্ড উন্নয়নৰ সংবৰ্ধন, কাৰিকৰী ক্ষমতা তথা দক্ষতা বৃদ্ধি আৰু এক শক্তিশালী সামুদ্ৰিক আন্তঃগাঁথনি সৃষ্টিৰ বাবে আইনী, কৰ আৰু নীতিগত সংস্কাৰ ৰূপায়ণৰ উদ্দেশ্যে প্ৰস্তুত কৰা চাৰিটা স্তম্ভৰ দৃষ্টিভংগীৰ সূচনা কৰা হৈছে।

গুজৰাটৰ ভাৱনগৰত সমুদ্ৰ ছে সমৃদ্ধি অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

September 20th, 11:00 am

গুজৰাটৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰভাই পেটেল, কেন্দ্ৰীয় মন্ত্ৰীসভাত মোৰ সহযোগী সৰ্বানন্দ সোণোৱাল, চি আৰ পাটিল, মনসুখভাই মাণ্ডবিয়া, শান্তনু ঠাকুৰ, নিমুবেন বম্বানীয়া, দেশৰ বিভিন্ন প্ৰান্তৰ ৪০ টাতকৈও অধিক স্থানৰ পৰা এই কাৰ্যসূচীত যোগদান কৰা লোকসকল, প্ৰধান বন্দৰৰ সৈতে জড়িত লোকসকল, বিভিন্ন ৰাজ্যৰ মন্ত্ৰী, জ্যেষ্ঠ বিষয়া, অন্যান্য বিশিষ্ট ব্যক্তি আৰু মোৰ মৰমৰ ভাই-ভনীসকল, আপোনালোক সকলোকে অভিনন্দন।

‘সমুদ্ৰ ছে সমৃদ্ধি’ অনুষ্ঠানত ভাষণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে, গুজৰাটৰ ভাৱনগৰত ৩৪,২০০ কোটি টকাৰো অধিক মূল্যৰ উন্নয়নমূলক কামৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন

September 20th, 10:30 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ ভাৱনগৰত ৩৪,২০০ কোটি টকাৰো অধিক মূল্যৰ উন্নয়নমূলক কামৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। ‘সমুদ্ৰ ছে সমৃদ্ধি’ অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে সকলো বিশিষ্ট ব্যক্তি আৰু ৰাইজক আদৰণি জনায়। ১৭ ছেপ্টেম্বৰত তেওঁলৈ প্ৰেৰণ কৰা জন্মদিনৰ শুভেচ্ছা স্বীকাৰ কৰি জনসাধাৰণৰ পৰা পোৱা মৰম শক্তিৰ এক বৃহৎ উৎস বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে বিশ্বকৰ্মা জয়ন্তীৰ পৰা গান্ধী জয়ন্তীলৈকে অৰ্থাৎ ১৭ ছেপ্টেম্বৰৰ পৰা ২ অক্টোবৰলৈ সেৱা পখৱাড়া পালন কৰা বুলি আলোকপাত কৰে। তেওঁ কয় কৰে যে বিগত ২–৩ দিনত গুজৰাটত কেইবাটাও সেৱামুখী কাৰ্যসূচী পালন কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে শ শ স্থানত ৰক্তদান শিবিৰৰ আয়োজন কৰা হৈছে, এতিয়ালৈকে এক লাখ ব্যক্তিয়ে ৰক্তদান কৰিছে। তেওঁ লগতে কয় যে অসংখ্য চহৰত স্বচ্ছতা অভিযান চলোৱা হৈছে, য’ত লাখ লাখ নাগৰিকে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছে। শ্ৰী মোদীয়ে জনায় যে ৰাজ্যজুৰি ৩০ হাজাৰৰো অধিক স্বাস্থ্য শিবিৰ স্থাপন কৰা হৈছে, য’ত জনসাধাৰণ আৰু বিশেষকৈ মহিলাসকলক চিকিৎসা পৰীক্ষা আৰু চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে। সমগ্ৰ দেশতে সেৱাৰ কাম-কাজৰ লগত জড়িত প্ৰতিজন ব্যক্তিলৈ তেওঁ কৃতজ্ঞতা আৰু কৃতজ্ঞতা জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে ২০ ছেপ্টেম্বৰত গুজৰাট ভ্ৰমণ কৰিব

September 19th, 05:22 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ২০ ছেপ্টেম্বৰত গুজৰাট ভ্ৰমণ কৰিব। তেখেতে পুৱা প্ৰায় ১০:৩০ বজাত ভাৱনগৰত ‘সমুদ্ৰ সে সমৃদ্ধি’ কাৰ্য্যসূচীত অংশগ্ৰহণেৰে ৩৪,২০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। লগতে তেখেতে এই উপলক্ষে সমবেতসকলক সম্বোধন কৰিব।

মালদ্বীপৰ ৰাষ্ট্ৰপতিৰ সৈতে যুটীয়া সংবাদমেলৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতি

July 25th, 06:00 pm

প্ৰথমে সকলো ভাৰতীয়ৰ হৈ ৰাষ্ট্ৰপতি তথা মালদ্বীপৰ জনসাধাৰণলৈ স্বাধীনতাৰ ৬০ বছৰীয়া ঐতিহাসিক বৰ্ষপূৰ্তিত মোৰ উষ্ম শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

প্ৰধানমন্ত্ৰী আৰু চাইপ্ৰাছৰ ৰাষ্ট্ৰপতিয়ে চাইপ্ৰাছ আৰু ভাৰতৰ ব্যৱসায়িক নেতৃবৃন্দৰে মত-বিনিময় কৰে

June 16th, 02:17 am

, প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ লগতে চাইপ্ৰাছৰ ৰাষ্ট্ৰপতি মহামহিম নিকোছ ক্রিষ্টোডুলিডেছে আজি লিমাছলত চাইপ্ৰাছ আৰু ভাৰতৰ ব্যৱসায়িক নেতৃবৃন্দৰ সৈতে মত-বিনিময় কৰে। ইয়াত অংশগ্ৰহণকাৰীসকলে বেংকিং, বিত্তীয় প্ৰতিষ্ঠান, উৎপাদন, প্ৰতিৰক্ষা, লজিষ্টিক, সামুদ্ৰিক, জাহাজ, প্ৰযুক্তি, উদ্ভাৱন, ডিজিটেল প্ৰযুক্তি, এআই, আইটি সেৱা, পৰ্যটন আৰু ম’বিলিটি আদি একাধিক খণ্ডক প্ৰতিনিধিত্ব কৰে।

চাইপ্ৰাছত অনুষ্ঠিত ভাৰত-চাইপ্ৰাছ বিজনেছ ৰাউণ্ডটেবুল মিটিঙত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ পূৰ্ণপাঠ

June 15th, 11:10 pm

প্ৰথমে ৰাষ্ট্ৰপতি মহোদয়লৈ আজি মোক বিমানবন্দৰত নিজে আদৰিবলৈ অহাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলোঁ। ব্যৱসায়িক নেতৃবৃন্দৰ সৈতে ইমান ডাঙৰ ৰাউণ্ড টেবুল আয়োজনৰ বাবে তেওঁক মই গভীৰ কৃতজ্ঞতা জনালোঁ। লগতে মোৰ আৰু আমাৰ অংশীদাৰিত্বৰ ক্ষেত্ৰত তেওঁৰ ইতিবাচক চিন্তাৰ বাবে মই অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ।

Urban areas are our growth centres, we will have to make urban bodies growth centres of economy: PM Modi in Gandhinagar

May 27th, 11:30 am

PM Modi addressed the celebrations of 20 years of Gujarat Urban Growth Story. Highlighting India’s deep-rooted cultural values, emphasizing the philosophy of Vasudhaiva Kutumbakam, the PM stated that India has upheld this tradition for centuries. He expressed happiness over Gujarat Government’s commitment to urban development and stated that India remains dedicated to the welfare of its citizens.

গুজৰাটৰ নগৰ বিকাশৰ কাহিনীৰ ২০ বছৰ উপলক্ষে আয়োজিত কাৰ্যসূচীত সম্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

May 27th, 11:09 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ গান্ধীনগৰত গুজৰাট নগৰীয়া বিকাশৰ ২০ বছৰ উদযাপন অনুষ্ঠানত ভাষণ দিয়ে। এই উপলক্ষে তেওঁ ২০০৫ চনৰ নগৰ উন্নয়ন বৰ্ষৰ ২০ সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে নগৰ উন্নয়ন বৰ্ষ ২০২৫ৰ শুভাৰম্ভ কৰে। সমাবেশত সম্বোধন কৰি তেওঁ কয় যে যোৱা দুদিন ধৰি বদোদৰা, দাহোদ, ভুজ, আহমেদাবাদ আৰু গান্ধীনগৰ ভ্ৰমণৰ সময়ত তেওঁ অপাৰেচন সিন্দূৰৰ সফলতাৰ অনুনাদ আৰু উৰি থকা ত্ৰিৰংগাৰ জৰিয়তে দেশপ্ৰেমৰ উচ্ছ্বাস অনুভৱ কৰি আহিছে। এয়া দৃষ্টিনন্দন আছিল বুলি উল্লেখ কৰি তেওঁ কয় যে এই অনুভূতি কেৱল গুজৰাটতে নহয়, বৰঞ্চ ভাৰতৰ প্ৰতিটো কোণত আৰু প্ৰতিজন ভাৰতীয়ৰ হৃদয়ত আছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, ভাৰতে সন্ত্ৰাসবাদৰ কণ্টক আঁতৰাবলৈ মনস্থ কৰাৰ লগতে ইয়াক সম্পূৰ্ণ দৃঢ় বিশ্বাসৰে সম্পন্ন কৰিছিল।

গুজৰাটৰ ভুজত উন্নয়নমূলক কাম-কাজৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

May 26th, 05:00 pm

গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰীযুত ভূপেন্দ্ৰভাই পেটেল, কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সহকৰ্মী শ্ৰী মনোহৰ লাল জী, কেবিনেটৰ আন সকলো সদস্য, সাংসদ, বিধায়ক, আন সকলো সন্মানীয় বিশিষ্ট ব্যক্তি আৰু মোৰ মৰমৰ কচ্চৰ ভাই-ভনীসকল!

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ ভূজত ৫৩,৪০০ কোটি টকাৰো অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে

May 26th, 04:45 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ ভূজত ৫৩,৪০০ কোটি টকাৰো অধিক মূল্যৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু ৰাষ্ট্ৰক সমৰ্পিত কৰে। এই উপলক্ষে সভাত ভাষণ দি তেওঁ কচ্ছবাসীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে আৰু বিশেষকৈ মহান স্বাধীনতা সংগ্ৰামী শ্যামজী কৃষ্ণ বাৰ্মাসহ ক্ৰান্তিকাৰী আৰু শ্বহীদৰ প্ৰতি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ স্থিতিস্থাপকতা আৰু অৱদানক স্বীকাৰ কৰি কচ্ছৰ পুত্ৰ-কন্যাসকলৰ প্ৰতি শ্ৰদ্ধা প্ৰকাশ কৰে।

India's coastal states and our port cities will become key centres of growth for a Viksit Bharat: PM Modi in Thiruvananthapuram, Kerala

May 02nd, 02:06 pm

Prime Minister Modi dedicated Vizhinjam International Deepwater Multipurpose Seaport to the nation in Thiruvananthapuram, Kerala. The PM emphasised that “the port economy reaches its full potential when infrastructure and ease of doing business are promoted together” and stated that over the past 10 years, this has been the blueprint of the Government of India’s port and waterways policy.

কেৰালাৰ ৮,৮০০ কোটি টকীয়া ‘ভিজিঞ্জাম আন্তঃৰাষ্ট্ৰীয় সমুদ্ৰিক বন্দৰ’ দেশৰ নামত উৎসৰ্গা কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে

May 02nd, 01:16 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কেৰালাৰ তিৰুৱন্তপুৰমত ৮,৮০০ কোটি টকীয়া ‘ভিজিঞ্জাম আন্তঃৰাষ্ট্ৰীয় গভীৰ পানীৰ বহুমুখী সাগৰীয় বন্দৰ’ দেশবাসীৰ নামত উৎসৰ্গা কৰে। ‘ভগৱান’ আদি শংকৰাচাৰ্যৰ জন্ম জয়ন্তী উপলক্ষে সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে তিনি বছৰ পূৰ্বে ছেপ্টেম্বৰ মাহত তেওঁ আদি শংকৰাচাৰ্যৰ শ্ৰদ্ধাৰ জন্মস্থান ভ্ৰমণ কৰাৰ সৌভাগ্য লাভ কৰিছিল। তেওঁ আনন্দ প্ৰকাশ কৰে যে তেওঁৰ সংসদীয় সমষ্টি কাশীৰ বিশ্বনাথ ধাম চৌহদত আদি শংকৰাচাৰ্যৰ এটা বিশাল প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে এই প্ৰতিমূৰ্তি আদি শংকৰাচাৰ্যৰ অপৰিসীম আধ্যাত্মিক জ্ঞান আৰু শিক্ষাৰ প্ৰতি শ্ৰদ্ধাঞ্জলিৰ প্ৰতীক হৈ আহিছে। তেওঁ লগতে উল্লেখ কৰে যে উত্তৰাখণ্ডৰ পৱিত্ৰ ‘কেদাৰনাথ ধাম’ত আদি শংকৰাচাৰ্যৰ ঐশ্বৰিক প্ৰতিমূৰ্তি উন্মোচন কৰাৰ সন্মানো তেওঁ লাভ কৰিছিল। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে আজি এই অনুষ্ঠান আন এক বিশেষ অনুষ্ঠান হিচাপে চিহ্নিত হৈছে কিয়নো আজি ভক্তসকলৰ বাবে ‘কেদাৰনাথ মন্দিৰ’ৰ দুৱাৰ মুকলি কৰা হৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে যে কেৰালাৰ পৰা যাত্ৰা আৰম্ভ কৰা আদি শংকৰাচাৰ্যই দেশৰ বিভিন্ন কোণত মঠ স্থাপন কৰি ৰাষ্ট্ৰৰ চেতনা জাগ্ৰত কৰিছিল। তেওঁ গুৰুত্ব আৰোপ কৰে যে শংকৰাচাৰ্যৰ প্ৰচেষ্টাই এক একত্ৰিত আৰু আধ্যাত্মিকভাৱে আলোকিত ভাৰতৰ ভেটি স্থাপন কৰিছিল।

ৰাষ্ট্ৰীয় সামুদ্ৰিক দিৱসত সামুদ্ৰিক খণ্ড আৰু বন্দৰসমূহ শক্তিশালী কৰাৰ বাবে চৰকাৰৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰিলে প্ৰধানমন্ত্ৰীয়ে

April 05th, 09:06 am

ৰাষ্ট্ৰীয় সামুদ্ৰিক দিৱস উপলক্ষে সকলোকে শুভেচ্ছা জনাই প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ প্ৰগতিৰ বাবে সামুদ্ৰিক খণ্ড আৰু বন্দৰসমূহ শক্তিশালী কৰাৰ বাবে চৰকাৰৰ দায়বদ্ধতাক পুনৰ দৃঢ়তাৰে দোহাৰে।

আইএনএছ চুৰাট, আইএনএছ নীলগিৰি আৰু আইএনএছ বঘশ্বীৰৰ কমিচনিং অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

January 15th, 11:08 am

১৫ জানুৱাৰীৰ দিনটো সেনা দিৱস হিচাপে পালন কৰা হয়। মই দেশখনক ৰক্ষাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰা প্ৰতিগৰাকী বীৰ জোৱানক প্ৰণাম জনাইছোঁ, ভাৰত মাতাক ৰক্ষাৰ কামত নিয়োজিত প্ৰতিগৰাকী বীৰ পুৰুষ-মহিলাক আজিৰ দিনটোত অভিনন্দন জনাইছোঁ।