২০ - ২১ জুনত বিহাৰ, ওড়িশা আৰু অন্ধ্ৰ প্ৰদেশ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
June 19th, 05:48 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০ - ২১ জুনত বিহাৰ, ওড়িশা আৰু অন্ধ্ৰ প্ৰদেশ ভ্ৰমণ কৰিব। অহা ২০ জুনত তেওঁ বিহাৰৰ ছিৱান ভ্ৰমণ কৰি দুপৰীয়া প্ৰায় ১২ বজাত আধাৰশিলা স্থাপনৰ লগতে একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰিব। লগতে এই উপলক্ষে সভাত ভাষণ দিব।