‘মন কী বাত’ৰ বাবে আপোনাৰ ধাৰণা আৰু পৰামৰ্শ এতিয়াই শ্বেয়াৰ কৰক!
December 05th, 07:31 am
অহা ২৮ ডিচেম্বৰ, দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘মন কী বাত’ শ্বেয়াৰ কৰিব। যদি আপোনাৰ কোনো নতুন পৰামৰ্শ আৰু অন্তৰ্দৃষ্টি আছে, তেন্তে প্ৰধানমন্ত্ৰীৰ সৈতে পোনপটীয়াকৈ শ্বেয়াৰ কৰাৰ এয়াই সুযোগ। প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণ কালত ইয়াৰে কেতবোৰ পৰামৰ্শ উল্লেখ কৰিব।'মন কী বাত' জনসাধাৰণৰ সামূহিক প্ৰচেষ্টাক জনসাধাৰণৰ মাজলৈ আগবঢ়াই নিয়াৰ এক উৎকৃষ্ট মঞ্চঃ প্ৰধানমন্ত্ৰী মোদী
November 30th, 11:30 am
চলিত মাহৰ মন কী বাতত প্ৰধানমন্ত্ৰী মোদীয়ে নৱেম্বৰৰ গুৰুত্বপূৰ্ণ অনুষ্ঠানসমূহৰ ওপৰত আলোকপাত কৰে, য’ত সংবিধান দিৱস উদযাপন, বন্দে মাতৰমৰ ১৫০ বছৰীয়া জয়ন্তী, অযোধ্যাত ধৰ্মধ্বজ উত্তোলন, আইএনএছ ‘মাহে’ প্ৰৱৰ্তন আৰু কুৰুক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় গীতা মহোৎসৱ আদিৰ ওপৰত আলোকপাত কৰে। তেওঁ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়বস্তু যেনে অভিলেখ খাদ্য শস্য আৰু মৌ উৎপাদন, ভাৰতৰ ক্ৰীড়া সফলতা, সংগ্ৰহালয় আৰু প্ৰাকৃতিক কৃষি আদি দিশবোৰো সামৰি লয়। প্ৰধানমন্ত্ৰীয়ে সকলোকে কাশী-তামিল সংগমমত অংশ গ্ৰহণ কৰিবলৈ আহ্বান জনায়।২০২৫ চনৰ ৩০ নৱেম্বৰত মন কী বাত শুনিবলৈ টিউন কৰক
November 29th, 09:04 am
ৰবিবাৰে দিনৰ ১১ বজাত সম্প্ৰচাৰ হ’বলগীয়া ‘মন কী বাত’ অনুষ্ঠানত ভালেমান বিষয় আৰু দিশ সন্দৰ্ভত নিজৰ মত প্ৰকাশ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷ নৰেন্দ্ৰ মোদী এপযোগে ‘মন কী বাত’ অনুষ্ঠানটো পোনপটীয়াকৈ শুনক৷‘মন কী বাত’ৰ বাবে আপোনাৰ ধাৰণা আৰু পৰামৰ্শ এতিয়াই শ্বেয়াৰ কৰক!
November 05th, 09:44 am
অহা ৩০নৱেম্বৰ, দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘মন কী বাত’ শ্বেয়াৰ কৰিব। যদি আপোনাৰ কোনো নতুন পৰামৰ্শ আৰু অন্তৰ্দৃষ্টি আছে, তেন্তে প্ৰধানমন্ত্ৰীৰ সৈতে পোনপটীয়াকৈ শ্বেয়াৰ কৰাৰ এয়াই সুযোগ। প্ৰধানমন্ত্ৰীয়ে তেওঁৰ ভাষণ কালত ইয়াৰে কেতবোৰ পৰামৰ্শ উল্লেখ কৰিব।‘বন্দে মাতৰম’ৰ ভাৱনা ভাৰতৰ অমৰ চেতনাৰে বিজড়িত হৈ আছে: ‘মন কী বাত’ত প্ৰধানমন্ত্ৰী মোদী
October 26th, 11:30 am
চলিত মাহৰ ‘মন কী বাত’ ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে ৩১ অক্টোবৰত ১৫০ সংখ্যক জয়ন্তী উপলক্ষে চৰ্দাৰ পেটেললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ ছঠপূজা উৎসৱ, পৰিৱেশ সুৰক্ষা, ভাৰতীয় জাতৰ কুকুৰ, ভাৰতীয় কফি, জনজাতীয় সম্প্ৰদায়ৰ নেতা আৰু সংস্কৃত ভাষাৰ গুৰুত্ব আদি আমোদজনক বিষয় সন্দৰ্ভতো আলোকপাত কৰে। ‘বন্দে মাতৰম’ গীতৰ ১৫০ সংখ্যক বৰ্ষৰ বিষয়ে প্ৰধানমন্ত্ৰীগৰাকীয়ে বিশেষভাৱে উল্লেখ কৰে।২৬ অক্টোবৰ, ২০২৫-ত ‘মন কী বাত’ শুনিবলৈ সাজু হওক
October 25th, 09:30 am
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে দিনৰ ১১ বজাত 'মন কী বাত'ত বিভিন্ন বিষয়ৰ ওপৰত তেওঁৰ মত আৰু ধাৰণা শ্বেয়াৰ কৰিব। 'মন কী বাত' লাইভ শুনিবলৈ নৰেন্দ্ৰ মোদী এপ টিউন ইন কৰক।স্বদেশী সামগ্ৰী, ‘ভ’কেল ফৰ লোকেল’: ‘মন কী বাত’ত প্ৰধানমন্ত্ৰী মোদীৰ উৎসৱকালীন আহ্বান
September 28th, 11:00 am
চলিত মাহৰ ‘মন কী বাত’ ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে ভগত সিং আৰু লতা মংগেশকাৰৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ভাৰতীয় সংস্কৃতি, মহিলা সৱলীকৰণ, সমগ্ৰ দেশতে উদযাপিত বিভিন্ন উৎসৱ, ‘আৰ এছ এছট-ৰ ১০০ বছৰীয়া যাত্ৰা, পৰিষ্কাৰ-পৰিচ্ছন্নতা, খাদী বিক্ৰীৰ উত্থান আদি গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভতো তেওঁ অভিমত ব্যক্ত কৰে। দেশক স্বাৱলম্বী কৰাৰ পথ ‘স্বদেশী’ক আঁকোৱালি লোৱাতেই নিহিত হৈ আছে বুলি পুনৰ কয় প্ৰধানমন্ত্ৰীগৰাকীয়ে।২৮ ছেপ্টেম্বৰ ২০২৫ত ‘মন কী বাত’ শুনিবলৈ টিউন কৰক
September 27th, 09:00 am
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে দিনৰ ১১ বজাত 'মন কী বাত'ত বিভিন্ন বিষয়ৰ ওপৰত তেওঁৰ মত আৰু ধাৰণা শ্বেয়াৰ কৰিব। 'মন কী বাত' লাইভ শুনিবলৈ নৰেন্দ্ৰ মোদী এপ টিউন ইন কৰক।মন কী বাতত ভোকেল ফৰ লোকেল’ৰ প্ৰসংগৰে স্বদেশী গৌৰৱেৰে উৎসৱ উদযাপন কৰিবলৈ আহ্বান জনালে প্ৰধানমন্ত্ৰী মোদীয়ে
August 31st, 11:30 am
এই মাহৰ মন কী বাত ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে বানপানী আৰু ভূমিস্খলনৰ ফলত ক্ষতিগ্ৰস্তসকলক সহায় আগবঢ়োৱা নিৰাপত্তা বাহিনী আৰু নাগৰিকসকলৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰে। জম্মু-কাশ্মীৰৰ ক্ৰীড়া অনুষ্ঠান, সৌৰশক্তি, ‘অপাৰেচন প’ল’, ভাৰতীয় সংস্কৃতিৰ বৈশ্বিক প্ৰসাৰ আদি গুৰুত্বপূৰ্ণ বিষয়সমূহো তেওঁ স্পৰ্শ কৰে। প্ৰধানমন্ত্ৰীয়ে লগতে নাগৰিকসকলক উৎসৱৰ বতৰত মেড-ইন-ইণ্ডিয়া সামগ্ৰী ক্ৰয় আৰু স্বচ্ছতা বজাই ৰখাৰ গুৰুত্বৰ কথা সোঁৱৰাই দিয়ে।৩১ আগষ্ট, ২০২৫ত মন কী বাত শুনিবলৈ টিউন কৰক
August 30th, 09:00 am
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে দিনৰ ১১ বজাত 'মন কী বাত'ত বিভিন্ন বিষয়ৰ ওপৰত তেওঁৰ মত আৰু ধাৰণা শ্বেয়াৰ কৰিব। 'মন কী বাত' লাইভ শুনিবলৈ নৰেন্দ্ৰ মোদী এপ টিউন ইন কৰক।৭৯ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ প্ৰাচীৰৰ পৰা প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দিয়া ভাষণৰ আলোকপাত
August 15th, 03:52 pm
৭৯ সংখ্যক স্বাধীনতা দিৱসৰ ভাষণত, প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় নিৰাপত্তা শক্তিশালী কৰা, ভাৰতক আত্মনিৰ্ভৰ কৰা, প্ৰযুক্তি আৰু উদ্ভাৱনৰ ক্ষেত্ৰত বিশ্বব্যাপী নেতৃত্ব আহৰণ কৰা, সমাজৰ সকলো শ্ৰেণীৰ বাবে সামাজিক ন্যায় নিশ্চিত কৰা আৰু ২০৪৭ চনৰ ভিতৰত ভাৰতক এখন বিকশিত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ দৃঢ় সংকল্প আদি কেইবাটাও বিষয়ৰ ওপৰত ভৱিষ্যতৰ বিস্তৃত ৰূপৰেখা দাঙি ধৰে।৭৯ তম স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ পৰা দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
August 15th, 07:00 am
স্বাধীনতাৰ এই মহান উৎসৱ ১৪০ কোটি ভাৰতীয়ৰ সংকল্পৰ উদযাপন। এয়া হৈছে আমাৰ সামূহিক কৃতিত্ব প্ৰতিফলিত কৰা, গৌৰৱেৰে পৰিপূৰ্ণ, প্ৰতিখন হৃদয়লৈ অপৰিসীম আনন্দ কঢ়িয়াই অনা এক বিষ্ময়কৰ উৎসৱ। আমাৰ দেশখনে একতাৰ মনোভাৱ প্ৰতিনিয়ত শক্তিশালী কৰিছে। আজি দেশৰ ১৪০ কোটি নাগৰিক ত্ৰিৰংগাৰ ৰঙেৰে বিঢৌত হৈছে। ‘হৰ ঘৰ ত্ৰিৰংগা’ৰ লহৰ চৌপাশে উঠিছে, সেয়া মৰুভূমিয়েই হওক, কিম্বা হিমালয়ৰ শৃংগই হওক, সাগৰতীৰতেই হওক, বা ঘন জনবসতিপূৰ্ণ অঞ্চলতেই হওক, সকলোতে এটাই প্ৰতিধ্বনি, এটাই উল্লাস: আমাৰ প্ৰাণৰো প্ৰাণৰ, আমাৰ দেশ, গৰিমাৰ বেশ আমাৰ দেশ।India celebrates 79th Independence Day
August 15th, 06:45 am
PM Modi, in his address to the nation on the 79th Independence day paid tribute to the Constituent Assembly, freedom fighters, and Constitution makers. He reiterated that India will always protect the interests of its farmers, livestock keepers and fishermen. He highlighted key initiatives—GST reforms, Pradhan Mantri Viksit Bharat Rozgar Yojana, National Sports Policy, and Sudharshan Chakra Mission—aimed at achieving a Viksit Bharat by 2047. Special guests like Panchayat members and “Drone Didis” graced the Red Fort celebrations.আত্মনিৰ্ভৰশীলতাৰ জৰিয়তেহে ২০৪৭ চনত এখন উন্নত ভাৰতৰ পথ প্ৰশস্ত হ'ব: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
July 27th, 11:30 am
'মন কি বাত'ত আকৌ এবাৰ আমি দেশৰ সফলতা, দেশবাসীৰ সাফল্যৰ কথা ক'বলৈ ওলাইছো। যোৱা কেইসপ্তাহমানৰ ভিতৰত ক্ৰীড়ায়েই হওক, বিজ্ঞানেই হওক বা সংস্কৃতিয়েই হওক, বহু ক্ষেত্ৰত কথাই ঘটিছে, যাৰ বাবে প্ৰতিজন ভাৰতীয়ই গৌৰৱবোধ কৰিছে। শেহতীয়াকৈ মহাকাশৰ পৰা শুভাংশু শুক্লাই উভতি অহাক লৈ দেশত ব্যাপক চৰ্চা চলিছে। শুভাংশুৱে নিৰাপদে পৃথিৱীত অৱতৰণ কৰাৰ লগে লগে মানুহে আনন্দত আত্মহাৰা হৈ পৰিছে, প্ৰতিজন লোকৰ হৃদয়ত সুখৰ ঢৌৱে খেলাই গৈছে। সমগ্ৰ দেশ গৌৰাৱান্বিত হৈ পৰিছে। মোৰ মনত পৰিছে, ২০২৩ চনৰ আগষ্ট মাহত যেতিয়া চন্দ্ৰযান-৩-এ সফলতাৰে অৱতৰণ কৰিছিল, তেতিয়া দেশত এক নতুন পৰিৱেশৰ সৃষ্টি হৈছিল। বিজ্ঞানৰ প্ৰতি, মহাকাশৰ প্ৰতিও শিশুসকলৰ মনতো নতুন কৌতুহল জগাই তুলিছিল। এতিয়া শিশুসকলে কয়, আমিও মহাকাশলৈ যাম, আমি চন্দ্ৰতো অৱতৰণ কৰিম - আমি মহাকাশ বিজ্ঞানী হ'ম।২ ৭ জুলাই' ২০২৫ ত মন কী বাত শুনিবলৈ টিউন কৰক
July 26th, 09:46 am
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে দিনৰ ১১ বজাত 'মন কী বাত'ত বিভিন্ন বিষয়ৰ ওপৰত তেওঁৰ মত আৰু ধাৰণা শ্বেয়াৰ কৰিব। 'মন কী বাত' লাইভ শুনিবলৈ নৰেন্দ্ৰ মোদী এপ টিউন ইন কৰক।২৯.০৬.২০২৫ত ‘মন কী বাত’ৰ ১২৩সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
June 29th, 11:30 am
নমস্কাৰ। 'মন কী বাত'লৈ আপোনালোকক স্বাগতম। সকলোকে অভিনন্দন জনাইছো। বৰ্তমান আপোনালোক সকলোৱেই যোগৰ শক্তি আৰু ‘আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস’ৰ স্মৃতিৰে পৰিপূৰ্ণ হৈ আছে। এইবাৰো ২১ জুনত দেশৰ লগতে বিশ্বৰ কোটি কোটি লোকে ‘আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস’ত অংশগ্ৰহণ কৰিলে। আপোনালোকৰ নিশ্চয় মনত আছে ১০ বছৰ আগতে যোগ দিৱস আৰম্ভ হৈছিল। এতিয়া ১০ বছৰৰ পাছত এই ধাৰাটো প্ৰতি বছৰে অধিক বিশাল হৈ পৰিছে। ইয়াৰ দ্বাৰাও দৈনন্দিন জীৱনত অধিক সংখ্যক লোকে যোগাসনক গ্ৰহণ কৰাৰ ইংগিত পোৱা যায়। আমি এইবাৰ 'যোগ দিৱস'ৰ ইমানবোৰ আকৰ্ষণীয় ছবি দেখিছো। তিনি লাখ লোকে বিশাখাপট্টনমৰ উপকূলত একেলগে যোগাসন কৰিলে। আন এক আচৰিত দৃশ্য আহিল বিশাখাপট্টনমৰ পৰাই, দুহাজাৰৰো অধিক জনজাতীয় ছাত্ৰ-ছাত্ৰীয়ে ১০৮ মিনিটত ১০৮ বাৰ সূৰ্য্য নমস্কাৰ কৰিলে। কল্পনা কৰকচোন, তেওঁলোকৰ কিমান অনুশাসন, কিমান সমৰ্পণ আছিল। আমাৰ নৌসেনাৰ জাহাজবোৰতো যোগৰ এক ভব্য আভাস দেখা গ’ল৷ তিনি হাজাৰ দিব্যাংগ বন্ধুৱে একেলগে তেলেংগানাত যোগ শিবিৰত অংশ লৈছিল। তেওঁলোকে দেখুৱাইছিল যে যোগাসনে কেনেকৈ সবলীকৰণৰো মাধ্যম হৈ পৰিছে। দিল্লীৰ মানুহে পৰিস্কাৰ যমুনাৰ সংকল্পৰ সৈতে যোগক সংযোগ কৰি যমুনাৰ পাৰলৈ গৈ যোগাসন কৰিলে। বিশ্বৰ সৰ্বোচ্চ ৰে’ল দলং জম্মু-কাশ্মীৰৰ চেনাব দলঙতো মানুহে যোগাসন কৰিলে। হিমালয়ৰ বৰফৰ শৃংগ আৰু আইটিবিপিৰ জোৱানেও যোগ অনুশীলন কৰা দেখা গ’ল। সাহস আৰু সাধনা একেলগে দেখিবলৈ পালো। গুজৰাটৰ মানুহেও সৃষ্টি কৰিলে এক নতুন ইতিহাস। বাদনগৰত ২,১২১ জন লোকে একেলগে ভুজংগাসন কৰি এক নতুন অভিলেখ গঢ়িলে। যোগৰ ছবি নিউয়ৰ্ক, লণ্ডন, টকিঅ’, পেৰিছকে ধৰি পৃথিৱীৰ প্ৰতিখন ডাঙৰ চহৰৰ পৰা আহিছিল আৰু প্ৰতিখন ছবিতে এটা বস্তু বিশেষ আছিল, শান্তি, ধৈৰ্য আৰু ভাৰসাম্য। এইবাৰ থিমটোও আছিল অতি বিশেষ, ‘এক বিশ্ব, এক স্বাস্থ্যৰ বাবে যোগ’। এয়া কেৱল শ্লোগান নহয়, ই এক দিশ যিয়ে আমাক ‘বসুধৈৱ কুটুম্বকম’ অনুভৱ কৰাইছে। মই নিশ্চিত যে এইবাৰৰ যোগ দিৱসৰ বিশালতাই নিশ্চিতভাৱে অধিক সংখ্যক লোকক যোগ গ্ৰহণৰ বাবে অনুপ্ৰাণিত কৰিব।২৯ জুন ২০২৪ত মন কী বাত শুনিবলৈ টিউন কৰক
June 28th, 09:00 am
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে দিনৰ ১১ বজাত 'মন কী বাত'ত বিভিন্ন বিষয়ৰ ওপৰত তেওঁৰ মত আৰু ধাৰণা শ্বেয়াৰ কৰিব। 'মন কী বাত' লাইভ শুনিবলৈ নৰেন্দ্ৰ মোদী এপ টিউন ইন কৰক।প্ৰধানমন্ত্ৰীয়ে স্বাস্থ্য আৰু সুস্থতাৰ ক্ষেত্ৰত ভাৰতৰ চহকী সাংস্কৃতিক অৱদানত আলোকপাত কৰে
June 26th, 07:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি স্বাস্থ্য আৰু সুস্থতাৰ ক্ষেত্ৰত ভাৰতৰ চহকী সাংস্কৃতিক অৱদানত আলোকপাতেৰে আধুনিক বৈজ্ঞানিক পদ্ধতিৰে যুগ-যুগ ধৰি অব্যাহত পৰম্পৰাক সংমিশ্ৰিত কৰা উদ্ভাৱনী ষ্টাৰ্টআপসমূহৰ ক্ৰমবৰ্ধমান প্ৰৱণতাত গুৰুত্ব আৰোপ কৰে।অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনমত ১১ সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসউদযাপনকাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
June 21st, 07:06 am
আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে দেশৰ লগতে সমগ্ৰ বিশ্বৰ জনতালৈ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি ১১ সংখ্যক বাৰৰ বাবে সমগ্ৰ বিশ্বই ২১ জুনত একেলগে যোগাসন কৰিছে। যোগৰ অৰ্থ হৈছে কেৱল সংযোগ আৰু যোগে কেনেকৈ সমগ্ৰ বিশ্বখনক সংযোগ কৰিছে, সেয়া আশ্চৰ্য্যকৰ। যোৱা দশকত যোগৰ পৰিক্ৰমালৈ উভতি চালে বহু কথা মনত পৰে। যিদিনা ভাৰতে ৰাষ্ট্ৰসংঘত ২১ জুনক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে স্বীকৃতি দিয়া হওঁক বুলি প্ৰস্তাৱ জনাইছিল আৰু তাৰ পিছতে কম সময়ৰ ভিতৰতে বিশ্বৰ ১৭৫খন দেশে আমাৰ প্ৰস্তাৱলৈ সমৰ্থন জনাইছিল, সেয়া এক বিৰল ঘটনা আছিল। এনে সংহতি আৰু সমৰ্থন আজিৰ বিশ্বত এক সাধাৰণ পৰিঘটনা নহয়। এয়া কেৱল এটা প্ৰস্তাৱলৈ সমৰ্থন জনোৱা কাৰ্য্য নাছিল, বৰঞ্চ মানৱতাৰ মংগলৰ বাবে বিশ্বৰ এক সামূহিক প্ৰচেষ্টা আছিল। আজি ১১ বছৰৰ পাছত আমি দেখিবলৈ পাওঁ যে যোগাসন বিশ্বৰ লক্ষ-লক্ষলোকৰ জীৱনশৈলীৰ এক অংশ হৈ পৰিছে। আমাৰ দিব্যাংগজনে ব্ৰেইল মাধ্যমত যোগশাস্ত্ৰ পঢ়িছে, বিজ্ঞানীসকলে মহাকাশত যোগাসন কৰিছে, গাঁৱৰ ডেকা বন্ধুসকলে যোগ অলিম্পিয়াডত অংশগ্ৰহণ কৰা দেখি গৌৰৱ অনুভৱ কৰিছোঁ। ইয়াত চাওঁকচোন, নৌসেনাৰ সকলো জাহাজতে যোগাসনৰ কাৰ্য্যসূচী অব্যাহত আছে। ছিডনী অপেৰা হাউছেই হওঁকবা এভাৰেষ্ট শৃংগই হওঁকবা সাগৰৰ বিস্তৃতিয়েই হওঁক, সকলোৱেএটাইবাৰ্তা প্ৰেৰণ কৰিছে – যোগাসন সকলোৰেআৰু সকলোৰে বাবে। যোগ সকলোৰে বাবে, ইসীমা, পটভূমি, বয়স বা সামৰ্থ্যৰ উৰ্ধত।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনমত ১১ সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কাৰ্য্যসূচী সম্বোধন কৰে
June 21st, 06:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়েআজি অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনমত ১১ সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ (IYD)কাৰ্য্যসূচী সম্বোধন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়েআন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কাৰ্য্যসূচীৰ নেতৃত্ব প্ৰদানেৰে যোগ অধিবেশনত অংশগ্ৰহণ কৰে।