On the Statehood Day of Manipur, Meghalaya & Tripura, PM Modi shares a Sanskrit verse highlighting continuous effort and progress

January 21st, 09:28 am

On the Statehood Day of Manipur, Meghalaya and Tripura, PM Modi conveyed his heartfelt wishes to the people of the region, expressing hope that they achieve success in every sphere of life. He also shared a Sanskrit verse highlighting the spirit of continuous effort and progress.

Prime Minister extends greetings on Manipur Statehood Day

January 21st, 09:24 am

On Manipur’s Statehood Day, PM Modi extended warm greetings to the people of the State. He noted that the people of Manipur are enriching India’s progress through their dedication and hard work, and that the State’s passion for sports, rich cultural heritage, and close bond with nature continue to inspire the nation.

এখন ‘বিকশিত ভাৰত’ৰ সংকল্প নিশ্চিতভাৱে পূৰণ হ’ব: ‘মন কী বাত’-ত প্ৰধানমন্ত্ৰী মোদী

December 28th, 11:30 am

‘মন কী বাত’-ৰ বছৰটোৰ অন্তিমটো খণ্ডত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ২০২৫ চনত ভাৰতে ৰাষ্ট্ৰীয় নিৰাপত্তা, ক্ৰীড়া, বিজ্ঞান পৰীক্ষাগাৰ আৰু বিশ্ব মঞ্চসমূহত নিজৰ নাম উজলাই তুলিছিল। তেওঁ আশা প্ৰকাশ কৰে যে ২০২৬ চনত দেশখনে নতুন সংকল্পৰে আগবাঢ়ি যাবলৈ সাজু হৈছে। প্ৰধানমন্ত্ৰীয়ে ‘বিকশিত ভাৰত যুৱ নেতা আলাপ’, ‘কুইজ প্ৰতিযোগিতা’, ‘স্মাৰ্ট ইণ্ডিয়া হেকাথন ২০২৫’ আৰু ‘ফিট ইণ্ডিয়া মুভমেণ্ট’ আদিৰ দৰে যুৱকেন্দ্ৰিক পদক্ষেপসমূহৰ সন্দৰ্ভতো আলোকপাত কৰে।

জনজাতীয় গৌৰৱ দিৱস উপলক্ষে ১৫ নৱেম্বৰত প্ৰধানমন্ত্ৰীয়ে ভ্ৰমণ কৰিব গুজৰাটৰ নৰ্মদা জিলা

November 14th, 11:41 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৫ নৱেম্বৰত গুজৰাট ভ্ৰমণ কৰিব। তেওঁ দিনৰ ১২.৪৫ বজাৰ আশে-পাশে নৰ্মদা জিলাৰ দেৱমোগ্ৰা মন্দিৰ দৰ্শন কৰাৰ লগতে পূজা-অৰ্চনা কৰিব। তাৰ পাছত, দুপৰীয়া প্ৰায় ২.৪৫ বজাত প্ৰধানমন্ত্ৰীগৰাকীয়ে নৰ্মদা জিলাৰ ডেডিয়াপাড়া ভ্ৰমণ কৰিব আৰু ধৰতী আৱা ভগৱান বীৰছা মুণ্ডাৰ ১৫০ সংখ্যক জন্ম বাৰ্ষিকী উদযাপন উপলক্ষে আয়োজিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰিব। এই উপলক্ষে তেওঁ ৯,৭০০ কোটি টকাতকৈও অধিক মূল্যৰ বিভিন্ন আন্তঃগাঁথনি আৰু উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰাৰ লগতে সমাৱেশত ভাষণ আগবঢ়াব।

অৰুণাচল প্ৰদেশৰ ইটানগৰত উন্নয়নমূলক কাম-কাজৰ শুভাৰম্ভ কৰি প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

September 22nd, 11:36 am

অৰুণাচল প্ৰদেশৰ মাননীয় ৰাজ্যপাল শ্ৰী কে. টি. পাৰ্নাইক ডাঙৰীয়া, ৰাজ্যখনৰ জনপ্ৰিয় আৰু সক্ৰিয় মুখ্যমন্ত্ৰী পেমা খাণ্ডু ডাঙৰীয়া, কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থ কিৰেণ ৰিজিজু, ৰাজ্য চৰকাৰৰ মন্ত্ৰীসকল, মোৰ সতীৰ্থ সাংসদ নবাম ৰেবিয়া ডাঙৰীয়া আৰু তাপিৰ গাও ডাঙৰীয়া, সকলো বিধায়ক, আন-আন জনপ্ৰতিনিধিসকল তথা অৰুণাচল প্ৰদেশৰ মোৰ মৰমৰ ভ্ৰাতৃ-ভগ্নীসকল,

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অৰুণাচল প্ৰদেশৰ ইটানগৰত ৫,১০০ কোটিৰো অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক কামৰ উদ্বোধন তথা আধাৰশিলা স্থাপন

September 22nd, 11:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অৰুণাচল প্ৰদেশৰ ইটানগৰত ৫,১০০ কোটিৰো অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন তথা উদ্বোধন কৰে। এই উপলক্ষে সভাত ভাষণ দি তেওঁ সৰ্বশক্তিমান দঃঞি প’লোক শ্ৰদ্ধা জনাই সকলোৰে বাবে আশীৰ্বাদ বিচাৰি প্ৰাৰ্থনা কৰে।

Manipur is the crown jewel adorning the crest of Mother India: PM Modi in Imphal

September 13th, 02:45 pm

At the inauguration of projects worth over ₹1,200 crore in Imphal, PM Modi said a new phase of infrastructure growth has begun in Manipur. He noted that women empowerment is a key pillar of India’s development and Atmanirbhar Bharat, a spirit visible in the state. The PM affirmed his government’s commitment to peace and stability, stressing that return to a normal life is the top priority. He urged Manipur to stay firmly on the path of peace and progress.

PM Modi inaugurates multiple development projects worth over Rs 1,200 crore at Imphal, Manipur

September 13th, 02:30 pm

At the inauguration of projects worth over ₹1,200 crore in Imphal, PM Modi said a new phase of infrastructure growth has begun in Manipur. He noted that women empowerment is a key pillar of India’s development and Atmanirbhar Bharat, a spirit visible in the state. The PM affirmed his government’s commitment to peace and stability, stressing that return to a normal life is the top priority. He urged Manipur to stay firmly on the path of peace and progress.

মণিপুৰৰ চুৰাচান্দপুৰত একাধিক উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণপাঠ

September 13th, 12:45 pm

ভাৰত মাতা কী জয়, ভাৰত মাতা কী জয়, ভাৰত মাতা কী জয়! মঞ্চত উপৱিষ্ট ৰাজ্যপাল শ্ৰী অজয় ​​ভাল্লা ডাঙৰীয়া, ৰাজ্য প্ৰশাসনৰ আন-আন বিষয়াবৰ্গ আৰু মোৰ সন্মুখত উপস্থিত মণিপুৰৰ মোৰ ভাই-ভনীসকল। আপোনালোক আটাইকে নমস্কাৰ জনালোঁ।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মণিপুৰৰ চুৰাচান্দপুৰত ৭,৩০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে

September 13th, 12:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মণিপুৰৰ চুৰাচান্দপুৰত ৭,৩০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই উপলক্ষে আয়োজিত সভাত ভাষণ প্ৰদানেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে মণিপুৰ সাহস আৰু দৃঢ়তাৰ ভূমি বুলি উল্লেখেৰে মণিপুৰৰ শাৰী-শাৰী পাহাৰসমূহ প্ৰকৃতিৰ এক অমূল্য উপহাৰ বুলি কয়। তেখেতে আৰু কয় যে এই পাহাৰসমূহ ইয়াৰ জনসাধাৰণৰ অক্লান্ত কঠোৰ পৰিশ্ৰমৰ প্ৰতীকো। তেখেতে মণিপুৰবাসীৰ মনোভাৱক প্ৰণাম জনাই সভাস্থলীলৈ ভালে সংখ্যক লোক অহাৰ বাবে তেওঁলোকক কৃতজ্ঞতা জ্ঞাপনৰ লগতে তেওঁলোকৰ এনে স্নেহৰ বাবে ধন্যবাদ জনায়।

প্ৰধানমন্ত্ৰীয়ে ১৩ৰ পৰা ১৫ ছেপ্টেম্বৰলৈ মিজোৰাম, মণিপুৰ, অসম, পশ্চিম বংগ আৰু বিহাৰ ভ্ৰমণ কৰিব

September 12th, 02:12 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১৩ৰ পৰা ১৫ ছেপ্টেম্বৰলৈ মিজোৰাম, মণিপুৰ, অসম, পশ্চিমবংগ আৰু বিহাৰ ভ্ৰমণ কৰিব।

উত্তৰাখণ্ডৰ ডেৰাডুনত ‘৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ উদ্বোধনী অনুষ্ঠান’ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ

January 28th, 09:36 pm

আজি দেৱভূমি যৌৱন শক্তিৰে অধিক উজলি উঠিছে। বাবা কেদাৰ, বদ্ৰীনাথজী আৰু মা গঙ্গাৰ আশীৰ্বাদত আজি ৰাষ্ট্ৰীয় ক্ৰীড়াৰ শভাৰম্ভ কৰা হৈছে। এই বছৰটো উত্তৰাখণ্ড গঠনৰ ২৫ সংখ্যক বছৰ। এই যুৱ ৰাজ্যখনত দেশৰ প্ৰতিটো কোণৰ পৰা অহা হাজাৰ হাজাৰ যুৱক-যুৱতীয়ে তেওঁলোকৰ শক্তি প্ৰদৰ্শন কৰিবলৈ সাজু হৈছে। ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ৰ এখন অতি সুন্দৰ ছবি ইয়াত দৃশ্যমান হৈছে। এইবাৰো বহুতো থলুৱা পৰম্পৰাগত খেল ৰাষ্ট্ৰীয় ক্ৰীড়াত অন্তৰ্ভুক্ত কৰা হৈছে। এইবাৰ ৰাষ্ট্ৰীয় ক্ৰীড়া এক প্ৰকাৰে ‘সেউজ খেল’ হিচাপে উদযাপিত হ’ব। ইয়াত পৰিৱেশ-অনুকূল বস্তুৰ যথেষ্ট ব্যৱহাৰ কৰা হৈছে। ৰাষ্ট্ৰীয় ক্ৰীড়াত লাভ কৰিব লগা সকলো পদক আৰু ট্ৰফীও ‘ই-আৱৰ্জনা’ৰে নিৰ্মিত। পদক বিজয়ী খেলুৱৈসকলৰ নামত গছপুলি ৰোপণ কৰা হ'ব। এইটো এটা অতিকে ভাল পদক্ষেপ। মই সকলো খেলুৱৈক তেওঁলোকৰ প্ৰদৰ্শনৰ বাবে শুভকামনা জনাইছোঁ। এই আশ্চৰ্যকৰ অনুষ্ঠানটোৰ বাবে মই ধামীজী আৰু তেওঁৰ সমগ্ৰ দল, উত্তৰাখণ্ডৰ প্ৰতিগৰাকী নাগৰিকক অভিনন্দন জনাইছোঁ।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ডেৰাডুনত ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া উদ্বোধন কৰে

January 28th, 09:02 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰাখণ্ডৰ ডেৰাডুনত ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া উদ্বোধন কৰে। ইয়াত সমবেতসকলক সম্বোধনেৰে তেখেতে কয় যে উত্তৰাখণ্ড আজি যুৱক-যুৱতীসকলৰ শক্তিৰে উজ্জ্বল হৈ পৰিছে। তেখেতে লগতে কয় যে আজিৰেপৰা বাবা কেদাৰনাথ, বদ্ৰীনাথ আৰু মা গংগাৰ আশীৰ্বাদত ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতা আৰম্ভ হৈছে। উত্তৰাখণ্ড প্ৰতিষ্ঠাৰ ২৫ বছৰ হোৱা বুলি উল্লেখেৰে শ্ৰী মোদীয়ে কয় যে সমগ্ৰ দেশৰ যুৱক-যুৱতীসকলে এই ৰাজ্যখনত নিজৰ সামৰ্থ্য প্ৰদৰ্শন কৰিব। তেখেতে লগতে কয় যে এই অনুষ্ঠানত ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ৰ এখন সুন্দৰ ছবি প্ৰদৰ্শিত হৈছে। তেখেতে আৰু কয় যে এইবাৰ ৰাষ্ট্ৰীয় ক্ৰীড়াত একাধিক স্থানীয় ক্ৰীড়া অন্তৰ্ভুক্ত হৈছে আৰু ইয়াৰ বিষয়বস্তু হৈছে ‘সেউজ ক্ৰীড়া’ (Green Games), কিয়নো ইয়াত পৰিবেশ-অনুকূল সামগ্ৰীৰ ব্যৱহাৰ কৰা হৈছে। এই বিষয়বস্ত সন্দৰ্ভত প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু কয় যে আনকি ইয়াৰ ট্ৰফী আৰু পদকসমূহো ই-ৱাষ্টেৰে তৈয়াৰ কৰা হৈছে আৰু প্ৰতিগৰাকী পদক বিজয়ীৰ নামত এটাকৈ গছপুলি ৰোপণ কৰা হ’ব, যি এক বৃহৎ পদক্ষেপ। তেখেতে ইয়াত এক সুন্দৰ প্ৰদৰ্শনৰ বাবে সকলো খেলুৱৈলৈ শুভেচ্ছা জ্ঞাপন কৰে। লগতে উত্তৰাখণ্ড চৰকাৰ আৰু জনসাধাৰণক এনে এক বৃহৎ অনুষ্ঠান আয়োজনৰ বাবে অভিনন্দন জনায়।

‘ৰাজ্যৰ মৰ্যাদা দিৱস’ত মণিপুৰৰ জনসাধাৰণক শুভেচ্ছা জনাইছে প্ৰধানমন্ত্ৰীয়ে

January 21st, 08:43 am

ভাৰতৰ উন্নয়নৰ দিশত মণিপুৰৰ জনসাধাৰণে পালন কৰা ভূমিকাক লৈ গৌৰৱ প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মণিপুৰৰ ‘ৰাজ্যৰ মৰ্যাদা দিৱস’ত মণিপুৰবাসীক শুভেচ্ছা জ্ঞাপন কৰে।

নতুন দিল্লীত অষ্টলক্ষ্মী মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ

December 06th, 02:10 pm

অসমৰ মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মা জী, মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা জী, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মাণিক সাহা জী, ছিক্কিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাং জী, কেন্দ্ৰীয় কেবিনেটত মোৰ সহযোগী জ্যোতিৰাদিত্য সিন্ধিয়া জী, সুকান্ত মজুমদাৰ জী, অৰুণাচল প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী, মিজোৰাম আৰু নাগালেণ্ড চৰকাৰৰ মন্ত্ৰীগণ, অন্যান্য জনপ্ৰতিনিধিসকল, উত্তৰ পূৰ্বাঞ্চলৰ পৰা অহা সকলো ভাতৃ-ভগ্নী, দেৱী আৰু সজ্জনসকল।

অষ্টলক্ষ্মী মহোৎসৱৰ শুভাৰম্ভ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

December 06th, 02:08 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত অষ্টলক্ষ্মী মহোৎসৱৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত সকলো বিশিষ্ট ব্যক্তিক আদৰণি জনাই শ্ৰী মোদীয়ে কয় যে আজি বাবাছাহেব ড০ বি আৰ আম্বেদকাৰৰ মহাপৰিনিৰ্বাণ দিৱস। তেওঁ লগতে কয় যে ৭৫ বছৰ সম্পূৰ্ণ কৰা বাবাছাহেব আম্বেদকাৰে প্ৰস্তুত কৰা সংবিধানখন সকলো নাগৰিকৰ বাবে এক বৃহৎ প্ৰেৰণা। শ্ৰী মোদীয়ে ভাৰতৰ সকলো নাগৰিকৰ হৈ বাবাছাহেব আম্বেদকাৰৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰে।

বিহাৰৰ জামুইত জনজাতীয় গৌৰৱ দিৱসৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

November 15th, 11:20 am

বিহাৰৰ ৰাজ্যপাল ৰাজেন্দ্ৰ আৰ্লেকাৰ জী, বিহাৰৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী নীতিশ কুমাৰ জী, কেন্দ্ৰীয় কেবিনেটত মোৰ সহযোগী জুৱেল ওৰাম জী, জিতন ৰাম মাঞ্জি জী, গিৰিৰাজ সিং জী, চিৰাগ পাছৱান জী, দুৰ্গাদাস উইকে জী, মোৰ সৌভাগ্য যে আজি বীৰছা মুণ্ডা জীৰ পৰিয়ালৰ বংশধৰসকল আমাৰ মাজত আছে। আজি ইয়াত এটা ডাঙৰ পূজা অনুষ্ঠিত কৰা হৈছে। পৰিয়ালৰ বাকী সকলো সদস্যই পূজাৰ কামত ব্যস্ত, তথাপিও বুদ্ধৰাম মুণ্ডা জী আমাৰ মাজত উপস্থিত আছে। আমি সৌভাগ্যৱান যে সিদ্ধু কানহু জীৰ বংশধৰ মণ্ডল মুৰ্মু জীও আমাৰ লগত আছে। আৰু মোৰ বাবে সুখৰ কথা যে আজি যদি মই আমাৰ ভাৰতীয় জনতা পাৰ্টি পৰিয়ালৰ জ্যেষ্ঠ নেতা আমাৰ শ্ৰদ্ধাৰ কৰিয়া মুণ্ডা জীও আমাৰ মাজত আছে। এসময়ত তেওঁ লোকসভাৰ উপাধ্যক্ষ আছিল। পদ্ম বিভূষণেৰে সন্মানীত মুণ্ডাজীয়ে এতিয়াও সকৱোকে মাৰ্গদৰ্শন কৰে। আৰু যেনেকৈ আমাৰ জুৱেল ওৰাম জীয়ে কৈছিল যে তেওঁ মোৰ বাবে এজন পিতৃৰ দৰে। এনে জ্যেষ্ঠ কাৰিয়া মুণ্ডা জী আজি ইয়ালৈ আহিছে বিশেষকৈ ঝাৰখণ্ডৰ পৰা। বিহাৰৰ উপ-মুখ্যমন্ত্ৰী, মোৰ বন্ধু ভাই বিজয় কুমাৰ সিনহা জী, ভাই সম্ৰাট চৌধুৰী জী, বিহাৰ চৰকাৰৰ মন্ত্ৰী, সাংসদ, বিধায়ক, অন্যান্য জনপ্ৰতিনিধি, দেশৰ চুক-কোণৰ ​​পৰা অহা সকলো গণ্যমান্য ব্যক্তি আৰু জামুইৰ মোৰ মৰমৰ ভাই-ভনীসকল।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জনজাতীয় গৌৰৱ দিৱস উপলক্ষে ভগৱান বিৰছা মুণ্ডাৰ ১৫০ সংখ্যক জন্ম বাৰ্ষিকী বৰ্ষ উদযাপনৰ আৰম্ভণি কৰে

November 15th, 11:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ জমুইত জনজাতীয় গৌৰৱ দিৱস উপলক্ষে ভগৱান বিৰছা মুণ্ডাৰ ১৫০ সংখ্যক জন্ম বাৰ্ষিকী বৰ্ষ উদযাপন কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰি প্ৰায় ৬,৬৪০ কোটি টকা মূল্যৰ ভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰে।

ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত ৰাজ্যসভাত অনুষ্ঠিত বিতৰ্কৰ উত্তৰ দান কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ

July 03rd, 12:45 pm

ৰাষ্ট্ৰপতি মহোদয়াই অভিভাষণ প্ৰদান কৰাৰ পাচত তেওঁক ধন্যবাদ জনোৱাৰ উদ্দেশ্যে মই এই আলোচনাত যোগদান কৰিছো। ৰাষ্ট্ৰপতি মহোদয়াৰ ভাষণত দেশবাসীৰ বাবে অনুপ্ৰেৰণা আছিল, উৎসাহ আছিল আৰু এক প্ৰকাৰে সত্যৰ পথকো পুৰস্কৃত কৰা হৈছিল।

ৰাজ্যসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ সন্দৰ্ভত ধন্যবাদ প্ৰস্তাৱত প্ৰধানমন্ত্ৰীৰ উত্তৰ

July 03rd, 12:00 pm

আজি ৰাজ্যসভাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদত ৰাষ্ট্ৰপতিয়ে আগবঢ়োৱা ভাষণৰ সন্দৰ্ভত ধন্যবাদৰ প্ৰস্তাৱৰ উত্তৰ দিয়ে।