দিল্লীৰ মালৱীয় নগৰত সংঘটিত অগ্নিকাণ্ডৰ ফলত প্ৰাণহানি হোৱা ঘটনাত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ
June 03rd, 01:04 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীৰ মালৱীয় নগৰত সংঘটিত এটা অগ্নিকাণ্ডৰ ঘটনাত হোৱা প্ৰাণহানিক দুখজনক বুলি অভিহিত কৰে। তেওঁ প্ৰিয়জনক হেৰুওৱাসকলৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰে আৰু আহতসকলৰ দ্ৰুত আৰোগ্য কামনা কৰে। তেওঁ উল্লেখ কৰে যে এই ঘটনাত প্ৰভাৱিত লোকসকলক কৰ্তৃপক্ষই সকলো সম্ভৱপৰ সহায় আগবঢ়াই আছে।