আই এন এছ বিক্ৰান্তত সশস্ত্ৰ বাহিনীৰ সৈতে দীপাৱলী উদযাপনৰ সময়ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পূৰ্ণপাঠ

October 20th, 10:30 am

আজি এটা আচৰিত দিন, এই মুহূৰ্তটো স্মৰণীয়, এই দৃশ্য আচৰিত। আজি মোৰ এফালে বিশাল মহাসাগৰ আৰু আনফালে ভাৰত মাতাৰ বীৰ সৈনিকৰ অপৰিসীম শক্তি। আজি মোৰ এফালে অসীম দিগন্ত, অন্তহীন আকাশ আৰু আনফালে অসীম শক্তিক মূৰ্ত কৰি তোলা এই বিশাল আই এন এছ বিক্ৰান্ত। সাগৰৰ পানীৰ ওপৰত সূৰ্য্যৰ ৰশ্মিৰ এই জিলিকনি এক প্ৰকাৰে সাহসী সৈনিকে জ্বলোৱা দীপাৱলীৰ প্ৰতিফলন। এইবোৰ আমাৰ ঐশ্বৰিক প্ৰদীপৰ মালা। আপোনালোক সকলো নৌসেনাৰ বীৰ জোৱানৰ মাজত এই পবিত্ৰ দীপাৱলী উৎসৱ উদযাপন কৰিবলৈ পাই মই সৌভাগ্যৱান।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দীপাৱলী উদযাপন কৰিলে আই এন এছ বিক্ৰান্তত

October 20th, 10:00 am

আজি আই এন এছ বিক্ৰান্তত দীপাৱলী উদযাপনৰ সময়ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সশস্ত্ৰ বাহিনীৰ বিষয়া-জোৱানক সম্বোধন কৰে। আজি এটা উল্লেখযোগ্য দিন, এটা উল্লেখযোগ্য মুহূৰ্ত আৰু এটা উল্লেখযোগ্য পৰিঘটনা বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে এফালে বিশাল মহাসাগৰ আৰু আনফালে ভাৰত মাতৃৰ বীৰ সৈনিকৰ অপৰিসীম শক্তি। তেওঁ কয় যে এটা পক্ষই অসীম দিগন্ত আৰু সীমাহীন আকাশক উপস্থাপন কৰিলেও আনটো পক্ষই অসীম শক্তিক মূৰ্ত কৰি আই এন এছ বিক্ৰান্তৰ বিশাল শক্তিক প্ৰদৰ্শন কৰিছে। প্ৰধানমন্ত্ৰীয়ে পৰ্যবেক্ষণ কৰে যে সাগৰৰ ওপৰত পৰা সূৰ্যৰ পোহৰৰ জিলিকনিয়ে দীপাৱলীৰ সময়ত বীৰ সৈনিকে জ্বলোৱা দীপৰ দৰে হৈ পোহৰৰ এক ঐশ্বৰিক মালাৰ সৃষ্টি কৰিছে। ভাৰতীয় নৌসেনাৰ সাহসী জোৱানসকলৰ মাজত এই দীপাৱলী উদযাপন কৰিবলৈ পোৱাৰ সৌভাগ্যৰ কথাও তেওঁ প্রকাশ কৰে৷

PM thanks World Leaders for their greetings on 79th Independence Day

August 15th, 07:26 pm

The Prime Minister, Shri Narendra Modi, thanked World Leaders for their greetings and wishes on the 79th Independence Day.

তামিলনাডুৰ গংগাইকোণ্ডা চোলাপুৰম মন্দিৰত অনুষ্ঠিত আদী তিৰুভথিৰাই মহোৎসৱৰ সময়ত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ

July 27th, 12:30 pm

চিন্ময়া মিছনৰ স্বামী, তামিলনাডুৰ ৰাজ্যপাল আৰ এন ৰবি জী, কেবিনেটত মোৰ সহকৰ্মী ড° এল মুৰুগান জী, স্থানীয় সাংসদ থিৰুমা-ভালাৱন জী, মঞ্চত উপস্থিত তামিলনাডুৰ মন্ত্ৰীসকল, সংসদত মোৰ সহযোগী সন্মানীয় শ্ৰী ইলায়াৰাজা জী, সকলো অডুভাৰ, ভক্ত, ছাত্ৰ, সাংস্কৃতিক ইতিহাসবিদসকল আৰু মোৰ মৰমৰ ভাই-ভনীসকল!

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তামিলনাডুৰ গংগাইকোণ্ডা চোলাপুৰমত আদি তিৰুভথিৰাই মহোৎসৱত ভাষণ দিয়ে

July 27th, 12:25 pm

আজি তামিলনাডুৰ গংগাইকোণ্ডা চোলাপুৰম মন্দিৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আদি তিৰুভথিৰাই মহোৎসৱত ভাষণ প্ৰদান কৰে। প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে সৰ্বশক্তিমান ভগৱান শিৱৰ আগত প্ৰণাম জনায় আৰু শ্ৰী ইলয়াৰাজৰ সংগীত তথা ওধুবৰৰ পবিত্ৰ জপ সংগীত শ্ৰৱণ কৰি ৰাজাৰাজা চোলাৰ পবিত্ৰ ভূমিত ঐশ্বৰিক শিৱ দৰ্শনৰ জৰিয়তেগভীৰ আধ্যাত্মিক শক্তিক অনুভৱ কৰে। শ্ৰী মোদীয়ে মন্তব্য কৰে যে আধ্যাত্মিক পৰিৱেশে আত্মাক গভীৰভাৱে আপ্লুত কৰে।

মালদ্বীপৰ স্বাধীনতাৰ ৬০ বছৰীয়া জয়ন্তী উদযাপন অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ

July 26th, 06:47 pm

মালে ভ্ৰমণৰ সময়তে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মালদ্বীপৰ স্বাধীনতাৰ ৬০ বছৰীয়া জয়ন্তী উদযাপনত ‘সন্মানীয় অতিথি’ হিচাপে অংশগ্ৰহণ কৰে। মালদ্বীপৰ স্বাধীনতা দিৱস উদযাপন অনুষ্ঠানত প্ৰথমবাৰলৈ ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে অংশগ্ৰহণ কৰিছে। ৰাষ্ট্ৰপতি মুইজ্জুৱে আতিথ্য প্ৰদান কৰা ৰাষ্ট্ৰপতি বা চৰকাৰৰ মুৰব্বী পৰ্যায়ৰ প্ৰথমজন বিদেশী নেতা হিচাপেও পৰিগণিত হয় প্ৰধানমন্ত্ৰী মোদী।

ফলাফলৰ তালিকাঃ প্ৰধানমন্ত্ৰীৰ মালদ্বীপ ভ্ৰমণ

July 26th, 07:19 am

মালদ্বীপলৈ ৪,৮৫০ কোটি টকাৰ লাইন অৱ ক্ৰেডিট (এল অ’ চি) সম্প্ৰসাৰণ

ভাৰত-মালদ্বীপৰ কূটনৈতিক সম্পৰ্ক স্থাপনৰ ৬০ বছৰীয়া জয়ন্তী উপলক্ষে স্মাৰক ডাকটিকট মুকলি

July 25th, 09:08 pm

ভাৰত-মালদ্বীপৰ কূটনৈতিক সম্পৰ্ক স্থাপনৰ ৬০ বছৰীয়া জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু মালদ্বীপ গণৰাজ্যৰ মহামহিম ৰাষ্ট্ৰপতি ড° মহম্মদ মুইজ্জুৱে স্মাৰক ডাকটিকট মুকলি কৰে।

মালদ্বীপৰ ৰাষ্ট্ৰপতিৰে প্ৰধানমন্ত্ৰীৰ বৈঠক

July 25th, 08:48 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আজি মালেস্থিত ৰাষ্ট্ৰপতি কাৰ্য্যালয়ত মালদ্বীপ গণৰাজ্যৰ ৰাষ্ট্ৰপতি মহামহিম ডঃ মুহম্মদ মুইজ্জুৰ সৈতে এখনি বৈঠকত মিলিত হয়। বৈঠকৰ পূৰ্বে ৰিপাব্লিক স্কোৱাৰত প্ৰধানমন্ত্ৰীক ৰাষ্ট্ৰপতি মুইজ্জুৱে সম্ভাষণ আৰু আনুষ্ঠানিকভাৱে আদৰণি জনায়। উক্ত বৈঠকত দুয়োখন ৰাষ্ট্ৰৰ মাজৰ বদ্ধমূল সম্পৰ্ক আৰু বন্ধুত্বৰ কথা দোহৰা হয়।

প্ৰধানমন্ত্ৰী আৰু মালদ্বীপৰ ৰাষ্ট্ৰপতিয়ে যৌথভাৱে উদ্বোধন কৰিলে মালদ্বীপৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ ভৱন

July 25th, 08:43 pm

​প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু মালদ্বীপৰ মহামহিম ৰাষ্ট্ৰপতি ড° মহম্মদ মুইজ্জুৱে যৌথভাৱে আজি মালেত মালদ্বীপৰ অত্যাধুনিক প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ ভৱন উদ্বোধন কৰে।

মালদ্বীপৰ ৰাষ্ট্ৰপতিৰ সৈতে যুটীয়া সংবাদমেলৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতি

July 25th, 06:00 pm

প্ৰথমে সকলো ভাৰতীয়ৰ হৈ ৰাষ্ট্ৰপতি তথা মালদ্বীপৰ জনসাধাৰণলৈ স্বাধীনতাৰ ৬০ বছৰীয়া ঐতিহাসিক বৰ্ষপূৰ্তিত মোৰ উষ্ম শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

মালদ্বীপৰ মালেত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী মোদী

July 25th, 10:28 am

কিছু সময়ৰ পূৰ্বে মালদ্বীপত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। বিমানবন্দৰত তেওঁক ব্যক্তিগতভাৱে আদৰণি জনায় ৰাষ্ট্ৰপতি মহম্মদ মুইজুৱে। মালদ্বীপৰ ৬০সংখ্যক স্বাধীনতা দিৱস উদযাপন অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে।

২৬-২৭ জুলাইত তামিলনাডু ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে

July 25th, 10:09 am

ব্ৰিটেইন আৰু মালদ্বীপ ভ্ৰমণৰ পৰা উভতি অহাৰ লগে লগে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৬ জুলাইৰ নিশা প্ৰায় ৮ বজাত তামিলনাডুৰ টুটিকোৰিনত অনুষ্ঠিত এক ৰাজহুৱা অনুষ্ঠানত ৪৮০০ কোটি টকাৰো অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু দেশৰ বাবে উৎসৰ্গা কৰিব।

ব্ৰিটেইন আৰু মালদ্বীপ ভ্ৰমণৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ বিবৃতি

July 23rd, 01:05 pm

ভাৰত আৰু ব্ৰিটেইনে এক ব্যাপক কৌশলগত অংশীদাৰীত্ব কৰিছে, যিয়ে শেহতীয়া বছৰবোৰত উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে। আমাৰ সহযোগিতা বাণিজ্য, বিনিয়োগ, প্ৰযুক্তি, উদ্ভাৱন, প্ৰতিৰক্ষা, শিক্ষা, গৱেষণা, বহনক্ষমতা, স্বাস্থ্য আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্ককে ধৰি বিভিন্ন ক্ষেত্ৰত বিস্তাৰিত। মাননীয় প্ৰধানমন্ত্ৰী চাৰ কেইৰ ষ্টাৰমাৰৰ সৈতে হ’বলগীয়া বৈঠকত আমি দুয়োখন দেশত সমৃদ্ধি, বিকাশ আৰু কৰ্মসংস্থাপন সৃষ্টিৰ লক্ষ্যৰে পৰস্পৰৰ অৰ্থনৈতিক অংশীদাৰিত্ব অধিক বৃদ্ধি কৰাৰ সুযোগ পাম। এই ভ্ৰমণকালত মই মহামান্য ৰজা তৃতীয় চাৰ্লছক সাক্ষাৎ কৰিবলৈও আগ্ৰহী।

প্ৰধানমন্ত্ৰীৰ গ্ৰেট ব্ৰিটেইন আৰু মালদ্বীপ ভ্ৰমণ (২৩ – ২৬ জুলাই, ২০২৫)

July 20th, 10:49 pm

২৩–২৬ জুলাইলৈ প্ৰধানমন্ত্ৰী মোদীয়ে ব্ৰিটেইন আৰু মালদ্বীপ ভ্ৰমণ কৰিব।প্ৰধানমন্ত্ৰী ষ্টাৰমাৰৰ সৈতে তেওঁ ব্যাপক আলোচনা কৰাৰ লগতে তেওঁলোকে চিএছপিৰ অগ্ৰগতিও পৰ্যালোচনা কৰিব। প্ৰধানমন্ত্ৰী মোদীয়ে ২৬ জুলাইত মালদ্বীপৰ স্বাধীনতাৰ ৬০বছৰীয়া জয়ন্তী উদযাপনত ‘সন্মানীয় অতিথি’ হিচাপে উপস্থিত থাকিব। মালদ্বীপৰ ৰাষ্ট্ৰপতি মুইজুক সাক্ষাৎ কৰি পাৰস্পৰিক স্বাৰ্থজড়িত বিষয়ত আলোচনা কৰিব।

ভাৰতৰ ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ শুভেচ্ছা জনোৱাৰ বাবে প্ৰধানমন্ত্ৰীয়ে বিশ্বনেতাসকলক ধন্যবাদ জনাইছে

January 26th, 05:56 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতৰ ৭৬ সংখ্যক গণৰাজ্য দিৱসত বিশ্বনেতাসকলক অভিনন্দন আৰু শুভেচ্ছা জনোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। নেপালৰ প্ৰধানমন্ত্ৰীয়ে এক্সত দিয়া এটা পোষ্টৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে কয়।

ফলাফলৰ তালিকা: মালদ্বীপ গণৰাজ্যৰ মহামহিম ৰাষ্ট্ৰপতি ড০ মহম্মদ মুইজ্জুৰ চৰকাৰী ভ্ৰমণ (০৬ অক্টোবৰ –১০ অক্টোবৰ, ২০২৪)

October 07th, 03:40 pm

ভাৰত-মালদ্বীপৰ গ্ৰহণ: ব্যাপক অৰ্থনৈতিক আৰু সামুদ্ৰিক সুৰক্ষা অংশীদাৰিত্বৰ বাবে এক দৃষ্টিভংগী গ্ৰহণ।

ভাৰত আৰু মালদ্বীপ : ব্যাপক অৰ্থনৈতিক আৰু সামুদ্ৰিক সুৰক্ষা অংশীদাৰিত্বৰ বাবে এক দৃষ্টিভংগী

October 07th, 02:39 pm

ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু মালদ্বীপৰ ৰাষ্ট্ৰপতি মহামহিম ড০ মহম্মদ মুইজ্জুৱে ২০২৪ চনৰ ৭ অক্টোবৰত মিলিত হয়। দুয়োগৰাকী নেতাই দেশ দুখনৰ ঐতিহাসিক ঘনিষ্ঠতা আৰু বিশেষ সম্পৰ্ক গভীৰ কৰাৰ ক্ষেত্ৰত অগ্ৰগতিৰ কথা উল্লেখ কৰি দ্বিপাক্ষিক সম্পৰ্কৰ পৰিসৰৰ বিষয়ে ব্যাপক পৰ্যালোচনা কৰে। এই সম্পৰ্কই দুয়োখন দেশৰ জনসাধাৰণৰ উন্নতিত যথেষ্ট অৰিহণা যোগাব বুলি আশা কৰা হৈছে।

মালদ্বীপৰ ৰাষ্ট্ৰপতি মহামহিম মহম্মদ মুইজ্জুৰ সৈতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰদান কৰা যুটীয়া প্ৰেছ বিবৃতিৰ পাঠ

October 07th, 12:25 pm

মই ৰাষ্ট্ৰপতি মুইজ্জু আৰু তেওঁৰ প্ৰতিনিধিদললৈ উষ্ম আদৰণি জনাই আৰম্ভ কৰিব খুজিছোঁ।

Prime Minister’s meeting with the President of the Republic of the Maldives

December 01st, 09:35 pm

Prime Minister Shri Narendra Modi met H.E. Dr. Mohamed Muizzu, President of the Republic of the Malpes, on 01 December 2023, on the sidelines of COP-28 Summit in the UAE.