
২০২৫ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তাৰকীয় আৰম্ভণিঃ মাত্ৰ ১৫ দিনতে কল্পদৃষ্টিক বাস্তৱলৈ ৰূপান্তৰকৰণ
January 16th, 02:18 pm
২০২৫ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে একাধিক ৰূপান্তৰশীল পদক্ষেপ গ্ৰহণেৰে ইয়াৰ আৰম্ভণি কৰিছে। এই কাৰ্য্যই এখনি প্ৰগতিশীল, আত্মনিৰ্ভৰ আৰু ঐক্যবদ্ধ ভাৰত গঢ়ি তোলাৰ ক্ষেত্ৰত তেওঁৰ দৃষ্টিভংগীক প্ৰদৰ্শন কৰে। আন্তঃগাঁথনি আৰু বৈজ্ঞানিক গৱেষণাৰ অগ্ৰগতিৰপৰা আৰম্ভ কৰি যুৱক-যুৱতীসকলক সবলীকৰণ আৰু ভাৰতৰ সাংস্কৃতিক বৈচিত্ৰ্যক উদযাপনলৈকে তেওঁৰ নেতৃত্বই আগন্তুক এটা উল্লেখযোগ্য বছৰৰ ৰূপৰেখা অংকন কৰিছে।
মহাকুম্ভত প্ৰথম অমৃত স্নানত অংশগ্ৰহণ কৰা ভক্তসকলক মকৰ সংক্ৰান্তিৰ মহান ক্ষণত প্ৰধানমন্ত্ৰীৰ উষ্ম অভিনন্দন
January 14th, 02:29 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহাকুম্ভত প্ৰথম অমৃত স্নানত ভাগ লোৱা ভক্তসকলক মকৰ সংক্ৰান্তিৰ মহান ক্ষণত অভিনন্দন জ্ঞাপন কৰে।
ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ ১৫০সংখ্যক প্ৰতিষ্ঠা দিৱসত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
January 14th, 10:45 am
কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ মোৰ সতীৰ্থ ড০ জিতেন্দ্ৰ সিং জী, বিশ্ব বতৰ বিজ্ঞান সংস্থাৰ সচিব প্ৰধান অধ্যাপক ছেলেষ্টে চাওলে জী, বিদেশৰ পৰা অহা আমাৰ অতিথিবৃন্দ, পৃথিৱী বিজ্ঞান মন্ত্ৰালয়ৰ সচিব ড০ এম ৰবিচন্দ্ৰন জী, আইএমডিৰ সঞ্চালক প্ৰধান ড০ মৃত্যুঞ্জয় মহাপাত্ৰ জী, অন্যান্য অতিথিসকল, বৈজ্ঞানিকসকল আৰু বিভিন্ন বিভাগ তথা সংস্থাৰ বিষয়া, ভদ্ৰ পুৰুষ-মহিলাসকল।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ ১৫০ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সমাৰোহত ভাষণ দিয়ে
January 14th, 10:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত ভাৰতীয় বতৰ বিজ্ঞান বিভাগ (আইএমডি)ৰ ১৫০ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজিত সমাৰোহত অংশগ্ৰহণ কৰে। এই উপলক্ষে সভাত ভাষণ প্ৰদান কৰি তেওঁ কয় যে আইএমডিৰ ১৫০ বছৰে কেৱল বতৰ বিজ্ঞান বিভাগৰ যাত্ৰাকে প্ৰতিফলিত কৰাই নহয়, বৰং ভাৰতত আধুনিক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ গৌৰৱময় যাত্ৰাকো প্ৰতিফলিত কৰে। তেওঁ কয় যে আইএমডিয়ে এই ডেৰ শতিকাত লাখ লাখ ভাৰতীয়ক সেৱা আগবঢ়াইছে আৰু ই ভাৰতৰ বৈজ্ঞানিক প্ৰগতিৰ প্ৰতীক হৈ পৰিছে। শ্ৰী মোদীয়ে কয় যে আইএমডিৰ কৃতিত্বক সন্মান জনাই আজি এটা স্মাৰক ডাক টিকট আৰু মুদ্ৰাও মুকলি কৰা হৈছে। তেওঁ কয় যে ২০৪৭ চনত আইএমডিৰ ভৱিষ্যতৰ ৰূপৰেখা দাঙি ধৰা এক দৃষ্টিভংগী দস্তাবেজ প্ৰকাশ কৰা হৈছে। ২০৪৭ চনত ভাৰতে স্বাধীনতাৰ ১০০ বছৰ উদযাপন কৰিব। তেওঁ আইএমডিৰ ১৫০ বছৰ সম্পূৰ্ণ হোৱাৰ এই গুৰুত্বপূৰ্ণ উপলক্ষে নাগৰিকসকলক অভিনন্দন জনায়।মকৰ সংক্ৰান্তি, উত্তৰায়ণ আৰু মাঘ বিহু উপলক্ষে সমগ্ৰ দেশবাসীক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ
January 14th, 08:40 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মকৰ সংক্ৰান্তি, উত্তৰায়ণ আৰু মাঘ বিহু উপলক্ষে সমগ্ৰ দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে।কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী জি কিষাণ ৰেড্ডীৰ বাসগৃহত সংক্ৰান্তি আৰু পোংগল উদযাপনত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ
January 13th, 10:04 pm
আজি প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে তেওঁৰ মন্ত্ৰীসভাৰ সতীৰ্থ শ্ৰীযুত জি কিষাণ ৰেড্ডীৰ বাসগৃহত আয়োজিত সংক্ৰান্তি আৰু পোংগল উদযাপনত অংশগ্ৰহণ কৰে। শ্ৰী মোদীয়ে মন্তব্য কৰে যে সমগ্ৰ ভাৰতবৰ্ষৰ মানুহে সংক্ৰান্তি আৰু পোংগল অতি উলহ মালহেৰে উদযাপন কৰে। প্ৰধানমন্ত্ৰী শ্ৰী মোদীয়ে কয় যে ই আমাৰ সংস্কৃতিৰ কৃষি পৰম্পৰাত গভীৰভাৱে শিপাই থকা কৃতজ্ঞতা, প্ৰাচুৰ্য আৰু নতুনত্বৰ উদযাপন।জম্মু আৰু কাশ্মীৰত সোণমাৰ্গ সুৰংগৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
January 13th, 12:30 pm
মই প্ৰথমে দেশৰ উন্নতিৰ বাবে, জম্মু-কাশ্মীৰৰ উন্নতিৰ বাবে যিসকল শ্ৰমিক ভাতৃয়ে কঠিনৰো কঠিন পৰিস্থিতিত কাম কৰিলে, আনকি নিজৰ জীৱনকো সংকটত পেলাই কাম কৰিলে, ধন্যবাদ জনাইছোঁ। আমাৰ সাতজন শ্ৰমিক বন্ধুৱে নিজৰ প্ৰাণ হেৰুৱালে, কিন্তু আমি আমাৰ সংকল্পৰ পৰা আঁতৰি নাহিলোঁ, মোৰ শ্ৰমিক বন্ধুসকল আঁতৰি নাহিল, কোনেও ঘৰলৈ উভতি যাওঁ বুলি কোৱা নাছিল, মোৰ এই শ্ৰমিক বন্ধুসকলে প্ৰতিটো প্ৰত্যাহ্বান অতিক্ৰম কৰি এই কাম সম্পূৰ্ণ কৰিলে৷ আৰু যি সাতজন বন্ধুক আমি হেৰুৱালোঁ, মই আজি সবাতোকৈ প্ৰথমে তেওঁলোকৰ পূণ্য স্মৰণ কৰিছোঁ।জম্মু-কাশ্মীৰত সোণমাৰ্গ সুৰংগ উদ্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
January 13th, 12:15 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জম্মু-কাশ্মীৰত সোণমাৰ্গ সুৰংগ উদ্বোধন কৰে। এই উপলক্ষে উপস্থিত থকা ৰাইজক সম্বোধন কৰি তেওঁ জম্মু-কাশ্মীৰ আৰু ভাৰতৰ উন্নয়নৰ বাবে কঠোৰ পৰিশ্ৰম কৰি জীৱনকো তুচ্ছজ্ঞান কৰা শ্ৰমিকসকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে। মোদীয়ে কয় যে প্ৰত্যাহ্বানৰ মাজতো আমাৰ সংকল্পৰ হেৰফেৰ হোৱা নাছিল। তেওঁ শ্ৰমিকসকলৰ দৃঢ়তা আৰু দায়বদ্ধতাৰ বাবে আৰু সকলো বাধা অতিক্ৰম কৰি কামটো সম্পূৰ্ণ কৰাৰ বাবে প্ৰশংসা কৰে। তেওঁ লগতে ৭ জন শ্ৰমিকৰ মৃত্যুত শোক প্ৰকাশ কৰে।উৰিষ্যাৰ ভুৱনেশ্বৰত ‘অষ্টাদশ প্ৰৱাসী ভাৰতীয় দিৱস সন্মিলন’ৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
January 09th, 10:15 am
ভদ্ৰমহিলা আৰু ভদ্ৰলোকসকল! ‘ভগৱান জগন্নাথ’ আৰু ‘ভগৱান লিঙ্গৰাজ’ৰ এই পবিত্ৰ ভূমিত মই সমগ্ৰ বিশ্বৰ পৰা অহা মোৰ ভাৰতীয় প্ৰবাসী পৰিয়ালসমূহক আদৰণি জনাইছোঁ। আৰম্ভণিতে গোৱা আদৰণি গীতটো, সমগ্ৰ বিশ্বৰ য'তেই ভাৰতীয় সম্প্ৰদায়ৰ অনুষ্ঠান অনুষ্ঠিত হ'ব এই আদৰণি গীতটো ভৱিষ্যতে বাৰে বাৰে বজোৱা হ'বই বুলি মই ন-দি ক’ব পাৰো। আপোনালোকক অভিনন্দন। আপোনালোকৰ দলে এগৰাকী প্ৰবাসী ভাৰতীয়ৰ আবেগ সুন্দৰভাৱে প্ৰকাশ কৰিছে, আপোনালোকক অভিনন্দন জনাইছোঁ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ওড়িশাত ১৮ সংখ্যক প্ৰবাসী ভাৰতীয় দিৱস সন্মিলন উদ্বোধন কৰে
January 09th, 10:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ওড়িশাৰ ভূৱনেশ্বৰত ১৮ সংখ্যক প্ৰবাসী ভাৰতীয় দিৱস সন্মিলন উদ্বোধন কৰে। বিশ্বৰ ভিন্ন প্ৰান্তৰপৰা ইয়ালৈ অহা সকলো প্ৰতিনিধি আৰু প্ৰবাসী লোকসকলক আদৰণি জনাই শ্ৰী মোদীয়ে সমগ্ৰ বিশ্বতে ভৱিষ্যতে প্ৰবাসী ভাৰতীয়ৰ ভিন্ন অনুষ্ঠানত উদ্বোধনী গীতটো পৰিবেশন কৰা হ’ব বুলি আশা প্ৰকাশ কৰে। তেখেতে গ্ৰেমী বঁটা বিজয়ী শিল্পী ৰিকি কেজ আৰু তেওঁৰ টীমটোক প্ৰশংসাৰে কয় যে প্ৰবাসী ভাৰতীয়ৰ আৱেগ আৰু অনুভৱৰ অনুৰণন ঘটা গীতটি আশ্চৰ্য্যকৰ।কুৱেইটত ভাৰতীয় সম্প্ৰদায়ৰ অনুষ্ঠান 'হালা মোদী'ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
December 21st, 06:34 pm
মই মাত্ৰ আঢ়ৈ ঘণ্টা আগতে কুৱেইটত উপস্থিত হৈছোহি আৰু মই ইয়াত ভৰি দিয়াৰ পিছৰে পৰা মই চাৰিওফালে এক বেলেগ সম্পৰ্ক, এক পৃথক উষ্ণতা অনুভৱ কৰিছোঁ। আপোনালোক সকলো ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা আহিছে। কিন্তু আপোনালোক সকলোকে দেখি এনে লাগিছে যেন মোৰ সন্মুখত এখন ক্ষুদ্ৰ ভাৰতহে গঢ়ি উঠিছে। ইয়াত, উত্তৰ, দক্ষিণ, পূব আৰু পশ্চিমৰ প্ৰতিটো অঞ্চলৰ পৰা বিভিন্ন ভাষা কোৱা লোকসকলক মোৰ সন্মুখত দেখিবলৈ পাইছোঁ। কিন্তু সকলোৰে হৃদয়ত একেই প্ৰতিধ্বনি অনুৰণিত হৈ আছে। সকলোৰে হৃদয়ত কেৱল এটাই প্ৰতিধ্বনি অনুৰণিত হৈ আছে— ভাৰত মাতা কী জয়, ভাৰত মাতা কী জয়।Prime Minister Shri Narendra Modi addresses Indian Community at ‘Hala Modi’ event in Kuwait
December 21st, 06:30 pm
PM Modi addressed a large gathering of the Indian community in Kuwait. Indian nationals representing a cross-section of the community in Kuwait attended the event. The PM appreciated the hard work, achievement and contribution of the community to the development of Kuwait, which he said was widely recognised by the local government and society.প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি শ্ৰী এম ভেংকায়া নাইডুৰ জীৱন আৰু যাত্ৰাৰ ওপৰত গ্ৰন্থ উন্মোচনত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
June 30th, 12:05 pm
অনুষ্ঠানত উপস্থিত আৰু আজিৰ অনুষ্ঠানৰ কেন্দ্ৰবিন্দু আমাৰ জ্যেষ্ঠ সহকৰ্মী শ্ৰীযুত ভেংকায়া নাইডু গাৰু, তেওঁৰ পৰিয়ালৰ সদস্য, বিভিন্ন ৰাজ্যৰ ৰাজ্যপালসকল, বিভিন্ন ৰাজ্যৰ মন্ত্ৰীসকল, আন সকলো জ্যেষ্ঠ বিশিষ্ট ব্যক্তি, দেৱী আৰু সজ্জনসকল।প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি শ্ৰী এম ভেংকায়া নাইডুৰ জীৱন আৰু যাত্ৰাৰ সন্দৰ্ভত তিনিখন গ্ৰন্থ উন্মোচন প্ৰধানমন্ত্ৰীৰ
June 30th, 12:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ভাৰতৰ প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি শ্ৰী এম ভেংকায়া নাইডুৰ ৭৫সংখ্যক জন্মদিনৰ প্ৰাকক্ষণত তেওঁৰ জীৱন আৰু যাত্ৰা সম্পৰ্কীয় তিনিখন গ্ৰন্থ উন্মোচন কৰে।সকলোৰে হৃদয়ত আছে ৰাম: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
January 28th, 11:30 am
মোৰ প্ৰিয় দেশবাসী, এইবাৰ ২৬ জানুৱাৰীৰ পেৰেড যথেষ্ট আচৰিত আছিল, কিন্তু আটাইতকৈ চৰ্চিত কথাটো আছিল পেৰেডত মহিলা শক্তি৷ যেতিয়া কেন্দ্ৰীয় নিৰাপত্তা বাহিনী আৰু দিল্লী আৰক্ষীৰ মহিলা দলে কৰ্তব্য পথত মাৰ্চপাষ্ট কৰিবলৈ আৰম্ভ কৰে, সকলোৱে হৃদয় গৌৰৱেৰে উঠলি উঠিল। মহিলা বেণ্ডৰ সমদল দেখি আৰু তেওঁলোকৰ চমকপ্ৰদ সমন্বয় দেখি দেশ-বিদেশৰ মানুহ আলোড়িত হৈ পৰিল। এইবাৰ পেৰেডত মাৰ্চ কৰা ২০টা স্কোৱাডৰ ভিতৰত ১১টা স্কোৱাড আছিল কেৱল মহিলাৰ। আমি দেখিলোঁ যে যিমানবোৰ প্ৰতীকপট উলিয়াইছিল সকলোতে মহিলা। যিবোৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হৈছিল, তাত প্ৰায় ডেৰ হাজাৰ কন্যাই অংশ লৈছিল। বহু মহিলা শিল্পীয়ে শংকা, নদাস্বৰম, নাগদা আদি ভাৰতীয় বাদ্যযন্ত্ৰ বজাই আছিল। ডিআৰডিঅ’ই উলিওৱা প্ৰতীকপটেও সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। ইয়াত দেখা গ’ল যে নাৰী শক্তিয়ে কেনেদৰে প্ৰতিটো ক্ষেত্ৰতে-পানী, ভূমি, আকাশ, চাইবাৰ আৰু মহাকাশত দেশক সুৰক্ষা দি আছে। একবিংশ শতিকাৰ ভাৰতে মহিলা নেতৃত্বাধীন উন্নয়নৰ মন্ত্ৰৰে আগবাঢ়িছে।Today there is a government in the country which thinks about the poor first: PM Modi
January 15th, 12:15 pm
PM Modi released the first instalment to 1 lakh beneficiaries of Pradhan Mantri Awas Yojana - Gramin (PMAY - G) under Pradhan Mantri Janjati Apasi Nyaya Maha Abhiyan (PM-JANMAN) via video conferencing. The Prime Minister also interacted with the beneficiaries of PM-JANMAN on the occasion. On the one hand, Diwali is being celebrated in Ayodhya, while 1 lakh people from the extremely backward tribal community are also celebrating Diwali”, PM Modi said.পিএম-জনমানৰ অধীনত ১ লাখ পিএমএৱাই(জি) হিতাধিকাৰীলৈ প্ৰথম কিস্তিৰ ধন মুকলি প্ৰধানমন্ত্ৰীৰ
January 15th, 12:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰধানমন্ত্ৰী জনজাতি আদিবাসী ন্যায় মহা অভিযান (PM-JANMAN)ৰ অধীনত প্ৰধানমন্ত্ৰী আৱাস যোজনা - গ্ৰামীণ (PMAY - G)ৰ ১ লাখ হিতাধিকাৰীলৈ ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে প্ৰথম কিস্তিৰ ধন মুকলি কৰি দিয়ে। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে পিএম-জনমানৰ হিতাধিকাৰীসকলৰ সৈতে মত-বিনিময়ো কৰে।PM conveys Makar Sankranti greetings
January 15th, 09:38 am
The Prime Minister, Shri Narendra Modi has extended his best wishes on the occasion of Makar Sankranti.নতুন দিল্লীত পোংগল উৎসৱৰ সময়ত দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
January 14th, 12:00 pm
পোংগলৰ পৱিত্ৰ দিনটোত তামিলনাডুৰ প্ৰতিটো ঘৰৰ পৰা পোংগল ধাৰাৰ প্ৰবাহ হয়। একেদৰেই আপোনালোকৰ জীৱনত সুখ, সমৃদ্ধি আৰু সন্তুষ্টিৰ সোঁত বৈ যোৱাটো মই কামনা কৰিলোঁ। কালি দেশত লোহৰী উৎসৱ অতি আড়ম্বৰেৰে উদযাপন কৰা হৈছে। একাংশ লোকে আজি মকৰ সংক্ৰান্তি-উত্তৰায়ণ পালন কৰিছে, কোনোবাই হয়তো কাইলৈ উদযাপন কৰিব। মাঘ বিহুও সমাগত। এই সকলো উৎসৱৰ বাবে সকলো দেশবাসীক মই অভিনন্দন জনাইছোঁ আৰু আন্তৰিক শুভেচ্ছা জনাইছোঁ।নতুন দিল্লীত পোংগাল উদযাপন অনুষ্ঠানত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ
January 14th, 11:30 am
এই উপলক্ষে আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে পোংগাল উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰি কয় যে তামিলনাডুৰ প্ৰতিখন ঘৰৰ পৰা নিৰ্গত হোৱা উৎসৱমুখৰ উৎসাহ-উদ্দীপনা প্ৰত্যক্ষ কৰিব পাৰি। শ্ৰী মোদীয়ে সকলো নাগৰিকৰ জীৱনত সুখ, সমৃদ্ধি আৰু সন্তুষ্টিৰ ধাৰাটোৰ অবিৰত প্ৰবাহ কামনা কৰে। কালি অনুষ্ঠিত লহৰী, আজি মকৰ উত্তৰায়ন, কাইলৈ উদযাপন হ’বলগীয়া মকৰ সংক্ৰান্তি আৰু ইয়াৰ পাছতে মাঘ বিহুৰ আৰম্ভ হোৱাৰ কথাও তেওঁ উল্লেখ কৰে। শ্ৰী মোদীয়ে দেশত চলি থকা উৎসৱৰ সময়ছোৱাৰ বাবে সকলো নাগৰিকলৈ শুভেচ্ছা জ্ঞাপন কৰে।