ৰাজঘাটত মহাত্মা গান্ধীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে প্ৰধানমন্ত্ৰীয়ে
August 15th, 10:12 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাজঘাটত মহাত্মা গান্ধীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেওঁৰ দৃষ্টিভংগী তথা কৰ্মৰ পৰা দেশখনে সদায় প্ৰেৰণা লাভ কৰি যাব বুলি দৃঢ়তাৰে মন্তব্য কৰে।৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষ্যে লালকিল্লাৰ প্ৰাচীৰৰ পৰা প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ
August 15th, 07:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষ্যে লালকিল্লাৰ প্ৰাচীৰৰ পৰা দেশবাসীক সম্বোধন কৰে। বন্দে মাতৰমৰ ১৫০ বছৰ উদযাপনৰ সময়ত সমগ্ৰ দেশৰ প্ৰতিখন হৃদয় আৰু ঘৰে ত্ৰিৰংগৰ মনোভাৱ তথা নতুন সংকল্প অনুৰণিত হোৱাৰ কথাটোলৈ লক্ষ্য কৰি তেওঁ সকলোকে আন্তৰিক শুভেচ্ছা জনায়। শ্ৰী মোদীয়ে মন্তব্য কৰে যে ত্যাগৰ মহান পৰম্পৰাক জাগ্ৰত কৰা সকলো স্বাধীনতা সংগ্ৰামী আৰু মহান বিপ্লৱীক মই শ্ৰদ্ধাৰে প্ৰণাম জনাইছো।৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ প্ৰাচীৰৰ পৰা দেশবাসীক উদ্দেশ্যি ভাষণ দিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
August 15th, 06:50 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৮০ সংখ্যক স্বাধীনতা দিৱস উপলক্ষ্যে লালকিল্লাৰ প্ৰাচীৰৰ পৰা দেশবাসীক সম্বোধন কৰে। বন্দে মাতৰমৰ ১৫০ বছৰ উদযাপনৰ সময়ত সমগ্ৰ দেশৰ প্ৰতিখন হৃদয় আৰু ঘৰে ত্ৰিৰংগৰ মনোভাৱ তথা নতুন সংকল্প অনুৰণিত হোৱাৰ কথাটোলৈ লক্ষ্য কৰি তেওঁ সকলোকে আন্তৰিক শুভেচ্ছা জনায়। শ্ৰী মোদীয়ে মন্তব্য কৰে যে ত্যাগৰ মহান পৰম্পৰাক জাগ্ৰত কৰা সকলো স্বাধীনতা সংগ্ৰামী আৰু মহান বিপ্লৱীক মই শ্ৰদ্ধাৰে প্ৰণাম জনাইছো।ভাৰতে উদযাপন কৰে ৮০ সংখ্যক স্বাধীনতা দিৱস
August 15th, 06:45 am
৮০ সংখ্যক স্বাধীনতা দিৱসত লালকিল্লাৰ পৰা দেশবাসীক উদ্দেশি দিয়া ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে ১৪০ কোটি ভাৰতীয়ৰ শক্তি আৰু সংকল্পৰে চালিত ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত নিৰ্মাণৰ সপোনৰ বিষয়ে কয়। তেওঁ শান্তি আইন, ৰে’লৱেৰ বৈদ্যুতিকীকৰণ, ভাৰতৰ বাণিজ্যিক চুক্তি, নক্সালবাদৰ অন্ত আৰু বহুতো গুৰুত্বপূৰ্ণ পদক্ষেপ সন্দৰ্ভত আলোকপাত কৰে। তেওঁ ৰাষ্ট্ৰক ‘শক্তি কী সপ্তধৰা’ক আঁকোৱালি ল’বলৈ আহ্বান জনায়।ভাৰত ত্যাগ আন্দোলনৰ সাহসী অংশগ্ৰহণকাৰীসকলক প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি
August 09th, 10:32 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ঐতিহাসিক ভাৰত ত্যাগ আন্দোলনত অংশগ্ৰহণ কৰা সকলো কৰ্মীকে স্মৰণ কৰি ভাৰতৰ স্বাধীনতা সংগ্ৰামত তেওঁলোকৰ সাহস আৰু দৃঢ়তাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয় যে মহাত্মা গান্ধীৰ নেতৃত্বত অনুপ্ৰাণিত হৈ ভাৰত ত্যাগ আন্দোলনৰ সুদৃঢ় আহ্বানে স্বাধীনতা সংগ্ৰামত নতুন শক্তিৰ সঞ্চাৰ ঘটাইছিল আৰু ভাৰতৰ জনসাধাৰণৰ ঔপনিৱেশিক শাসনৰ পৰা মুক্তি লাভৰ অদম্য সংকল্পক প্ৰতিফলিত কৰিছিল।ভাৰত গণৰাজ্য আৰু ভিয়েটনাম সমাজবাদী গণৰাজ্যৰ মাজত বৰ্ধিত ব্যাপক কৌশলগত অংশীদাৰিত্বৰ বিষয়ত যৌথ বিবৃতি প্ৰকাশ
May 06th, 05:24 pm
ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণমৰ্মে ভিয়েটনামৰ কমিউনিষ্ট পাৰ্টিৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ভিয়েটনামৰ সমাজবাদী গণৰাজ্যৰ ৰাষ্ট্ৰপতি মহামহিম শ্ৰীমান টু লামে ২০২৬ চনৰ ০৫ মে’ৰ পৰা ০৭ মে’লৈ ভাৰত ভ্ৰমণ কৰিছে।শ্ৰীমান টু লামৰ সৈতে ভাৰতলৈ আহিছে ভিয়েটনামৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধিৰ দল। এক শক্তিশালী ব্যৱসায়িক প্ৰতিনিধিৰ দলো ভাৰতলৈ আহিছে।অংশগ্ৰহণ কৰি ‘ডিজিটেল লোকপিয়ল ২০২৭’ সফল কৰি তুলিবলৈ দেশবাসীৰ প্ৰতি ‘মন কী বাত’ত আহ্বান জনাই প্ৰধানমন্ত্ৰী মোদীয়ে
April 26th, 11:30 am
‘মন কী বাত’ৰ চলিত মাহৰ খণ্ডটোত প্ৰধানমন্ত্ৰী মোদীয়ে পাৰমাণৱিক আৰু বায়ু শক্তিখণ্ডত ভাৰতৰ অগ্ৰগতিৰ প্ৰসংগত আলোকপাত কৰে। ভগৱান বুদ্ধৰ শিক্ষা, ‘বীটিং ৰিট্ৰীট’ অনুষ্ঠান, প্ৰকৃতি সংৰক্ষণ, বাঁহ উদ্যোগখণ্ড, প্ৰাচীন গ্ৰন্থ আৰু ‘গাণিতিক অলিম্পিয়াড’ কাৰ্যসূচীকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ো তেওঁ স্পৰ্শ কৰে। চলি থকা ‘ডিজিটেল লোকপিয়ল অভিযান’ সন্দৰ্ভতো মন্তব্য কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে সকলোকে এই প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়।নিউজ১৮ ৰাইজিং ভাৰত ছামিটত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
February 27th, 08:30 pm
আপোনালোক সকলোৱে ৰাইজিং ইণ্ডিয়া সম্পৰ্কে আলোচনা কৰি আছে। আৰু ইয়াত আপোনাসৱৰ গুৰুত্ব অভ্যন্তৰীণ শক্তিৰ ওপৰত-সৰল ভাষাত ক’বলৈ গ’লে আপোনালোকৰ গুৰুত্ব ৰাষ্ট্ৰৰ নিজৰ অন্তৰ্নিহিত সামৰ্থ্যৰ ওপৰত। আমাৰ শাস্ত্ৰত কোৱা হৈছে- ত ত্বম অসী!-যি আমি ব্ৰহ্মত বিচাৰো, সেয়া আমাৰ ভিতৰতে আছে, সেয়া আমি নিজেই। শক্তি আমাৰ ভিতৰতে নিহিত হৈ আছে আৰু আমি ইয়াক চিনি পাব লাগিব। বিগত ১১ বছৰত ভাৰতে সেই শক্তিকে স্বীকাৰ কৰিছে আৰু আজি ৰাষ্ট্ৰই ইয়াক সবলীকৰণৰ বাবে অহৰহ প্ৰচেষ্টা গ্ৰহণ কৰি আছে।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নেটৱৰ্ক১৮ ৰাইজিং ভাৰত ছামিট সম্বোধন কৰে
February 27th, 08:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাইজিং ভাৰত সন্মিলন সম্বোধনেৰে অভ্যন্তৰীণ শক্তি বিষয়ক কেন্দ্ৰ কৰি নিজৰ বক্তব্য আগবঢ়ায়। ভাৰতৰ বিগত ১১ বছৰৰ যাত্ৰাত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় সম্ভাৱনাৰ পুনৰ উদ্ধাৰ, অৰ্থনৈতিক আত্ম-নিৰ্ভৰতা আৰু ২০৪৭-ৰ ভিতৰত এখনি উন্নত ভাৰতৰ বাবে ৰূপৰেখা সন্দৰ্ভত বিস্তৃত ভাষণ প্ৰদান কৰে।সেৱা তীৰ্থ আৰু কৰ্তব্য ভৱন-১ আৰু ২ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
February 13th, 06:55 pm
আজি আমি সকলোৱে ইতিহাস ৰচনাৰ সাক্ষী হৈছো। আজি বিক্ৰম সংবাত ২০৮২, ফাগুন কৃষ্ণ পক্ষ, বিজয়া একাদশী, ২৪ মাঘৰ শুভ ক্ষণ, শকাব্দ ১৯৪৭ আৰু আজিৰ ভাষাত ১৩ ফেব্ৰুৱাৰীৰ এই দিনটোৱে ভাৰতৰ উন্নয়ন যাত্ৰাৰ এক নতুন আৰম্ভণিৰ সাক্ষী হৈছে। আমাৰ শাস্ত্ৰত বিজয়া একাদশীৰ অতি তাৎপৰ্য আছে; এই দিনটোত আমি যি সংকল্প লওঁ, সেই সংকল্পই জয়ৰ দিশত আগুৱাই নিয়াটো নিশ্চিত। আজি আমিও এখন বিকশিত ভাৰতৰ সংকল্প লৈ সেৱা তীৰ্থ, কৰ্তব্য ভৱনত প্ৰৱেশ কৰিছো। আমাৰ লক্ষ্যত জয়লাভ কৰিবলৈ আমাৰ ওচৰত ঐশ্বৰিক আশীৰ্বাদ আছে। সেৱা তীৰ্থ আৰু নতুন অট্টালিকাসমূহৰ বাবে আপোনালোক সকলোকে, পিএমঅ’ৰ সমগ্ৰ দল, কেবিনেট সচিবালয় আৰু বিভিন্ন বিভাগৰ সকলো কৰ্মচাৰীক অভিনন্দন জনাইছো। তেওঁলোকৰ নিৰ্মাণৰ লগত জড়িত সকলো অভিযন্তা আৰু সহকৰ্মীলৈ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত সেৱা তীৰ্থ আৰু কৰ্তব্য ভৱন-১ আৰু ২ৰ উদ্বোধনী অনুষ্ঠান সম্বোধন কৰে
February 13th, 06:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত সেৱা তীৰ্থ আৰু কৰ্তব্য ভৱন-১ আৰু ২ৰ উদ্বোধনী অনুষ্ঠানত ভাষণ দিয়ে। এই উপলক্ষে প্ৰধানমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে যে আজি সকলোৱে এক নতুন ইতিহাস ৰচনাৰ সাক্ষী হৈ পৰিছে। তেওঁ এই কথা আলোকপাত কৰে যে ২০৮২ চনৰ বিক্ৰম শকাব্দত, ফাগুন কৃষ্ণ পক্ষৰ সময়ত, বিজয় একাদশীৰ শুভ উপলক্ষত ২৪ মাহৰ দিনা আৰু ১৯৪৭ চনৰ শকাব্দত, যিটো বৰ্তমানৰ কেলেণ্ডাৰত ১৩ ফেব্ৰুৱাৰী, ২০২৬ তাৰিখে, ভাৰতৰ উন্নয়ন যাত্ৰাৰ নতুন আৰম্ভণিৰ সাক্ষী হৈ পৰিছে। তেওঁ আলোকপাত কৰে যে শাস্ত্ৰত বিজয় একাদশীৰ তাৎপৰ্য অতিশয় বেছি, কিয়নো এই দিনটোত লোৱা সংকল্পই সদায় জয়ৰ দিশত আগুৱাই লৈ যায়। শ্ৰী মোদীয়ে উল্লেখ কৰে যে আজি এখন বিকশিত ভাৰতৰ সংকল্পৰে সকলোৱে সেৱা তীৰ্থ আৰু কৰ্তব্য ভৱনত প্ৰৱেশ কৰিছে। এই লক্ষ্যত জয়ৰ বাবে ঐশ্বৰিক আশীৰ্বাদ তেওঁলোকৰ লগত আছে বুলি তেওঁ আঙুলিয়াই দিয়ে। তেওঁ পিএমঅ’ৰ দল, কেবিনেট সচিবালয় আৰু বিভিন্ন বিভাগৰ কৰ্মচাৰীকে ধৰি সকলোকে সমৰি লোৱাৰ লগতে সেৱা তীৰ্থ আৰু নতুন অট্টালিকাসমূহৰ বাবে অভিনন্দন জ্ঞাপন কৰে। নিৰ্মাণৰ সৈতে জড়িত সকলো অভিযন্তা আৰু শ্ৰমিক সহকৰ্মীক তেওঁ কৃতজ্ঞতা প্ৰকাশ কৰে।"পৰীক্ষা পে চৰ্চা ২০২৬" অনুষ্ঠানত শিক্ষাৰ্থীসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ মত-বিনিময়ৰ মূল পাঠ
February 06th, 10:21 am
শিক্ষাৰ্থীঃ মই ছানভী আচাৰ্য, আপোনাৰ ৰাজ্য গুজৰাটৰ পৰা আহিছোঁ। মোৰ প্ৰথম প্ৰশ্নটো হ’ল যে আমাৰ পিতৃ-মাতৃয়ে আমাৰ বিষয়ে চিন্তা কৰে আৰু আমাৰ শিক্ষকসকলে আমাক সমৰ্থন কৰে। কিন্তু মূল সমস্যাটো তেতিয়া উদ্ভৱ হয় যেতিয়া আমাৰ শিক্ষকসকলে এক বেলেগধৰণৰ অধ্যয়নৰ পৰামৰ্শ দিয়ে। অভিভাৱকসকলে আমাক এই আৰ্হি অনুসৰণ কৰিবলৈ কয়, আনহাতে শিক্ষাৰ্থীসকলৰ প্ৰায়ে বিভিন্ন প্ৰৱণতা থাকে,সেয়েহে আমি প্ৰায়ে কোনটো আৰ্হি সঠিক সেই বিষয়ে বিভ্ৰান্ত হৈ পৰোঁ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পৰীক্ষা পে চৰ্চা ২০২৬ৰ সময়ত ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰে
February 06th, 10:00 am
গুজৰাটৰ এজন শিক্ষাৰ্থীয়ে সুধিছিল যে অভিভাৱকসকলে তেওঁলোকৰ বাবে চিন্তা কৰে আৰু শিক্ষকসকলে তেওঁলোকক সমৰ্থন কৰে, কিন্তু সমস্যাটো তেতিয়াই উদ্ভৱ হয় যেতিয়া শিক্ষকে এটা অধ্যয়ন পদ্ধতিৰ পৰামৰ্শ দিয়ে, অভিভাৱকে আন এটা পদ্ধতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে, আৰু ছাত্ৰ-ছাত্ৰীসকলে বেলেগ বেলেগ পদ্ধতি গ্ৰহণ কৰে। ফলত তেওঁলোক কোনটো পদ্ধতি সঠিক সেই বিষয়ে বিভ্ৰান্ত হৈ পৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে এই কাম গোটেই জীৱন চলি থাকে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী হিচাপেও তেওঁক মানুহে বেলেগ বেলেগ পৰামৰ্শ দিয়ে। তেওঁ গুৰুত্ব সহকাৰে কয় যে যেনেকৈ ঘৰত ভাই-ভনীৰ খাদ্যাভ্যাস বেলেগ বেলেগ— কোনোবাই শাক-পাচলিৰে আৰম্ভ কৰে, কোনোবাই মচুৰ দাইলৰে, কোনোবাই সকলোখিনি মিহলাই দিয়ে— তেনেদৰে প্ৰত্যেকৰে নিজৰ নিজৰ ধৰণ থাকে। তেওঁ কয় যে সুখ নিহিত হৈ থাকে নিজৰ পদ্ধতি অনুসৰণ কৰাত। শ্ৰী মোদীয়ে বুজাই দিয়ে যে কিছুমান মানুহে ৰাতি পঢ়া-শুনা কৰাটো পছন্দ কৰে, কোনোৱে পুৱা সোনকালে পঢ়া-শুনা কৰাটো পছন্দ কৰে, আৰু সকলোৰে একোটা নিজস্ব ছন্দ থাকে। তেওঁ অসৎ কামৰ পৰা বিৰত থাকিবলা সতৰ্ক কৰি দিয়ে, কেনেকৈ একাংশ ছাত্ৰ-ছাত্ৰীয়ে মাকক কয় যে ৰাতিপুৱা পঢ়িম, কিন্তু তাৰ পিছত সেয়া নহয়গৈ। তেওঁ কয় যে ছাত্ৰ-ছাত্ৰীসকলে নিজৰ পদ্ধতিত বিশ্বাস কৰিব লাগে, পৰামৰ্শ ভালদৰে শুনিব লাগে আৰু নিজৰ অভিজ্ঞতাৰ ভিত্তিত উন্নতি কৰিব লাগে, কেৱল আন কোনোবাই কোৱাৰ বাবেই সেয়া আঁকোৱালি লব নালাগে। তেওঁ বুজাই দিয়ে যে যেতিয়া তেওঁ পৰীক্ষা পে চৰ্চা আৰম্ভ কৰিছিল, তেতিয়া এটা পদ্ধতি আছিল, কিন্তু সময়ৰ লগে লগে তেওঁ সেইটো পৰিশোধন কৰিছিল, আনকি বিভিন্ন ৰাজ্যত অধিবেশন অনুষ্ঠিত কৰিছিল, ইয়াৰ বিন্যাস সলনি কৰিছিল যদিও মূল নীতিসমূহ বৰ্তাই ৰাখিছিল। ছাত্ৰ-ছাত্ৰীসকলে জনোৱা মতে প্ৰধানমন্ত্ৰীগৰাকীৰ স্বভাৱ অতি বন্ধুত্বসুলভ আৰু তেওঁৰ লগত সহজে মিলি যায়। তেওঁ বুজাই কয় যে সকলোৱে বিভিন্ন পদ্ধতি শুনিব লাগে, প্ৰত্যেকৰে পৰা ইতিবাচক গুণবোৰ শিকিব লাগে, নিজৰ নিজৰ সামৰ্থ্যত গুৰুত্ব দিব লাগে, আৰু লাহে লাহে সেয়া মজবুত কৰিব লাগে।কেন্দ্ৰীয় বাজেট সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কৰা মন্তব্যৰ অসমীয়া অনুবাদ
February 01st, 01:38 pm
আজিৰ বাজেটখন ঐতিহাসিক; ই দেশৰ নাৰী শক্তিৰ এক কথা প্ৰতিফলিত কৰিছে। এগৰাকী মহিলা বিত্তমন্ত্ৰী হিচাপে নিৰ্মলা জীয়ে একেৰাহে নৱমবাৰৰ বাবে দেশৰ বাজেট দাখিল কৰি এক নতুন অভিলেখ গঢ়িছে। এই বাজেটখন অপৰিসীম সুযোগৰ এক পথ। এই বাজেটে বৰ্তমানৰ সপোন বাস্তৱায়িত কৰিব আৰু ভাৰতৰ উজ্জ্বল ভৱিষ্যতৰ ভেটি শক্তিশালী কৰিব। এই বাজেট ২০৪৭ চনৰ এখন উন্নত ভাৰত (বিকশিত ভাৰত)ৰ দিশত আমাৰ যাত্ৰাৰ এক শক্তিশালী ভিত্তি।২০২৬ৰ কেন্দ্ৰীয় বাজেট সন্দৰ্ভত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য
February 01st, 01:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ বাৰ্তাৰ জৰিয়তে কেন্দ্ৰীয় বাজেট ২০২৬ সন্দৰ্ভত তেওঁৰ মন্তব্য শ্বেয়াৰ কৰে। এই উপলক্ষে ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে আজিৰ বাজেটখন ঐতিহাসিক আৰু ই দেশৰ মহিলাসকলৰ সৱল মনোভাৱক প্ৰতিফলিত কৰে। তেওঁ আলোকপাত কৰে যে কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমণে এগৰাকী মহিলা বিত্তমন্ত্ৰী হিচাপে একেৰাহে নৱমবাৰৰ বাবে দেশৰ বাজেট দাখিল কৰি এক নতুন অভিলেখ গঢ়িছে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এই বাজেট হৈছে অপৰিসীম সুযোগৰ মুল পথ, যিয়ে বৰ্তমানৰ সপোন পূৰণ কৰে আৰু ভাৰতৰ উজ্জ্বল ভৱিষ্যতৰ ভেটি শক্তিশালী কৰে। তেওঁ দৃঢ়তাৰে কয় যে বাজেটখনে ২০৪৭ চনৰ ভিতৰত উন্নত ৰাষ্ট্ৰ হোৱাৰ দিশত ভাৰতৰ উচ্চ উৰণৰ ভিত্তি হিচাপে কাম কৰে।প্ৰধানমন্ত্ৰীয়ে গান্ধী স্মৃতিত আয়োজিত প্ৰাৰ্থনা সভাত অংশগ্ৰহণ কৰে
January 30th, 07:32 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গান্ধী স্মৃতিত আয়োজিত এখনি প্ৰাৰ্থনা সভাত অংশগ্ৰহণ কৰে। শ্ৰী মোদীয়ে কয় যে বাপুৰ প্ৰচেষ্টাতে আমাৰ স্বাধীনতা আন্দোলনৰ গতিপথে নতুন ৰূপ ধাৰণ কৰিছিল আৰু তেওঁ ভাৰতৰ যাত্ৰাত ৰাখি থৈ যোৱা গভীৰ পদাংক প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি অনুভূত হৈ আছে।প্ৰধানমন্ত্ৰীয়ে ৰাজঘাটত জাতিৰ পিতা মহাত্মা গান্ধীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে
January 30th, 01:54 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জাতিৰ পিতা মহাত্মা গান্ধীৰ মৃত্যু বাৰ্ষিকী উপলক্ষে ৰাজঘাটত তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয় যে বাপুৰ কালজয়ী আদৰ্শই আমাৰ ৰাষ্ট্ৰৰ যাত্ৰাক পথ-প্ৰদৰ্শন কৰি আহিছে। আমি তেওঁৰ নীতিৰাজি আৰু ন্যায়, সম্প্ৰীতি তথা মানৱতাৰ সেৱাৰে বদ্ধমূল এখনি ভাৰত গঢ়ি তোলাৰ প্ৰতি আমাৰ অংগীকাৰৰ কথা দোহাৰিছো, শ্ৰী মোদীয়ে কয়।ৰাষ্ট্ৰপিতা মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন প্ৰধানমন্ত্ৰীৰ
January 30th, 10:41 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জাতিৰ পিতা মহাত্মা গান্ধীৰ মৃত্যুবাৰ্ষিকীত তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয় যে বাপুৱে সদায় স্বদেশীৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল, যি হৈছে উন্নত আৰু আত্মনিৰ্ভৰশীল ভাৰতৰ বাবে আমাৰ সংকল্পৰ এক মৌলিক স্তম্ভ। ‘তেওঁৰ ব্যক্তিত্ব আৰু কৰ্মই দেশৰ জনসাধাৰণক কৰ্তব্যৰ পথত আগবাঢ়ি যাবলৈ সদায় অনুপ্ৰাণিত কৰি থাকিব’, শ্ৰী মোদীয়ে কয়।বাপুৰ অহিংসা বাৰ্তা সন্দৰ্ভত আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে সংস্কৃত সুভাশিতম শ্বেয়াৰ
January 30th, 10:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মানৱতাৰ সুৰক্ষাৰ বাবে বাপুৰ অহিংসা নীতি সন্দৰ্ভত আলোকপাত কৰি সংস্কৃত সুভাশিতম শ্বেয়াৰ কৰেঃসবৰমতী আশ্ৰমত মহাত্মা গান্ধীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী মোদী আৰু জাৰ্মানীৰ চেঞ্চেলৰ ফ্ৰেডৰিখ মেৰ্জে
January 12th, 03:04 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু জাৰ্মানীৰ চেঞ্চেলৰ ফ্ৰেডৰিখ মেৰ্জে আহমেদাবাদৰ সবৰমতী আশ্ৰম পৰিদৰ্শন কৰে। তেওঁলোকে মহাত্মা গান্ধীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।