শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিৰ সৈতে টেলিফোনিক বাৰ্তালাপ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

December 01st, 08:45 pm

আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি মহামহিম শ্ৰী অনুৰা কুমাৰা দিছানায়কৰ সৈতে টেলিফোনত বাৰ্তালাপ কৰে।

ঘূৰ্ণীবতাহ দিতৱাৰ ফলত শ্ৰীলংকাত হোৱা প্ৰাণহানিৰ ঘটনাত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

November 28th, 03:37 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ঘূৰ্ণীবতাহ দিতৱাৰ ধ্বংসলীলাত নিজৰ প্ৰিয়জনক হেৰুওৱা শ্ৰীলংকাৰ জনসাধাৰণৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰে। তেওঁ ইয়াৰ দ্বাৰা প্ৰভাৱিত সকলো পৰিয়ালৰ সুৰক্ষা আৰু দ্ৰুত আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনায়।

আই এন এছ বিক্ৰান্তত সশস্ত্ৰ বাহিনীৰ সৈতে দীপাৱলী উদযাপনৰ সময়ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পূৰ্ণপাঠ

October 20th, 10:30 am

আজি এটা আচৰিত দিন, এই মুহূৰ্তটো স্মৰণীয়, এই দৃশ্য আচৰিত। আজি মোৰ এফালে বিশাল মহাসাগৰ আৰু আনফালে ভাৰত মাতাৰ বীৰ সৈনিকৰ অপৰিসীম শক্তি। আজি মোৰ এফালে অসীম দিগন্ত, অন্তহীন আকাশ আৰু আনফালে অসীম শক্তিক মূৰ্ত কৰি তোলা এই বিশাল আই এন এছ বিক্ৰান্ত। সাগৰৰ পানীৰ ওপৰত সূৰ্য্যৰ ৰশ্মিৰ এই জিলিকনি এক প্ৰকাৰে সাহসী সৈনিকে জ্বলোৱা দীপাৱলীৰ প্ৰতিফলন। এইবোৰ আমাৰ ঐশ্বৰিক প্ৰদীপৰ মালা। আপোনালোক সকলো নৌসেনাৰ বীৰ জোৱানৰ মাজত এই পবিত্ৰ দীপাৱলী উৎসৱ উদযাপন কৰিবলৈ পাই মই সৌভাগ্যৱান।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দীপাৱলী উদযাপন কৰিলে আই এন এছ বিক্ৰান্তত

October 20th, 10:00 am

আজি আই এন এছ বিক্ৰান্তত দীপাৱলী উদযাপনৰ সময়ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সশস্ত্ৰ বাহিনীৰ বিষয়া-জোৱানক সম্বোধন কৰে। আজি এটা উল্লেখযোগ্য দিন, এটা উল্লেখযোগ্য মুহূৰ্ত আৰু এটা উল্লেখযোগ্য পৰিঘটনা বুলি উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে এফালে বিশাল মহাসাগৰ আৰু আনফালে ভাৰত মাতৃৰ বীৰ সৈনিকৰ অপৰিসীম শক্তি। তেওঁ কয় যে এটা পক্ষই অসীম দিগন্ত আৰু সীমাহীন আকাশক উপস্থাপন কৰিলেও আনটো পক্ষই অসীম শক্তিক মূৰ্ত কৰি আই এন এছ বিক্ৰান্তৰ বিশাল শক্তিক প্ৰদৰ্শন কৰিছে। প্ৰধানমন্ত্ৰীয়ে পৰ্যবেক্ষণ কৰে যে সাগৰৰ ওপৰত পৰা সূৰ্যৰ পোহৰৰ জিলিকনিয়ে দীপাৱলীৰ সময়ত বীৰ সৈনিকে জ্বলোৱা দীপৰ দৰে হৈ পোহৰৰ এক ঐশ্বৰিক মালাৰ সৃষ্টি কৰিছে। ভাৰতীয় নৌসেনাৰ সাহসী জোৱানসকলৰ মাজত এই দীপাৱলী উদযাপন কৰিবলৈ পোৱাৰ সৌভাগ্যৰ কথাও তেওঁ প্রকাশ কৰে৷

মৰিচাছৰ প্ৰধানমন্ত্ৰীৰ সৈতে যুটীয়া সংবাদ মেলৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতিৰ অসমীয়া অনুবাদ

September 11th, 12:30 pm

আৰু আজি যেতিয়া আমি কাশীত মৰিচাছৰ পৰা অহা বন্ধু-বান্ধৱীক আদৰণি জনাইছো, তেতিয়া ই কেৱল আনুষ্ঠানিকতা নহয়, আধ্যাত্মিক মিলনহে। সেইবাবেই মই গৌৰৱেৰে কওঁ যে ভাৰত আৰু মৰিচাছ কেৱল অংশীদাৰ নহয় বৰঞ্চ এটা পৰিয়াল।

১১ ছেপ্টেম্বৰত উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ড ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে

September 10th, 01:01 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১১ ছেপ্টেম্বৰত উত্তৰ প্ৰদেশ আৰু উত্তৰাখণ্ড ভ্ৰমণ কৰিব।

ফিলিপাইনছৰ ৰাষ্ট্ৰপতিৰ সৈতে যুটীয়া প্ৰেছ বিবৃতিৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিজ্ঞপ্তি

August 05th, 11:06 am

পোন-প্ৰথমে ৰাষ্ট্ৰপতি ডাঙৰীয়া আৰু তেওঁৰ প্ৰতিনিধি দলটোক ভাৰতলৈ আন্তৰিক আদৰণি জনাইছোঁ। এই বৰ্ষত ভাৰত আৰু ফিলিপাইনছৰ কূটনৈতিক সম্পৰ্কৰ ৭৫ বছৰ সম্পূৰ্ণ হৈছে। আৰু এনে প্ৰেক্ষাপটত তেওঁৰ এই ভ্ৰমণে বিশেষ তাৎপৰ্য্য বহন কৰিছে। আমাৰ কূটনৈতিক সম্পৰ্ক নতুন হ’ব পাৰে, কিন্তু আমাৰ সভ্যতাৰ যোগাযোগ প্ৰাচীন কালৰ পৰাই আছিল। ফিলিপাইনছৰ ৰামায়ণ - মহাৰদিয়া লাৱানা-ই আমাৰ শতিকা পুৰণি সাংস্কৃতিক সম্পৰ্কৰ সাক্ষ্য বহন কৰে। এইমাত্ৰ মুকলি কৰা ডাক টিকটত দুয়োখন দেশৰ ৰাষ্ট্ৰীয় ফুলৰ প্ৰতিচ্ছবিয়ে আমাৰ বন্ধুত্বৰ গভীৰতাকে প্ৰতিফলিত কৰে।

মালদ্বীপৰ ৰাষ্ট্ৰপতিৰে প্ৰধানমন্ত্ৰীৰ বৈঠক

July 25th, 08:48 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আজি মালেস্থিত ৰাষ্ট্ৰপতি কাৰ্য্যালয়ত মালদ্বীপ গণৰাজ্যৰ ৰাষ্ট্ৰপতি মহামহিম ডঃ মুহম্মদ মুইজ্জুৰ সৈতে এখনি বৈঠকত মিলিত হয়। বৈঠকৰ পূৰ্বে ৰিপাব্লিক স্কোৱাৰত প্ৰধানমন্ত্ৰীক ৰাষ্ট্ৰপতি মুইজ্জুৱে সম্ভাষণ আৰু আনুষ্ঠানিকভাৱে আদৰণি জনায়। উক্ত বৈঠকত দুয়োখন ৰাষ্ট্ৰৰ মাজৰ বদ্ধমূল সম্পৰ্ক আৰু বন্ধুত্বৰ কথা দোহৰা হয়।

মালদ্বীপৰ ৰাষ্ট্ৰপতিৰ সৈতে যুটীয়া সংবাদমেলৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতি

July 25th, 06:00 pm

প্ৰথমে সকলো ভাৰতীয়ৰ হৈ ৰাষ্ট্ৰপতি তথা মালদ্বীপৰ জনসাধাৰণলৈ স্বাধীনতাৰ ৬০ বছৰীয়া ঐতিহাসিক বৰ্ষপূৰ্তিত মোৰ উষ্ম শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

প্ৰধানমন্ত্ৰীৰ গ্ৰেট ব্ৰিটেইন আৰু মালদ্বীপ ভ্ৰমণ (২৩ – ২৬ জুলাই, ২০২৫)

July 20th, 10:49 pm

২৩–২৬ জুলাইলৈ প্ৰধানমন্ত্ৰী মোদীয়ে ব্ৰিটেইন আৰু মালদ্বীপ ভ্ৰমণ কৰিব।প্ৰধানমন্ত্ৰী ষ্টাৰমাৰৰ সৈতে তেওঁ ব্যাপক আলোচনা কৰাৰ লগতে তেওঁলোকে চিএছপিৰ অগ্ৰগতিও পৰ্যালোচনা কৰিব। প্ৰধানমন্ত্ৰী মোদীয়ে ২৬ জুলাইত মালদ্বীপৰ স্বাধীনতাৰ ৬০বছৰীয়া জয়ন্তী উদযাপনত ‘সন্মানীয় অতিথি’ হিচাপে উপস্থিত থাকিব। মালদ্বীপৰ ৰাষ্ট্ৰপতি মুইজুক সাক্ষাৎ কৰি পাৰস্পৰিক স্বাৰ্থজড়িত বিষয়ত আলোচনা কৰিব।