মহৰ্ষি দয়ানন্দ সৰস্বতী জীলৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি
February 12th, 10:17 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহৰ্ষি দয়ানন্দ সৰস্বতী জীৰ জয়ন্তীত তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয় যে তেওঁ কেৱল শিক্ষাৰ প্ৰচাৰ কৰায়েই নহয়, ভাৰতীয় সংস্কৃতি আৰু পৰম্পৰাক সমৃদ্ধ কৰাৰ ক্ষেত্ৰতো অতুলনীয় অৱদান আগবঢ়াইছে। ‘সামাজিক সংস্কাৰৰ বাবে তেওঁৰ প্ৰচেষ্টাই দেশৰ জনসাধাৰণৰ বাবে অনুপ্ৰেৰণাৰ উৎস হিচাপে কাম কৰি থাকিব’, শ্ৰী মোদীয়ে লগতে কয়।বেদৰ কালজয়ী জ্ঞানৰ ওপৰত আলোকপাত কৰি প্ৰধানমন্ত্ৰীৰ সংস্কৃত সুভাশিতম শ্বেয়াৰ
February 12th, 08:45 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বেদৰ কালজয়ী জ্ঞানৰ ওপৰত আলোকপাত কৰি এটা সংস্কৃত সুভাশিতম শ্বেয়াৰ কৰেঃপ্ৰধানমন্ত্ৰীয়ে নতুন দিল্লীত আয়োজিত আন্তঃৰাষ্ট্ৰীয় আৰ্য্য মহাসন্মিলন, ২০২৫-ৰ কাৰ্য্যসূচী সম্বোধন কৰে
October 31st, 06:08 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ৰোহিনীত আয়োজিত আন্তঃৰাষ্ট্ৰীয় আৰ্য্য মহাসন্মিলন, ২০২৫-ৰ কাৰ্য্যসূচী সম্বোধন কৰে। এই উপলক্ষে শ্ৰী মোদীয়ে কয় যে ক্ষন্তেক পূৰ্বে শুনা মন্ত্ৰধ্বনিসমূহৰ শক্তি এতিয়াও সকলোৱে অনুভৱ কৰি আছে। তেওঁ কয় যে যেতিয়াই তেওঁ এনে সমাৱেশৰ মাজলৈ আহে, তেতিয়াই ঐশ্বৰিক আৰু অসাধাৰণ অভিজ্ঞতা লাভ কৰে। এই অনুভূতিৰ কাৰণ তেওঁ স্বামী দয়ানন্দ জীৰ আশীৰ্বাদ বুলি কয়। প্ৰধানমন্ত্ৰীয়ে স্বামী দয়ানন্দ জীৰ আদৰ্শৰ প্ৰতি গভীৰ শ্ৰদ্ধা প্ৰকাশ কৰে। উপস্থিত সকলো চিন্তকৰ সৈতে তেওঁৰ দশক-দশক পুৰণি আত্মীয়তাৰ বান্ধোনৰ কথা উল্লেখেৰে কয় যে তেওঁলোকে তেওঁক বাৰে-বাৰে তেওঁলোকৰ মাজত থকাৰ সুযোগ দিছে। তেওঁ উল্লেখ কৰে যে যেতিয়াই তেওঁলোকক লগ পায় আৰু তেওঁলোকৰ সৈতে যোগাযোগ কৰে, তেতিয়াই তেওঁৰ মন এক সুকীয়া শক্তি আৰু এক অনন্য প্ৰেৰণাৰে ভৰি পৰে।মহৰ্ষি দয়ানন্দ সৰস্বতীৰ জন্মবাৰ্ষিকীত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি
February 12th, 02:24 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মহান চিন্তাবিদ, সমাজ সংস্কাৰক আৰু উগ্ৰ জাতীয়তাবাদী মহৰ্ষি দয়ানন্দ সৰস্বতীক তেখেতৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।