সেৱা সংকল্প প্ৰস্তাৱ
February 24th, 04:53 pm
২০২৬ চনৰ ২৪ ফেব্ৰুৱাৰীত মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত প্ৰধানমন্ত্ৰীৰ নতুন কাৰ্যালয় 'সেৱা তীৰ্থ'ত কেন্দ্ৰীয় কেবিনেটৰ প্ৰথমখন ঐতিহাসিক বৈঠক অনুষ্ঠিত হৈছে। এই বৈঠক আৰু এই ভৱনটো নতুন ভাৰতৰ পুনৰ্গঠনৰ এক দৃশ্যমান প্ৰকাশ। এই উদ্বোধনী অনুষ্ঠানৰ জৰিয়তে আমি এনে এক ভৱিষ্যতক আদৰণি জনাইছো যি ভৱিষ্যত গঢ় দিবলৈ শতিকাজোৰা শ্ৰমৰ প্ৰয়োজন হৈছিল। স্বাধীনতাৰ পিছৰ বহু কেইটা দশক ধৰি চৰকাৰসমূহে চাউথ ব্লকৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰাই দেশৰ উত্তৰাধিকাৰক লালন-পালন কৰি আহিছে আৰু ভৱিষ্যতৰ সোপন ৰচিছে । আমি এনে এখন ভাৰতৰ সপোন দেখিছিলো, যিখন ভাৰতৰ চিন্তাধাৰা থলুৱাৰ সৈতে সংপৃক্ত , ইয়াৰ ৰূপ আধুনিক আৰু ইয়াৰ সম্ভাৱনাও অসীম। আজি এই সেৱা তীৰ্থ সেই ধাৰণাৰেই এক মূৰ্ত ৰূপ, যিয়ে গণতন্ত্ৰৰ মাতৃ হিচাপে ভাৰতৰ গৌৰৱ বৃদ্ধি কৰিব।দিল্লীৰ চিত্তৰঞ্জন পাৰ্কত দুৰ্গা পূজা উদযাপনত অংশগ্ৰহণ কৰিলে প্ৰধানমন্ত্ৰীয়ে
September 30th, 09:24 pm
শুভ মহা অষ্টমী উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে আজি দিল্লীৰ চিত্তৰঞ্জন পাৰ্কত আয়োজিত দুৰ্গা পূজা উদযাপনত অংশগ্ৰহণ কৰে।প্ৰধানমন্ত্ৰীয়ে মহা অষ্টমী উপলক্ষে সকলোকে শুভেচ্ছা জনাইছে
September 30th, 09:11 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে শুভ মহা অষ্টমী উপলক্ষে সকলোকে শুভেচ্ছা জনাইছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে এই পবিত্ৰ উপলক্ষই যেন সকলোৰে জীৱনলৈ সুখ, শান্তি আৰু সু-স্বাস্থ্য কঢ়িয়াই আনে, তাৰ কামনা কৰে। শ্ৰী মোদীয়ে দেৱীৰ প্ৰাৰ্থনা (স্তুতি) ও শ্বেয়াৰ কৰে।