মহাৰাষ্ট্ৰৰ নাগপুৰত মাধৱ নেত্ৰালয় প্ৰিমিয়াম চেন্টাৰৰ আধাৰশিলা স্থাপনৰ সময়ত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

March 30th, 11:53 am

মই গুড়ি-পড়ৱা আৰু নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনালোঁ! শ্ৰদ্ধাৰ সৰ সংঘচালক ডঃ মোহন ভাগৱত ডাঙৰীয়া, স্বামী গোবিন্দ গিৰি জী মহাৰাজ, স্বামী অবধেশানন্দ গিৰি জী মহাৰাজ, মহাৰাষ্ট্ৰৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফডণবীছ জী, কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থ নীতিন গাডকাৰী জী, ডঃ অবিনাশ চন্দ্ৰ অগ্নিহোত্ৰী জী, আন-আন বিশিষ্ট ব্যক্তিসকল আৰু ইয়াত উপস্থিত থকা সকলো জ্যেষ্ঠ সতীৰ্থ, আজি ৰাষ্ট্ৰযজ্ঞৰ এই পবিত্ৰ অনুষ্ঠানত ইয়াত উপস্থিত থকাৰ সৌভাগ্য লাভ কৰিছোঁ। আজি চৈত্ৰ শুক্ল প্ৰতিপদৰ এই দিনটো অতিশয় বিশেষ। আজিৰে পৰা আৰম্ভ হৈছে নৱৰাত্ৰিৰ পবিত্ৰ উৎসৱ। আজি দেশৰ ভিন্ন প্ৰান্তত গুড়ি-পড়ৱা, উগাড়ী আৰু নভৰেহ উৎসৱো উদযাপন কৰা হৈছে। আজি ভগৱান ঝুলেলাল জী আৰু গুৰু অংগদ দেৱ জীৰ জন্ম বাৰ্ষিকীও। আমাৰ প্ৰেৰণা, অতি শ্ৰদ্ধাৰ ডাঃ চাহেবৰ জন্ম বাৰ্ষিকীও। আৰু এই বছৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ গৌৰৱময় যাত্ৰাৰ ১০০ বছৰো পূৰ্ণ হৈছে। আজি এই উপলক্ষে স্মৃতি মন্দিৰ পৰিদৰ্শন কৰি শ্ৰদ্ধাৰ ডাঃ চাহেব আৰু শ্ৰদ্ধাৰ গুৰুজীক শ্ৰদ্ধাঞ্জলি জনোৱাৰ সৌভাগ্য লাভ কৰিছোঁ।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাষ্ট্ৰৰ নাগপুৰত ‘মাধৱ নেত্ৰালয় প্ৰিমিয়াম কেন্দ্ৰ’ৰ আধাৰশিলা স্থাপন কৰে

March 30th, 11:52 am

প্ৰধানমন্ত্ৰীয়ে আজি মহাৰাষ্ট্ৰৰ নাগপুৰত ‘মাধৱ নেত্ৰালয় প্ৰিমিয়াম কেন্দ্ৰ’ৰ আধাৰশিলা স্থাপন কৰে। সমবেত লোকসকলক সম্বোধন কৰি তেওঁ পৱিত্ৰ ‘নৱৰাত্ৰি উৎসৱ’ৰ আৰম্ভণি উপলক্ষে ‘চৈত্ৰ শুক্লা প্ৰতিপাদ’ৰ তাৎপৰ্য প্ৰসংগত আলোকপাত কৰে। তেওঁ উল্লেখ কৰে যে সমগ্ৰ দেশতে আজি ‘গুড়ি পড়ৱা’, ‘উগাড়ি’ আৰু ‘নৱৰেহ’ৰ দৰে উৎসৱ পালন কৰা হৈছে। তেওঁ দিনটোৰ গুৰুত্ব প্ৰসংগত মন্তব্য কৰি কয় যে এইটো দিৱসে ভগৱান ঝুলেলাল আৰু গুৰু অঙ্গদ দেৱৰ জয়ন্তীৰে সংগতি ৰাখে। তেওঁ এই অনুষ্ঠানক অনুপ্ৰেৰণাদায়ক ড০ কে বি হেডগেৱাৰৰ জন্ম জয়ন্তী আৰু ‘ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ’ (আৰ এছ এছ)ৰ সুন্দৰ যাত্ৰাৰ শতবাৰ্ষিকী বৰ্ষ হিচাপেও স্বীকাৰ কৰে। তেওঁ এই গুৰুত্বপূৰ্ণ দিনটোত ‘স্মৃতি মন্দিৰ’ ভ্ৰমণ কৰি ড০ হেডগেৱাৰ আৰু শ্ৰী গোলৱলকাৰ গুৰুজীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

৩০ মাৰ্চত প্ৰধানমন্ত্ৰীৰ মহাৰাষ্ট্ৰ আৰু ছত্তীশগড় ভ্ৰমণ

March 28th, 02:15 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৩০ মাৰ্চত মহাৰাষ্ট্ৰ আৰু ছত্তীশগড় ভ্ৰমণ কৰিব। নাগপুৰত পুৱা প্ৰায় ৯ বজাত উপস্থিত হৈ তেওঁ স্মৃতি মন্দিৰত দৰ্শন কৰিব আৰু তাৰ পাছত দীক্ষাভূমিলৈ যাব।