নতুন দিল্লীত আয়োজিত এম.এছ. স্বামীনাথন শতবাৰ্ষিকী আন্তঃৰাষ্ট্ৰীয় সন্মিলনত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

August 07th, 09:20 am

মোৰ কেবিনেট সতীৰ্থ শ্ৰী শিৱৰাজ সিং চৌহান; এম.এছ. স্বামীনাথন ৰিচাৰ্চ ফাউণ্ডেচনৰ অধ্যক্ষ ডঃ সৌম্য স্বামীনাথন; নিটি আয়োগৰ সদস্য ডঃ ৰমেশ চান্দ; মই স্বামীনাথনৰ পৰিয়ালৰ ভালে কেইজন সদস্যও ইয়াত উপস্থিত থকা দেখিবলৈ পাইছোঁ— মই তেওঁলোককো শ্ৰদ্ধাৰে শুভেচ্ছা জনাইছোঁ। সকলো বিজ্ঞানী, বিশিষ্ট অতিথি, ভদ্ৰলোক আৰু মহিলাক সম্ভাষণ জনালোঁ!

এম এছ স্বামীনাথন শতবাৰ্ষিকী আন্তঃৰাষ্ট্ৰীয় সন্মিলন সম্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

August 07th, 09:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত আইচিএআৰ পিইউএছএত এম এছ স্বামীনাথন শতবাৰ্ষিকী আন্তঃৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন আৰু সম্বোধন কৰে। অধ্যাপক এম এছ স্বামীনাথনৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁক এজন দূৰদৰ্শী ব্যক্তি হিচাপে অভিহিত কৰে, যাৰ বৰঙণিয়ে এটা যুগৰ সূচনা কৰে। তেওঁ লগতে কয় যে অধ্যাপক স্বামীনাথন এগৰাকী মহান বিজ্ঞানী আছিল, যিয়ে বিজ্ঞানক জনসেৱাৰ মাধ্যমলৈ ৰূপান্তৰিত কৰিছিল। শ্ৰী মোদীয়ে উল্লেখ কৰে যে অধ্যাপক স্বামীনাথনে দেশৰ বাবে খাদ্য সুৰক্ষা নিশ্চিত কৰিবলৈ নিজৰ জীৱন উৎসৰ্গা কৰিছিল। অধ্যাপক স্বামীনাথনে এনে এক চেতনা জাগ্ৰত কৰিলে যিয়ে আগন্তুক শতিকাজুৰি ভাৰতৰ নীতি আৰু অগ্ৰাধিকাৰক পথ প্ৰদৰ্শন কৰি থাকিব বুলি তেওঁ উল্লেখ কৰে। স্বামীনাথনৰ জন্ম শতবাৰ্ষিকী উদযাপন উপলক্ষে তেওঁ সকলোকে শুভেচ্ছা জ্ঞাপন কৰে।

India is one of the brightest spots in world economy : PM Modi at Bloomberg Economic Summit

March 28th, 07:03 pm