১৭-১৮ জানুৱাৰীত অসম ভ্ৰমণ প্ৰধানমন্ত্ৰীৰ
January 16th, 02:51 pm
১৭ জানুৱাৰীত সন্ধিয়া প্ৰায় ৬ বজাত প্ৰধানমন্ত্ৰীয়ে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত পৰম্পৰাগত বড়ো সাংস্কৃতিক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।লক্ষ্ণৌত ৰাষ্ট্ৰীয় প্ৰেৰণা স্থল উদ্বোধনৰ সময়ত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ ইংৰাজী অনুবাদ
December 25th, 06:16 pm
উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দিবেন পেটেল; ৰাজ্যখনৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ জী; কেন্দ্ৰীয় মন্ত্ৰীসভাত মোৰ জ্যেষ্ঠ সহযোগী আৰু লক্ষ্ণৌৰ সাংসদ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং জী; উত্তৰ প্ৰদেশত বিজেপিৰ সভাপতি আৰু কেন্দ্ৰীয় মন্ত্ৰী পৰিষদত মোৰ সহযোগী শ্ৰী পংকজ চৌধুৰী জী; ৰাজ্য চৰকাৰৰ উপ-মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্য আৰু ব্ৰজেশ পাঠক জী; ইয়াত উপস্থিত অন্যান্য মন্ত্ৰীসকল, জন প্ৰতিনিধি, ভদ্রমহিলা আৰু মহোদয়সকল,উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ৰাষ্ট্ৰ প্ৰেৰণা স্থল উদ্বোধন
December 25th, 05:23 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ জীৱন আৰু আদৰ্শক সন্মান জনোৱাৰ বাবে উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত ৰাষ্ট্ৰ প্ৰেৰণা স্থল উদ্বোধন কৰে। শ্ৰী বাজপেয়ীৰ ১০১সংখ্যক জয়ন্তী উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে আজি লক্ষ্ণৌ এক নতুন অনুপ্ৰেৰণাৰ সাক্ষী হৈ পৰিছে। তেওঁ দেশ আৰু বিশ্বক বৰদিনৰ শুভেচ্ছা জ্ঞাপন কৰে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে ভাৰততো আজি লাখ লাখ খ্ৰীষ্টান পৰিয়ালে এই উৎসৱ উদযাপন কৰি আছে। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে বৰদিনৰ এই উৎসৱে সকলোৰে জীৱনত সুখ কঢ়িয়াই আনিব লাগে, যিটো সকলোৰে সামূহিক ইচ্ছা।প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ ১০১ সংখ্যক জয়ন্তী উপলক্ষে ২৫ ডিচেম্বৰত প্ৰধানমন্ত্ৰীৰ উত্তৰ প্ৰদেশ ভ্ৰমণ
December 24th, 11:04 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৫ চনৰ ২৫ ডিচেম্বৰত প্ৰাক্তন প্ৰধানমন্ত্ৰী ভাৰতৰত্ন শ্ৰী অটল বিহাৰী বাজপেয়ীৰ ১০১ সংখ্যক জয়ন্তী উপলক্ষে উত্তৰ প্ৰদেশৰ লক্ষ্ণৌ ভ্ৰমণ কৰিব। প্ৰায় দুপৰীয়া ২.৩০ বজাত প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰ প্ৰেৰণা স্থল উদ্বোধন কৰিব আৰু এই উপলক্ষে এক ৰাজহুৱা সমাৱেশকো সম্বোধন কৰিব।বন্দে মাতৰমৰ ১৫০সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে লোকসভাত বিশেষ আলোচনাৰ সময়ত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ অসমীয়া অনুবাদ
December 08th, 12:30 pm
এয়া এনে এক সময় য'ত ইতিহাসৰ বহুতো অনুপ্ৰেৰণাদায়ক অধ্যায় আমাৰ সন্মুখত পুনৰ উন্মোচিত হৈছে। আমি আমাৰ সংবিধানৰ ৭৫সংখ্যক বৰ্ষপূৰ্তি উদযাপন কৰিছো। আজি দেশবাসীয়ে চৰ্দাৰ বল্লভভাই পেটেল আৰু ভগৱান বিৰছা মুণ্ডাৰ ১৫০সংখ্যক জয়ন্তী পালন কৰিছে আৰু অলপতে আমি গুৰু টেগ বাহাদুৰজীৰ ৩৫০সংখ্যক বলিদান দিৱস পালন কৰাৰ লগতে আজি আমি বন্দে মাতৰমৰ ১৫০সংখ্যক বৰ্ষপূৰ্তি সদনৰ এক সামূহিক শক্তি উপলব্ধি কৰাৰ প্ৰয়াস কৰিছো। ১৫০বছৰীয়া বন্দে মাতৰমৰ এই যাত্ৰা বিভিন্ন পৰ্যায়ত হৈছে।লোকসভাত ৰাষ্ট্ৰীয় গীত ‘বন্দে মাতৰম’ৰ ১৫০ বছৰ উদযাপন উপলক্ষে অনুষ্ঠিত বিশেষ আলোচনাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ প্ৰদান
December 08th, 12:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লোকসভাত ৰাষ্ট্ৰীয় গীত ‘বন্দে মাতৰম’ৰ ১৫০ বছৰ উদযাপন উপলক্ষে অনুষ্ঠিত বিশেষ আলোচনাত ভাষণ দিয়ে। প্ৰধানমন্ত্ৰীয়ে এই গুৰুত্বপূৰ্ণ অনুষ্ঠানত সামূহিক আলোচনাৰ পথ বাছনি কৰাৰ বাবে সদনৰ সকলো সন্মানীয় সদস্যক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ মন্তব্য কৰে যে ত্যাগ আৰু তপস্যাৰ পথ প্ৰদৰ্শন কৰি ৰাষ্ট্ৰৰ স্বাধীনতা আন্দোলনক শক্তি প্ৰদান আৰু অনুপ্ৰাণিত কৰা মন্ত্ৰ তথা স্পষ্ট আহ্বানেৰে বন্দে মাতৰমক স্মৰণ কৰা হৈছে আৰু ই সদনৰ সকলোৰে বাবে এক বৃহৎ বিশেষত্ব। শ্ৰী মোদীয়ে উল্লেখ কৰে যে দেশখনে ১৫০ বছৰীয়া বন্দে মাতৰমৰ ঐতিহাসিক অনুষ্ঠানৰ সাক্ষী হোৱাটো গৌৰৱৰ বিষয়। তেওঁ কয় যে এই সময়ছোৱাই আমাৰ সন্মুখত ইতিহাসৰ অগণন ঘটনা কঢ়িয়াই আনিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰি কয় যে এই আলোচনাত কেৱল সদনৰ প্ৰতিশ্ৰুতিয়েই প্ৰতিফলিত নহয়, বৰঞ্চ সকলোৱে সামূহিকভাৱে ইয়াৰ উচিত ব্যৱহাৰ কৰিলে ভৱিষ্যৎ প্ৰজন্মৰ বাবে শিক্ষাৰ উৎস হিচাপেও কাম কৰিব পাৰিব।বাৰাণসীৰপৰা চাৰিখন বন্দে ভাৰত এক্সপ্ৰেছ ৰেলৰ ফ্লেগ-অফ কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
November 08th, 08:39 am
উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী শ্ৰী আদিত্যনাথ জী; কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থ আৰু বিকশিত ভাৰতৰ শক্তিশালী ভেটি স্থাপন কৰা উল্লেখযোগ্য প্ৰযুক্তিগত অগ্ৰগতিৰ নেতৃত্ব প্ৰদানকাৰী শ্ৰী অশ্বিনী বৈষ্ণৱ জী; এৰ্নাকুলামৰ পৰা প্ৰযুক্তিৰ জৰিয়তে আমাৰ সৈতে যোগদান কৰা কেৰালাৰ ৰাজ্যপাল শ্ৰী ৰাজেন্দ্ৰ আৰ্লেকাৰ জী; কেন্দ্ৰত মোৰ সতীৰ্থ শ্ৰী সুৰেশ গোপী জী আৰু শ্ৰী জৰ্জ কুৰিয়ান জী; কেৰালাত এই কাৰ্য্যসূচীত উপস্থিত থকা আন সকলো মন্ত্ৰী আৰু জনপ্ৰতিনিধি; কেন্দ্ৰত মোৰ সতীৰ্থ আৰু পঞ্জাৱৰ নেতা তথা ফিৰোজপুৰৰ পৰা সংযুক্ত শ্ৰী ৰৱনীত সিং বিট্টু জী; তাত থকা সকলো জনপ্ৰতিনিধি; লক্ষ্ণৌৰ পৰা সংযুক্ত উত্তৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী শ্ৰী ব্ৰজেশ পাঠক জী; আন-আন বিশিষ্ট অতিথি আৰু মোৰ কাশীৰ পৰিয়ালৰ সদস্যসকল!প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰাণসীৰ পৰা চাৰিখন নতুন বন্দে ভাৰত এক্সপ্ৰেছ ৰেলৰ ফ্লেগ অফ কৰে
November 08th, 08:15 am
ভাৰতৰ আধুনিক ৰেল আন্তঃগাঁথনি সম্প্ৰসাৰণৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ বাৰাণসীৰ পৰা চাৰিখন নতুন বন্দে ভাৰত এক্সপ্ৰেছ ৰেলৰ ফ্লেগ-অফ কৰে। এই উপলক্ষে সমবেতসকলক সম্বোধনেৰে শ্ৰী মোদীয়ে সকলো বিশিষ্ট ব্যক্তিকে আদৰণি জনোৱাৰ লগতে বাবা বিশ্বনাথৰ পবিত্ৰ নগৰ বাৰাণসীৰ সকলো পৰিয়াললৈ শুভেচ্ছা জনায়। তেওঁ দেৱ দীপাৱলীৰ সময়ত প্ৰত্যক্ষ কৰা অসাধাৰণ উদযাপন কাৰ্য্য সন্দৰ্ভত ব্যক্ত কৰি আজিও এক শুভ অনুষ্ঠান বুলি উল্লেখেৰে উন্নয়নৰ এই উৎসৱৰ বাবে সকলোকে শুভেচ্ছা জ্ঞাপন কৰে।লক্ষ্ণৌৱে ইউনেস্ক’ৰ ক্ৰিয়েটিভ চিটি অৱ গেষ্ট্ৰ’নমি হিচাপে চিহ্নিত হোৱাৰ বিষয়কলৈ সুখ প্ৰকাশ কৰিলে প্ৰধানমন্ত্ৰীয়ে
November 01st, 02:13 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লক্ষ্ণৌক ইউনেস্ক’ৰ ক্ৰিয়েটিভ চিটি অৱ গেষ্ট্ৰ’নমি হিচাপে চিহ্নিত কৰাত সুখ প্ৰকাশ কৰিছে।২০ - ২১ জুনত বিহাৰ, ওড়িশা আৰু অন্ধ্ৰ প্ৰদেশ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
June 19th, 05:48 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০ - ২১ জুনত বিহাৰ, ওড়িশা আৰু অন্ধ্ৰ প্ৰদেশ ভ্ৰমণ কৰিব। অহা ২০ জুনত তেওঁ বিহাৰৰ ছিৱান ভ্ৰমণ কৰি দুপৰীয়া প্ৰায় ১২ বজাত আধাৰশিলা স্থাপনৰ লগতে একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰিব। লগতে এই উপলক্ষে সভাত ভাষণ দিব।We are making UP a state of industrial possibilities: PM Modi in Kanpur Nagar, Uttar Pradesh
May 30th, 03:29 pm
PM Modi laid the foundation stone, inaugurated various projects worth around Rs 47,600 crore at Kanpur. He expressed pride in UP's major contributions to achieving defence self-sufficiency. He highlighted the launch of Mission Manufacturing in this year’s budget, designed to bolster Make in India by promoting local industries and production.প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ কানপুৰত প্ৰায় ৪৭,৬০০ কোটি টকা ব্যয়সাপেক্ষ এলানি প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন কৰে
May 30th, 03:08 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ কানপুৰত প্ৰায় ৪৭,৬০০ কোটি টকাৰ এলানি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰাৰ উপৰি একাংশ প্ৰকল্প উদ্বোধন কৰে। এই উপলক্ষে আয়োজিত এখন সভাত ভাষণ দি তেওঁ কয় যে, প্ৰথমে ২০২৫ চনৰ ২৪ এপ্ৰিলত নিৰ্ধাৰিত কানপুৰ ভ্ৰমণ পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ বাবে বাতিল কৰিবলগীয়া হৈছিল। এই বৰ্বৰ কাণ্ডৰ বলি হোৱা কানপুৰৰ সন্তান শ্ৰী শুভম দ্বিবেদীলৈ তেওঁ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে সমগ্ৰ দেশৰ ভগ্নী-কন্যাসকলৰ যন্ত্ৰণা, দুখ-কষ্ট, ক্ষোভ আৰু সামূহিক যন্ত্ৰণা তেওঁ গভীৰভাৱে হৃদয়ংগম কৰিছে। তেওঁ কয় যে এই সামূহিক ক্ৰোধ ‘অপাৰেশ্যন সিন্দূৰ’ৰ সূচনা হোৱাৰ লগে লগে বিশ্বজুৰি দেখিবলৈ পোৱা গৈছিল। তেওঁ ‘অপাৰেশ্যন সিন্দূৰ’ৰ সফলতাত গুৰুত্ব আৰোপ কৰে, যিটো অভিযানত পাকিস্তানত সন্ত্ৰাসবাদীয়ে আত্মগোপন কৰি থকা ঘাটিসমূহ ধ্বংস কৰা হয় আৰু পৰৱৰ্তি সময়ত পাকিস্তানী সেনাই সংঘাতৰ অন্ত পেলাবলৈ অনুৰোধ কৰিবলৈ বাধ্য হয়। প্ৰধানমন্ত্ৰীয়ে স্বাধীনতা সংগ্ৰামৰ ভূমিৰ পৰা দেশৰ সশস্ত্ৰ বাহিনীৰ সাহসক শ্ৰদ্ধাঞ্জলি জনোৱাত গুৰুত্ব আৰোপ কৰি তেওঁলোকৰ বীৰত্বক প্ৰণাম জনায়। তেওঁ পুনৰ দৃঢ়তাৰে কয় যে ‘অপাৰেশ্যন সিন্দূৰ’ৰ সময়ত দয়া ভিক্ষা কৰা শত্ৰুহঁত কোনো ভ্ৰমৰ মাজত থাকিব নালাগে, কাৰণ ‘অপাৰেশ্যন সিন্দূৰ’ এতিয়াও শেষ হোৱা নাই। প্ৰধানমন্ত্ৰীয়ে সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত ভাৰতৰ তিনিটা স্পষ্ট নীতিৰ ৰূপৰেখা দাঙি ধৰে। প্ৰথমতে, প্ৰতিটো সন্ত্ৰাসবাদী আক্ৰমণৰ বিৰুদ্ধে ভাৰতে নিৰ্ণায়ক প্ৰতিক্ৰিয়া আগবঢ়াব। এই প্ৰতিক্ৰিয়াৰ সময়, পদ্ধতি আৰু চৰ্ত কেৱল ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে নিৰ্ধাৰণ কৰিব। দ্বিতীয়তে, ভাৰতক আৰু পাৰমাণৱিক ভাবুকিৰে ভয় খুৱাব নোৱাৰিব, এনে সতৰ্কবাণীৰ ভিত্তিত সিদ্ধান্তও ল’ব নোৱাৰিব। তৃতীয়তে, ভাৰতে সন্ত্ৰাসবাদৰ ‘মাষ্টাৰমাইণ্ড’ আৰু সিহঁতক আশ্ৰয় দিয়া চৰকাৰ দুয়োটাকে একে দৃষ্টিৰেহে চাব। পাকিস্তানৰ ৰাষ্ট্ৰ আৰু ‘অনা-ৰাষ্ট্ৰীয় অভিনেতা’হঁতৰ মাজত থকা পাৰ্থক্য আৰু মানি লোৱা নহ’ব। প্ৰধানমন্ত্ৰীয়ে নিৰ্দ্বিধাই দৃঢ়তাৰে কয় যে শত্ৰু য’তেই নাথাকক কিয়, ইয়াক নিৰ্মূল কৰাই হ’ব।ভূৱনেশ্বৰত ৩০ নৱেম্বৰৰ পৰা ১ ডিচেম্বৰলৈ অনুষ্ঠিতব্য আৰক্ষী সঞ্চালক প্ৰধান/মহাপৰিদৰ্শকৰ সৰ্বভাৰতীয় সন্মিলনত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে
November 29th, 09:54 am
ওড়িশাৰ ভূৱনেশ্বৰৰ ‘লোকসেৱা ভৱন’ৰ ‘ৰাজ্যিক সন্মিলন কেন্দ্ৰ’ত ৩০ নৱেম্বৰৰ পৰা ১ ডিচেম্বৰ, ২০২৪লৈ অনুষ্ঠিত হ'বলগীয়া ‘আৰক্ষী সঞ্চালক প্ৰধান/মহাপৰিদৰ্শকৰ সৰ্বভাৰতীয় সন্মিলন’ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰিব।লক্ষ্ণৌত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ বাবে শোক প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে, পীড়িতসকলৰ বাবে অনুদান ঘোষণা
September 08th, 01:13 pm
উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত এটা অট্টালিকা খহি পৰাৰ ফলত প্ৰাণ হেৰুওৱা লোকসকলৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শোক প্ৰকাশ কৰে।This election is to free country from mentality of 1000 years of slavery: PM in Aonla
April 25th, 01:07 pm
In the Aonla rally, PM Modi continued to criticize the opposition, whether it be the Congress or the Samajwadi Party, stating that they only think about their own families. He said, “For these people, their family is everything, and they do not care about anyone else. In Uttar Pradesh, the Samajwadi Party did not find a single Yadav outside their family to whom they could give a ticket. Whether it's Badaun, Mainpuri, Kannauj, Azamgarh, Firozabad, everywhere, tickets have been given only to members of the same family. Such people will always prioritize the welfare of their own family, and for them, anyone outside their family holds no significance.”PM Modi captivates massive audiences at vibrant public gatherings in Agra, Aonla & Shahjahanpur, Uttar Pradesh
April 25th, 12:45 pm
In anticipation of the 2024 Lok Sabha Elections, Prime Minister Narendra Modi delivered stirring addresses to massive crowds in Agra, Aonla and Shahjahanpur in Uttar Pradesh. Amidst an outpouring of affection and respect, PM Modi unveiled a transparent vision for a Viksit Uttar Pradesh and a Viksit Bharat. The PM exposed the harsh realities of the Opposition’s trickery and their “loot system”.লক্ষ্ণৌত ইউপি গ্ল'বেল ইনভেষ্টৰ্ছ ছামিটৰ চতুৰ্থ গ্ৰাউণ্ডব্ৰেকিং সমাৰোহত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
February 19th, 03:00 pm
আজি আমি ইয়াত বিকশিত ভাৰতৰ বাবে বিকশিত উত্তৰ প্ৰদেশ গঢ়ি তোলাৰ সংকল্প লৈ একত্ৰিত হৈছোঁ। আৰু মোক কোৱা হৈছে যে বৰ্তমান প্ৰযুক্তিৰ জৰিয়তে আমাৰ সৈতে ইউপিৰ ৪০০ৰো অধিক বিধানসভা আসনত লাখ লাখ লোক এই কাৰ্যসূচীৰ সৈতে জড়িত হৈ আছে। প্ৰযুক্তিৰ জৰিয়তে এই কাৰ্যসূচীৰ সৈতে জড়িত মোৰ পৰিয়ালৰ এই সকলো সদস্যক মই আন্তৰিকতাৰে আদৰণি জনাইছোঁ। ৭-৮ বছৰ আগতে আমি কল্পনাও কৰিব পৰা নাছিলোঁ যে উত্তৰ প্ৰদেশতো বিনিয়োগ আৰু চাকৰিৰ সন্দৰ্ভত এনে পৰিৱেশৰ সৃষ্টি হ’ব। চৌদিশে অপৰাধ, দাঙ্গা, কাঢ়ি নিয়াৰ খবৰ আহিছিল। সেই সময়ছোৱাত যদি কোনোবাই ক’লেহেঁতেন যে ইউপিক বিকশিত কৰিম, হয়তো কোনেও শুনিবলৈ সাজু নহ’লহেঁতেন, বিশ্বাস কৰাৰ কোনো প্ৰশ্নই উত্থাপন নহ’লহেঁতেন। কিন্তু চাওক আজি, লাখ লাখ কোটি টকাৰ বিনিয়োগ উত্তৰ প্ৰদেশৰ মাটিত অৱতৰণ কৰিছে। আৰু মই উত্তৰ প্ৰদেশৰ সাংসদ। আৰু মোৰ উত্তৰ প্ৰদেশত যেতিয়া কিবা এটা ঘটে তেতিয়া মই আটাইতকৈ বেছি সুখী অনুভৱ কৰোঁ। আজি হাজাৰ হাজাৰ প্ৰকল্পৰ কাম আৰম্ভ হৈছে। এইবোৰ কাৰখানা যিবোৰ আহি আছে, এই উদ্যোগবোৰে যিবোৰ আহি আছে, সেইবোৰে ইউপিৰ ছবি সলনি কৰিবলৈ গৈ আছে। মই সকলো বিনিয়োগকাৰীক, আৰু বিশেষকৈ ইউপিৰ সকলো যুৱক-যুৱতীলৈ অভিনন্দন জনাইছোঁ।উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত ‘বিকশিত ভাৰত বিকশিত উত্তৰ প্ৰদেশ’ কাৰ্যসূচী সম্বোধন কৰে প্ৰধানমন্ত্ৰীয়ে
February 19th, 02:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লক্ষ্ণৌত ‘বিকশিত ভাৰত বিকশিত উত্তৰ প্ৰদেশ’ কাৰ্যসূচীত ভাষণ দিয়ে। তেওঁ ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত ‘ইউপি গ্লোবেল ইনভেষ্টৰ্ছ ছামিট ২০২৩’ৰ ‘চতুৰ্থ গুৰুত্বপূৰ্ণ অনুষ্ঠান’ত উত্তৰ প্ৰদেশত ১০ লাখ কোটি টকাৰো অধিক মূল্যৰ ১৪০০০ প্ৰকল্পৰ শুভাৰম্ভ ঘোষণা কৰে। প্ৰকল্পসমূহ উৎপাদন, নৱীকৰণযোগ্য শক্তি, তথ্য প্ৰযুক্তি আৰু আইটিইএছ, খাদ্য সংসাধন, গৃহ নিৰ্মাণ আৰু ‘ৰিয়েল এষ্টেট’, আতিথ্য আৰু মনোৰঞ্জন, আৰু শিক্ষাৰ দৰে খণ্ডৰ সৈতে সম্পৰ্কিত।মন কী বাত, ডিচেম্বৰ ২০২৩
December 31st, 11:30 am
বন্ধুসকল, ‘মন কী বাত’ শুনি বহুতে মোক লিখি নিজৰ স্মৰণীয় মুহূৰ্তবোৰ শ্বেয়াৰ কৰিছে। এশ চল্লিশ কোটি ভাৰতীয়ৰ শক্তি এই যে এইবাৰ আমাৰ দেশে বহু বিশেষ তাৎপৰ্যপূৰ্ণ সাফল্য লাভ কৰিছে। এই বছৰতে ‘নাৰী শক্তি বন্দন আইন’ গৃহীত হয় যিটো বহু বছৰ ধৰি অপেক্ষা কৰি আছিল। ভাৰত পঞ্চম বৃহত্তম অৰ্থনৈতিক শক্তি হিচাপে পৰিগণিত হোৱাৰ লগে লগে বহু লোকে আনন্দ প্ৰকাশ কৰি চিঠি লিখিছিল। বহুতে মোক জি-২০ সন্মিলনৰ সফলতাৰ কথা সোঁৱৰাই দিছিল৷ বন্ধুসকল, আজি ভাৰতৰ প্ৰতিটো কোণত আত্মবিশ্বাসেৰে ভৰপূৰ, উন্নত ভাৰতৰ চিন্তাত, আত্মনিৰ্ভৰশীলতাৰ চিন্তাত আকৰ্ষিত। ২০২৪ চনত আমি এই চিন্তা আৰু প্ৰভাৱ বজাই ৰখাটো প্ৰয়োজন। দীপাৱলীৰ অভিলেখ পৰিমাণ সামগ্ৰী বিক্ৰীয়ে প্ৰমাণ কৰিলে যে প্ৰতিজন ভাৰতীয়ই ‘ভোকেল ফৰ লোকেল’ মন্ত্ৰক মূল্য দিয়ে।উত্তৰ প্ৰদেশৰ গোড়খপুৰ ৰেলৱে ষ্টেচনৰ পৰা দুখন বন্দে ভাৰত ৰে’লৰ ফ্লেগ অফ প্ৰধানমন্ত্ৰীৰ
July 07th, 08:45 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ গোড়খপুৰ ৰেলৱে ষ্টেচনৰ পৰা দুখন বন্দে ভাৰত এক্সপ্ৰেছ ৰে’লৰ ফ্লেগ অফ কৰে। বন্দে ভাৰত ৰে’ল দুখন হ’ল গোড়খপুৰ–লক্ষ্ণৌ বন্দে ভাৰত এক্সপ্ৰেছ আৰু যোধপুৰ–আহমেদাবাদ (সাবৰমতী) বন্দে ভাৰত এক্সপ্ৰেছ। প্রধানমন্ত্রীয়ে প্রায় ৪৯৮ কোটি টকা ব্যয় সাপেক্ষে গোৰখপুৰ ৰে’লৱে ষ্টেচনৰ পুনৰ উন্নয়নৰ আধাৰশিলাও স্থাপন কৰে আৰু প্ৰস্তাৱিত গোড়খপুৰ ৰেলৱে ষ্টেচনৰ মডেল পৰিদৰ্শন কৰে।