২৯.০৬.২০২৫ত ‘মন কী বাত’ৰ ১২৩সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
June 29th, 11:30 am
নমস্কাৰ। 'মন কী বাত'লৈ আপোনালোকক স্বাগতম। সকলোকে অভিনন্দন জনাইছো। বৰ্তমান আপোনালোক সকলোৱেই যোগৰ শক্তি আৰু ‘আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস’ৰ স্মৃতিৰে পৰিপূৰ্ণ হৈ আছে। এইবাৰো ২১ জুনত দেশৰ লগতে বিশ্বৰ কোটি কোটি লোকে ‘আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস’ত অংশগ্ৰহণ কৰিলে। আপোনালোকৰ নিশ্চয় মনত আছে ১০ বছৰ আগতে যোগ দিৱস আৰম্ভ হৈছিল। এতিয়া ১০ বছৰৰ পাছত এই ধাৰাটো প্ৰতি বছৰে অধিক বিশাল হৈ পৰিছে। ইয়াৰ দ্বাৰাও দৈনন্দিন জীৱনত অধিক সংখ্যক লোকে যোগাসনক গ্ৰহণ কৰাৰ ইংগিত পোৱা যায়। আমি এইবাৰ 'যোগ দিৱস'ৰ ইমানবোৰ আকৰ্ষণীয় ছবি দেখিছো। তিনি লাখ লোকে বিশাখাপট্টনমৰ উপকূলত একেলগে যোগাসন কৰিলে। আন এক আচৰিত দৃশ্য আহিল বিশাখাপট্টনমৰ পৰাই, দুহাজাৰৰো অধিক জনজাতীয় ছাত্ৰ-ছাত্ৰীয়ে ১০৮ মিনিটত ১০৮ বাৰ সূৰ্য্য নমস্কাৰ কৰিলে। কল্পনা কৰকচোন, তেওঁলোকৰ কিমান অনুশাসন, কিমান সমৰ্পণ আছিল। আমাৰ নৌসেনাৰ জাহাজবোৰতো যোগৰ এক ভব্য আভাস দেখা গ’ল৷ তিনি হাজাৰ দিব্যাংগ বন্ধুৱে একেলগে তেলেংগানাত যোগ শিবিৰত অংশ লৈছিল। তেওঁলোকে দেখুৱাইছিল যে যোগাসনে কেনেকৈ সবলীকৰণৰো মাধ্যম হৈ পৰিছে। দিল্লীৰ মানুহে পৰিস্কাৰ যমুনাৰ সংকল্পৰ সৈতে যোগক সংযোগ কৰি যমুনাৰ পাৰলৈ গৈ যোগাসন কৰিলে। বিশ্বৰ সৰ্বোচ্চ ৰে’ল দলং জম্মু-কাশ্মীৰৰ চেনাব দলঙতো মানুহে যোগাসন কৰিলে। হিমালয়ৰ বৰফৰ শৃংগ আৰু আইটিবিপিৰ জোৱানেও যোগ অনুশীলন কৰা দেখা গ’ল। সাহস আৰু সাধনা একেলগে দেখিবলৈ পালো। গুজৰাটৰ মানুহেও সৃষ্টি কৰিলে এক নতুন ইতিহাস। বাদনগৰত ২,১২১ জন লোকে একেলগে ভুজংগাসন কৰি এক নতুন অভিলেখ গঢ়িলে। যোগৰ ছবি নিউয়ৰ্ক, লণ্ডন, টকিঅ’, পেৰিছকে ধৰি পৃথিৱীৰ প্ৰতিখন ডাঙৰ চহৰৰ পৰা আহিছিল আৰু প্ৰতিখন ছবিতে এটা বস্তু বিশেষ আছিল, শান্তি, ধৈৰ্য আৰু ভাৰসাম্য। এইবাৰ থিমটোও আছিল অতি বিশেষ, ‘এক বিশ্ব, এক স্বাস্থ্যৰ বাবে যোগ’। এয়া কেৱল শ্লোগান নহয়, ই এক দিশ যিয়ে আমাক ‘বসুধৈৱ কুটুম্বকম’ অনুভৱ কৰাইছে। মই নিশ্চিত যে এইবাৰৰ যোগ দিৱসৰ বিশালতাই নিশ্চিতভাৱে অধিক সংখ্যক লোকক যোগ গ্ৰহণৰ বাবে অনুপ্ৰাণিত কৰিব।ভগৱান জগন্নাথৰ ৰথ যাত্ৰা উপলক্ষে প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা
June 27th, 09:13 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভগৱান জগন্নাথৰ ৰথ যাত্ৰা উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰে।ওড়িশাৰ ৰাজ্য চৰকাৰৰ এবছৰ সম্পূৰ্ণ হোৱা উপলক্ষে্য অনুষ্ঠিত কাৰ্যসূচীত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ
June 20th, 04:16 pm
ওড়িশাৰ ৰাজ্যপাল হৰি বাবু ডাঙৰীয়া , আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী মোহন চৰণ মাঝি ডাঙৰীয়া , কেন্দ্ৰীয় কেবিনেটত মোৰ সহযোগী জুৱাল ওৰাম ডাঙৰীয়া , ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়া , অশ্বিনী বৈষ্ণৱ ডাঙৰীয়া, ওড়িশাৰ উপ মুখ্যমন্ত্ৰী কনক বৰ্ধন সিং দেৱ ডাঙৰীয়া, প্ৰৱতী পৰিদা ডাঙৰীয়া, ৰাজ্য চৰকাৰৰ অন্যান্য মন্ত্ৰী, সাংসদ আৰু বিধায়ক আৰু ওড়িশাৰ মোৰ সকলো ভাই-ভনী!প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ওড়িশা চৰকাৰৰ এবছৰ সম্পূৰ্ণ হোৱা উপলক্ষ্যে ১৮,৬০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন, আধাৰশিলা স্থাপন কৰে
June 20th, 04:15 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভুৱনেশ্বৰত ওড়িশা চৰকাৰৰ এবছৰ সম্পূৰ্ণ হোৱা উপলক্ষ্যে আয়োজিত অনুষ্ঠানত সভাপতিত্ব কৰে। ওড়িশাৰ সামগ্ৰিক উন্নয়নৰ প্ৰতি থকা দায়বদ্ধতাৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰীয়ে খোৱাপানী, জলসিঞ্চন, কৃষি আন্তঃগাঁথনি, স্বাস্থ্য আন্তঃগাঁথনি, গ্ৰাম্য পথ আৰু দলং, ৰাষ্ট্ৰীয় ঘাইপথৰ কিছু অংশ, আৰু নতুন ৰে'লপথকে ধৰি জটিল খণ্ডসমূহ সামৰি ১৮,৬০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়ন প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে।ভিডিঅ' কনফাৰেন্সৰ মাধ্যমত বিকশিত কৃষি সংকল্প অভিযানৰ শুভাৰম্ভৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
May 29th, 06:45 pm
আজি ভগৱান জগন্নাথ জীৰ আশীৰ্বাদত দেশৰ কৃষকসকলৰ বাবে এক বৃহৎ অভিযান আৰম্ভ হৈছে। 'বিকশিত কৃষি সংকল্প অভিযান' স্বৰূপাৰ্থতে এক অনন্য পদক্ষেপ। বাৰিষাৰ আগমন ঘটিছে, খাৰিফ বতৰৰ বাবে প্ৰস্তুতি চলি আছে আৰু এনে পৰিস্থিতিত আগন্তুক ১২ৰ পৰা ১৫ দিনলৈকে দেশৰ বিজ্ঞানী, বিশেষজ্ঞ, বিষয়া আৰু প্ৰগতিশীল কৃষকৰ ২ হাজাৰৰো অধিক গোট, ২ হাজাৰৰো অধিক টিম গাঁৱে গাঁৱে গৈছে। এই দলসমূহে দেশৰ ৭০০ৰো অধিক জিলাৰ কোটি কোটি কৃষকৰ কাষ চাপিব। মই দেশৰ সকলো কৃষকক, এই দলসমূহৰ সৈতে জড়িত সকলো সহকৰ্মীলৈ, এই মহা অভিযানৰ বাবে, এক বৃহৎ অভিলাষী কাৰ্যসূচীৰ বাবে আৰু কৃষিৰ উজ্জ্বল ভৱিষ্যতৰ বাবে বহুতো শুভেচ্ছা জনাইছোঁ।বিকশিত কৃষি সংকল্প অভিযানৰ শুভাৰম্ভণি অনুষ্ঠানত ভাষণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
May 29th, 06:44 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে বিকশিত কৃষি সংকল্প অভিযানৰ শুভাৰম্ভণি অনুষ্ঠানত ভাষণ আগবঢ়ায়। এই উপলক্ষে ভাষণত তেওঁ কৃষকৰ বাবে এক উল্লেখযোগ্য পদক্ষেপ আৰু কৃষি উন্নয়নত সহায়ৰ বাবে এক অনন্য প্ৰচেষ্টা হিচাপে বিকশিত কৃষি সংকল্প অভিযান আৰম্ভ কৰা বুলি মন্তব্য কৰে। প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে বাৰিষা ওচৰ চাপি অহাৰ লগে লগে আৰু খাৰিফ বতৰৰ প্ৰস্তুতি আৰম্ভ হোৱাৰ পৰিপ্ৰেক্ষিতত অহা ১২ৰ পৰা ১৫ দিনত বিজ্ঞানী, বিশেষজ্ঞ, বিষয়া আৰু প্ৰগতিশীল কৃষকৰে গঠিত ২০০০ দলে ৭০০তকৈ অধিক জিলা ভ্ৰমণ কৰি গাঁৱৰ লাখ লাখ কৃষকৰ কাষ চাপিব। ভাৰতৰ কৃষি খণ্ডক শক্তিশালী কৰাৰ বাবে তেওঁলোকৰ নিষ্ঠা স্বীকাৰ কৰি তেওঁ এই দলসমূহৰ সকলো কৃষক আৰু অংশগ্ৰহণকাৰীলৈ শুভেচ্ছা জ্ঞাপন কৰে।উৰিষ্যাৰ ভুৱনেশ্বৰত ‘অষ্টাদশ প্ৰৱাসী ভাৰতীয় দিৱস সন্মিলন’ৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
January 09th, 10:15 am
ভদ্ৰমহিলা আৰু ভদ্ৰলোকসকল! ‘ভগৱান জগন্নাথ’ আৰু ‘ভগৱান লিঙ্গৰাজ’ৰ এই পবিত্ৰ ভূমিত মই সমগ্ৰ বিশ্বৰ পৰা অহা মোৰ ভাৰতীয় প্ৰবাসী পৰিয়ালসমূহক আদৰণি জনাইছোঁ। আৰম্ভণিতে গোৱা আদৰণি গীতটো, সমগ্ৰ বিশ্বৰ য'তেই ভাৰতীয় সম্প্ৰদায়ৰ অনুষ্ঠান অনুষ্ঠিত হ'ব এই আদৰণি গীতটো ভৱিষ্যতে বাৰে বাৰে বজোৱা হ'বই বুলি মই ন-দি ক’ব পাৰো। আপোনালোকক অভিনন্দন। আপোনালোকৰ দলে এগৰাকী প্ৰবাসী ভাৰতীয়ৰ আবেগ সুন্দৰভাৱে প্ৰকাশ কৰিছে, আপোনালোকক অভিনন্দন জনাইছোঁ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ওড়িশাত ১৮ সংখ্যক প্ৰবাসী ভাৰতীয় দিৱস সন্মিলন উদ্বোধন কৰে
January 09th, 10:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ওড়িশাৰ ভূৱনেশ্বৰত ১৮ সংখ্যক প্ৰবাসী ভাৰতীয় দিৱস সন্মিলন উদ্বোধন কৰে। বিশ্বৰ ভিন্ন প্ৰান্তৰপৰা ইয়ালৈ অহা সকলো প্ৰতিনিধি আৰু প্ৰবাসী লোকসকলক আদৰণি জনাই শ্ৰী মোদীয়ে সমগ্ৰ বিশ্বতে ভৱিষ্যতে প্ৰবাসী ভাৰতীয়ৰ ভিন্ন অনুষ্ঠানত উদ্বোধনী গীতটো পৰিবেশন কৰা হ’ব বুলি আশা প্ৰকাশ কৰে। তেখেতে গ্ৰেমী বঁটা বিজয়ী শিল্পী ৰিকি কেজ আৰু তেওঁৰ টীমটোক প্ৰশংসাৰে কয় যে প্ৰবাসী ভাৰতীয়ৰ আৱেগ আৰু অনুভৱৰ অনুৰণন ঘটা গীতটি আশ্চৰ্য্যকৰ।Developing Indian Railways is key to achieving the resolve of Viksit Bharat: PM
January 06th, 01:00 pm
PM Modi inaugurated key railway projects in Jammu, including the new Jammu Railway Division, and launched the Charlapalli Terminal Station in Telangana. He also laid the foundation for the Rayagada Railway Division Building in Odisha. These initiatives aim to modernize railway infrastructure, improve connectivity, create jobs, and promote regional development, with special emphasis on enhancing passenger facilities and boosting economic growth.বিভিন্ন ৰে'ল প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
January 06th, 12:30 pm
শ্ৰী গুৰু গোবিন্দ সিংজী জয়ন্তী উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰি প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয় যে তেওঁৰ শিক্ষা আৰু জীৱনে এক শক্তিশালী আৰু সমৃদ্ধিশালী দেশৰ দৃষ্টিভংগীক অনুপ্ৰাণিত কৰে। সংযোগৰ ক্ষেত্ৰত ভাৰতৰ দ্ৰুতগতিত অগ্ৰগতিৰ প্ৰশংসা কৰি শ্ৰী মোদীয়ে কয় যে ২০২৫ চনৰ আৰম্ভণিৰ পৰাই ভাৰতে মেট্ৰ’ ৰে’ল নেটৱৰ্ক ১০০০ কিলোমিটাৰতকৈও অধিক সম্প্ৰসাৰণ কৰি নিজৰ পদক্ষেপ ত্বৰান্বিত কৰি আহিছে। তেওঁ কালি দিল্লী মেট্ৰ’ প্ৰকল্প আৰম্ভ কৰাৰ লগতে দিল্লী-এনচিআৰত শেহতীয়াকৈ নমো ভাৰত ৰে’ল উদ্বোধনৰ কথা উল্লেখ কৰে।We are working fast in every sector for the development of Odisha: PM Modi at Odisha Parba 2024
November 24th, 08:48 pm
PM Modi addressed Odisha Parba 2024, celebrating Odisha's rich cultural heritage. He paid tribute to Swabhaba Kabi Gangadhar Meher on his centenary, along with saints like Dasia Bauri, Salabega, and Jagannath Das. Highlighting Odisha's role in preserving India's cultural persity, he shared the inspiring tale of Lord Jagannath leading a battle and emphasized faith, unity, and pine guidance in every endeavor.প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে 'ওড়িশা পৰ্ব-২০২৪' উদযাপনৰ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে
November 24th, 08:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অনুষ্ঠিত ‘ওড়িশা পৰ্ব-২০২৪’ উদযাপনৰ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰে। ইয়াত সমবেতসকলক সম্বোধনেৰে তেখেতে ওড়িশাৰ সকলো ভাই-ভনীক সম্ভাষণ জনায়। তেখেতে এই বছৰ স্বভাৱ কবি গংগাধৰ মেহেৰৰ মৃত্যু শতবাৰ্ষিকী উপলক্ষে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জনায়। এই উপলক্ষে তেওঁ ভক্ত দাশীয়া ভৌৰী, ভক্ত চালাবেগা আৰু ওড়িয়া ভাগৱতৰ জনক শ্ৰী জগন্নাথ দাসলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।ওড়িশাৰ ভুৱনেশ্বৰত বিভিন্ন উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন/ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
September 17th, 12:26 pm
ওড়িশাৰ ৰাজ্যপাল ৰঘুবৰ দাস জী, ইয়াৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী মোহন মাঞ্জী জী, মোৰ কেন্দ্ৰীয় কেবিনেট সতীৰ্থ জুৱাল ওৰাম জী, ধৰ্মেন্দ্ৰ প্ৰধান জী, অন্নপূৰ্ণা দেৱী জী, ওড়িশাৰ উপ মুখ্যমন্ত্ৰী কে. ভি সিংদেৱ জী, শ্ৰীমতী প্ৰভাতি পৰিদা জী, সাংসদ, বিধায়ক, দেশৰ প্ৰতিটো কোণৰ পৰা আজি আমাৰ লগত যোগদান কৰা আন সকলো গণ্যমান্য ব্যক্তি আৰু মোৰ ওড়িশাৰ ভাই-ভনীসকল।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ওড়িশাৰ ভূৱনেশ্বৰত 'সুভদ্ৰা' নামৰ সৰ্ববৃহৎ মহিলাকেন্দ্ৰিক আঁচনিৰ শুভাৰম্ভ কৰে
September 17th, 12:24 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ওড়িশাৰ ভূৱনেশ্বৰত ওড়িশা চৰকাৰৰ মুখ্য আঁচনি 'সুভদ্ৰা' মুকলি কৰে। ই হৈছে সৰ্ববৃহৎ, একক মহিলা কেন্দ্ৰিক আঁচনি আৰু ই ১ কোটিৰো অধিক মহিলাক সামৰি ল'ব বুলি আশা কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে ১০ লাখতকৈও অধিক মহিলাৰ বেংক একাউণ্টত পুঁজি স্থানান্তৰৰ কামআৰম্ভ কৰে। শ্ৰী মোদীয়ে ২৮০০ কোটি টকাৰ অধিক মূল্যৰ ৰে'ল প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰাৰ লগতে ১০ কোটি টকাৰ অধিক মূল্যৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্ৰীয়ে প্ৰায় ১৪ খন ৰাজ্যৰ পিএমএৱাই-জিৰ অধীনত প্ৰায় ১০ লাখ হিতাধিকাৰীক প্ৰথম কিস্তিৰ সাহায্য মুকলি কৰে, সমগ্ৰ দেশৰ পৰা পিএমএৱাই (গ্ৰাম্য আৰু নগৰ)ৰ ২৬ লাখ হিতাধিকাৰীৰ বাবে গৃহ প্ৰৱেশ উদযাপনত অংশগ্ৰহণ কৰে আৰু পিএমএৱাই (গ্ৰামীণ আৰু নগৰ) হিতাধিকাৰীসকলক ঘৰৰ চাবি প্ৰদান কৰে।লগতে, তেওঁ পিএমএৱাই-জিৰ বাবে অতিৰিক্ত পৰিয়ালৰ জৰীপৰ বাবে আৱাস+ ২০২৪ এপ মুকলি কৰে, আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ কাৰ্যকৰী নিৰ্দেশনা – নগৰ (পিএমএৱাই-ইউ)২.০ মুকলি কৰে।সংবিধান আৰু গণতান্ত্ৰিক ব্যৱস্থাৰ ওপৰত অটল বিশ্বাস পুনৰ দৃঢ় কৰাৰ বাবে দেশবাসীলৈ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ: মন কী বাlত প্ৰধানমন্ত্ৰী মোদী
June 30th, 11:00 am
ফেব্ৰুৱাৰী মাহৰ পৰা এতিয়ালৈকে, যেতিয়াই মাহটোৰ শেষৰ দেওবাৰটো আহিছিল, তেতিয়াই আপোনালোকৰ লগত এই বাৰ্তালাপৰ অভাৱ অনুভৱ কৰিছিলোঁ। কিন্তু মোৰ এইটো দেখি বহুত ভাল লাগিছিল যে এই মাহবোৰত আপোনালোকে মোলৈ লাখ লাখ মেছেজ পঠালে। 'মন কী বাত' ৰেডিঅ' অনুষ্ঠানটো কেইমাহমানৰ বাবে বন্ধ হৈ থাকিলেও কিন্তু 'মান কী বাত'ৰ উচাহ দেশত, সমাজত, প্ৰতিদিনে ভাল কাম, নিস্বাৰ্থ মনোভাৱেৰে কৰা কাম, সমাজৰ কামৰ ওপৰত ইতিবাচক প্ৰভাৱ-অবিৰতভাৱে চলি থাকিল। নিৰ্বাচনৰ খবৰৰ মাজতে নিশ্চয় মনটোক চুই যোৱা এইবোৰ খবৰ আপোনালোকে লক্ষ্য কৰিছে।People of 'rich' Odisha remained poor due to Congress and BJD: PM Modi in Berhampur
May 06th, 09:41 pm
Prime Minister Narendra Modi today addressed a mega public meeting in Odisha’s Berhampur. Addressing a huge gathering, the PM said, “Today, our Ram Lalla is enshrined in the magnificent Ram Temple. This is the wonder of your one vote... which has ended a 500-year wait. I congratulate all the people of Odisha.PM Modi addresses public meetings in Odisha’s Berhampur and Nabarangpur
May 06th, 10:15 am
Prime Minister Narendra Modi today addressed two mega public meetings in Odisha’s Berhampur and Nabarangpur. Addressing a huge gathering, the PM said, “Today, our Ram Lalla is enshrined in the magnificent Ram Temple. This is the wonder of your one vote... which has ended a 500-year wait. I congratulate all the people of Odisha.মহিলাসকল হৈছে বিকশিত ভাৰত সংকল্প যাত্ৰাৰ মূল অংশীদাৰ
November 30th, 01:26 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে বিকশিত ভাৰত সংকল্প যাত্ৰাৰ হিতাধিকাৰীসকলৰ সৈতে মত-বিনিময় কৰে। তেখেতে প্ৰধানমন্ত্ৰী মহিলা কিষাণ ড্ৰোন কেন্দ্ৰও উদ্বোধন কৰে। এই কাৰ্য্যসূচীতে প্ৰধানমন্ত্ৰীগৰাকীয়ে এইমছ, দেওঘৰত ১০,০০০ সংখ্যক জন ঔষধি কেন্দ্ৰটো উৎসৰ্গা কৰে। ইয়াৰোপৰি শ্ৰী মোদীয়ে দেশত জন ঔষধি কেন্দ্ৰৰ সংখ্যা ১০,০০০ ৰপৰা ২৫,০০০লৈ বৃদ্ধিৰ কাৰ্য্যসূচীৰো শুভাৰম্ভ কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে চলিত বৰ্ষৰ স্বাধীনতা দিৱসৰ ভাষণত মহিলা আত্ম-সহায়ক গোটসমূহক (SHG) ড্ৰোন প্ৰদানৰ লগতে জন ঔষধি কেন্দ্ৰৰ সংখ্যা ১০,০০০ ৰপৰা ২৫,০০০লৈ বৃদ্ধি, এই দুই পদক্ষেপৰ কথা ঘোষণা কৰিছিল। এই কাৰ্য্যসূচীৰ জৰিয়তে উক্ত ঘোষণাৰাজিৰ পৰিপূৰণ নিশ্চিত কৰা হয়।২০৪৭ চনৰ ভিতৰত অৰুণাচলৰ গাঁৱত বিকশিত ভাৰতৰ বাৰ্তা প্ৰতিধ্বনিত
November 30th, 01:26 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে বিকশিত ভাৰত সংকল্প যাত্ৰাৰ হিতাধিকাৰীসকলৰ সৈতে বাৰ্তালাপ কৰে। তেওঁ প্ৰধানমন্ত্ৰী মহিলা কিষাণ ড্ৰোণ কেন্দ্ৰও মুকলি কৰে। এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে দেওঘৰৰ এইমছত ১০,০০০ সংখ্যক জন ঔষধী কেন্দ্ৰ উৎসৰ্গা কৰে। তদুপৰি, শ্ৰী মোদীয়ে দেশত জন ঔষধি কেন্দ্ৰৰ সংখ্যা ১০,০০০ ৰ পৰা ২৫,০০০ লৈ বৃদ্ধি কৰাৰ বাবেও কাৰ্যসূচী আৰম্ভ কৰে। মহিলা আত্মসহায়ক গোটসমূহক ড্ৰোন প্ৰদান কৰা আৰু জন ঔষধি কেন্দ্ৰৰ সংখ্যা বৃদ্ধি কৰা –এই দুয়োটা পদক্ষেপৰ বিষয়ে প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰে। তেওঁ এই বছৰৰ আৰম্ভণিতে স্বাধীনতা দিৱসৰ ভাষণত জন ঔষধি কেন্দ্ৰৰ সংখ্যা ১০,০০০ ৰ পৰা ২৫,০০০ লৈ বৃদ্ধি কৰাৰ বিষয়ে ঘোষণা কৰিছিল। এই কাৰ্যসূচীয়ে প্ৰধানমন্ত্ৰী মোডীৰ প্ৰতিশ্ৰুতি পূৰণ কৰাটো চিহ্নিত কৰে।প্ৰধানমন্ত্ৰীয়ে হিতাধিকাৰী কৃষকক জয় জগন্নাথৰে শুভেচ্ছা জনায়
November 30th, 01:25 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ভিডিঅ' কনফাৰেন্সিং’ ব্যৱস্থাৰে ‘বিকশিত ভাৰত সংকল্প যাত্ৰা’ৰ হিতাধিকাৰীসকলৰ সৈতে বাৰ্তালাপ কৰে। তেওঁ ‘প্ৰধানমন্ত্ৰী মহিলা কিষাণ ড্ৰোণ কেন্দ্ৰ’ও মুকলি কৰে। এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে দেওঘৰৰ ‘এইমছ’ত ‘১০,০০০ সংখ্যক জন ঔষধী কেন্দ্ৰ’টো আনুষ্ঠানিক ভাবে মুকলি কৰে। তদুপৰি, শ্ৰী মোদীয়ে দেশত ‘জন ঔষধী কেন্দ্ৰ’ৰ সংখ্যা ১০,০০০ৰ পৰা ২৫,০০লৈ বৃদ্ধি কৰাৰ বাবে গ্ৰহণ কৰা কাৰ্যসূচীৰো শুভাৰম্ভ কৰে। প্ৰধানমন্ত্ৰীয়ে এই দুয়োটা পদক্ষেপৰ কথা ঘোষণা কৰে, মহিলা ‘এছএইচজি’সমূহক ‘ড্ৰোন’ প্ৰদান কৰে। প্ৰণিধানযোগ্য যে এই বছৰৰ আৰম্ভণিতে ‘স্বাধীনতা দিৱস’ৰ ভাষণত ‘জন ঔষধী কেন্দ্ৰ’ৰ সংখ্যা ১০,০০০ৰ পৰা ২৫,০০০ লৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছিল। আজিৰ কাৰ্যসূচীটোৱে এই প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰাটোকে চিহ্নিত কৰে।