
ভূপালত অনুষ্ঠিত ‘দেৱী অহিল্যাবাঈ মহিলা সাৱলীকৰণ মহাসন্মিলন’ত এলানি প্ৰকল্পৰ শুভাৰম্ভণি কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
May 31st, 11:00 am
মধ্য প্ৰদেশৰ ৰাজ্যপাল শ্ৰীমান মংগুভাই পেটেল, আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰীমান মোহন যাদৱ জী, প্ৰযুক্তিৰ জৰিয়তে আমাৰ সৈতে সংযুক্ত কেন্দ্ৰীয় মন্ত্ৰীসকল, ইন্দোৰৰ পৰা তোখন সাহু জী, দতিয়াৰ পৰা ৰাম মোহন নাইডু জী, সতনাৰ পৰা মুৰালীধৰ মোহল জী, ইয়াত মঞ্চত উপস্থিত ৰাজ্যৰ উপ-মুখ্যমন্ত্ৰী জগদীশ দেৱড়া জী, ৰাজেন্দ্ৰ শুক্লাজী, লোকসভাৰ মোৰ সহকৰ্মী ভি ডি শৰ্মা জী, অন্য মন্ত্ৰীসকল, জনপ্ৰতিনিধি আৰু ইয়াত বৃহৎ সংখ্যাত উপস্থিত থকা মোৰ প্ৰিয় ভাই-ভনীসকল।
মধ্য প্ৰদেশৰ ভূপালত লোকমাতা দেৱী অহিল্যা বাই হোলকাৰৰ ৩০০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে মহিলা সশক্তিকৰণ মহাসমিলনত ভাষণ দি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে
May 31st, 10:27 am
আজি মধ্যপ্ৰদেশৰ ভূপালত লোকমাতা দেৱী অহিল্য বাই হোলকাৰৰ ৩০০ সংখ্যক জন্ম জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লোকমাতা দেৱী অহিল্যবাই মহিলা শক্তিকৰণ মহাসভাত ভাষণ প্ৰদান কৰে। ভূপালত একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। অনুষ্ঠানত ভাষণ দি তেওঁ ‘মা ভাৰতী’ক শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে ভাৰতৰ মহিলাসকলৰ শক্তিক স্বীকাৰ কৰি আৰম্ভ কৰে। অনুষ্ঠানটোক আশীৰ্বাদ দিবলৈ অহা ভগ্নী-কন্যাসকলৰ বৃহৎ সমাৱেশৰ বাবে তেওঁ কৃতজ্ঞতা প্ৰকাশ কৰি তেওঁলোকৰ উপস্থিতিৰ বাবে তেওঁ সন্মানিত অনুভৱ কৰা বুলি উল্লেখ কৰে।
৩১ মে'ত মধ্যপ্ৰদেশ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
May 30th, 11:15 am
‘লোকমাতা’ দেৱী অহিল্যা বাই হোলকাৰৰ ৩০০ সংখ্যক জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ৩১ মে'ত মধ্যপ্ৰদেশ ভ্ৰমণ কৰিব। তেওঁ ভূপালত পুৱা প্ৰায় ১১:১৫ বজাত ‘লোকমাতা দেৱী অহিল্যবাঈ মহিলা সৱলীকৰণ মহাসন্মিলন’ত অংশগ্ৰহণ কৰিব। তেওঁ ভূপালত একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন তথা আধাৰশিলা স্থাপন কৰাৰ লগতে ৰাজহুৱা অনুষ্ঠানত ভাষণ দিব।