১৫ জানুৱাৰীত ২৮ সংখ্যক কমনৱেলথৰ অধ্যক্ষ আৰু প্ৰিজাইডিং বিষয়াৰ সন্মিলন উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে

January 14th, 11:19 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১৫ জানুৱাৰীৰ পুৱা ১০:৩০ বজাত নতুন দিল্লীৰ সংসদ ভৱন কমপ্লেক্সৰ সংবিধান সদনৰ চেন্ট্ৰেল হলত ২৮ সংখ্যক কমনৱেলথৰ অধ্যক্ষ আৰু প্ৰিজাইডিং বিষয়াৰ সন্মিলন (CSPOC) উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰীয়ে এই উপলক্ষে সমবেতসকলক সম্বোধনো কৰিব।

শ্ৰী শিৱৰাজ পাটিলৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

December 12th, 10:26 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰী শিৱৰাজ পাটিলৰ মৃত্যুত শোক প্ৰকাশ কৰি তেওঁক জনসেৱাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰা এগৰাকী অভিজ্ঞ নেতা বুলি অভিহিত কৰে।

প্ৰধানমন্ত্ৰীয়ে লোকসভাত গৃহমন্ত্ৰীয়ে আগবঢ়োৱা অনন্য ভাষণক প্ৰশংসা কৰে

December 10th, 10:54 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লোকসভাত গৃহমন্ত্ৰী শ্ৰী অমিত শ্বাহে আগবঢ়োৱা অনন্য ভাষণক প্ৰশংসা কৰে।

বন্দে মাতৰমৰ ১৫০সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে লোকসভাত বিশেষ আলোচনাৰ সময়ত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ অসমীয়া অনুবাদ

December 08th, 12:30 pm

এয়া এনে এক সময় য'ত ইতিহাসৰ বহুতো অনুপ্ৰেৰণাদায়ক অধ্যায় আমাৰ সন্মুখত পুনৰ উন্মোচিত হৈছে। আমি আমাৰ সংবিধানৰ ৭৫সংখ্যক বৰ্ষপূৰ্তি উদযাপন কৰিছো। আজি দেশবাসীয়ে চৰ্দাৰ বল্লভভাই পেটেল আৰু ভগৱান বিৰছা মুণ্ডাৰ ১৫০সংখ্যক জয়ন্তী পালন কৰিছে আৰু অলপতে আমি গুৰু টেগ বাহাদুৰজীৰ ৩৫০সংখ্যক বলিদান দিৱস পালন কৰাৰ লগতে আজি আমি বন্দে মাতৰমৰ ১৫০সংখ্যক বৰ্ষপূৰ্তি সদনৰ এক সামূহিক শক্তি উপলব্ধি কৰাৰ প্ৰয়াস কৰিছো। ১৫০বছৰীয়া বন্দে মাতৰমৰ এই যাত্ৰা বিভিন্ন পৰ্যায়ত হৈছে।

লোকসভাত ৰাষ্ট্ৰীয় গীত ‘বন্দে মাতৰম’ৰ ১৫০ বছৰ উদযাপন উপলক্ষে অনুষ্ঠিত বিশেষ আলোচনাত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ প্ৰদান

December 08th, 12:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লোকসভাত ৰাষ্ট্ৰীয় গীত ‘বন্দে মাতৰম’ৰ ১৫০ বছৰ উদযাপন উপলক্ষে অনুষ্ঠিত বিশেষ আলোচনাত ভাষণ দিয়ে। প্ৰধানমন্ত্ৰীয়ে এই গুৰুত্বপূৰ্ণ অনুষ্ঠানত সামূহিক আলোচনাৰ পথ বাছনি কৰাৰ বাবে সদনৰ সকলো সন্মানীয় সদস্যক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ মন্তব্য কৰে যে ত্যাগ আৰু তপস্যাৰ পথ প্ৰদৰ্শন কৰি ৰাষ্ট্ৰৰ স্বাধীনতা আন্দোলনক শক্তি প্ৰদান আৰু অনুপ্ৰাণিত কৰা মন্ত্ৰ তথা স্পষ্ট আহ্বানেৰে বন্দে মাতৰমক স্মৰণ কৰা হৈছে আৰু ই সদনৰ সকলোৰে বাবে এক বৃহৎ বিশেষত্ব। শ্ৰী মোদীয়ে উল্লেখ কৰে যে দেশখনে ১৫০ বছৰীয়া বন্দে মাতৰমৰ ঐতিহাসিক অনুষ্ঠানৰ সাক্ষী হোৱাটো গৌৰৱৰ বিষয়। তেওঁ কয় যে এই সময়ছোৱাই আমাৰ সন্মুখত ইতিহাসৰ অগণন ঘটনা কঢ়িয়াই আনিছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰি কয় যে এই আলোচনাত কেৱল সদনৰ প্ৰতিশ্ৰুতিয়েই প্ৰতিফলিত নহয়, বৰঞ্চ সকলোৱে সামূহিকভাৱে ইয়াৰ উচিত ব্যৱহাৰ কৰিলে ভৱিষ্যৎ প্ৰজন্মৰ বাবে শিক্ষাৰ উৎস হিচাপেও কাম কৰিব পাৰিব।

অপাৰেচন সিন্দুৰ সন্দৰ্ভত বিশেষ আলোচনা কালত প্ৰধানমন্ত্ৰী লোকসভাত প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ

July 29th, 05:32 pm

এই অধিৱেশনৰ আৰম্ভণিতে সংবাদ মাধ্যমৰ বন্ধুসকলৰ সৈতে কথা পাতি থাকোঁতে সকলো সন্মানীয় সাংসদক আহ্বান জনাই এটা কথা উল্লেখ কৰিছিলোঁ। মই কৈছিলোঁ যে এই অধিবেশন ভাৰতৰ বিজয় উদযাপনৰ অধিবেশন। সংসদৰ এই অধিবেশন ভাৰতৰ গৌৰৱ গাঁথাৰ অধিৱেশন।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অপাৰেচন সিন্দুৰৰ ওপৰত বিশেষ আলোচনাৰ সময়ত লোকসভাত ভাষণ দিয়ে

July 29th, 05:00 pm

পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিক্ৰিয়া স্বৰূপে ভাৰতৰ শক্তিশালী, সফল আৰু নিৰ্ণায়ক ‘অপাৰেচন সিন্দুৰ’ৰ ওপৰত এক বিশেষ আলোচনাৰ সময়ত আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লোকসভাত ভাষণ দিয়ে। সদনত ভাষণ দি, প্ৰধানমন্ত্ৰীয়ে অধিৱেশনৰ আৰম্ভণিতে সংবাদ মাধ্যমৰ লোকৰ সৈতে হোৱা বাৰ্তালাপৰ কথা স্মৰণ কৰে, আৰু কয় যে তেওঁ সংসদৰ সকলো সন্মানীয় সদস্যক এই অধিৱেশনখনক ভাৰতৰ বিজয়ৰ উদযাপন আৰু ভাৰতৰ গৌৰৱৰ প্ৰতি শ্ৰদ্ধাঞ্জলি বুলি অভিহিত কৰিবলৈ আবেদন জনায়।

সংসদৰ ২০২৫ চনৰ বৰ্ষাকালীন অধিৱেশনৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ

July 21st, 10:30 am

বৰ্ষাকাল হৈছে সতেজতা আৰু সৃষ্টিৰ প্ৰতীক। এতিয়ালৈকে পোৱা খবৰ অনুসৰি, সমগ্ৰ দেশতে বতৰ অনুকূলভাৱে আগবাঢ়িছে, কৃষিৰ বাবে উপযোগী বতৰৰ বাতৰিও পোৱা গৈছে । বৰষুণে কেৱল আমাৰ কৃষকসকলৰ অৰ্থনীতিতে নহয়, দেশৰ অৰ্থনীতি, গ্ৰাম্য অৰ্থনীতি আৰু প্ৰতিটো পৰিয়ালৰ অৰ্থনীতিত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। মই লাভ কৰা তথ্য অনুসৰি, যোৱা দহ বছৰৰ তুলনাত এই বছৰ পানীৰ সংৰক্ষণ প্ৰায় তিনিগুণ অধিক হৈছে, যাৰ ফলত অনাগত দিনবোৰত দেশৰ অৰ্থনীতি যথেষ্ট লাভান্বিত হ’ব।

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ শুভাৰম্ভণি উপলক্ষে প্ৰধানমন্ত্ৰী মোদীৰ ভাষণ

July 21st, 09:54 am

সংসদৰ বৰ্ষাকালীন অধিৱেশন আৰম্ভ হোৱাৰ সময়ত সংবাদ মাধ্যমক সম্বোধন কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে। তেওঁৰ ভাষণত তেওঁ ভয়াবহ পেহেলগাম হত্যাকাণ্ডৰ কথা স্পৰ্শ কৰি পাকিস্তানৰ ভূমিকা উদঙাই দিয়াৰ ক্ষেত্ৰত ভাৰতৰ ৰাজনৈতিক নেতৃত্বৰ ঐক্যবদ্ধ কণ্ঠক প্ৰশংসা কৰে। ডিজিটেল ইণ্ডিয়া বিশেষকৈ ইউপিআইৰ বিশ্বজোৰা স্বীকৃতিৰ কথাও উল্লেখ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। তেওঁ নক্সালবাদ আৰু মাওবাদৰ অৱনতি ঘটিছে বুলি দৃঢ়তাৰে কয় আৰু অপাৰেচন সিন্দূৰৰ সফলতাকো প্ৰশংসা কৰে।

বিহাৰৰ মধুবনীত ৰাষ্ট্ৰীয় পঞ্চায়তীৰাজ দিৱসৰ কাৰ্যসূচী আৰু উন্নয়নমূলক কামৰ শুভাৰম্ভ উপলক্ষে প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

April 24th, 12:00 pm

ভাষণ আৰম্ভ কৰাৰ আগতে মই আপোনালোক সকলোকে এটা অনুৰোধ জনাব বিচাৰিছোঁ; আপোনালোক য'তেই আছে তাতে, নিজৰ স্থানত বহি থাকিয়েই, থিয় হোৱাৰ প্ৰয়োজন নাই, বহি থাকিয়েই ২২ তাৰিখে যিসকল পৰিয়ালৰ সদস্যসক আমি হেৰুৱালোঁ, তেওঁলোকক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবলৈ, কিছু মুহূৰ্ত আমি নিজৰ ঠাইত বহি থাকিয়েই, মৌন ব্ৰত পালন কৰি নিজৰ নিজৰ আৰাধ্য দেৱতাক স্মৰণ কৰি, সেই সকলোকে শ্ৰদ্ধাঞ্জলি জনাম, তাৰ পিছত মই আজি মোৰ ভাষণ আৰম্ভ কৰিম।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় পঞ্চায়তীৰাজ দিৱস উপলক্ষে বিহাৰৰ মধুবনীত ১৩,৪৮০ কোটি টকাৰো অধিক মূল্যৰ উন্নয়নমূলক কামৰ শুভাৰম্ভ কৰে

April 24th, 11:50 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাষ্ট্ৰীয় পঞ্চায়তীৰাজ দিৱস উপলক্ষে বিহাৰৰ মধুবনীত ১৩,৪৮০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ, আধাৰশিলা স্থাপন আৰু ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰে। অনুষ্ঠানৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰীগৰাকীয়ে ২০২৫ৰ ২২ এপ্ৰিলত পেহেলগামত সংঘটিত আক্ৰমণৰ বলি হোৱা সকলৰ বিদেহ আত্মাৰ সদগতি কামনাৰে মৌন প্ৰাৰ্থনা কৰিবলৈ সকলোকে আহ্বান জনায়। তেখেতে কয় যে আজি বিহাৰৰ উন্নয়ন সাধনৰ লক্ষ্যৰে হাজাৰ-হাজাৰ কোটি টকা মূল্যৰ প্ৰকল্প উদ্বোধন কৰা হৈছে আৰু আধাৰশিলা স্থাপন কৰা হৈছে। বিদ্যুৎ, ৰেল, আন্তঃগাঁথনিমূলক এই পদক্ষেপসমূহে বিহাৰত নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব। তেখেতে মহান কবি ৰামধাৰী সিং দিনকৰ জীলৈ মৃত্যু বাৰ্ষিকী উপলক্ষে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

দাউদী বোহৰা সম্প্ৰদায়ৰ প্ৰতিনিধি দলৰে মত বিনিময় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

April 17th, 08:05 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ লোক কল্যাণ মাৰ্গস্থিত নিজা বাসগৃহত দাউদী বোহৰা সম্প্ৰদায়ৰ সদস্যৰ এটা প্ৰতিনিধি দলৰ সৈতে মত বিনিময় কৰে।

মহাকুম্ভ সন্দৰ্ভত লোকসভাত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

March 18th, 01:05 pm

প্ৰয়াগৰাজত অনুষ্ঠিত বিশাল মহাকুম্ভ সন্দৰ্ভত এক বক্তব্য প্ৰদান কৰিবলৈ ইয়াত উপস্থিত হৈছোঁ। মই এই সন্মানীয় সদনৰ যোগেদি সেইসকল লক্ষ-লক্ষ দেশবাসীক মোৰ প্ৰণাম জনাইছোঁ, যিসকলৰ অৱদানে মহাকুম্ভক সাফল্যমণ্ডিত কৰি তুলিলে। মহাকুম্ভৰ সফলতা সুনিশ্চিতকৰণৰ ক্ষেত্ৰত বহু ব্যক্তিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। মই চৰকাৰ, সমাজ আৰু সকলো নিষ্ঠাবান কৰ্মীক অভিনন্দন জনাইছোঁ। লগতে দেশৰ ভিন্ন প্ৰান্তৰ ভক্তসকল, উত্তৰ প্ৰদেশৰ জনসাধাৰণ আৰু বিশেষকৈ প্ৰয়াগৰাজৰ নাগৰিকসকললৈ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহা কুম্ভৰ সফল সামৰণি সন্দৰ্ভত লোকসভাক সম্বোধন কৰে

March 18th, 12:10 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত অনুষ্ঠিত মহাকুম্ভৰ সফল সামৰণি সন্দৰ্ভত লোকসভাক সম্বোধন কৰে। তেখেতে মহাকুম্ভৰ সফলতা নিশ্চিতকৰণৰ অৰ্থে প্ৰচেষ্টা গ্ৰহণ কৰা ৰাষ্ট্ৰৰ অগণন নাগৰিকলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। মহাকুম্ভক সাফল্যমণ্ডিত কৰি তোলাৰ ক্ষেত্ৰত ভিন্ন ব্যক্তি আৰু গোটৰ সামূহিক অৱদানত আলোকপাতেৰে তেখেতে চৰকাৰ, সমাজ আৰু জড়িত সকলো নিষ্ঠাবান কৰ্মীৰ প্ৰচেষ্টাক স্বীকৃতি জনাই আৰু তেওঁলোকৰ শলাগ লয়। শ্ৰী মোদীয়ে উত্তৰ প্ৰদেশৰ জনসাধাৰণ আৰু বিশেষকৈ প্ৰয়াগৰাজৰ নাগৰিকসকলৰ কথা উল্লেখেৰে দেশৰ ভিন্ন প্ৰান্তৰ ভক্তসকললৈ তেওঁলোকে আগবঢ়োৱা অমূল্য সহযোগিতাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে।

লোকসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ওপৰত ধন্যবাদসূচক প্ৰস্তাৱৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ

February 04th, 07:00 pm

সন্মানীয় ৰাষ্ট্ৰপতি মহোদয়াৰ ভাষণ সন্দৰ্ভত কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ মই উপস্থিত হৈছোঁ। কালি আৰু আজি তো গভীৰ নিশালৈকে সকলো সন্মানীয় সাংসদে নিজৰ চিন্তাৰে এই ধন্যবাদ প্ৰস্তাৱক সমৃদ্ধ কৰিলে। বহু মাননীয় অভিজ্ঞ সংসদ সদস্যইও নিজৰ মতামত প্ৰকাশ কৰিলে, আৰু স্বাভাৱিকতে গণতন্ত্ৰৰ পৰম্পৰাও আছে, য’ত প্ৰয়োজন আছিল, তাত প্ৰশংসা হ’ল, য’ত অসুবিধা আছিল, তাত কিছুমান নেতিবাচক কথাও হ’ল, কিন্তু এয়া অতি স্বাভাৱিক! অধ্যক্ষ মহোদয়, মোৰ বাবে বহুত ডাঙৰ সৌভাগ্য যে দেশৰ জনসাধাৰণে মোক ১৪ সংখ্যক বাৰৰ বাবে এই স্থানত বহি ৰাষ্ট্ৰপতি মহোদয়াৰ ভাষণৰ কৃতজ্ঞতা প্ৰকাশ কৰাৰ সুযোগ দিছে আৰু সেয়ে মই আজি জনতা জনাৰ্দনৰো অতি সন্মানেৰে কৃতজ্ঞতা প্ৰকাশ কৰিব বিচাৰোঁ আৰু সদনত আলোচনাত যিসকল লোকে অংশগ্ৰহণ কৰিলে, আলোচনাক সমৃদ্ধ কৰিলে, সেইসকলৰ প্ৰতিও মই মোৰ কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ।

লোকসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসুচক প্ৰস্তাৱৰ বিতৰ্কত উত্তৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

February 04th, 06:55 pm

লোকসভাত আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসুচক প্ৰস্তাৱৰ উত্তৰ দিয়ে। সদনত ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে কালি আৰু আজি আলোচনাত অংশগ্ৰহণ কৰা সকলো সন্মানীয় সাংসদৰ অৱদানৰ শলাগ লৈ গণতন্ত্ৰৰ পৰম্পৰাত প্ৰয়োজনত প্ৰশংসা আৰু প্ৰয়োজনত কিছু নেতিবাচক মন্তব্য দুয়োটাকে অন্তৰ্ভুক্ত কৰা বুলি উল্লেখ কৰে, যিটো স্বাভাৱিক। চতুৰ্দশ বাৰৰ বাবে ৰাষ্ট্ৰপতিৰ ভাষণৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰাৰ সুযোগ পোৱাৰ মহান সৌভাগ্যৰ ওপৰত আলোকপাত কৰি তেওঁ সকলো নাগৰিকক শ্ৰদ্ধা জনোৱাৰ লগতে আলোচনাত অংশগ্ৰহণ কৰা সকলোকে প্ৰস্তাৱটোক নিজৰ চিন্তাৰে সমৃদ্ধ কৰাৰ বাবে প্ৰশংসা কৰে।

Our Constitution is the foundation of India’s unity: PM Modi in Lok Sabha

December 14th, 05:50 pm

PM Modi addressed the Lok Sabha on the 75th anniversary of the Indian Constitution's adoption. He reflected on India's democratic journey and paid tribute to the framers of the Constitution.

PM Modi addresses Lok Sabha during special discussion on 75th anniversary of adoption of Constitution

December 14th, 05:47 pm

PM Modi addressed the Lok Sabha on the 75th anniversary of the Indian Constitution's adoption. He reflected on India's democratic journey and paid tribute to the framers of the Constitution.

Prime Minister lauds MP Tejasvi Surya on completion of Ironman Challenge as a commendable feat

October 27th, 09:00 pm

The Prime Minister Shri Narendra Modi today lauded Karnataka Lok Sabha Member of Parliament Shri Tejasvi Surya’s successful completion of Ironman Challenge as a commendable feat.

একে সময়তে নিৰ্বাচন অনুষ্ঠিত কৰা সন্দৰ্ভত কেবিনেটে উচ্চ পৰ্যায়ৰ সমিতিৰ পৰামৰ্শ গ্ৰহণ কৰে

September 18th, 04:26 pm

প্ৰধানমন্ত্ৰী শ্ৰীনৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে একে সময়তে নিৰ্বাচন অনুষ্ঠিত কৰাৰ সন্দৰ্ভত প্ৰাক্তন ৰাষ্ট্ৰপতি শ্ৰীৰামনাথ কোবিন্দৰ অধ্যক্ষতাত গঠিত উচ্চ পৰ্যায়ৰ সমিতিৰ পৰামৰ্শ গ্ৰহণ কৰিছে।