ভাৰত - কোৰিয়া গণৰাজ্যৰ বহনক্ষমতাৰ ক্ষেত্ৰত সহযোগিতাৰ বিষয়ত যুটীয়া বিবৃতি
April 20th, 10:55 pm
“দুয়ো পক্ষ” বুলি অভিহিত কৰি ভাৰত গণৰাজ্য আৰু কোৰিয়া গণৰাজ্যই জলবায়ু পৰিৱৰ্তন, সামুদ্ৰিক আৰু মেৰুৰ বিষয়ত ব্যৱহাৰিক সহযোগিতাৰ জৰিয়তে বিশ্ব বহনক্ষমতাৰ প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰিবলৈ দ্বিপাক্ষিক সহযোগিতা শক্তিশালী কৰিবলৈ সন্মত হয়।ভাৰত-কোৰিয়া গণৰাজ্যৰ কৌশলগত অংশীদাৰিত্বৰ বাবে যৌথ দৃষ্টিভংগী প্ৰকাশ
April 20th, 10:53 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণমৰ্মে কোৰিয়া গণৰাজ্যৰ ৰাষ্ট্ৰপতি মহামহিম লি জে ম্যুঙে ১৯ – ২১ এপ্ৰিল, ২০২৬ তাৰিখে ভাৰত ভ্ৰমণ কৰে , এয়া কোৰিয়াৰ এগৰাকী ৰাষ্ট্ৰপতিয়ে কাৰ্যভাৰ গ্ৰহণৰ পিছতেই কৰা ভাৰত ভ্ৰমণ। ৰাষ্ট্ৰপতি লি জে ম্যুঙৰ সৈতে মন্ত্ৰী, কোৰিয়ান কোম্পানীসমূহৰ জ্যেষ্ঠ বিষয়া আৰু আগশাৰীৰ মুখ্য কাৰ্যবাহী বিষয়াকে ধৰি উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দল উপস্থিত থাকে।জাহাজ নিৰ্মাণ, জাহাজ চালনা আৰু সামুদ্ৰিক লজিষ্টিকছৰ অংশীদাৰিত্বৰ বাবে ভাৰত-কোৰিয়া গণৰাজ্যৰ বিস্তৃত কাঠামো
April 20th, 10:51 pm
২০২৬ চনৰ ২০ এপ্ৰিলত ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণ মৰ্মে কোৰিয়া গণৰাজ্যৰ ৰাষ্ট্ৰপতি মহামহিম লি জে ম্যুঙে ভাৰত ভ্ৰমণ কৰাৰ সময়তে দুয়োপক্ষই জাহাজ নিৰ্মাণ, জাহাজ চালনা আৰু সামুদ্ৰিক লজিষ্টিকছৰ অংশীদাৰিত্বৰ বাবে তেওঁলোকৰ চৰকাৰী সংস্থা তথা ব্যক্তিগত সত্তাসমূহৰ মাজত পাৰস্পৰিকভাৱে লাভজনক সহযোগিতাৰ বিশয়ত মত বিনিময় কৰে।কোৰিয়া গণৰাজ্যৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্ৰীয়ে দিয়া যৌথ প্ৰেছ বিবৃতিৰ অসমীয়া অনুবাদ
April 20th, 01:05 pm
ৰাষ্ট্ৰপতি লীক প্ৰথম ভাৰত ভ্ৰমণৰ সময়ত আদৰণি জনাবলৈ পোৱাৰ কথাই মোক অতি আনন্দিত কৰিছে। তেওঁৰ জীৱনটো স্থিতিস্থাপকতা, সেৱা আৰু সমৰ্পণৰ এক প্ৰেৰণাদায়ক উদাহৰণ হিচাপে থিয় দিছে। তেওঁ সন্মুখীন হোৱা প্ৰতিটো প্ৰত্যাহ্বানেই তেওঁৰ মনত থকা জনসাধাৰণৰ সেৱাৰ সংকল্পক অধিক শক্তিশালী কৰি তুলিছে। যদিও এয়া তেওঁৰ প্ৰথম ভাৰত ভ্ৰমণ, তথাপি আমাৰ প্ৰথম সাক্ষাতৰ পৰাই ভাৰতৰ প্ৰতি তেওঁৰ উষ্ম মৰম আৰু আত্মীয়তা স্পষ্ট হৈ পৰিছে।জি-৭ সন্মিলনৰ আঁৰত কোৰিয়া গণৰাজ্যৰ ৰাষ্ট্ৰপতিৰে মিলিত প্ৰধানমন্ত্ৰী
June 18th, 03:17 pm
১৭ জুন, ২০২৫-ত কানাডাৰ কানানাস্কিছত অনুষ্ঠিত ৫১ সংখ্যক জি-৭ সন্মিলনৰ আঁৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী কোৰিয়া গণৰাজ্যৰ ৰাষ্ট্ৰপতি মহামহিম লি জে-মিউঙৰে মিলিত হয়। শ্ৰী মোদীয়ে কয় যে ভাৰত আৰু কোৰিয়া গণৰাজ্যই বাণিজ্য, বিনিয়োগ, প্ৰযুক্তি, সেউজ হাইড্ৰজেন, জাহাজ নিৰ্মাণ আদি খণ্ডত একেলগে কাম কৰিব বিচাৰে।. কোৰিয়াৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ বাবে শ্ৰীযুত লি জে-ম্যুঙক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
June 04th, 08:38 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কোৰিয়াৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ বাবে শ্ৰীযুত লি জে-ম্যুঙক অভিনন্দন জ্ঞাপন কৰে।