‘কৰ্মযোগী সাধনা সপ্তাহ’ৰ সময়ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূল পাঠ

April 02nd, 10:40 am

কৰ্মযোগী সাধনা সপ্তাহৰ আয়োজন কৰাৰ বাবে আপোনালোক সকলোকে শুভেচ্ছা জনাইছো। একবিংশ শতিকাৰ এই সময়ছোৱাত, দ্ৰুতগতিত সলনি হোৱা ব্যৱস্থা, দ্ৰুতগতিত সলনি হোৱা বিশ্ব আৰু আমাৰ ভাৰত তেওঁলোকৰ মাজত একে গতিৰে আগবাঢ়ি থকাৰ বাবে, সময় অনুসৰি ৰাজহুৱা সেৱাক নিৰন্তৰ আপডেট কৰাটো প্ৰয়োজনীয়। কৰ্মযোগী সাধনা সপ্তাহ সেই প্ৰচেষ্টাৰ এক গুৰুত্বপূৰ্ণ যোগসূত্ৰ। আপোনালোক সকলোৱে জানে যে আজি আমি যি শাসন নীতিৰ সৈতে আগবাঢ়িছো সেয়া হৈছে মূল মন্ত্ৰ-নাগৰিক দেৱ ভৱ। এই মন্ত্ৰত সন্নিবিষ্ট মনোভাৱৰ সৈতে, আজি ৰাজহুৱা সেৱাক অধিক সক্ষম, নাগৰিকৰ প্ৰতি অধিক সংবেদনশীল কৰাৰ ওপৰত গুৰুত্ব দিয়া হৈছে। এতিয়া শাসনক নাগৰিককেন্দ্ৰিক কৰি এক নতুন পৰিচয় প্ৰদান কৰা হৈছে।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ কৰ্মযোগী সাধনা সপ্তাহ সম্বোধন

April 02nd, 10:31 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ক্ষমতা নিৰ্মাণ আয়োগ (চি বি চি)ৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে এক ভিডিঅ’ বাৰ্তাৰ জৰিয়তে কৰ্মযোগী সাধনা সপ্তাহ সম্বোধন কৰে।

মহাত্মা আয়ংকালীৰ জন্ম বাৰ্ষিকীত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

August 28th, 03:45 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহাত্মা আয়ংকালীৰ জন্ম বাৰ্ষিকীত আৱেগিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেওঁক সামাজিক ন্যায় আৰু সবলীকৰণৰ চিৰস্থায়ী প্ৰতীক হিচাপে স্মৰণ কৰে। শ্ৰী মোদীয়ে মহাত্মা আয়ংকালীৰ শিক্ষা আৰু সমতাৰ প্ৰতি অটল দায়বদ্ধতাক আলোকপাত কৰি কয় যে তেওঁৰ উত্তৰাধিকাৰে দেশখনক সৰ্বাংগীন বিকাশৰ দিশত অনুপ্ৰাণিত কৰি যাব।

আহমেদাবাদৰ কন্যা ছাত্ৰালয়ৰ চৰ্দাৰধাম দ্বিতীয় পৰ্যায়ৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

August 24th, 10:39 pm

কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সতীৰ্থসকল, গুজৰাট চৰকাৰৰ মন্ত্ৰীবৰ্গ, ইয়াত উপৱিস্ত সাংসদ, বিধায়ক, চৰ্দাৰধামৰ মুৰব্বী শ্ৰী গগজী ভাই, ন্যাসৰক্ষী ভি. পেটেল, দিলীপভাই, অন্যান্য গণ্যমান্য ব্যক্তি আৰু মোৰ মৰমৰ ভাই-ভনীসকল, বিশেষকৈ মোৰ মৰমৰ কন্যাসকল।

আহমেদাবাদৰ কন্যা ছাত্ৰালয়ৰ চৰ্দাৰধাম দ্বিতীয় পৰ্যায়ৰ কামৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণৰ অসমীয়া অনুবাদ

August 24th, 10:25 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' বাৰ্তাৰ জৰিয়তে গুজৰাটৰ আহমেদাবাদত কন্যা ছাত্ৰালয়ৰ চৰ্দাৰধাম দ্বিতীয় পৰ্যায়ৰ কামৰ আধাৰশিলা স্থাপন অনুষ্ঠানত ভাষণ দিয়ে। তেওঁ চৰ্দাৰধাম নামটোক ইয়াৰ প্ৰতিনিধিত্ব কৰা কামৰ দৰেই পবিত্ৰ বুলি অভিহিত কৰাৰ লগতে কন্যাৰ সেৱা আৰু শিক্ষাৰ বাবে বিশেষভাৱে উৎসৰ্গিত ছাত্ৰীনিবাসৰ উদ্বোধনী অনুষ্ঠানৰ ওপৰত আলোকপাত কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে এই ছাত্ৰীনিবাসত থকা ছাত্ৰীসকলে দুচকুত ডাঙৰ ডাঙৰ সপোন আৰু আকাংক্ষা কঢ়ুিয়াব, আৰু সেইবোৰক বাস্তৱায়িত কৰাৰ বাবে তেওঁলোকক যথেষ্ট সুযোগ প্ৰদান কৰা হ’ব। এই ছাত্ৰীসকলে এবাৰ আত্মনিৰ্ভৰশীল আৰু সক্ষম হ’লেই তেওঁলোকে কেৱল জাতি গঠনত অৰিহণা যোগোৱাই নহয়, পৰিয়ালকো সবলীকৰণ কৰিব বুলিও তেওঁ উল্লেখ কৰে। সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি শ্ৰী মোদীয়ে এই পদক্ষেপৰ দ্বাৰা উপকৃত হোৱা সকলো কন্যা সন্তানৰ লগতে তেওঁলোকৰ পৰিয়াললৈও উজ্জ্বল আৰু সমৃদ্ধিশালী ভৱিষ্যতৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে।

দেশৰ তৰুণ বন্ধু-বান্ধৱীসকলক গ্ৰীষ্ম বন্ধৰ দিনকেইটা ব্যক্তিগত বিকাশ আৰু শিক্ষণৰ বাবে ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰিলে প্ৰধানমন্ত্ৰীয়ে

April 01st, 12:05 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সমগ্ৰ দেশৰ তৰুণ বন্ধু-বান্ধৱীক তেওঁলোকৰ গ্ৰীষ্ম বন্ধৰ বাবে শুভেচ্ছা জ্ঞাপন কৰি এই সময়খিনি আনন্দ উপভোগ, শিক্ষণ আৰু ব্যক্তিগত বিকাশৰ বাবে ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰে।