পৰৱৰ্তী দশকৰ বাবে ভাৰত - জাপানৰ যৌথ দৃষ্টিভংগী: বিশেষ কৌশলগত আৰু বিশ্বজোৰা অংশীদাৰিত্ব পৰিচালনাৰ বাবে আঠটা দিশ
August 29th, 07:11 pm
ভাৰত আৰু জাপানৰ মাজত আইনগত প্ৰশাসনৰ ভেটিত থকা মুক্ত, স্বতন্ত্ৰ, শান্তিপূৰ্ণ আৰু সমৃদ্ধিশালী ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ এক উমৈহতীয়া দৃষ্টিভংগী আছে। সম্পদ, প্ৰযুক্তি, আৰু প্ৰতিযোগিতামূলক ক্ষমতাৰ পৰিপূৰক শক্তি, আৰু বন্ধুত্ব তথা সদিচ্ছাৰ সুদীৰ্ঘ পৰম্পৰাৰে সৈতে, দুয়োখন ৰাষ্ট্ৰই অনাগত দশকত বিশ্বজোৰা উপলব্ধ পৰিৱৰ্তন আৰু সুযোগসমূহ যৌথভাৱে ব্যৱহাৰ কৰিবলৈ বিচাৰে। এই অংশীদাৰিত্বৰ লক্ষ্য হৈছে প্ৰতিখন দেশৰ ঘৰুৱা লক্ষ্যক সমৰ্থন কৰাৰ লগতে তেওঁলোকৰ জনগোষ্ঠী আৰু ভৱিষ্যত প্ৰজন্মক পূৰ্বতকৈ অধিক ওচৰ চপাই অনা।চিঅ’পি-২৮ ত লিডাৰশ্বিপ গ্ৰুপ ফৰ ইণ্ডাষ্ট্ৰী ট্ৰেঞ্জিশ্যন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণ
December 01st, 07:29 pm
আমি সকলোৱে এক অংশীদাৰী প্ৰতিশ্ৰুতিৰ দ্বাৰা সংযুক্ত হৈ আছো– ‘গ্লোবেল নেট জিৰো.নেট জিৰো’ৰ লক্ষ্যত উপনীত হোৱাৰ বাবে চৰকাৰ আৰু উদ্যোগক্ষেত্ৰৰ মাজত অংশীদাৰিত্ব অতিকে গুৰুত্বপূৰ্ণ। আৰু, ঔদ্যোগিক উদ্ভাৱন হৈছে এক গুৰুত্বপূৰ্ণ অনুঘটক। উদ্যোগ পৰিৱৰ্তনৰ বাবে নেতৃত্ব গোট, অৰ্থাৎ ‘লীড-আইটি’ হৈছে গ্ৰহটোৰ সুৰক্ষিত ভৱিষ্যতৰ বাবে চৰকাৰ আৰু উদ্যোগখণ্ডৰ মাজত অংশীদাৰিত্বৰ এক সফল উদাহৰণ।