ভাৰত ছিংগাপুৰৰ যুটীয়া বিবৃতি

September 04th, 08:04 pm

ছিংগাপুৰ গণৰাজ্যৰ প্ৰধানমন্ত্ৰী মহামহিম লৰেন্স ৱং ডাঙৰীয়াই ভাৰত গণৰাজ্যলৈ কৰা আনুষ্ঠানিক ভ্ৰমণৰ সময়ছোৱাত প্ৰস্তুত কৰা ভাৰত আৰু ছিংগাপুৰৰ মাজৰ ব্যাপক কৌশলগত অংশীদাৰিত্বৰ পথ-মানচিত্ৰ সন্দৰ্ভত প্ৰদান কৰা যুটীয়া বিবৃতি

ভাৰতৰ প্ৰতি আস্থা ব্যক্ত কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী মিষ্টাৰ লৰেন্স ৱঙক ধন্যবাদ জ্ঞাপন কৰে

September 04th, 01:04 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী মিষ্টাৰ লৰেন্স ৱঙক ভাৰতৰ ওপৰত আস্থা ব্যক্ত কৰাৰ বাবে ধন্যবাদ জনাইছে। শ্ৰী মোদীয়ে কয় যে বিকশিত ভাৰত গঢ়াৰ আমাৰ যাত্ৰাত ছিংগাপুৰ হৈছে মূল্যৱান অংশীদাৰ।

ছিংগাপুৰৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰা প্ৰেছ বিবৃতিৰ অসমীয়া অনুবাদ

September 04th, 12:45 pm

কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত প্ৰধানমন্ত্ৰী ৱঙক প্ৰথমবাৰৰ বাবে আনুষ্ঠানিকভাৱে ভাৰত ভ্ৰমণলৈ আন্তৰিকতাৰে আদৰণি জনাবলৈ পোৱাৰ কথাই মোক অতি আনন্দিত কৰিছে। এই ভ্ৰমণ বিশেষভাৱে গুৰুত্বপূৰ্ণ, কিয়নো আমি এই বছৰ আমাৰ কূটনৈতিক সম্পৰ্কৰ ৬০ বছৰীয়া জয়ন্তী উদযাপন কৰিছো।

প্ৰধানমন্ত্ৰীয়ে নিৰ্বাচনী জয়ৰ বাবে লৰেন্স ৱঙক অভিনন্দন জনায়

May 04th, 09:51 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মিঃ লৰেন্স ৱঙক নিৰ্বাচনত জয়লাভ কৰাৰ বাবে অভিনন্দন জ্ঞাপন কৰে। তেওঁ ভাৰত আৰু ছিংগাপুৰৰ মাজত জনসাধাৰণৰ ঘনিষ্ঠ সম্পৰ্কৰ আধাৰত শক্তিশালী আৰু বহুমুখী অংশীদাৰিত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

প্ৰধানমন্ত্ৰীৰ এ ই এম ছিংগাপুৰ ভ্ৰমণ

September 05th, 12:31 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী এইচ ই শ্ৰী লৰেন্স ৱাঙৰ সৈতে অৰ্ধপৰিবাহী আৰু ইলেক্ট্ৰনিক্স খণ্ডৰ ছিংগাপুৰৰ এক আগশাৰীৰ কোম্পানী এ ই এম পৰিদৰ্শন কৰে। তেওঁলোকক বিশ্বব্যাপী অৰ্ধপৰিবাহী মূল্য শৃংখলাত এ.ই.এম.-ৰ ভূমিকা, ইয়াৰ কাৰ্যকলাপ আৰু ভাৰতৰ বাবে পৰিকল্পনাৰ বিষয়ে অৱগত কৰা হয়। ছিংগাপুৰ অৰ্ধপৰিবাহী উদ্যোগ সংস্থাই ছিংগাপুৰত অৰ্ধপৰিবাহী পৰিস্থিতিতন্ত্ৰৰ বিকাশ আৰু ভাৰতৰ সৈতে সহযোগিতাৰ সুযোগ সন্দৰ্ভত এক চমু বিৱৰণ দাঙি ধৰে। এই খণ্ডৰ আন কেইবাটাও ছিংগাপুৰীয় কোম্পানীৰ প্ৰতিনিধিও উপস্থিত থাকে। প্ৰধানমন্ত্ৰীয়ে ২০২৪ চনৰ ১১-১৩ ছেপ্টেম্বৰত গ্ৰেটাৰ নয়ডাত অনুষ্ঠিত হ'বলগীয়া ছেমিকন ইণ্ডিয়া প্ৰদৰ্শনীত অংশগ্ৰহণ কৰিবলৈ ছিংগাপুৰৰ অৰ্ধপৰিবাহী কোম্পানীসমূহক আমন্ত্ৰণ জনায়।

ছিংগাপুৰৰ প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক

September 05th, 10:22 am

তেওঁলোকৰ আলোচনাত দুয়োগৰাকী নেতাই ভাৰত–ছিংগাপুৰ দ্বিপাক্ষিক সম্পৰ্কৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। দ্বিপাক্ষিক সম্পৰ্কৰ বিস্তৃতি আৰু গভীৰতা তথা অপৰিসীম সম্ভাৱনাৰ পৰিপ্ৰেক্ষিতত, তেওঁলোকে এই সম্পৰ্কক এক ব্যাপক কৌশলগত অংশীদাৰীত্বলৈ উন্নীত কৰাৰ সিদ্ধান্ত লয়। ই ভাৰতৰ এক্ট ইষ্ট নীতিৰ অগ্ৰগতি ত্বৰান্বিত কৰিব। অৰ্থনৈতিক সম্পৰ্কৰ শক্তিশালী অগ্ৰগতিৰ বুজ লৈ নেতাসকলে দুয়োখন দেশৰ মাজত বাণিজ্য আৰু বিনিয়োগৰ প্ৰবাহ অধিক সম্প্ৰসাৰিত কৰিবলৈ আহ্বান জনায়। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ভাৰতীয় অৰ্থনীতিত প্ৰায় ১৬০ বিলিয়ন আমেৰিকান ডলাৰ বিনিয়োগৰ সৈতে ছিংগাপুৰ ভাৰতৰ বাবে এক আগশাৰীৰ অৰ্থনৈতিক অংশীদাৰ। তেওঁ লগতে উল্লেখ কৰে যে ভাৰতত দ্ৰুত আৰু নিৰন্তৰ বিকাশে ছিংগাপুৰৰ প্ৰতিষ্ঠানসমূহৰ বাবে বিনিয়োগৰ অপৰিসীম সুযোগ মুকলি কৰিছে। তেওঁলোকে প্ৰতিৰক্ষা আৰু নিৰাপত্তা, সামুদ্ৰিক ক্ষেত্ৰ সজাগতা, শিক্ষা, এআই, বিত্তীয় প্ৰযুক্তি, নতুন প্ৰযুক্তি ক্ষেত্ৰ, বিজ্ঞান আৰু প্ৰযুক্তি আৰু জ্ঞান অংশীদাৰিত্বৰ ক্ষেত্ৰত সাম্প্ৰতিক সহযোগিতাৰ পৰ্যালোচনা কৰে। দুয়োগৰাকী নেতাই অৰ্থনৈতিক আৰু জনসাধাৰণৰ মাজত সম্পৰ্ক বৃদ্ধিৰ বাবে দেশসমূহৰ মাজত যোগাযোগ শক্তিশালী কৰাৰ আহ্বান জনায়। তেওঁলোকে সেউজ কৰিডৰ প্ৰকল্পসমূহৰ অগ্ৰগতিৰ বাবেও আহ্বান জনায়।

ছিংগাপুৰৰ প্ৰধানমন্ত্ৰীৰ সৈতে হোৱা বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণৰ পাঠ

September 05th, 09:00 am

উষ্ম আদৰণিৰ বাবে মই আপোনাক বহুত ধন্যবাদ জনাইছো। আপুনি প্ৰধানমন্ত্ৰীৰ কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত এইখন আমাৰ প্ৰথম বৈঠক। আপোনাৰ প্ৰতি মোৰ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা। মই নিশ্চিত যে 4জিৰ নেতৃত্বত ছিংগাপুৰ অধিক দ্ৰুতগতিত আগবাঢ়িব।

PM Modi arrives in Singapore

September 04th, 02:00 pm

PM Modi arrived in Singapore. He will hold talks with President Tharman Shanmugaratnam, Prime Minister Lawrence Wong, Senior Minister Lee Hsien Loong and Emeritus Senior Minister Goh Chok Tong.

ভাৰতৰ সংগীত ইতিহাস বৈচিত্ৰ্যৰ এক সুৰধ্বনি, ইয়াৰ সুৰবোৰ হাজাৰ হাজাৰ বছৰ ধৰি অনুৰণিত হৈ আহিছেঃ প্ৰধানমন্ত্ৰী

November 14th, 09:43 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ছিংগাপুৰৰ উপ-প্ৰধানমন্ত্ৰী লৰেন্স ৱঙক ছেটাৰৰ প্ৰতি থকা আকৰ্ষণৰ বাবে শলাগ লয়।