নতুন দিল্লীত নাৰী শক্তি বন্দন সন্মিলনৰ সময়ত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ ইংৰাজী অনুবাদ

April 13th, 11:15 am

মঞ্চত দিল্লীৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰীমতী ৰেখা গুপ্তা জী, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীমতী অন্নপূৰ্ণা দেৱী জী, শ্ৰীমতী সাবিত্ৰী ঠাকুৰ জী, ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষ শ্ৰীমতী বিজয়া ৰাহতকাৰ জী। আপোনালোকৰ ভিতৰত বহুতো জ্যেষ্ঠ ব্যক্তি, সংসদ সদস্য, বিধান সভাৰ সদস্য আৰু আমাৰ লোকসভাৰ প্ৰাক্তন অধ্যক্ষ, সন্মানীয় মীৰা কুমাৰ জী আমাৰ মাজত আছে। মোৰ সকলো সন্মানীয় ভগ্নী ইয়াত উপস্থিত আছে, এই সময়ত দেশ বৈশাখী উৎসৱৰ আনন্দেৰে ভৰি পৰিছে। কাইলৈ দেশৰ বিভিন্ন প্ৰান্তত নৱবৰ্ষও উদযাপন কৰা হ’ব। আজি মই জালিয়ানৱালাবাগ গণহত্যাৰ সাহসী শ্বহীদসকলকো শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো।

'নাৰী শক্তি বন্দন সন্মিলন' সম্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

April 13th, 11:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিজ্ঞান ভৱনত নাৰী শক্তি বন্দন কাৰ্যসূচীত ভাষণ দিয়ে। বৈশাখী আৰু দেশৰ বিভিন্ন প্ৰান্তত সমাগত নৱবৰ্ষ উদযাপন উপলক্ষে ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে জালিয়ানৱালা বাগ গণহত্যাৰ শ্বহীদসকলৰ প্ৰতিও শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ভাৰতে একবিংশ শতিকাৰ আটাইতকৈ ডাঙৰ সিদ্ধান্তসমূহৰ ভিতৰত এটা ল’বলৈ গৈ আছে, যিটো নাৰী শক্তিৰ প্ৰতি উৎসৰ্গিত, শ্ৰী মোদীয়ে দৃঢ়তাৰে কয়।

TMC came to power by lying in the name of “Maa, Maati, Manush”: PM Modi in Dakshin Dinajpur, West Bengal

April 11th, 11:40 am

PM Modi addressed a massive rally Dakshin Dinajpur, West Bengal. In his speech, he prioritised women’s safety, justice, and empowerment, outlining measures like fast-tracking cases, increasing women police recruitment, and financial support initiatives. He remarked that while the BJP believes in Sabka Saath, Sabka Vikas, it will also ensure that ‘hisaab’ is fulfilled in West Bengal.

The BJP’s resolve is a declaration to end TMC’s jungle raj and syndicate rule: PM Modi in Jangipur, West Bengal

April 11th, 11:38 am

PM Modi addressed a massive rally in Jangipur, West Bengal. In his speech, he lauded BJP’s manifesto, outlining six key guarantees focused on ending syndicate raj, ensuring women’s empowerment, boosting education infrastructure, and delivering transparent governance. He also promised employment opportunities and benefits for government employees.

TMC’s 15 years of rule have only spread fear among people: PM Modi in Purba Bardhaman, West Bengal

April 11th, 11:35 am

Tapping into the growing momentum in West Bengal, PM Modi addressed a massive public gathering in Purba Bardhaman, highlighting the BJP’s vision for a fear-free, Viksit Bengal while launching a sharp attack on the TMC government over corruption, lawlessness and appeasement politics.

Massive public meetings in Purba Bardhaman, Jangipur & Dakshin Dinajpur, West Bengal

April 11th, 11:30 am

Tapping into the growing momentum in West Bengal, PM Modi addressed a massive public gathering in Purba Bardhaman, highlighting BJP’s vision for a fear-free, Viksit Bengal while launching a sharp attack on the TMC government over corruption, lawlessness and appeasement politics.

PM Modi addresses an enthusiastic public rally in Madurai, Tamil Nadu

March 01st, 04:30 pm

PM Modi addressed a massive public rally in Madurai, beginning his speech with deep reverence for Tamil Nadu’s spiritual heritage. He said he had just visited Tirupparankundram and received the darshan of Bhagwan Murugan, describing it as a truly pine experience. He said he prayed for the prosperity of Tamil Nadu and the entire nation.

নতুন দিল্লীত আয়োজিত আইনী সাহায্য প্ৰদান ব্যৱস্থাক সুদৃঢ়কৰণ বিষয়ক ৰাষ্ট্ৰীয় সন্মিলনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

November 08th, 05:33 pm

চিজেআই শ্ৰী বি.আৰ. গাৱাই জী, ন্যায়াধীশ সূৰ্য্য কান্ত জী, ন্যায়াধীশ বিক্ৰম নাথ জী, কেন্দ্ৰত মোৰ সতীৰ্থ অৰ্জুন ৰাম মেঘৱাল জী, উচ্চতম ন্যায়ালয়ৰ আন-আন সন্মানীয় ন্যায়াধীশ, উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ, ভদ্ৰলোক আৰু মহিলাসকল।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে “আইনী সাহায্য প্ৰদান ব্যৱস্থাক সুদৃঢ়কৰণ” শীৰ্ষক ৰাষ্ট্ৰীয় সন্মিলন সম্বোধন কৰে

November 08th, 05:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতৰ উচ্চতম ন্যায়ালয়ত “আইনী সাহায্য প্ৰদান ব্যৱস্থাক সুদৃঢ়কৰণ” শীৰ্ষক ৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰে। এই উপলক্ষে সমবেতসকলক সম্বোধনেৰে শ্ৰী মোদীয়ে উল্লেখ কৰে যে এই গুৰুত্বপূৰ্ণ অনুষ্ঠানত উপস্থিত থকা সকলোৰে মাজত থাকিবলৈ পোৱাটো সঁচাকৈয়ে এক বিশেষ অভিজ্ঞতা। তেওঁ মন্তব্য কৰে যে আইনী সাহায্য প্ৰদান ব্যৱস্থা আৰু আইনী সেৱা দিৱসৰ সৈতে জড়িত কাৰ্য্যসূচীক শক্তিশালী কৰিলে ভাৰতৰ ন্যায়িক ব্যৱস্থাক নতুন শক্তি প্ৰদান কৰা হ’ব। প্ৰধানমন্ত্ৰীয়ে ২০ সংখ্যক ৰাষ্ট্ৰীয় সন্মিলনৰ বাবে সকলোলৈ শুভেচ্ছা জ্ঞাপন কৰে। লগতে উপস্থিত বিশিষ্ট ব্যক্তি, ন্যায়পালিকাৰ সদস্য, আইনী সেৱা কৰ্তৃপক্ষৰ প্ৰতিনিধিসকলকো সম্ভাষণ জনায়।

নৱ ৰায়পুৰত ছট্টিশগড় বিধানসভাৰ নতুন ভৱন উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া ৰূপান্তৰ

November 01st, 01:30 pm

আজি ছট্টিশগড়ৰ উন্নয়ন যাত্ৰাৰ এক সোণালী অধ্যায়। ব্যক্তিগতভাৱে এয়া মোৰ বাবেও অতি বিশেষ আৰু আনন্দৰ দিন। বহু দশক ধৰি এই ভূমিৰ সৈতে আৱেগিকভাৱে জড়িত হৈ আছো। এগৰাকী দলীয় কৰ্মী হিচাপে মই ছট্টিশগড়ত বহু সময় কটাইছো আৰু ইয়াৰ মানুহৰ পৰা বহু গুৰুত্বপূৰ্ণ শিক্ষা লাভ কৰিছোঁ। মোৰ জীৱন গঢ় দিয়াত এই ৰাজ্যৰ জনসাধাৰণ আৰু পৰিৱেশে ডাঙৰ ভূমিকা লৈছে। ছট্টিশগড় গঠনৰ প্ৰাৰম্ভিক ধাৰণাৰ পৰা আৰম্ভ কৰি, ইয়াক ৰাজ্য হিচাপে অস্তিত্বলৈ অনালৈকে, আৰু তাৰ পিছৰ যি অগ্ৰগতি, এই যাত্ৰাৰ প্ৰতিটো পৰ্যায় মই দেখিছো। আৰু আজি ছট্টিশগড় গঠনৰ ২৫ বছৰ পূৰ্ণ হোৱা সময়ততে পুনৰবাৰ এই ঐতিহাসিক মুহূৰ্তৰ অংশ হ’বলৈ পাই মই সন্মানিত অনুভৱ কৰিছো। এই ৰূপালী জয়ন্তী উপলক্ষে ৰাজ্যবাসীৰ বাবে নতুন বিধানসভা ভৱন উদ্বোধন কৰাটো মোৰ বাবে অতি গৌৰৱৰ বিষয়। এই স্মৰণীয় `দিৱসৰ বাবে ছট্টিশগড়বাসী আৰু ৰাজ্য চৰকাৰলৈ মোৰ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ ছট্টিশগড়ৰ ৰাজ্যপাল ৰমেন ডেকা ডাঙৰীয়া, লোকসভাৰ অধ্যক্ষ ওম বিৰলা ডাঙৰীয়া, ছট্টিশগড় বিধানসভাৰ অধ্যক্ষ ৰমন সিং ডাঙৰীয়া, মুখ্যমন্ত্ৰী বিষ্ণুদেও ছাই ডাঙৰীয়া, কেন্দ্ৰীয় চৰকাৰৰ মোৰ সতীৰ্থ টোখন চাহু ডাঙৰীয়া, উপ-মুখ্যমন্ত্ৰী বিজয় শৰ্মা ডাঙৰীয়া আৰু অৰুণ ছাও ডাঙৰীয়া, বিৰোধী দলৰ নেতা চৰণ দাস মহন্ত ডাঙৰীয়া, অন্যান্য সন্মানীয় মন্ত্ৰী, জনপ্ৰতিনিধি, আৰু ইয়াত উপস্থিত থকা সকলোকে মোৰ উষ্ম সম্ভাষণ ও শুভেচ্ছা!

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ছত্তীশগড়ৰ নৱ ৰায়পুৰত ৰাজ্য খনৰ বিধানসভাৰ নতুন ভৱন উদ্বোধন কৰে

November 01st, 01:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ছত্তীশগড়ৰ নৱ ৰায়পুৰত ছত্তীশগড় বিধানসভাৰ নতুন ভৱন উদ্বোধন কৰে। এই উপলক্ষে সভাত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে যে আজি ছত্তীশগড়ৰ উন্নয়ন যাত্ৰাৰ বাবে এক সোণালী আৰম্ভণি। তেওঁ উল্লেখ কৰে যে ব্যক্তিগতভাৱে তেওঁৰ বাবে এয়া এটা অতি আনন্দময় আৰু উল্লেখযোগ্য দিন। কেইবা দশক ধৰি লালন-পালন কৰা এই ভূমিৰ সৈতে তেওঁৰ গভীৰ আৱেগিক বন্ধনক তেওঁ আলোকপাত কৰিছিল। দলীয় কৰ্মী হিচাপে থকা সময়ছোৱাৰ কথা স্মৰণ কৰি শ্ৰী মোদীয়ে কয় যে তেওঁ ছত্তীশগড়ত যথেষ্ট সময় কটাইছিল আৰু বহু কথা শিকিছিল। তেওঁ ছত্তীশগড়ৰ দৃষ্টিভংগী, ইয়াৰ সৃষ্টিৰ সংকল্প আৰু সেই সংকল্প পূৰণৰ কথা মনত পেলাই কয় যে তেওঁ ছত্তীশগড়ৰ ৰূপান্তৰৰ প্ৰতিটো মুহূৰ্তৰ সাক্ষী হৈ আহিছে। ৰাজ্যখনে ২৫ বছৰীয়া যাত্ৰাত এক বৃহৎ মাইলৰ খুঁটিত উপনীত হোৱাৰ লগে লগে এই মুহূৰ্তৰ অংশ হোৱাৰ সুযোগ পোৱাৰ বাবে তেওঁ কৃতজ্ঞতা প্ৰকাশ কৰে। ৰূপালী জয়ন্তী উদযাপন উপলক্ষে প্ৰধানমন্ত্ৰীয়ে কয় যে ৰাজ্যবাসীৰ বাবে নতুন বিধানসভা ভৱন উদ্বোধন কৰাৰ সুবিধা পাইছো। এই উপলক্ষে তেওঁ ছত্তীশগড়বাসী আৰু ৰাজ্য চৰকাৰলৈ শুভেচ্ছা তথা অভিনন্দন জ্ঞাপন কৰে।

Let’s take a pledge together — Bihar will stay away from Jungle Raj! Once again – NDA Government: PM Modi in Chhapra

October 30th, 11:15 am

In his public rally at Chhapra, Bihar, PM Modi launched a sharp attack on the INDI alliance, stating that the RJD-Congress bloc, driven by vote-bank appeasement and opposed to faith and development, can never respect the beliefs of the people. Highlighting women empowerment, he said NDA initiatives like Drone Didis, Bank Sakhis, Lakhpati Didis have strengthened women across Bihar and this support will be expanded when NDA returns to power.

This election will bring RJD-Congress their biggest defeat ever, and NDA’s biggest victory: PM Modi in Muzaffarpur, Bihar

October 30th, 11:10 am

PM Modi addressed a massive public meeting in Muzaffarpur, Bihar and began by saying that this was his first public meeting after the Chhath Mahaparv. He said Chhath is the pride of Bihar and the nation, a festival celebrated across India and even around the world. PM Modi also launched a campaign to promote Chhath songs across the nation. He said, “The public will choose the best tracks, and their creators will be awarded - boosting the preservation of Chhath tradition.”

PM Modi’s grand rallies electrify Muzaffarpur and Chhapra, Bihar

October 30th, 11:00 am

PM Modi addressed two massive public meetings in Muzaffarpur and Chhapra, Bihar. Beginning his first rally, he noted that this was his first public meeting after the Chhath Mahaparv. He said that Chhath is the pride of Bihar and of the entire nation—a festival celebrated not just across India, but around the world. PM Modi also announced a campaign to promote Chhath songs nationwide, stating, “The public will choose the best tracks, and their creators will be awarded - helping preserve and celebrate the tradition of Chhath.”

নতুন দিল্লীৰ কৰ্তব্য পথত কৰ্তব্য ভৱনৰ উদ্বোধনী কাৰ্যসূচীত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

August 06th, 07:00 pm

বিপ্লৱৰ মাহ আগষ্ট মাহত, আৰু ১৫ আগষ্টৰ আগৰ এই ঐতিহাসিক উপলক্ষে, আমি ইটোৰ পিছত সিটো আধুনিক ভাৰতৰ নিৰ্মাণৰ সৈতে জড়িত কৃতিত্বৰ সাক্ষী হৈ আছোঁ। ইয়াত ৰাজধানী দিল্লীতে কাৰ্তব্য পথ, দেশৰ নতুন সংসদ ভৱন, নতুন প্ৰতিৰক্ষা ভৱন, ভাৰত মণ্ডপম, যশোভূমী, শ্বহীদসকলৰ প্ৰতি উৎসৰ্গিত ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক, নেতাজী সুভাষ বাবুৰ প্ৰতিমূৰ্তি আৰু এতিয়া এই কাৰ্তব্য ভৱন। এইবোৰ কেৱল কিছুমান নতুন অট্টালিকা আৰু সাধাৰণ আন্তঃগাঁথনি নহয়, অমৃতকালত এই অট্টালিকাসমূহত বিকশিত ভাৰতৰ নীতি নিৰ্ধাৰণ কৰা হ’ব, বিকশিত ভাৰতৰ বাবে গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হ’ব, আগন্তুক দশকত ইয়াৰ পৰাই ৰাষ্ট্ৰৰ দিশ নিৰ্ণয় হ’ব। মই আপোনালোক সকলোকে আৰু সকলো দেশবাসীক কৰ্তব্য ভৱনৰ বাবে অভিনন্দন জনাইছোঁ। মই ইয়াৰ নিৰ্মাণৰ সৈতে জড়িত সকলো অভিযন্তা আৰু সকলো শ্ৰমিক সহকৰ্মীকো আজি এই মঞ্চৰ পৰা ধন্যবাদ জনাইছোঁ।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীৰ কৰ্তব্য পথত কৰ্তব্য ভৱনৰ উদ্বোধনী কাৰ্য্যসূচী সম্বোধন কৰে

August 06th, 06:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ কৰ্তব্য পথত কৰ্তব্য ভৱন-৩ ৰ উদ্বোধনী কাৰ্য্যসূচী সম্বোধন কৰে। তেখেতে কয় যে বিপ্লৱৰ মাহ আগষ্টত ১৫ আগষ্টৰ পূৰ্বেই আন এক ঐতিহাসিক মাইলৰ খুঁটি স্থাপন হৈছে। তেখেতে কয় যে ভাৰতে এটাৰ পিছত আনটো আধুনিক ভাৰত নিৰ্মাণৰে জড়িত মূল কৃতিত্ব প্ৰত্যক্ষ কৰিছে। নতুন দিল্লীৰ কথা উল্লেখেৰে শ্ৰী মোদীয়ে শেহতীয়া আন্তঃগাঁথনিগত মাইলৰ খুঁটি স্থাপন কাৰ্য্যৰ কথা কয়, যথাঃ কৰ্তব্য পথ, নতুন সংসদ ভৱন, নতুন প্ৰতিৰক্ষা কাৰ্য্যালয় কমপ্লেক্স, ভাৰত মণ্ডপম, যশোভূমি, শ্বহীদসকলৰ বাবে উৎসৰ্গিত ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক আৰু নেতাজী সুভাষ চন্দ্ৰ বসুৰ প্ৰতিমূৰ্তি তথা বৰ্তমানৰ কৰ্তব্য ভৱন। এইসমূহ কেৱল নতুন অট্টালিকা বা সাধাৰণ আন্তঃগাঁথনি নহয় বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে অমৃত কালত উন্নত ভাৰত গঢ়া নীতিসমূহ এইসমূহ গাঁথনিতে প্ৰণয়ন কৰা হ’ব আৰু অনাগত দশক সমূহত এই প্ৰতিষ্ঠানসমূহৰ পৰাই ৰাষ্ট্ৰখনৰ পৰিক্ৰমা নিৰ্ধাৰণ কৰা হ’ব। তেখেতে কৰ্তব্য ভৱনৰ উদ্বোধনী অনুষ্ঠান উপলক্ষে সকলো নাগৰিককে অভিনন্দন জ্ঞাপনৰ লগতে ইয়াৰ নিৰ্মাণৰে জড়িত অভিযন্তা আৰু শ্ৰমজীৱীসকলৰ প্ৰতিও কৃতজ্ঞতা জ্ঞাপন কৰে।

মহাৰাষ্ট্ৰৰ নাগপুৰত মাধৱ নেত্ৰালয় প্ৰিমিয়াম চেন্টাৰৰ আধাৰশিলা স্থাপনৰ সময়ত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ

March 30th, 11:53 am

মই গুড়ি-পড়ৱা আৰু নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জনালোঁ! শ্ৰদ্ধাৰ সৰ সংঘচালক ডঃ মোহন ভাগৱত ডাঙৰীয়া, স্বামী গোবিন্দ গিৰি জী মহাৰাজ, স্বামী অবধেশানন্দ গিৰি জী মহাৰাজ, মহাৰাষ্ট্ৰৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফডণবীছ জী, কেন্দ্ৰীয় কেবিনেটত মোৰ সতীৰ্থ নীতিন গাডকাৰী জী, ডঃ অবিনাশ চন্দ্ৰ অগ্নিহোত্ৰী জী, আন-আন বিশিষ্ট ব্যক্তিসকল আৰু ইয়াত উপস্থিত থকা সকলো জ্যেষ্ঠ সতীৰ্থ, আজি ৰাষ্ট্ৰযজ্ঞৰ এই পবিত্ৰ অনুষ্ঠানত ইয়াত উপস্থিত থকাৰ সৌভাগ্য লাভ কৰিছোঁ। আজি চৈত্ৰ শুক্ল প্ৰতিপদৰ এই দিনটো অতিশয় বিশেষ। আজিৰে পৰা আৰম্ভ হৈছে নৱৰাত্ৰিৰ পবিত্ৰ উৎসৱ। আজি দেশৰ ভিন্ন প্ৰান্তত গুড়ি-পড়ৱা, উগাড়ী আৰু নভৰেহ উৎসৱো উদযাপন কৰা হৈছে। আজি ভগৱান ঝুলেলাল জী আৰু গুৰু অংগদ দেৱ জীৰ জন্ম বাৰ্ষিকীও। আমাৰ প্ৰেৰণা, অতি শ্ৰদ্ধাৰ ডাঃ চাহেবৰ জন্ম বাৰ্ষিকীও। আৰু এই বছৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ গৌৰৱময় যাত্ৰাৰ ১০০ বছৰো পূৰ্ণ হৈছে। আজি এই উপলক্ষে স্মৃতি মন্দিৰ পৰিদৰ্শন কৰি শ্ৰদ্ধাৰ ডাঃ চাহেব আৰু শ্ৰদ্ধাৰ গুৰুজীক শ্ৰদ্ধাঞ্জলি জনোৱাৰ সৌভাগ্য লাভ কৰিছোঁ।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মহাৰাষ্ট্ৰৰ নাগপুৰত ‘মাধৱ নেত্ৰালয় প্ৰিমিয়াম কেন্দ্ৰ’ৰ আধাৰশিলা স্থাপন কৰে

March 30th, 11:52 am

প্ৰধানমন্ত্ৰীয়ে আজি মহাৰাষ্ট্ৰৰ নাগপুৰত ‘মাধৱ নেত্ৰালয় প্ৰিমিয়াম কেন্দ্ৰ’ৰ আধাৰশিলা স্থাপন কৰে। সমবেত লোকসকলক সম্বোধন কৰি তেওঁ পৱিত্ৰ ‘নৱৰাত্ৰি উৎসৱ’ৰ আৰম্ভণি উপলক্ষে ‘চৈত্ৰ শুক্লা প্ৰতিপাদ’ৰ তাৎপৰ্য প্ৰসংগত আলোকপাত কৰে। তেওঁ উল্লেখ কৰে যে সমগ্ৰ দেশতে আজি ‘গুড়ি পড়ৱা’, ‘উগাড়ি’ আৰু ‘নৱৰেহ’ৰ দৰে উৎসৱ পালন কৰা হৈছে। তেওঁ দিনটোৰ গুৰুত্ব প্ৰসংগত মন্তব্য কৰি কয় যে এইটো দিৱসে ভগৱান ঝুলেলাল আৰু গুৰু অঙ্গদ দেৱৰ জয়ন্তীৰে সংগতি ৰাখে। তেওঁ এই অনুষ্ঠানক অনুপ্ৰেৰণাদায়ক ড০ কে বি হেডগেৱাৰৰ জন্ম জয়ন্তী আৰু ‘ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ’ (আৰ এছ এছ)ৰ সুন্দৰ যাত্ৰাৰ শতবাৰ্ষিকী বৰ্ষ হিচাপেও স্বীকাৰ কৰে। তেওঁ এই গুৰুত্বপূৰ্ণ দিনটোত ‘স্মৃতি মন্দিৰ’ ভ্ৰমণ কৰি ড০ হেডগেৱাৰ আৰু শ্ৰী গোলৱলকাৰ গুৰুজীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

গুজৰাটৰ নৱছাৰীত উন্নয়নমূলক কামৰ উদ্বোধনীত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ

March 08th, 11:50 am

গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰীযুত ভূপেন্দ্ৰ ভাই পেটেল জী, নৱছাৰীৰ সাংসদ আৰু কেন্দ্ৰীয় চৰকাৰৰ মোৰ সহযোগী, কেন্দ্ৰীয় মন্ত্ৰী ভাই চি আৰ পেটেল, মঞ্চত উপস্থিত পঞ্চায়তৰ সদস্যগণ আৰু লাখপতি দিদিসকল, অন্যান্য জনপ্ৰতিনিধিগণ আৰু ইয়ালৈ যিসকল বৃহৎ সংখ্যাত আহিছে, বিশেষকৈ মোৰ মাতৃ, ভগ্নী আৰু কন্যাসকল, আপোনালোক সকলোকে নমস্কাৰ!

গুজৰাটৰ নৱছাৰীত উন্নয়নমূলক কাম আৰম্ভ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

March 08th, 11:45 am

আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ নৱছাৰীত কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰে। আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ অনুষ্ঠানত ভাষণ দি তেওঁ উপস্থিত বৃহৎ সংখ্যক মাতৃ, ভগ্নী, কন্যাসকলৰ পৰা পোৱা মৰম, মৰম আৰু আশীৰ্বাদৰ বাবে আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰি সমগ্ৰ দেশৰ মহিলাসকললৈ উষ্ম অভিনন্দন জনায়। তেওঁ কয় যে মহাকুম্ভৰ সময়ত তেওঁ মা গংগাৰ আশীৰ্বাদ লাভ কৰিছিল যদিও আজি তেওঁ মাতৃশক্তিৰ মহাকুম্ভত উপস্থিত থাকি ধন্য অনুভৱ কৰিছে। প্ৰধানমন্ত্ৰীয়ে গুজৰাটত G-SAFAL (Gujarat Scheme for Antyodaya Families for Augmenting Livelihoods) আৰু G-MAITRI (Gujarat Mentorship and Acceleration of Inpiduals for Transforming Rural Income) নামৰ দুখন গুৰুত্বপূৰ্ণ আঁচনিও গুজৰাটত আৰম্ভ কৰাৰ ওপৰত আলোকপাত কৰে। ইয়াৰ উপৰিও বিভিন্ন আঁচনিৰ ধন পোনপটীয়াকৈ মহিলাসকলৰ বেংক একাউণ্টলৈ স্থানান্তৰিত হোৱাৰ কথা উল্লেখ কৰি এই উল্লেখযোগ্য কৃতিত্বৰ বাবে সকলোকে অভিনন্দন জনায়।