এলভিএম৩-এম৬ আৰু ব্লুবাৰ্ড ব্লক-২ৰ সফল উৎক্ষেপণৰ বাবে মহাকাশ বিজ্ঞানী আৰু অভিযন্তাসকলক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
December 24th, 10:04 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ মাটিৰ পৰা এতিয়ালৈকে উৎক্ষেপণ কৰা আটাইতকৈ গধুৰ উপগ্ৰহ এলভিএম৩-এম৬ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশযান ব্লুবাৰ্ড ব্লক-২ক ইয়াৰ নিৰ্দিষ্ট কক্ষপথলৈ সফলভাৱে উৎক্ষেপণ কৰাৰ বাবে মহাকাশ বিজ্ঞানী আৰু অভিযন্তাসকলক অভিনন্দন জনাইছে। শ্ৰী মোদীয়ে কয় যে ই ভাৰতৰ মহাকাশ যাত্ৰাত এক গৌৰৱোজ্জ্বল মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে আৰু ই আত্মনিৰ্ভৰ ভাৰতৰ দিশত কৰা প্ৰচেষ্টাৰ প্ৰতিফলন।ধন্বন্তৰী জয়ন্তী আৰু নৱম আয়ুৰ্বেদ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীয়ে ২৯ অক্টোবৰত ১২,৮৫০ কোটি টকাতকৈ অধিক ব্যয় সাপেক্ষে স্বাস্থ্য খণ্ডৰ সৈতে জড়িত কেইবাটাও প্ৰকল্পৰ শুভাৰম্ভ, উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব
October 28th, 12:47 pm
প্ৰধানমন্ত্ৰী মোদীয়ে ধ্বজাবাহী আঁচনি আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা (পি এম-জে এ ৱাই)ৰ অধীনত ৭০ বছৰ আৰু তাতকৈ অধিক বয়সৰ সকলো জ্যেষ্ঠ নাগৰিকলৈ হেল্থ কভাৰেজ সম্প্ৰসাৰণৰ কাম আৰম্ভ কৰিব। ইয়াৰ দ্বাৰা সকলো জ্যেষ্ঠ নাগৰিকক তেওঁলোকৰ আয় যিয়েই নহওক কিয় হেল্থ কভাৰেজ প্ৰদান কৰাত সহায়ক হ’ব।‘কৰ্মযোগী সপ্তাহ’ - ৰাষ্ট্ৰীয় শিক্ষণ সপ্তাহৰ শুভাৰম্ভ প্ৰধানমন্ত্ৰীৰ
October 19th, 06:57 pm
সভাত আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় যে মিছন কৰ্মযোগীৰ জৰিয়তে আমাৰ লক্ষ্য হৈছে মানৱ সম্পদ সৃষ্টি কৰা যিয়ে আমাৰ দেশৰ উন্নয়নৰ চালিকা শক্তি হিচাপে পৰিগণিত হ’ব। ইয়াৰ অগ্ৰগতিত সন্তুষ্টি প্ৰকাশ কৰি প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে যদি আমি এই আবেগেৰে কাম কৰি যাওঁ তেন্তে দেশৰ প্ৰগতিত কোনেও বাধা দিব নোৱাৰে। তেওঁ উল্লেখ কৰে যে ৰাষ্ট্ৰীয় শিক্ষণ সপ্তাহত নতুন শিক্ষণ আৰু অভিজ্ঞতাই কৰ্ম ব্যৱস্থাৰ উন্নতিৰ ক্ষেত্ৰত শক্তি আৰু সহায় আগবঢ়াব যিয়ে ২০৪৭ চনৰ ভিতৰত আমাৰ লক্ষ্য বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰিব।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে এছএছএলভি-ডি৩ (SSLV-D3)-ৰ সফল উৎক্ষেপণৰ বাবে ইছৰোক অভিনন্দন জনাইছে
August 16th, 01:48 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ (ISRO) বিজ্ঞানীসকলক নতুন উপগ্ৰহ উৎক্ষেপণ বাহন (SSLV)-ডি৩-ৰ সফল উৎক্ষেপণৰ বাবে অভিনন্দন জ্ঞাপন কৰে।