ই টি নাও গ্ল’বেল বিজনেছ ছামিটত প্ৰধানমন্ত্ৰীৰ ভাষণৰ মূল পাঠ

February 13th, 08:30 pm

গ্ল’বেল বিজনেছ ছামিটলৈ আপোনালোক সকলোকে স্বাগতম; আপোনালোক প্ৰত্যেককে মই শুভেচ্ছা জনাইছো। আমি ইয়াত “বিঘিনিৰ এটা দশক, পৰিৱৰ্তনৰ এটা শতিকা” বিষয়টো আলোচনা কৰিবলৈ আহিছো। বিনীতজীৰ ভাষণ শুনাৰ পাছত অনুভৱ কৰোঁ মোৰ কামটো বহুত সহজ হৈ পৰিছে৷ কিন্তু এটা সৰু অনুৰোধ কৰিম : যিহেতু আপুনি ইমানখিনি জানে, গতিকে আপুনি অন্ততঃ কেতিয়াবা ইটিত উপস্থিত হোৱা উচিত।

ই টি নাও গ্ল’বেল বিজনেছ ছামিট-২০২৬ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভাষণ

February 13th, 08:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত অনুষ্ঠিত ই টি নাও গ্ল’বেল বিজনেছ ছামিট-২০২৬ত ভাষণ দিয়ে। এই উপলক্ষে প্ৰধানমন্ত্ৰীগৰাকীয়ে গ্ল’বেল বিজনেছ ছামিটত উপস্থিত থকা সকলোকে শুভেচ্ছা জ্ঞাপন কৰি, ‘এটা দশক প্ৰতিবন্ধকতা, পৰিৱৰ্তনৰ এটা শতক’ শীৰ্ষক বিষয়বস্তুৰ ওপৰত মন্তব্য কৰে। তেওঁ আলোকপাত কৰে যে একবিংশ শতিকাৰ বিগত দশকত গোলকীয় মহামাৰী, বিভিন্ন অঞ্চলত উত্তেজনা আৰু যুদ্ধ তথা যোগান শৃংখলৰ বিচ্ছিন্নতাই বিশ্বৰ ভাৰসাম্য কঁপাই তোলাকে ধৰি অভূতপূৰ্ব বিঘিনি ঘটিছে। তেওঁ এই কথাত গুৰুত্ব আৰোপ কৰে যে সংকটে এখন ৰাষ্ট্ৰৰ প্ৰকৃত শক্তি উন্মোচন কৰে আৰু তেওঁ গৌৰৱ প্ৰকাশ কৰে যে এই প্ৰত্যাহ্বানসমূহৰ মাজতো ভাৰত এই দশকটোত উল্লেখযোগ্য উন্নয়ন, অসাধাৰণ ডেলিভাৰী আৰু গণতন্ত্ৰৰ শক্তিশালীকৰণৰ দ্বাৰা চিহ্নিত হৈছে। শ্ৰী মোদীয়ে স্মৰণ কৰে যে যেতিয়া যোৱা দশক আৰম্ভ হৈছিল তেতিয়া ভাৰত একাদশ বৃহত্তম অৰ্থনীতি আছিল আৰু অস্থিৰতাৰ মাজত ইয়াৰ অৱনতি ঘটাৰ আশংকা আছিল। কিন্তু আজি ভাৰত দ্ৰুতগতিত আগবাঢ়ি গৈ বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হিচাপে পৰিগণিত হৈছে। পৰিৱৰ্তিত শতিকাৰ বাবে ভাৰত এক প্ৰধান ভেটি হ’ব বুলি আলোকপাত কৰি শ্ৰী মোদীয়ে উল্লেখ কৰে যে বৰ্তমান ভাৰতে বিশ্বৰ উন্নয়নত ষোল্ল শতাংশতকৈ অধিক অৰিহণা যোগাইছে আৰু এই অৱদান বছৰৰ পিছত বছৰ ধৰি বৃদ্ধি পাই থাকিব বুলি তেওঁ বিশ্বাস প্ৰকাশ কৰে। তেওঁ দৃঢ়তাৰে কয় যে ভাৰতে বিশ্বৰ উন্নয়নৰ ক্ষেত্ৰত অগ্ৰসৰ হব আৰু বিশ্ব অৰ্থনীতিৰ নতুন ইঞ্জিন হিচাপে আত্মপ্ৰকাশ কৰিব।

Today, India has embarked on the Reform Express, aimed at making both life and business easier: PM Modi at the 18th Rozgar Mela

January 24th, 11:30 am

While addressing the 18th Rozgar Mela, PM Modi expressed his happiness that over 61,000 young people are receiving appointment letters for government services. He noted that India is entering into trade and mobility agreements with several countries, opening up vast new opportunities for young Indians. Highlighting the nation’s progress across sectors over the past decade, he urged the youth to work with the spirit of “Nagrik Devo Bhava.”

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে অষ্টাদশ ৰোজগাৰ মেলাত ভাষণ

January 24th, 11:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে ১৮ সংখ্যক ৰোজগাৰ মেলাত ভাষণ দিয়ে। অনুষ্ঠানত ভাষণ দি শ্ৰী মোদীয়ে মন্তব্য কৰে যে জনসাধাৰণৰ জীৱনত নতুন সুখ কঢ়িয়াই অনাৰ লগতে নাগৰিকসকলক তেওঁলোকৰ সাংবিধানিক কৰ্তব্যৰ সৈতে সংযোগ কৰি ২০২৬ বৰ্ষ আৰম্ভ হৈছে। তেওঁ উল্লেখ কৰে যে এই সময়ছোৱা গণৰাজ্যৰ বিশাল উৎসৱৰ সৈতে মিলি যায়। শ্ৰী মোদীয়ে স্মৰণ কৰে যে ২৩ জানুৱাৰীত ৰাষ্ট্ৰই নেতাজী সুভাষ চন্দ্ৰ বসুৰ জয়ন্তী উপলক্ষে পৰাক্ৰম দিৱস উদযাপন কৰে আৰু কাইলৈ ২৫ জানুৱাৰীত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন কৰা হ’ব আৰু তাৰ পাছতে গণৰাজ্য দিৱস পালন কৰা হ’ব। প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে আজিৰ দিনটোও বিশেষ, কিয়নো এই দিনটোতে সংবিধানে ‘জন গণ মন’ক ৰাষ্ট্ৰীয় সংগীত হিচাপে আৰু ‘বন্দে মাতৰম’ক ৰাষ্ট্ৰীয় গীত হিচাপে গ্ৰহণ কৰিছিল। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে এই গুৰুত্বপূৰ্ণ দিনটোত ৬১ হাজাৰৰো অধিক যুৱক-যুৱতীয়ে চৰকাৰী সেৱাৰ বাবে নিযুক্তি পত্ৰ লাভ কৰি তেওঁলোকৰ জীৱনত এক নতুন অধ্যায় আৰম্ভ কৰিছে। শ্ৰী মোদীয়ে এই নিযুক্তি পত্ৰসমূহক ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে আমন্ত্ৰণ আৰু উন্নত ভাৰতৰ সৃষ্টি ত্বৰান্বিত কৰাৰ প্ৰতিশ্ৰুতি হিচাপে বৰ্ণনা কৰে। তেওঁ উল্লেখ কৰে যে বহু যুৱক-যুৱতীয়ে ৰাষ্ট্ৰীয় নিৰাপত্তা শক্তিশালী কৰিব, শিক্ষা আৰু স্বাস্থ্যসেৱা তথা পৰিৱেশ তন্ত্ৰক শক্তিশালী কৰিব, বিত্তীয় সেৱা আৰু শক্তি সুৰক্ষাক শক্তিশালী কৰিব আৰু ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহৰ বিকাশত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। প্ৰধানমন্ত্ৰীয়ে সকলো যুৱক-যুৱতীক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে।

কুচ্ছ আৰু সৌৰাষ্ট্ৰ অঞ্চলৰ বাবে ভাইব্ৰেণ্ট গুজৰাট আঞ্চলিক সন্মিলনত দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ অনুবাদ

January 11th, 02:45 pm

গুজৰাটৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত ভূপেন্দ্ৰভাই পেটেল, উপ-মুখ্যমন্ত্ৰী হৰ্ষ সাংভী, গুজৰাট চৰকাৰৰ অন্যান্য মন্ত্ৰী, সাংসদ আৰু বিধায়ক, উদ্যোগসমূহৰ প্ৰতিনিধি, অন্যান্য বিশিষ্ট ব্যক্তি আৰু ভদ্ৰলোকসকল।

ৰাজকোটত কুচ্ছ আৰু সৌৰাষ্ট্ৰ অঞ্চলৰ বাবে ভাইব্ৰেণ্ট গুজৰাট আঞ্চলিক সন্মিলন উদ্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

January 11th, 02:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ ৰাজকোটত কুচ্ছ আৰু সৌৰাষ্ট্ৰ অঞ্চলৰ বাবে ভাইব্ৰেণ্ট গুজৰাট আঞ্চলিক সন্মিলন উদ্বোধন কৰে। এই উপলক্ষে সভাত ভাষণ দি শ্ৰী মোদীয়ে মন্তব্য কৰে যে ২০২৬ চনৰ আৰম্ভণিৰ পিছত এয়া তেওঁৰ প্ৰথম গুজৰাট ভ্ৰমণ। তেওঁ আলোকপাত কৰে যে ইয়াৰ পূৰ্বে পুৱা তেওঁৰ ভগৱান সোমনাথৰ ঐশ্বৰিক দৰ্শন হৈছিল আৰু এতিয়া ৰাজকোটত অনুষ্ঠিত হোৱা বৃহত অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। তেওঁ উল্লেখ কৰে যে “বিকাশ ভি, বিৰাসত ভি” মন্ত্ৰ সকলোতে প্ৰতিধ্বনিত হৈছে। প্ৰধানমন্ত্ৰীয়ে ভাইব্ৰেণ্ট গুজৰাট আঞ্চলিক সন্মিলনত অংশগ্ৰহণ কৰিবলৈ দেশৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সকলো অংশগ্ৰহণকাৰীক আদৰণি আৰু শুভেচ্ছা জ্ঞাপন কৰে।

ভিডিঅ কনফাৰেন্সনিঙৰ জৰিয়তে হায়দৰাবাদৰ ছাফ্ৰান এয়াৰক্ৰাফ্ট ইঞ্জিন চাৰ্ভিচেছ ইণ্ডিয়াৰ প্ৰকল্প উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে দিযা ভাষণৰ অসমীয়া

November 26th, 10:10 am

মোৰ সময় অলপ কম আছে , কাৰণ মই সংসদত উপস্থিত হ’ব লাগিব; মাননীয় ৰাষ্ট্ৰপতিৰ সৈতে এটা কাৰ্যসূচী আছে। সেয়ে দীঘলীয়াকৈ কথা নোকোৱাকৈয়ে ক্ষন্তেকতে কেইটামান কথা শ্বেয়াৰ কৰি মোৰ মন্তব্যৰ সামৰণি মাৰিম। আজিৰ পৰা ভাৰতৰ বিমান পৰিবহণ খণ্ডই নতুনকৈ এক গতি লাভ কৰিছে। ছাফ্ৰানৰ এই নতুন প্ৰকল্পই ভাৰতক বিশ্বব্যাপী এম আৰ অ’ হাব হিচাপে প্ৰতিষ্ঠা কৰাত সহায় কৰিব। এই এম আৰ অ’ সুবিধাই উচ্চ প্ৰযুক্তিৰ মহাকাশ জগতখনত যুৱক-যুৱতীসকলৰ বাবেও নতুন সুযোগৰ সৃষ্টি কৰিব। শেহতীয়াকৈ ২৪ নৱেম্বৰত ছাফ্ৰান ব’ৰ্ড আৰু মেনেজমেণ্টক লগ পাইছো, ইয়াৰ আগতেও লগ পাইছো। প্ৰতিটো আলোচনাতে ভাৰত সন্দৰ্ভত তেওঁলোকৰ আস্থা আৰু আশা দেখিছোঁ। মোৰ বিশ্বাস যে ভাৰতত ছাফ্ৰানৰ বিনিয়োগ একে গতিৰে চলি থাকিব৷ আজি এই প্ৰকল্পৰ বাবে টিম ছাফ্ৰানলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে হায়দৰাবাদত ছাফ্ৰান এয়াৰক্ৰাফ্ট ইঞ্জিন চাৰ্ভিচেছ ইণ্ডিয়া (এছ এ ই এছ আই) উদ্বোধন কৰে

November 26th, 10:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ জি এম আৰ এৰ’স্পেচ এণ্ড ইণ্ডাষ্ট্ৰিয়েল পাৰ্ক-এছ ই জেডত অৱস্থিত ছাফ্ৰান এয়াৰক্ৰাফ্ট ইঞ্জিন চাৰ্ভিচেছ ইণ্ডিয়া (এছ এ ই এছ আই) উদ্বোধন কৰে। অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰীয়ে কয় যে, ‘ভাৰতৰ বিমান পৰিবহণ খণ্ডই আজিৰে পৰা এক নতুন উৰণ আৰম্ভ কৰিছে। ছাফ্ৰানৰ নতুন সুবিধাই ভাৰতক গোলকীয় ৰক্ষণাবেক্ষণ, মেৰামতি আৰু সম্পূৰ্ণভাৱে ৰূপান্তৰিত (এম আৰ অ’) কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰাত সহায় কৰিব।’ প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰি কয় যে এই এম আৰ অ’ সুবিধাই উচ্চ-প্ৰযুক্তিৰ এৰ’স্পেচ খণ্ডত যুৱক-যুৱতীসকলৰ বাবেও নতুন সুযোগ সৃষ্টি কৰিব। শ্ৰী মোদীয়ে স্মৰণ কৰে যে তেওঁ ২৪ নৱেম্বৰত ছাফ্ৰান ব’ৰ্ড এণ্ড মেনেজমেণ্টক সাক্ষাৎ কৰিছিল আৰু উল্লেখ কৰিছিল যে ইয়াৰ পূৰ্বেও তেওঁলোকৰ সৈতে হোৱা প্ৰতিটো আলোচনাত তেওঁ ভাৰতৰ প্ৰতি তেওঁলোকৰ আস্থা আৰু আশা প্ৰত্যক্ষ কৰিছিল। তেওঁ আশা প্ৰকাশ কৰে যে ভাৰতত ছাফ্ৰানৰ বিনিয়োগ একেই গতি অব্যাহত থাকিব। শুভেচ্ছা জনাই প্ৰধানমন্ত্ৰীয়ে এই নতুন সুবিধাৰ বাবে টিম ছাফ্ৰানক অভিনন্দন জ্ঞাপন কৰে।