প্ৰধানমন্ত্ৰীয়ে পাটনা পক্ষী অভয়াৰণ্য আৰু চাৰি-ধাণ্ডক নতুন ৰামছাৰ এলেকা কৰাক আদৰণি জনাইছে

January 31st, 10:52 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ইটাহ (উত্তৰ প্ৰদেশ)ৰ পাটনা পক্ষী অভয়াৰণ্য আৰু কুচ (গুজৰাট)ৰ চাৰি-ধাণ্ডক ৰামছাৰ এলেকা হিচাপে অন্তৰ্ভুক্ত কৰাক আদৰণি জনায়। স্থানীয় জনসাধাৰণ আৰু জলাশয় সংৰক্ষণৰ প্ৰতি উৎসৰ্গিত সকলোকে অভিনন্দন জনাই শ্ৰী মোদীয়ে কয় যে এই স্বীকৃতিসমূহে জৈৱ-বৈচিত্ৰ্য সংৰক্ষণ আৰু গুৰুত্বপূৰ্ণ পৰিৱেশতন্ত্ৰ সুৰক্ষাৰ প্ৰতি আমাৰ দায়বদ্ধতাক পুনৰ সুদৃঢ় কৰে।

কুচ্ছ আৰু সৌৰাষ্ট্ৰ অঞ্চলৰ বাবে ভাইব্ৰেণ্ট গুজৰাট আঞ্চলিক সন্মিলনত দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ অনুবাদ

January 11th, 02:45 pm

গুজৰাটৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত ভূপেন্দ্ৰভাই পেটেল, উপ-মুখ্যমন্ত্ৰী হৰ্ষ সাংভী, গুজৰাট চৰকাৰৰ অন্যান্য মন্ত্ৰী, সাংসদ আৰু বিধায়ক, উদ্যোগসমূহৰ প্ৰতিনিধি, অন্যান্য বিশিষ্ট ব্যক্তি আৰু ভদ্ৰলোকসকল।

ৰাজকোটত কুচ্ছ আৰু সৌৰাষ্ট্ৰ অঞ্চলৰ বাবে ভাইব্ৰেণ্ট গুজৰাট আঞ্চলিক সন্মিলন উদ্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ

January 11th, 02:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ ৰাজকোটত কুচ্ছ আৰু সৌৰাষ্ট্ৰ অঞ্চলৰ বাবে ভাইব্ৰেণ্ট গুজৰাট আঞ্চলিক সন্মিলন উদ্বোধন কৰে। এই উপলক্ষে সভাত ভাষণ দি শ্ৰী মোদীয়ে মন্তব্য কৰে যে ২০২৬ চনৰ আৰম্ভণিৰ পিছত এয়া তেওঁৰ প্ৰথম গুজৰাট ভ্ৰমণ। তেওঁ আলোকপাত কৰে যে ইয়াৰ পূৰ্বে পুৱা তেওঁৰ ভগৱান সোমনাথৰ ঐশ্বৰিক দৰ্শন হৈছিল আৰু এতিয়া ৰাজকোটত অনুষ্ঠিত হোৱা বৃহত অনুষ্ঠানত অংশগ্ৰহণ কৰিছে। তেওঁ উল্লেখ কৰে যে “বিকাশ ভি, বিৰাসত ভি” মন্ত্ৰ সকলোতে প্ৰতিধ্বনিত হৈছে। প্ৰধানমন্ত্ৰীয়ে ভাইব্ৰেণ্ট গুজৰাট আঞ্চলিক সন্মিলনত অংশগ্ৰহণ কৰিবলৈ দেশৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সকলো অংশগ্ৰহণকাৰীক আদৰণি আৰু শুভেচ্ছা জ্ঞাপন কৰে।

১১ জানুৱাৰীত ৰাজকোট ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে

January 09th, 12:07 pm

প্ৰধানমন্ত্ৰীয়ে ২০২৬ চনৰ ১১ জানুৱাৰীত ৰাজকোট ভ্ৰমণ কৰিব আৰু কচ্ছ আৰু সৌৰাষ্ট্ৰ অঞ্চলৰ বাবে ভাইব্ৰেণ্ট গুজৰাট আঞ্চলিক সন্মিলনত অংশগ্ৰহণ কৰিব। দিনৰ প্ৰায় ১.৩০ বজাত তেওঁ সন্মিলনত বাণিজ্য প্ৰদৰ্শনী উদ্বোধন কৰিব। ইয়াৰ পিছত দুপৰীয়া প্ৰায় ২ বজাত প্ৰধানমন্ত্ৰীয়ে ৰাজকোটৰ মাৰৱাড়ী বিশ্ববিদ্যালয়ত কচ্ছ আৰু সৌৰাষ্ট্ৰ অঞ্চলৰ বাবে ভাইব্ৰেণ্ট গুজৰাট আঞ্চলিক সন্মিলন উদ্বোধন কৰিব। এই উপলক্ষে তেওঁ এক সমাৱেশকো সম্বোধন কৰিব। অনুষ্ঠানৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ১৪ খন গ্ৰীনফিল্ড স্মাৰ্ট গুজৰাট ঔদ্যোগিক উন্নয়ন নিগম লিমিটেড (জি আই ডি চি) সম্পত্তি উন্নয়নৰ কথাও ঘোষণা কৰিব আৰু ৰাজকোটত জি আই ডি চিৰ চিকিৎসা সঁজুলি উদ্যান উদ্বোধন কৰিব।

১০-১২ জানুৱাৰীত গুজৰাট ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে

January 09th, 12:02 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ১০-১২ জানুৱাৰীত গুজৰাট ভ্ৰমণ কৰিব। প্ৰধানমন্ত্ৰীয়ে ১০ জানুৱাৰীৰ সন্ধিয়া সোমনাথত উপস্থিত হ’ব আৰু প্ৰায় ৮ বজাত প্ৰধানমন্ত্ৰীয়ে ওমকাৰ মন্ত্ৰ জপত অংশগ্ৰহণ কৰিব আৰু তাৰ পিছত তেওঁ সোমনাথ মন্দিৰত ড্ৰোন শ্ব’ চাব।

‘বন্দে মাতৰম’ৰ ভাৱনা ভাৰতৰ অমৰ চেতনাৰে বিজড়িত হৈ আছে: ‘মন কী বাত’ত প্ৰধানমন্ত্ৰী মোদী

October 26th, 11:30 am

চলিত মাহৰ ‘মন কী বাত’ ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে ৩১ অক্টোবৰত ১৫০ সংখ্যক জয়ন্তী উপলক্ষে চৰ্দাৰ পেটেললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ ছঠপূজা উৎসৱ, পৰিৱেশ সুৰক্ষা, ভাৰতীয় জাতৰ কুকুৰ, ভাৰতীয় কফি, জনজাতীয় সম্প্ৰদায়ৰ নেতা আৰু সংস্কৃত ভাষাৰ গুৰুত্ব আদি আমোদজনক বিষয় সন্দৰ্ভতো আলোকপাত কৰে। ‘বন্দে মাতৰম’ গীতৰ ১৫০ সংখ্যক বৰ্ষৰ বিষয়ে প্ৰধানমন্ত্ৰীগৰাকীয়ে বিশেষভাৱে উল্লেখ কৰে।

নতুন দিল্লীত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতবাৰ্ষিকী উদযাপনত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ অসমীয়া অনুবাদ

October 01st, 10:45 am

মঞ্চত উপবিষ্ট ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সন্মানীয় সৰকাৰ্যবাহ, শ্ৰী দত্তত্ৰেয় হোছাবালে জী, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী গজেন্দ্ৰ শেখাৱত জী, দিল্লীৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ৰেখা গুপ্তা জী, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সকলো স্বেচ্ছাসেৱক, অন্যান্য বিশিষ্ট ব্যক্তিসকল, ভদ্ৰ মহিলা আৰু ভদ্ৰ মহোদয়গণ!

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতবাৰ্ষিকী উদযাপন কাৰ্য্যসূচী সম্বোধন কৰে

October 01st, 10:30 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ডঃ আম্বেদকাৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ (RSS) শতবাৰ্ষিকী উদযাপন কাৰ্য্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণেৰে ইয়াত সমবেতসকলক সম্বোধন কৰে। শ্ৰী মোদীয়ে নৱৰাত্ৰি উপলক্ষে সকলো নাগৰিককে শুভেচ্ছা জ্ঞাপনেৰে আজি মহানৱমী আৰু দেৱী সিদ্ধিদাত্ৰীৰ দিন বুলি উল্লেখ কৰে। তেখেতে কয় যে কাইলৈ ​​বিজয়া দশমী, যিয়ে ভাৰতীয় সংস্কৃতিৰ কালজয়ী ঘোষণাক অভিহিত কৰে— অন্যায়ৰ বিৰুদ্ধে ন্যায়ৰ জয়, মিছাৰ ওপৰত সত্য আৰু আন্ধাৰৰ ওপৰত পোহৰৰ বিজয়। এনে এক পবিত্ৰ দিনত এশ বছৰ পূৰ্বে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ প্ৰতিষ্ঠা হৈছিল বুলি কয় প্ৰধানমন্ত্ৰীগৰাকীয়ে। তেখেতে কয় যে এয়া আছিল হাজাৰ-হাজাৰ বছৰ ধৰি অব্যাহত এক প্ৰাচীন পৰম্পৰাৰ পুনৰুদ্ধাৰ, য’ত প্ৰতিটো যুগৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ নতুন ৰূপত ৰাষ্ট্ৰীয় চেতনাৰ উন্মেষ ঘটে। এই যুগত তেখেতে দৃঢ়তাৰে কয় যে সংঘ সেই চিৰন্তন ৰাষ্ট্ৰীয় চেতনাৰ এক ৰূপ।

কৰ্ণাটক, তেলেংগানা, বিহাৰ আৰু অসম উপকৃত হোৱাকৈ তিনিটা প্ৰকল্পৰ মাল্টি ট্ৰেকিং আৰু গুজৰাটৰ কচ্চৰ দুৰ্গম অঞ্চল সংযোগ কৰিবলৈ নতুন ৰে’ল লাইনৰ অনুমোদন কেবিনেটৰ

August 27th, 04:50 pm

সংশ্লিষ্ট প্ৰকল্পসমূহৰ লক্ষ্য হৈছে যাত্ৰী আৰু সামগ্ৰী উভয়ৰে নিৰৱচ্ছিন্ন আৰু দ্ৰুত পৰিবহণ নিশ্চিত কৰা। এই পদক্ষেপসমূহে সংযোগ প্ৰদান আৰু ভ্ৰমণৰ সুবিধা উন্নত কৰাৰ লগতে লজিষ্টিক ব্যয় হ্ৰাস কৰাৰ লগতে তেল আমদানিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰিব। তদুপৰি এই প্ৰকল্পসমূহে কাৰ্বন নিৰ্গমন হ্ৰাস কৰাত অৰিহণা যোগাব, যাৰ ফলত বহনক্ষম আৰু কাৰ্যক্ষম ৰে’ল পৰিচালনাৰ প্ৰসাৰ ঘটিব। এই প্ৰকল্পসমূহে নিৰ্মাণৰ সময়ত প্ৰায় ২৫১ লাখ মানৱ দিন প্ৰত্যক্ষ কৰ্মসংস্থাপনৰ সৃষ্টি কৰিব।

প্ৰধানমন্ত্ৰীয়ে কচ্ছৰ সৌন্দৰ্য্যৰ বুৰঞ্জী লিখাৰ প্ৰচেষ্টা আৰু মটৰ চাইকেল আৰোহীসকলক তালৈ যাবলৈ উৎসাহিত কৰাৰ বাবে প্ৰশংসা কৰে

July 20th, 08:59 am

কালি নতুন দিল্লীত টিভিএছ মটৰ কোম্পানীৰ শ্ৰী ভেনু শ্ৰীনিবাসন আৰু শ্ৰী সুদৰ্শন ভেনুৱে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। কচ্ছৰ সৌন্দৰ্য্যৰ বুৰঞ্জী লিখাৰ প্ৰচেষ্টাৰ লগতে মটৰ চাইকেল আৰোহীসকলক তালৈ যাবলৈ উৎসাহিত কৰাৰ বাবে শ্ৰী মোদীয়ে তেওঁলোকক প্ৰশংসা কৰে।

গুজৰাটৰ ভুজত উন্নয়নমূলক কাম-কাজৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

May 26th, 05:00 pm

গুজৰাটৰ মুখ্যমন্ত্ৰী শ্ৰীযুত ভূপেন্দ্ৰভাই পেটেল, কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ সহকৰ্মী শ্ৰী মনোহৰ লাল জী, কেবিনেটৰ আন সকলো সদস্য, সাংসদ, বিধায়ক, আন সকলো সন্মানীয় বিশিষ্ট ব্যক্তি আৰু মোৰ মৰমৰ কচ্চৰ ভাই-ভনীসকল!

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ ভূজত ৫৩,৪০০ কোটি টকাৰো অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে

May 26th, 04:45 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ ভূজত ৫৩,৪০০ কোটি টকাৰো অধিক মূল্যৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু ৰাষ্ট্ৰক সমৰ্পিত কৰে। এই উপলক্ষে সভাত ভাষণ দি তেওঁ কচ্ছবাসীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে আৰু বিশেষকৈ মহান স্বাধীনতা সংগ্ৰামী শ্যামজী কৃষ্ণ বাৰ্মাসহ ক্ৰান্তিকাৰী আৰু শ্বহীদৰ প্ৰতি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ স্থিতিস্থাপকতা আৰু অৱদানক স্বীকাৰ কৰি কচ্ছৰ পুত্ৰ-কন্যাসকলৰ প্ৰতি শ্ৰদ্ধা প্ৰকাশ কৰে।

ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ ১৫০সংখ্যক প্ৰতিষ্ঠা দিৱসত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

January 14th, 10:45 am

কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ মোৰ সতীৰ্থ ড০ জিতেন্দ্ৰ সিং জী, বিশ্ব বতৰ বিজ্ঞান সংস্থাৰ সচিব প্ৰধান অধ্যাপক ছেলেষ্টে চাওলে জী, বিদেশৰ পৰা অহা আমাৰ অতিথিবৃন্দ, পৃথিৱী বিজ্ঞান মন্ত্ৰালয়ৰ সচিব ড০ এম ৰবিচন্দ্ৰন জী, আইএমডিৰ সঞ্চালক প্ৰধান ড০ মৃত্যুঞ্জয় মহাপাত্ৰ জী, অন্যান্য অতিথিসকল, বৈজ্ঞানিকসকল আৰু বিভিন্ন বিভাগ তথা সংস্থাৰ বিষয়া, ভদ্ৰ পুৰুষ-মহিলাসকল।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ ১৫০ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সমাৰোহত ভাষণ দিয়ে

January 14th, 10:30 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত ভাৰতীয় বতৰ বিজ্ঞান বিভাগ (আইএমডি)ৰ ১৫০ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজিত সমাৰোহত অংশগ্ৰহণ কৰে। এই উপলক্ষে সভাত ভাষণ প্ৰদান কৰি তেওঁ কয় যে আইএমডিৰ ১৫০ বছৰে কেৱল বতৰ বিজ্ঞান বিভাগৰ যাত্ৰাকে প্ৰতিফলিত কৰাই নহয়, বৰং ভাৰতত আধুনিক বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ গৌৰৱময় যাত্ৰাকো প্ৰতিফলিত কৰে। তেওঁ কয় যে আইএমডিয়ে এই ডেৰ শতিকাত লাখ লাখ ভাৰতীয়ক সেৱা আগবঢ়াইছে আৰু ই ভাৰতৰ বৈজ্ঞানিক প্ৰগতিৰ প্ৰতীক হৈ পৰিছে। শ্ৰী মোদীয়ে কয় যে আইএমডিৰ কৃতিত্বক সন্মান জনাই আজি এটা স্মাৰক ডাক টিকট আৰু মুদ্ৰাও মুকলি কৰা হৈছে। তেওঁ কয় যে ২০৪৭ চনত আইএমডিৰ ভৱিষ্যতৰ ৰূপৰেখা দাঙি ধৰা এক দৃষ্টিভংগী দস্তাবেজ প্ৰকাশ কৰা হৈছে। ২০৪৭ চনত ভাৰতে স্বাধীনতাৰ ১০০ বছৰ উদযাপন কৰিব। তেওঁ আইএমডিৰ ১৫০ বছৰ সম্পূৰ্ণ হোৱাৰ এই গুৰুত্বপূৰ্ণ উপলক্ষে নাগৰিকসকলক অভিনন্দন জনায়।

PM Modi invites everyone to Rann Utsav

December 21st, 10:08 am

Prime Minister Shri Narendra Modi has invited everyone to Rann Utsav, which will go on till March 2025. Prime Minister Shri Modi underscored that the festival promises to be an unforgettable experience.

Our Jawans have proved their mettle on every challenging occasion: PM Modi in Kutch

October 31st, 07:05 pm

PM Modi celebrated Diwali with the personnel of the BSF, Army, Navy and Air Force near the Indo-Pak border, at Lakki Nala in Sir Creek area in Gujarat's Kutch. The Prime Minister conveyed his deep appreciation for the soldiers' service to the nation, acknowledging the sacrifices they make in challenging environments.

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ কচ্ছত নিৰাপত্তাৰক্ষীসকলৰ সৈতে দীপাৱলী উদযাপন কৰে

October 31st, 07:00 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ কচ্ছৰ ছাৰ ক্ৰিক অঞ্চলৰ লক্কি নালাত ভাৰত-পাক সীমান্তৰ সমীপস্থ সীমান্ত সুৰক্ষা বাহিনী (BSF), সেনা, নৌসেনা আৰু বায়ুসেনাৰ জোৱানসকলৰ সৈতে দীপান্বিতা উদযাপন কৰে। এইদৰে ভাৰতৰ সশস্ত্ৰ বাহিনীসমূহৰ সৈতে পোহৰৰ উৎসৱটি উদযাপনৰ পৰম্পৰা অব্যাহত ৰাখে প্ৰধানমন্ত্ৰীগৰাকীয়ে। প্ৰধানমন্ত্ৰীগৰাকীয়ে ক্ৰিক অঞ্চলৰ এটা বিঅ’পিও পৰিদৰ্শনেৰে সাহসী নিৰাপত্তাৰক্ষীসকলৰ মাজত মিঠাই বিতৰণ কৰে।

চৰকাৰৰ মুৰব্বী হিচাপে ২৩ বছৰ সম্পূৰ্ণ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ : সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন

October 07th, 09:06 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চৰকাৰৰ মুৰব্বী হিচাপে ২৩ বছৰ সম্পূৰ্ণ কৰাৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছে। গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে থকা কাৰ্যকালৰ কথা স্মৰণ কৰি তেওঁ কয় যে কেনেকৈ ৰাজ্যখন ‘সবকা সাথ, সবকা বিকাশ’ৰ আৰ্হি হৈ পৰিল, সমাজৰ সকলো শ্ৰেণীৰ বাবে সমৃদ্ধিৰ প্ৰসাৰ ঘটিল। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে বিগত দশকলৈ উভতি চালে দেখা যায় যে ভাৰতৰ উল্লেখযোগ্য উন্নয়নমূলক অগ্ৰগতিয়ে দেশখনক বিশ্বজুৰি আশাবাদৰ অভিকেন্দ্ৰ হিচাপে স্থান দিছে। তেওঁ নাগৰিকসকলক আশ্বস্ত কৰি কয় যে তেওঁ অক্লান্তভাৱে, জিৰণি নোহোৱাকৈ, এখন ‘বিকশিত ভাৰত’ৰ সামূহিক লক্ষ্য বাস্তৱায়িত নোহোৱালৈকে কাম কৰি যাব।

প্ৰধানমন্ত্ৰীয়ে প্ৰিক্স ভাৰ্চাইলছ সংগ্ৰহালয়, ২০২৪ৰ বাবে বিশ্ব বাছনিত স্মৃতিবনক অন্তৰ্ভুক্ত কৰাত আনন্দ প্ৰকাশ কৰিছে

June 15th, 06:23 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰিক্স ভাৰ্চাইলছ সংগ্ৰহালয়, ২০২৪ৰ বাবে বিশ্ব বাছনিত কচ্ছস্থিত স্মৃতিবনক অন্তৰ্ভুক্ত কৰাত সন্তুষ্টি প্ৰকাশ কৰে। ২০০১ চনৰ শোকাৱহ ভূমিকম্পত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি শ্ৰদ্ধা জনাই কচ্ছস্থিত স্মৃতিবন নিৰ্মাণ কৰা হৈছিল।

Congress's mindset is against the rural development of border villages: PM Modi in Barmer

April 12th, 02:30 pm

Ahead of the upcoming Lok Sabha elections, PM Modi was accorded a bustling welcome by Barmer as he addressed an election rally in Rajasthan. He said, Rajasthan represents valour and courage along with a resolve to enable a 'Viksit Bharat.' He added that looking at the popular support, the people are determined for '4 June 400 Paar, Fir ek Baar Modi Sarkar.'