অন্ধ্ৰপ্ৰদেশৰ কুৰ্নুল জিলাত সংঘটিত দুৰ্ঘটনাক লৈ শোকপ্ৰকাশ প্ৰধানমন্ত্ৰীৰ

April 16th, 09:50 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অন্ধ্ৰপ্ৰদেশৰ কুৰ্নুল জিলাত সংঘটিত দুৰ্ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে।

মহাৰাষ্ট্ৰত বিঅ’টি (টোল) মোডত ১৯,১৪২ কোটি টকাৰ ৩৭৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ প্ৰকল্পৰ সৈতে ৬ লেনযুক্ত গ্ৰীণফিল্ড প্ৰৱেশ-নিয়ন্ত্ৰিত নাছিক-চোলাপুৰ-আক্কালকোট কৰিডৰ নিৰ্মাণত কেবিনেটৰ অনুমোদন

December 31st, 03:06 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অৰ্থনৈতিক পৰিক্ৰমা সম্পৰ্কীয় কেবিনেট কমিটীয়ে আজি মুঠ মূলধন ব্যয় ১৯,১৪২ কোটি টকাৰে মহাৰাষ্ট্ৰত বিঅ’টি (টোল) মোডত ৩৭৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৬ লেনযুক্ত গ্ৰীণফিল্ড প্ৰৱেশ-নিয়ন্ত্ৰিত নাছিক-চোলাপুৰ-আক্কালকোট কৰিড’ৰ নিৰ্মাণত অনুমোদন জনাইছে। এই প্ৰকল্পটোৱে মানচিত্ৰত উল্লেখ কৰা অনুসৰি নাছিক, অহিল্যানগৰ, চোলাপুৰৰ দৰে গুৰুত্বপূৰ্ণ আঞ্চলিক চহৰসমূহক কুৰ্ণুলৰ সৈতে সংযোগ কৰিব। এই আন্তঃগাঁথনি প্ৰধানমন্ত্ৰী গতিশক্তি ৰাষ্ট্ৰীয় মাষ্টাৰ প্লেন নীতিৰ অধীনত সংহত পৰিবহণ আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ।

অন্ধ্ৰ প্ৰদেশৰ কুৰ্ণুল জিলাত সংঘটিত এটা দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

October 24th, 09:02 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অন্ধ্ৰ প্ৰদেশৰ কুৰ্ণুল জিলাত সংঘটিত এটা দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে। তেওঁ প্ৰতিজন মৃতকৰ নিকটাত্মীয়লৈ পিএমএনআৰএফৰ পৰা ২ লাখ টকাকৈ আৰু আহতসকললৈ ৫০ হাজাৰ টকাকৈ এককালীন সাহায্য ঘোষণা কৰে।

প্ৰধানমন্ত্ৰীয়ে দাঙি ধৰিলে অন্ধ্ৰ প্ৰদেশ ভ্ৰমণৰ আভাস

October 16th, 09:55 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অন্ধ্ৰ প্ৰদেশ ভ্ৰমণৰ আভাস দাঙি ধৰে। শ্ৰীছাইলামত শ্ৰী মোদীয়ে শ্ৰী ভ্ৰামাৰম্বা মল্লিকাৰ্জুন স্বামী বৰ্লা দেৱস্থানত প্ৰাৰ্থনা কৰি শ্ৰী শিৱাজী ধ্যান মন্দিৰ আৰু শ্ৰী শিৱাজী দৰবাৰ হল পৰিদৰ্শন কৰে। পিছত তেওঁ আধাৰশিলা স্থাপন কৰে, কুৰ্ণুলত প্ৰায় ১৩,৪৩০ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ কৰে।

অন্ধ্ৰ প্ৰদেশৰ কুৰ্ণুলত বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ

October 16th, 03:00 pm

অন্ধ্ৰ প্ৰদেশৰ মাননীয় ৰাজ্যপাল এছ আব্দুল নাজীৰ জী; জনপ্ৰিয় আৰু কঠোৰ পৰিশ্ৰমী মুখ্যমন্ত্ৰী শ্ৰী চন্দ্ৰবাবু নাইডু জী; কেন্দ্ৰীয় মন্ত্ৰী কে ৰামমোহন নাইডু জী; চন্দ্ৰ শেখৰ পেম্মাছানি জী; ভূপতিৰাজু শ্ৰীনিবাস বাৰ্মা জী; উপ-মুখ্যমন্ত্ৰী পৱন কল্যাণ জী; ৰাজ্য চৰকাৰৰ মন্ত্ৰী নাৰা লোকেশ জী; আন সকলো মন্ত্ৰী; বিজেপিৰ ৰাজ্যিক সভাপতি পি.ভি.এন. মাধৱ জী; সকলো সংসদ সদস্য, বিধায়ক আৰু মোৰ মৰমৰ ভাই-ভনীসকল, যিসকলে ইয়াত ইমান বৃহৎ সংখ্যাত আমাক আশীৰ্বাদ দিবলৈ গোট খাইছে!

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অন্ধ্ৰ প্ৰদেশৰ কুৰ্ণুলত ১৩,৪৩০ কোটি টকাৰ ৰাষ্ট্ৰ উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন তথা উৎসৰ্গা কৰে

October 16th, 02:30 pm

দ্বাদশ জ্যোতিৰ্লিংগ স্তোত্ৰমৰ এটা শ্লোক—“সৌৰাষ্ট্ৰ সোমনাথম চ শ্ৰীশৈলা মল্লিকাৰ্জুনম” আবৃত্তি কৰি শ্ৰী মোদীয়ে আলোকপাত কৰে যে বাৰটা জ্যোতিৰ্লিংগৰ ভিতৰত আৰম্ভণিতে ভগৱান সোমনাথ আৰু ভগৱান মল্লিকাৰ্জুনৰ নাম একেলগে থকা দেখা যায়। “গুজৰাটৰ পবিত্ৰ সোমনাথ ভূমিত জন্ম লোৱা, কাশীত বাবা বিশ্বনাথৰ ভূমিত সেৱা কৰাৰ সুযোগ পোৱা, আৰু এতিয়া শ্ৰীছাইলামৰ আশীৰ্বাদ লাভ কৰাটো মোৰ সৌভাগ্য”, শ্ৰী মোদীয়ে কয়। শ্ৰীছাইলাম ভ্ৰমণৰ অন্তত প্ৰধানমন্ত্ৰীয়ে শিৱাজী স্পুৰতি কেন্দ্ৰত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে মঞ্চৰ পৰা ছত্ৰপতি মহাৰাজক শ্ৰদ্ধাঞ্জলি জনায়। তেওঁ আল্লামা প্ৰভু আৰু আক্কামাদেৱী আদি পূজনীয় শৈৱী সন্তসকলক প্ৰণাম জনায়। লগতে শ্ৰী উয়ালাৱাদা নৰসিংহ ৰেড্ডী গাৰু আৰু শ্ৰী হৰি সৰ্বোত্তম ৰাওকে ধৰি মহান স্বাধীনতা সংগ্ৰামীসকলকো শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে ১৬ অক্টোবৰত অন্ধ্ৰ প্ৰদেশ ভ্ৰমণ কৰিব

October 14th, 05:48 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১৬ অক্টোবৰত অন্ধ্ৰ প্ৰদেশ ভ্ৰমণ কৰিব। তেখেতে পুৱা প্ৰায় ১১:১৫ বজাত নন্দিয়াল জিলাৰ শ্ৰীশৈলমস্থিত শ্ৰী ভ্ৰমৰম্ব মল্লিকাৰ্জুন স্বামী বৰ্লা দেৱস্থানত পূজা-অৰ্চনা আৰু দৰ্শন কৰিব। ইয়াৰ পিছত দিনৰ প্ৰায় ১২:১৫ বজাত শ্ৰীশৈলমৰ শ্ৰী শিৱাজী স্পৰ্থী কেন্দ্ৰলৈ যাব।