১৯৯৬ৰ শ্ৰীলংকাৰ ক্ৰিকেট টীমৰ সৈতে প্ৰধানমন্ত্ৰীৰ বিশেষ মত-বিনিময়ৰ অসমীয়া অনুবাদ

April 05th, 10:25 pm

আপোনালোক সকলোকে লগ পোৱাৰ সুযোগ পাই মই আনন্দিত হৈছোঁ। মই অনুভৱ কৰোঁ যে আপোনালোকৰ টীমটো এনেকুৱা এটা দল, যাক ভাৰতৰ জনসাধাৰণে এতিয়াও মৰমেৰে মনত পেলায়। আপোনাসৱে ভাৰতীয় দলক পৰাস্ত কৰা সময়খিনিৰ কথা ৰাষ্ট্ৰই পাহৰা নাই।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৯৯৬ৰ শ্ৰীলংকাৰ ক্ৰিকেট টীমৰ সৈতে মত-বিনিময় কৰে

April 05th, 10:23 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কালি শ্ৰীলংকাৰ কলম্বোত ১৯৯৬ৰ শ্ৰীলংকাৰ ক্ৰিকেট টীমৰ সৈতে মত-বিনিময় কৰে। এই কাৰ্য্যসূচীত ক্ৰিকেটাৰসকলে সন্মানীয় প্ৰধানমন্ত্ৰীক লগ পাই সন্তোষ আৰু কৃতজ্ঞতা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে তেওঁলোকক লগ পাই আনন্দিত হোৱাৰ লগতে কয় যে ভাৰতৰ জনসাধাৰণৰ দলটোৰ প্ৰভাৱশালী প্ৰদৰ্শনৰ কথা, বিশেষকৈ চিৰস্থায়ী ছাপ বহনকাৰী স্মৰণীয় জয়ৰ কথা এতিয়াও মনত আছে। তেখেতে লগতে কয় যে তেওঁলোকৰ এই কৃতিত্বৰ কথা ৰাষ্ট্ৰখনৰ মাজত আজিও চৰ্চিত হৈ আছে।