ভাৰত- কোৰিয়া গণৰাজ্যৰ শক্তি সম্পদ সুৰক্ষা সম্পৰ্কীয় যুটীয়া বিবৃতি

April 20th, 10:56 pm

১) ভাৰত আৰু কোৰিয়া গণৰাজ্য এক মুক্ত, সৰ্বাংগীন আৰু সমৃদ্ধিশালী ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ বাবে উমৈহতীয়া দৃষ্টিভংগীৰে বিশেষ কৌশলগত অংশীদাৰ হৈ ৰৈছে।

জাহাজ নিৰ্মাণ, জাহাজ চালনা আৰু সামুদ্ৰিক লজিষ্টিকছৰ অংশীদাৰিত্বৰ বাবে ভাৰত-কোৰিয়া গণৰাজ্যৰ বিস্তৃত কাঠামো

April 20th, 10:51 pm

২০২৬ চনৰ ২০ এপ্ৰিলত ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণ মৰ্মে কোৰিয়া গণৰাজ্যৰ ৰাষ্ট্ৰপতি মহামহিম লি জে ম্যুঙে ভাৰত ভ্ৰমণ কৰাৰ সময়তে দুয়োপক্ষই জাহাজ নিৰ্মাণ, জাহাজ চালনা আৰু সামুদ্ৰিক লজিষ্টিকছৰ অংশীদাৰিত্বৰ বাবে তেওঁলোকৰ চৰকাৰী সংস্থা তথা ব্যক্তিগত সত্তাসমূহৰ মাজত পাৰস্পৰিকভাৱে লাভজনক সহযোগিতাৰ বিশয়ত মত বিনিময় কৰে।

কোৰিয়া গণৰাজ্যৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্ৰীয়ে দিয়া যৌথ প্ৰেছ বিবৃতিৰ অসমীয়া অনুবাদ

April 20th, 01:05 pm

ৰাষ্ট্ৰপতি লীক প্ৰথম ভাৰত ভ্ৰমণৰ সময়ত আদৰণি জনাবলৈ পোৱাৰ কথাই মোক অতি আনন্দিত কৰিছে। তেওঁৰ জীৱনটো স্থিতিস্থাপকতা, সেৱা আৰু সমৰ্পণৰ এক প্ৰেৰণাদায়ক উদাহৰণ হিচাপে থিয় দিছে। তেওঁ সন্মুখীন হোৱা প্ৰতিটো প্ৰত্যাহ্বানেই তেওঁৰ মনত থকা জনসাধাৰণৰ সেৱাৰ সংকল্পক অধিক শক্তিশালী কৰি তুলিছে। যদিও এয়া তেওঁৰ প্ৰথম ভাৰত ভ্ৰমণ, তথাপি আমাৰ প্ৰথম সাক্ষাতৰ পৰাই ভাৰতৰ প্ৰতি তেওঁৰ উষ্ম মৰম আৰু আত্মীয়তা স্পষ্ট হৈ পৰিছে।

জি-৭ সন্মিলনৰ আঁৰত কোৰিয়া গণৰাজ্যৰ ৰাষ্ট্ৰপতিৰে মিলিত প্ৰধানমন্ত্ৰী

June 18th, 03:17 pm

১৭ জুন, ২০২৫-ত কানাডাৰ কানানাস্কিছত অনুষ্ঠিত ৫১ সংখ্যক জি-৭ সন্মিলনৰ আঁৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী কোৰিয়া গণৰাজ্যৰ ৰাষ্ট্ৰপতি মহামহিম লি জে-মিউঙৰে মিলিত হয়। শ্ৰী মোদীয়ে কয় যে ভাৰত আৰু কোৰিয়া গণৰাজ্যই বাণিজ্য, বিনিয়োগ, প্ৰযুক্তি, সেউজ হাইড্ৰজেন, জাহাজ নিৰ্মাণ আদি খণ্ডত একেলগে কাম কৰিব বিচাৰে।

. কোৰিয়াৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ বাবে শ্ৰীযুত লি জে-ম্যুঙক অভিনন্দন প্ৰধানমন্ত্ৰীৰ

June 04th, 08:38 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কোৰিয়াৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ বাবে শ্ৰীযুত লি জে-ম্যুঙক অভিনন্দন জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে ভাৰত আৰু কোৰিয়া গণৰাজ্যৰ মাজৰ কূটনৈতিক সম্পৰ্কৰ ৫০ বছৰ সম্পূৰ্ণ হোৱাৰ উৎসৱ উদযাপন কৰে

December 10th, 12:23 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰত আৰু কোৰিয়া গণৰাজ্যৰ মাজৰ কূটনৈতিক সম্পৰ্ক স্থাপনৰ ৫০ বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে কোৰিয়া গণৰাজ্যৰ ৰাষ্ট্ৰপতি শ্ৰীযুত য়ুন চুক য়েওলক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। পাৰস্পৰিক সন্মান, মূল্যবোধ ভাগ-বতৰা আৰু বিকশিত অংশীদাৰিত্বৰ যাত্ৰাক আলোকপাত কৰি, প্ৰধানমন্ত্ৰীয়ে বিশেষ কূটনৈতিক অংশীদাৰিত্বক গভীৰ আৰু সম্প্ৰসাৰণ কৰিবৰ বাবে য়ুন চুক য়েওলৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰে।