পশ্চিমবংগৰ ছিংগুৰত একাধিক উন্নয়নমূলক প্ৰকল্প মুকলি কৰাৰ সময়ত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ

January 18th, 03:30 pm

কালি মই মালদাত আছিলো আৰু আজি ইয়াত হুগলীত আপোনালোক সকলোৰে মাজলৈ অহাৰ সৌভাগ্য লাভ কৰিছো। উন্নত ভাৰতৰ বাবে পূব ভাৰতৰ উন্নয়ন অপৰিহাৰ্য—কেন্দ্ৰীয় চৰকাৰে এই লক্ষ্যৰে অবিৰতভাৱে কাম কৰি আছে। কালি আৰু আজিৰ কাৰ্যসূচীয়ে এই সংকল্পক আৰু অধিক শক্তিশালী কৰিবলৈ গৈ আছে। এই সময়ছোৱাত মই শ শ কোটি টকাৰে ৰূপায়ণ কৰা পশ্চিম বংগৰ সৈতে জড়িত উন্নয়নমূলক প্ৰকল্পসমূহৰ আধাৰশিলা স্থাপন আৰু উৎসৰ্গা কৰাৰ সুযোগ পাইছো। কালি পশ্চিমবংগৰ পৰা দেশৰ প্ৰথমখন বন্দে ভাৰত শ্লীপাৰ ৰে’ল আৰম্ভ কৰা হয়। বংগই লাভ কৰিছে প্ৰায় ডেৰ ডজন নতুন অমৃত ভাৰত এক্সপ্ৰেছ ৰে’ল। আজি আৰু তিনিখন অমৃত ভাৰত এক্সপ্ৰেছ ৰে’ল আৰম্ভ হৈছে। ইয়াৰে এখন ৰে’লে মোৰ সংসদীয় সমষ্টি কাশী বাৰানসীৰ সৈতে বংগৰ সংযোগক আৰু অধিক শক্তিশালী কৰিব৷ ইয়াৰ উপৰি দিল্লী আৰু তামিলনাডুলৈও অমৃত ভাৰত এক্সপ্ৰেছ ৰে’ল আৰম্ভ হৈছে। অৰ্থাৎ পশ্চিমবংগৰ ৰে’ল সংযোগৰ ক্ষেত্ৰত যোৱা ২৪ ঘন্টা অভূতপূৰ্ব হৈ পৰিছে। হয়তো যোৱা ১০০ বছৰৰ ভিতৰত ২৪ ঘন্টাত ইমান কাম হোৱা নাছিল।

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পশ্চিম বংগৰ ছিংগুৰত ৮৩০ কোটি টকাতকৈও অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্প উদ্বোধন, আধাৰশিলা স্থাপন কৰাৰ লগতে শুভাৰম্ভ কৰে

January 18th, 03:00 pm

আজি পশ্চিমবংগৰ হুগলী জিলাৰ ছিংগুৰত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৮৩০ কোটি টকাতকৈও অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্প উদ্বোধন আধাৰশিলা স্থাপন আৰু শুভাৰম্ভ কৰে। এই উপলক্ষে আয়োজিত সভাত ভাষণ আগবঢ়াই শ্ৰী মোদীয়ে মন্তব্য কৰে যে কালি তেওঁ মালদাত আছিল আৰু আজি তেওঁ হুগলীত জনসাধাৰণৰ মাজত থকাৰ সৌভাগ্য লভিছে। তেওঁ কয় যে এখন উন্নত ভাৰতৰ বাবে পূব ভাৰতৰ উন্নয়ন অতি প্ৰয়োজনীয় আৰু এই লক্ষ্যৰেই কেন্দ্ৰীয় চৰকাৰে অহৰহ কাম কৰি আছে। তেওঁ উল্লেখ কৰে যে কালি আৰু আজিৰ কাৰ্যসূচীয়ে এই সংকল্পক অধিক শক্তিশালী কৰিছে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এই সময়ছোৱাত তেওঁ পশ্চিমবংগৰ উন্নয়নৰ সৈতে জড়িত শ শ কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰাৰ সুযোগ পাইছে।

ৰাইজিং নৰ্থ ইষ্ট ইনভেষ্টৰ্ছ ছামিটত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

May 23rd, 11:00 am

কেন্দ্ৰীয় কেবিনেটৰ মোৰ সতীৰ্থ জ্যোতিৰাদিত্য সিন্ধিয়া জী, সুকান্ত মজুমদাৰ জী, মণিপুৰৰ ৰাজ্যপাল অজয় ভল্লা জী, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জী, অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু জী, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহা জী, মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা জী, ছিক্কিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং তামাং জী, নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ' জী, মিজোৰামৰ মুখ্যমন্ত্ৰী লালদুহোমা জী, সকলো উদ্যোগৰ নেতা, বিনিয়োগকাৰী, ভদ্ৰমহিলা আৰু সুধী সমাজ!

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাইজিং নৰ্থ-ইষ্ট ইনভেষ্টৰ্ছ ছামিট, ২০২৫ উদ্বোধন কৰে

May 23rd, 10:30 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত ৰাইজিং নৰ্থ-ইষ্ট ইনভেষ্টৰ্ছ ছামিট, ২০২৫ উদ্বোধন কৰে। ইয়াত সমবেত সকলো গণ্যমান্য ব্যক্তিক উষ্ম আদৰণি জনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ ভৱিষ্যতক লৈ গৌৰৱ আৰু গভীৰ আস্থা প্ৰকাশ কৰে। শেহতীয়াকৈ ভাৰত মণ্ডপমত অনুষ্ঠিত অষ্টলক্ষ্মী মহোৎসৱৰ কথা স্মৰণেৰে তেখেতে কয় যে আজি এই অনুষ্ঠানত উত্তৰ-পূৰ্বাঞ্চলত বিনিয়োগক উদযাপন কৰা হৈছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে এই সন্মিলনত একাধিক উদ্যোগপতিয়ে অংশগ্ৰহণ কৰাৰ কথা উল্লেখেৰে অঞ্চলটোৰ সুযোগৰাজিক কেন্দ্ৰ কৰি বিৰাজ কৰা উৎসাহ-উদ্দীপনাত আলোকপাত কৰে। তেখেতে সকলো মন্ত্ৰালয় আৰু ৰাজ্য চৰকাৰলৈ অভিনন্দন জ্ঞাপনেৰে এটি বিনিয়োগ-অনুকূল পৰিবেশ গঢ়ি তোলাৰ ক্ষেত্ৰত তেওঁলোকে গ্ৰহণ কৰা প্ৰচেষ্টাৰাজিৰ শলাগ লয়। সকলোকে শুভেচ্ছা জ্ঞাপনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৰাইজিং নৰ্থ-ইষ্ট ইনভেষ্টৰ্ছ ছামিটক ​​প্ৰশংসাৰে অঞ্চলটোৰ অবিৰত বিকাশ আৰু সমৃদ্ধিৰ প্ৰতি স্বকীয় দায়বদ্ধতাৰ কথা দোহাৰে।

কলকাটা বন্দৰ ন্যাসৰ ডেৰশবছৰীয়া জয়ন্তী উপলক্ষে আয়োজিত অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণ

January 12th, 11:18 am

নমস্কাৰ। আমাৰ প্ৰিয়বাংলাৰ ভাই-ভনীসকল! ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভকামনাৰ লগতে সমাগত মকৰ সংক্ৰান্তি উপলক্ষে আপোনালোক আটাইলৈকে মোৰ শুভেচ্ছা জ্ঞাপন কৰিলো।

কলকাতা প’ৰ্ট ট্ৰাষ্টৰ ডেৰশ বছৰীয়া জয়ন্তী সমাৰোহত উপস্থিত প্ৰধানমন্ত্ৰী, মুকলি কৰিলে কলকাতা প’ৰ্টৰ বহুমুখী বিকাশ প্ৰকল্প প’ৰ্টৰ বন্দনা গীত মুকলি

January 12th, 11:17 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কলকাতা প’ৰ্ট ট্ৰাষ্টৰ ডেৰশ বছৰীয়া জয়ন্তী সমাৰোহত অংশগ্ৰহণ কৰে৷