কমনৱেলথ দেশসমূহৰ লোকসভাৰ অধ্যক্ষ আৰু প্ৰিজাইডিং অফিচাৰসকলৰ ২৮সংখ্যক সন্মিলনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
January 15th, 11:00 am
সংসদীয় গণতন্ত্ৰত আপোনাৰ ভূমিকা অধ্যক্ষৰ। আমোদজনক কথাটো হ’ল অধ্যক্ষই বিশেষ কথা ক’বলৈ নাপায়। তেওঁৰ কাম হ’ল আনৰ কথা শুনা আৰু সকলোৱে সুযোগ পোৱাটো নিশ্চিত কৰা। অধ্যক্ষৰ এটা সাধাৰণ কথা হ’ল তেওঁৰ ধৈৰ্য্য। আনকি কোলাহলপূৰ্ণ আৰু অতি উৎসাহী সদস্যকো তেওঁলোকে হাঁহি এটা মাৰি চম্ভালে।সংবিধান সদনৰ কেন্দ্ৰীয় হলত কমনৱেলথৰ অধ্যক্ষ আৰু প্ৰিজাইডিং বিষয়াসকলৰ ২৮ সংখ্যক সন্মিলন উদ্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
January 15th, 10:32 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ সংসদ ভৱন চৌহদৰ সংবিধান সদনৰ কেন্দ্ৰীয় হলত কমনৱেলথৰ অধ্যক্ষ আৰু প্ৰিজাইডিং বিষয়াসকলৰ ২৮ সংখ্যক সন্মিলন (চিএছপিঅ’চি) উদ্বোধন কৰে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি শ্ৰী মোদীয়ে মন্তব্য কৰে যে সংসদীয় গণতন্ত্ৰত অধ্যক্ষৰ ভূমিকা অনন্য। তেওঁ উল্লেখ কৰে যে অধ্যক্ষই বেছি কথা ক’ব নোৱাৰে, কিন্তু তেওঁলোকৰ দায়িত্ব হ’ল আনৰ কথা শুনা আৰু সকলোৱে যাতে নিজৰ মত প্ৰকাশ কৰাৰ সুযোগ পায় সেয়া নিশ্চিত কৰা। তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে ধৈৰ্য্য হৈছে অধ্যক্ষসকলৰ অন্যতম বৈশিষ্ট্য, যিসকলে আনকি কোলাহল আৰু অতি-উৎসাহী সদস্যসকলক হাঁহিৰে পৰিচালনা কৰে।শ্ৰীমদ্ বিজয়ৰত্ন সুন্দৰ সুৰিশ্বৰজী মহাৰাজৰ ৫০০ সংখ্যক গ্ৰন্থ উন্মোচনৰ সময়ত প্ৰধানমন্ত্ৰীৰ বাৰ্তাৰ অনুবাদ
January 11th, 01:00 pm
এই শুভ ক্ষণত প্ৰথমে আমাৰ প্ৰেৰণাৰ উৎস, শ্ৰদ্ধাৰ ভূৱনভানুসুৰিশ্বৰ জী মহাৰাজৰ চৰণত প্ৰণাম জনাইছো। লগতে প্ৰসন্তমূৰ্তি সুবিশাল গচ্চাধিপতি পূজ্য শ্ৰীমদ বিজয় ৰাজেন্দ্ৰসুৰিশ্বৰ জী মহাৰাজ, পূজ্য গচ্চাধিপতি শ্ৰী কল্পতৰুসুৰিশ্বৰ জী মহাৰাজ, সৰস্বতী কৃপাপত্ৰ পৰম পূজ্য আচাৰ্য ভাগৱত শ্ৰীমদ বিজয়ৰত্নসুন্দৰসুৰিশ্বৰ জী মহাৰাজ আৰু এই অনুষ্ঠানত উপস্থিত থকা সকলো সাধু আৰু সাধ্বীলৈ শ্ৰদ্ধা যাচিছো।শ্ৰীমদ্ বিজয়ৰত্ন সুন্দৰ সুৰিশ্বৰজী মহাৰাজৰ ৫০০ সংখ্যক গ্ৰন্থ উন্মোচন অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বক্তব্য
January 11th, 12:44 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ বাৰ্তাৰ জৰিয়তে শ্ৰীমদ্ বিজয়ৰত্ন সুন্দৰ সুৰিশ্বৰজী মহাৰাজৰ ৫০০ সংখ্যক গ্ৰন্থ উন্মোচনৰ সময়ত ভাষণ দিয়ে। সভাত শ্ৰী মোদীয়ে মন্তব্য কৰে যে এই পবিত্ৰ অনুষ্ঠানত তেওঁ প্ৰথমে পূজনীয় ভূৱনভনুসুৰিশ্বৰ জী মহাৰাজৰ চৰণত প্ৰণাম কৰিছে, আৰু প্ৰসন্তমূৰ্তি সুবিশাল গচ্ছাধিপতি পূজ্য শ্ৰীমদ বিজয় ৰাজেন্দ্ৰসুৰিশ্বৰ জী মহাৰাজ, পূজ্য গচ্চাধিপতি শ্ৰী কল্পতৰুসুৰিশ্বৰ জি মহাৰাজ, সৰস্বতীক কৃপাপত্ৰ পৰম পূজ্য আচাৰ্য ভাগৱত শ্ৰীমদ্ বিজয়ৰত্নসুন্দৰসুৰিশ্বৰ জী মহাৰাজ আৰু অনুষ্ঠানত উপস্থিত থকা সকলো সাধু-সাধৱীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ উৰ্জা মহোৎসৱ সমিতিৰ সকলো সদস্যক সম্ভাষণ আৰু অভিনন্দন জনায়।সুভাশিতমৰ জৰিয়তে সদগুণ, চৰিত্ৰ, জ্ঞান আৰু সম্পদৰ কালজয়ী মূল্যবোধৰ ওপৰত প্ৰধানমন্ত্ৰীৰ আলোকপাত
January 07th, 09:49 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰতীয় পৰম্পৰাৰ স্থায়ী জ্ঞানৰ বিষয়ে আলোকপাত কৰি ৰাষ্ট্ৰীয় জীৱন আৰু ব্যক্তিগত আচৰণক পথ প্ৰদৰ্শন কৰি থকা মূল্যবোধৰ ওপৰত গুৰুত্ব আৰোপ কৰে।সাবিত্ৰীবাই ফুলেৰ জন্ম বাৰ্ষিকীত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি
January 03rd, 08:07 am
আজি সাবিত্ৰীবাই ফুলেৰ জন্ম বাৰ্ষিকী উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সেৱা আৰু শিক্ষাৰ জৰিয়তে সমাজত পৰিৱৰ্তন আনিবলৈ নিজৰ জীৱন উৎসৰ্গা কৰা অগ্ৰণী সমাজ সংস্কাৰকগৰাকীক স্মৰণ কৰে।৩ জানুৱাৰীত ভগৱান বুদ্ধ সম্পৰ্কীয় পবিত্ৰ পিপ্ৰহোৱা ধ্বংসাৱশেষৰ গ্ৰেণ্ড আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনী উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে
January 01st, 05:39 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ৩ জানুৱাৰী তাৰিখে পুৱা প্ৰায় ১১ বজাত নতুন দিল্লীৰ ৰায় পিথোৰা সাংস্কৃতিক কমপ্লেক্সত “ দ্য লাইট এণ্ড দ্য লোটাছঃ ৰেলিকছ অব দ্য ৱাকেণ্ড ৱান ” শীৰ্ষক ভগৱান বুদ্ধৰ সৈতে জড়িত পবিত্ৰ পিপ্ৰহোৱা ধ্বংসাৱশেষৰ গ্ৰেণ্ড আন্তঃৰাষ্ট্ৰীয় প্ৰদৰ্শনী উদ্বোধন কৰিব।ভাৰতীয় পৰম্পৰা আৰু মূল্যবোধৰ প্ৰচাৰৰ বাবে দূৰদৰ্শনৰ ‘সুপ্ৰভাতম’ কাৰ্যসূচীক প্ৰধানমন্ত্ৰীৰ প্ৰশংসা
December 08th, 11:33 am
প্ৰধানমন্ত্ৰীয়ে দূৰদৰ্শনত সম্প্ৰচাৰিত সুপ্ৰভাতম কাৰ্যসূচীৰ প্ৰশংসা কৰি কয় যে এই কাৰ্যসূচীয়ে পুৱাৰ এক সতেজ আৰম্ভণি কঢ়িয়াই আনে। তেওঁ কয় যে এই কাৰ্যসূচীত যোগৰ পৰা আৰম্ভ কৰি ভাৰতীয় জীৱনশৈলীৰ বিভিন্ন দিশলৈকে ভিন ভিন বিষয়বস্তু সামৰি লোৱা হৈছে।জি-২০ সন্মিলনৰ সময়ত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ অসমীয়া অনুবাদঃ প্ৰথম পৰ্ব
November 22nd, 09:36 pm
প্ৰথমে ৰাষ্ট্ৰপতি ৰামাফোছাক জি-২০ সন্মিলনৰ সুন্দৰ আয়োজন আৰু সফল অধ্যক্ষতাৰ বাবে অভিনন্দন জনাইছো।জোহান্সবাৰ্গত জি-২০ সন্মিলনত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ
November 22nd, 09:35 pm
প্ৰধানমন্ত্ৰীয়ে আজি জোহান্সবাৰ্গত দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি চিৰিল ৰামাফোছাৰ আতিথ্যত অনুষ্ঠিত জি-২০ নেতৃবৃন্দৰ সন্মিলনত অংশগ্ৰহণ কৰে। এয়া আছিল জি-২০ সন্মিলনত প্ৰধানমন্ত্ৰীৰ দ্বাদশ বাৰ্ষিক অংশগ্ৰহণ। প্ৰধানমন্ত্ৰীয়ে সন্মিলনৰ উদ্বোধনী অনুষ্ঠানৰ দুয়োটা পৰ্বত ভাষণ প্ৰদান কৰে। তেওঁ উষ্ণ আতিথ্য আৰু সন্মিলনখন সফলতাৰে আয়োজন কৰাৰ বাবে ৰাষ্ট্ৰপতি ৰামাফোছাক ধন্যবাদ জ্ঞাপন কৰে।অন্ধ্ৰপ্ৰদেশৰ পুট্টপৰ্থীত শ্ৰী সত্য সাই বাবাৰ জন্ম শতবাৰ্ষিকী উদযাপন কাৰ্য্যসূচীত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণপাঠ
November 19th, 11:00 am
মুখ্যমন্ত্ৰী শ্ৰী চন্দ্ৰবাবু নাইডু, কেন্দ্ৰত মোৰ সতীৰ্থ ৰামমোহন নাইডু, জি. কিষাণ ৰেড্ডী, ভূপতি ৰাজু শ্ৰীনিবাস বাৰ্মা, শচীন তেণ্ডুলকাৰ, উপ-মুখ্যমন্ত্ৰী পৱন কল্যাণ, ৰাজ্য চৰকাৰৰ মন্ত্ৰী নৰা লোকেশ, শ্ৰী সত্য সাই কেন্দ্ৰীয় ন্যাসৰ পৰিচালন ন্যাসৰক্ষী আৰ. জে. ৰত্নাকৰ, উপাচাৰ্য্য কে. চক্ৰৱৰ্তী, ঐশ্বৰ্য্য, বাকী সকলো বিশিষ্ট ব্যক্তি, ভদ্ৰলোক আৰু মহিলাসকল, সাই ৰাম!অন্ধ্ৰপ্ৰদেশৰ পুট্টাপৰ্থীত শ্ৰী সত্য সাই বাবাৰ জন্ম শতবাৰ্ষিকী উদযাপন অনুষ্ঠানক সম্বোধন প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
November 19th, 10:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অন্ধ্ৰ প্ৰদেশৰ পুট্টাপৰ্থীত ভগৱান শ্ৰী সত্য সাই বাবাৰ জন্ম শতবাৰ্ষিকী উদযাপন অনুষ্ঠানত ভাষণ প্ৰদান কৰে। প্ৰধানমন্ত্ৰীয়ে ‘সাই ৰাম’ৰে তেওঁৰ ভাষণ আৰম্ভ কৰে আৰু কয় যে পুট্টাপৰ্থীৰ পবিত্ৰ ভূমিত সকলোৰে মাজত উপস্থিত থকাটো এক আৱেগিক আৰু আধ্যাত্মিক অভিজ্ঞতা। তেওঁ কয় যে অলপ সময়ৰ পূৰ্বে তেওঁ বাবাৰ সমাধিত পুষ্পস্তবক অর্পণ কৰাৰ সুযোগ পাইছে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে বাবাৰ চৰণত প্ৰণিপাত কৰা আৰু তেওঁৰ আশীৰ্বাদ লাভ কৰাটোৱে সদায় গভীৰ আৱেগেৰে হৃদয় ভৰাই ৰাখে।মংগোলিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে যুটীয়া প্ৰেছ বিবৃতিৰ সময়ত প্ৰধানমন্ত্ৰীৰ প্ৰেছ বিবৃতি
October 14th, 01:15 pm
ছবছৰৰ অন্তত মংগোলিয়াৰ ৰাষ্ট্ৰপতিৰ ভাৰত ভ্ৰমণ এক অতি বিশেষ অনুষ্ঠান। এই ভ্ৰমণ ভাৰত আৰু মংগোলিয়াই কূটনৈতিক সম্পৰ্কৰ ৭০ বছৰ আৰু কৌশলগত অংশীদাৰিত্বৰ ১০ বছৰ উদযাপন কৰাৰ সময়তে হৈছে। এই উপলক্ষে আমি আমাৰ ভাগ-বাটোৱাৰা কৰা ঐতিহ্য, বৈচিত্ৰ্য আৰু গভীৰ সভ্যতামূলক সম্পৰ্কৰ প্ৰতীক হিচাপে এটা যৌথ ডাক ষ্টাম্প জাৰি কৰিছো।প্ৰধানমন্ত্ৰীয়ে বাল্মিকী জয়ন্তী উপলক্ষে সকলোকে শুভেচ্ছা জনাইছে
October 07th, 09:15 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বাল্মীকি জয়ন্তীৰ শুভ উপলক্ষত ৰাষ্ট্ৰবাসীক সম্ভাষণ জনায়।দিল্লীৰ যশোভূমিত আয়োজিত ইণ্ডিয়া ম’বাইল কংগ্ৰেছ, ২০২৫-ত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
October 04th, 10:45 am
কেবিনেটত মোৰ সতীৰ্থ জ্যোতিৰাদিত্য সিন্ধিয়া ডাঙৰীয়া, ৰাজ্যিক মন্ত্ৰী চন্দ্ৰ শেখৰ পেম্মাছানি ডাঙৰীয়া, ভিন্ন ৰাজ্যৰ প্ৰতিনিধি, বহিঃৰাষ্ট্ৰৰ পৰা অহা আমাৰ অতিথি, টেলিকম খণ্ডৰ লগত জড়িত সকলো গণ্যমান্য ব্যক্তি, ইয়াত উপস্থিত থকা ভিন্ন মহাবিদ্যালয়ৰ মোৰ যুৱ বন্ধুসকল, ভদ্ৰলোক আৰু মহিলাসকল!প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কৌশল দীক্ষান্ত সমাৰোহ সম্বোধনেৰে ৬২,০০০ কোটি টকাৰো অধিক মূল্যৰ যুৱ-কেন্দ্ৰিক পদক্ষেপৰাজিৰ শুভাৰম্ভ কৰে
October 04th, 10:29 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত কৌশল দীক্ষান্ত সমাৰোহত অংশগ্ৰহণেৰে ৬২,০০০ কোটি টকাৰো অধিক মূল্যৰ ভিন্ন যুৱ-কেন্দ্ৰিক পদক্ষেপৰ শুভাৰম্ভ কৰে। প্রধানমন্ত্রীগৰাকীয়ে সমগ্ৰ দেশৰ আইটিআই সমূহৰ সৈতে জড়িত লাখ-লাখ ছাত্র-ছাত্রীৰ লগতে বিহাৰৰ ছাত্র-ছাত্রী আৰু শিক্ষক-শিক্ষয়িত্রীসকলক শুভেচ্ছা জ্ঞাপনেৰে কয় যে কেইবছৰমান পূর্বে চৰকাৰে আইটিআই সমূহৰ ছাত্র-ছাত্রী সকলৰ বাবে বৃহৎ-পৰিসৰৰ সমাৱৰ্তন অনুষ্ঠান আয়োজনৰ এক নতুন পৰম্পৰা আৰম্ভ কৰিছিল। তেখেতে আজি সেই পৰম্পৰাৰেই আন এক মাইলৰ খুঁটি স্থাপন হৈছে বুলি কয়।নতুন দিল্লীত জ্ঞান ভাৰতম আন্তঃৰাষ্ট্ৰীয় সন্মিলনত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
September 12th, 04:54 pm
বিজ্ঞান ভৱন আজি ভাৰতৰ সোণালী অতীতৰ পুনৰ উত্থানৰ সাক্ষী হৈ পৰিছে। মই মাত্ৰ কেইদিনমান পূৰ্বে জ্ঞান ভাৰতম অভিযানৰ কথা ঘোষণা কৰিছিলোঁ আৰু ইমান কম সময়ৰ ভিতৰতে এইদৰে জ্ঞান ভাৰতম আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ আয়োজন কৰা হৈছে। আজি এই মিছনৰে জড়িত পৰ্টেলটোও মুকলি কৰা হৈছে। এয়া কোনো চৰকাৰী বা শৈক্ষিক অনুষ্ঠান নহয়। বৰঞ্চ জ্ঞান ভাৰতম অভিযান ভাৰতৰ সংস্কৃতি, সাহিত্য, চেতনাৰ মূৰ্ত প্ৰকাশ হিচাপে পৰিগণিত হ’ব। আমাৰ হাজাৰ-হাজাৰ প্ৰজন্মৰ চিন্তাশীল উত্তৰাধিকাৰ, ভাৰতৰ জ্ঞান, পৰম্পৰা আৰু বৈজ্ঞানিক ঐতিহ্য, ভাৰতৰ মহান ঋষি, আচাৰ্য্য, পণ্ডিতসকলৰ প্ৰজ্ঞা আৰু গৱেষণাৰাজি - জ্ঞান ভাৰতম অভিযানৰ জৰিয়তে এই উত্তৰাধিকাৰসমূহ ডিজিটাইজ কৰা হৈছে। এই অভিযানৰ বাবে মই সকলো নাগৰিককে অভিনন্দন জ্ঞাপনৰ লগতে সমগ্ৰ জ্ঞান ভাৰতম টীম আৰু সাংস্কৃতিক মন্ত্ৰালয়লৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত জ্ঞান ভাৰতম আন্তঃৰাষ্ট্ৰীয় সন্মিলন সম্বোধন কৰে
September 12th, 04:45 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ বিজ্ঞান ভৱনত আয়োজিত জ্ঞান ভাৰতম আন্তঃৰাষ্ট্ৰীয় সন্মিলন সম্বোধন কৰে। এই উপলক্ষে সমবেতসকলক সম্বোধনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে বিজ্ঞান ভৱন আজি ভাৰতৰ সোণালী অতীতৰ পুনৰ উত্থানৰ সাক্ষী হৈ পৰিছে। তেখেতে কয় যে মাত্ৰ কেইদিনমান পূৰ্বে তেখেতে জ্ঞান ভাৰতম অভিযানৰ কথা ঘোষণা কৰিছিল আৰু ইমান কম সময়ৰ ভিতৰতে এইদৰে জ্ঞান ভাৰতম আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ আয়োজন কৰা হৈছে। শ্ৰী মোদীয়ে অৱগত কৰে যে আজি এই মিছনৰে জড়িত পৰ্টেলটোও মুকলি কৰা হৈছে। এয়া কোনো চৰকাৰী বা শৈক্ষিক অনুষ্ঠান নহয় বুলি উল্লেখেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে জ্ঞান ভাৰতম অভিযান ভাৰতৰ সংস্কৃতি, সাহিত্য, চেতনাৰ মূৰ্ত প্ৰকাশ হিচাপে পৰিগণিত হ’ব। তেখেতে হাজাৰ-হাজাৰ প্ৰজন্মৰ চিন্তাশীল উত্তৰাধিকাৰ সন্দৰ্ভত চিন্তা-চৰ্চা কৰে। ভাৰতৰ জ্ঞান, পৰম্পৰা আৰু বৈজ্ঞানিক ঐতিহ্যত আলোকপাতেৰে তেখেতে ভাৰতৰ মহান ঋষি, আচাৰ্য্য, পণ্ডিতসকলৰ প্ৰজ্ঞা আৰু গৱেষণাৰাজিৰ কথা স্মৰণ কৰে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে জ্ঞান ভাৰতম অভিযানৰ জৰিয়তে এই উত্তৰাধিকাৰসমূহ ডিজিটাইজ কৰা হৈছে। এই অভিযানৰ বাবে তেখেতে সকলো নাগৰিককে অভিনন্দন জ্ঞাপনৰ লগতে সমগ্ৰ জ্ঞান ভাৰতম টীম আৰু সাংস্কৃতিক মন্ত্ৰালয়লৈ শুভেচ্ছা জ্ঞাপন কৰে।১২ ছেপ্টেম্বৰত নতুন দিল্লীত জ্ঞান ভাৰতম সম্পৰ্কীয় আন্তঃৰাষ্ট্ৰীয় সন্মিলনত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে
September 11th, 04:57 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১২ ছেপ্টেম্বৰ, ২০২৫ৰ বিয়লি প্ৰায় ৪:৩০ বজাত নতুন দিল্লীৰ বিজ্ঞান ভৱনত জ্ঞান ভাৰতম সম্পৰ্কীয় আন্তঃৰাষ্ট্ৰীয় সন্মিলনত অংশগ্ৰহণ কৰিব। তেওঁ লগতে পাণ্ডুলিপিসমূহৰ ডিজিটেলাইজেচন, সংৰক্ষণ আৰু জনসাধাৰণে সহজে পাব পৰাকৈ এক নিৰ্দিষ্ট ডিজিটেল প্লেটফৰ্ম জ্ঞান ভাৰতম পৰ্টেল মুকলি কৰিব। এই উপলক্ষে সভাত ভাষণো আগবঢ়াব প্ৰধানমন্ত্ৰীয়ে।ৰাষ্ট্ৰীয় বঁটা বিজয়ী শিক্ষকৰ সৈতে হোৱা বৈঠকত প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ পূৰ্ণপাঠ
September 04th, 05:35 pm
আমাৰ পৰম্পৰাত শিক্ষকৰ প্ৰতি স্বাভাৱিকভাবেই সন্মান আছে আৰু তেওঁলোক সমাজৰ এক বৃহৎ শক্তিও। শিক্ষকসকলক আশীৰ্বাদ লাভৰ বাবে থিয় হ’ব লৈ দিয়াটো ভুল হ’ব। মই এনে পাপ কৰিব নিবিচাৰো। কিন্তু আপোনালোকৰ সৈতে বাৰ্তালাপ কৰিব পাৰে মই নিশ্চয়কৈ ভাল পাম। মোৰ বাবে আপোনালোক সকলোকে লগ পোৱাটো এক সুন্দৰ অভিজ্ঞতা হৈ ৰ’ব। আপোনালোকৰ প্ৰত্যেকৰে নিজৰ নিজৰ কাহিনী থাকিব লাগিব, কাৰণ ইয়াৰ অবিহনে আপোনালোকে এই পৰ্যায়ত উপনীত নহ’লহেঁতেন। সেই সকলোবোৰ কাহিনী জানিবলৈ যথেষ্ট সময় পোৱাটো কঠিন, কিন্তু আপোনালোকৰ পৰা যিখিনি শিকিব পাৰিলোঁ সেয়া সঁচাকৈয়ে প্ৰেৰণাদায়ক আৰু তাৰ বাবে মই আপোনালোক সকলোকে আন্তৰিকতাৰে অভিনন্দন জনাইছো। ৰাষ্ট্ৰীয় বঁটা লাভ কৰাটো নিজৰ বাবেই শেষ কথা নহয়। এতিয়া এই বঁটা লাভৰ পিছতে সকলোৰে দৃষ্টি আপোনালোকৰ ওপৰতে নিবদ্ধ থাকিব। অৰ্থাৎ আপোনালোকৰ প্ৰসাৰ বহু পৰিমাণে বৃদ্ধি পাইছে। আগতে আপোনালোকৰ প্ৰভাৱ বা আদেশৰ ক্ষেত্ৰখন সীমিত আছিল যদিও এতিয়া এই স্বীকৃতিৰ পিছত ই বহু পৰিমাণে বিশাল হৈ পৰিল। । মোৰ বিশ্বাস এয়াই আৰম্ভণি, আৰু এই সুযোগটো গ্ৰহণ কৰিব লাগিব। আপোনালোকৰ ভিতৰত যি আছে, যিমান পাৰে সেয়া ভাগ-বতৰা কৰা উচিত। তেনে কৰাৰ লগে লগে আপোনালোকৰ সন্তুষ্টিৰ ভাব বাঢ়িব আৰু সেই দিশত আপোনালোকে চেষ্টা অব্যাহত ৰাখিব লাগে। এই বঁটাৰ বাবে আপোনালোকক নিৰ্বাচন কৰাটো আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু অহৰহ নিষ্ঠাৰ সাক্ষ্য। তাৰ বাবেইহে এয়া সম্ভৱ হৈছে। এজন শিক্ষকে কেৱল বৰ্তমানেই নহয়, দেশ খনৰ ভৱিষ্যত প্ৰজন্মকো গঢ় দিয়ে, ভৱিষ্যতক উজ্জ্বল কৰে আৰু মই বিশ্বাস কৰোঁ যে এয়া আন যিকোনো কামতকৈ কম নহয়। আজি আপোনালোকৰ দৰে কোটি কোটি শিক্ষকে একে ভক্তি, আন্তৰিকতা, নিষ্ঠাৰে দেশৰ সেৱাত নিয়োজিত হৈ আছে। সকলোৱে ইয়ালৈ অহাৰ সুযোগ নাপায়। হয়তো বহুতে চেষ্টাও কৰা নাছিল, বা কিছুমানে লক্ষ্যও স্থিৰ কৰা নাছিল। এনে সামৰ্থ্য থকা মানুহ অগণন। তেওঁলোকৰ সকলোৰে সামূহিক প্ৰচেষ্টাই দেশ খনৰ অগ্ৰগতি অব্যাহত থকাটো নিশ্চিত কৰে, নতুন প্ৰজন্মক লালন-পালন কৰে, যিসকলে দেশৰ বাবে জীয়াই থাকে আৰু তাত সকলোৰে অৱদান আছে।