ভাৰত আৰু জাপানৰ মাজত অৰ্থনৈতিক সহযোগিতা গভীৰ কৰাৰ প্ৰসংগ আলোচনা কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে ‘কেইজাই ডয়ুকাই’ৰ উচ্চ ক্ষমতাসম্পন্ন প্ৰতিনিধিদলক সাক্ষাৎ কৰে

March 27th, 08:17 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুৱাৰ ভাগত ‘৭, লোক কল্যাণ মাৰ্গ’ত ভাৰত আৰু জাপানৰ মাজত অৰ্থনৈতিক সহযোগিতা গভীৰ কৰাৰ প্ৰসংগত কেইজাই ডয়ুকাই (জাপান এছ'চিয়েশ্যন অব কৰ্পোৰেট এক্সিকিউটিভছ)ৰ মতামত আৰু অৱধাৰণাসমূহ শুনিবলৈ সংগঠনটোৰ অধ্যক্ষ শ্ৰীযুত তাকেশ্বি নিনামিৰ নেতৃত্বত অহা এটা কুৰিজনীয়া উচ্চ ক্ষমতাসম্পন্ন প্ৰতিনিধি দলৰ সৈতে মিলিত হয়।