Kaziranga is the soul of Assam and a priceless jewel of India’s biodiversity: PM Modi in Kaliabor

January 18th, 11:30 am

While performing the Bhoomi Poojan of the Kaziranga Elevated Corridor Project in Assam, PM Modi emphasized that Kaziranga is not just a National Park but the soul of Assam. He remarked that the corridor will improve connectivity between Upper Assam and Arunachal Pradesh, and along with new rail services, will open fresh opportunities for the people. He highlighted BJP’s recent victories in elections across the country, underscoring that voters are choosing good governance.

অসমৰ কলিয়াবৰত ৬,৯৫০ কোটি টকাৰো অধিক মূল্যৰ কাজিৰঙা এলিভেটেড কৰিডৰ প্ৰকল্পৰ ভূমি পূজন কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে

January 18th, 11:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অসমৰ কলিয়াবৰত ৬,৯৫০ কোটি টকাৰো অধিক মূল্যৰ কাজিৰঙা এলিভেটেড কৰিডৰ প্ৰজেক্ট (ৰাষ্ট্ৰীয় ঘাইপথ -৭১৫ৰ কলিয়াবৰ-নুমলীগড় অংশৰ ৪-লেন)ৰ ভূমি পূজন কৰে। এই উপলক্ষে আয়োজিত সভাত ভাষণ প্ৰদান কৰি শ্ৰী মোদীয়ে ৰাইজক কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে ইমান বৃহৎ সংখ্যক লোকে তেওঁক আশীৰ্বাদ দিবলৈ অহাৰ বাবে গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰে।

১৭-১৮ জানুৱাৰীত অসম ভ্ৰমণ প্ৰধানমন্ত্ৰীৰ

January 16th, 02:51 pm

১৭ জানুৱাৰীত সন্ধিয়া প্ৰায় ৬ বজাত প্ৰধানমন্ত্ৰীয়ে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত পৰম্পৰাগত বড়ো সাংস্কৃতিক কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।

Cabinet approves 4 laning of Kalibor- Numaligarh section of NH-715 in Assam

October 01st, 03:26 pm

The Cabinet Committee on Economic Affairs (CCEA), chaired by PM Modi, has approved the widening and improvement of the existing carriageway to four lanes on the Kalibor–Numaligarh section of NH-715 in Assam. Upon completion, the project will boost regional economic growth and strengthen connectivity between major tourism, industrial, and economic centers.

আত্মনিৰ্ভৰশীলতাৰ জৰিয়তেহে ২০৪৭ চনত এখন উন্নত ভাৰতৰ পথ প্ৰশস্ত হ'ব: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

July 27th, 11:30 am

'মন কি বাত'ত আকৌ এবাৰ আমি দেশৰ সফলতা, দেশবাসীৰ সাফল্যৰ কথা ক'বলৈ ওলাইছো। যোৱা কেইসপ্তাহমানৰ ভিতৰত ক্ৰীড়ায়েই হওক, বিজ্ঞানেই হওক বা সংস্কৃতিয়েই হওক, বহু ক্ষেত্ৰত কথাই ঘটিছে, যাৰ বাবে প্ৰতিজন ভাৰতীয়ই গৌৰৱবোধ কৰিছে। শেহতীয়াকৈ মহাকাশৰ পৰা শুভাংশু শুক্লাই উভতি অহাক লৈ দেশত ব্যাপক চৰ্চা চলিছে। শুভাংশুৱে নিৰাপদে পৃথিৱীত অৱতৰণ কৰাৰ লগে লগে মানুহে আনন্দত আত্মহাৰা হৈ পৰিছে, প্ৰতিজন লোকৰ হৃদয়ত সুখৰ ঢৌৱে খেলাই গৈছে। সমগ্ৰ দেশ গৌৰাৱান্বিত হৈ পৰিছে। মোৰ মনত পৰিছে, ২০২৩ চনৰ আগষ্ট মাহত যেতিয়া চন্দ্ৰযান-৩-এ সফলতাৰে অৱতৰণ কৰিছিল, তেতিয়া দেশত এক নতুন পৰিৱেশৰ সৃষ্টি হৈছিল। বিজ্ঞানৰ প্ৰতি, মহাকাশৰ প্ৰতিও শিশুসকলৰ মনতো নতুন কৌতুহল জগাই তুলিছিল। এতিয়া শিশুসকলে কয়, আমিও মহাকাশলৈ যাম, আমি চন্দ্ৰতো অৱতৰণ কৰিম - আমি মহাকাশ বিজ্ঞানী হ'ম।

অসমৰ গুৱাহাটীত ঝুমইৰ বিনন্দিনী কাৰ্যসূচীত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ

February 24th, 06:40 pm

অসমৰ ৰাজ্যপাল শ্ৰী লক্ষ্মণ প্ৰসাদ আচাৰ্য জী, শক্তিশালী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা জী, কেন্দ্ৰীয় চৰকাৰৰ মোৰ সহযোগী ড° এছ জয়শংকৰ, সৰ্বানন্দ সোণোৱাল, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহা জী, অন্যান্য মন্ত্ৰীগণ, সাংসদগণ, বিধায়ক, সকলো শিল্পী বন্ধু আৰু অসমৰ মোৰ ভাতৃ আৰু ভগ্নীসকল,

গুৱাহাটীত ঝুমইৰ বিনন্দিনী কাৰ্যসূচীত অংশগ্ৰহণ কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে

February 24th, 06:39 pm

আজি অসমৰ গুৱাহাটীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিশাল আয়োজনেৰে অনুষ্ঠিত কৰা ঝুমইৰ বিনন্দিনী ২০২৫ অনুষ্ঠানত অংশগ্ৰহণ কৰে। এই উপলক্ষ্যে আয়োজিত বিশাল সভাত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এই অনুষ্ঠানটোৱে শক্তি, উৎসাহ আৰু উত্তেজনাৰ প্ৰতিধ্বনিৰে ভৰা এক পৰিৱেশৰ সৃষ্টি কৰিছে । চাহ বাগিচাৰ সুগন্ধি আৰু সৌন্দৰ্য্য প্ৰতিফলিত কৰা ঝুমইৰ নৃত্যৰ বাবে সকলো শিল্পীয়ে কৰা আকৰ্ষণীয় প্ৰস্তুতিৰ কথাও তেওঁ লক্ষ্য কৰে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে ঝুমইৰ আৰু চাহ বাগিচাৰ সংস্কৃতিৰ সৈতে ৰাইজৰ যিদৰে বিশেষ সম্পৰ্ক আছে, ঠিক তেনেদৰে তেওঁৰো ইয়াৰ সৈতে একেধৰণৰ সংযোগ আছে। তেওঁ লগতে কয় যে আজি ইমান বৃহৎ সংখ্যক শিল্পীয়ে একেলগে ঝুমইৰ নৃত্য পৰিবেশন কৰি অভিলেখ গঢ়িলে। ২০২৩ চনত ১১ হাজাৰ শিল্পীয়ে বিহু নৃত্য পৰিবেশন কৰি অভিলেখ ৰচনা কৰাৰ সময়ত অসম ভ্ৰমণৰ কথা স্মৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এয়া তেওঁৰ বাবে এক অবিস্মৰণীয় স্মৃতি । এনে এক সুন্দৰ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে অসম চৰকাৰ আৰু অসমৰ মুখ্যমন্ত্ৰীক অভিনন্দন জ্ঞাপন কৰে। তেওঁ কয় যে আজি অসমৰ বাবে গৌৰৱৰ দিন, এই বৃহৎ উদযাপনত চাহ জনগোষ্ঠীৰ ৰাইজে অংশগ্ৰহণ কৰিছে। এই বিশেষ দিনটোতে তেওঁ সকলোকে শুভেচ্ছা জ্ঞাপন কৰে। এনে অনুষ্ঠান কেৱল অসমৰ গৌৰৱৰেই সাক্ষ্য নহয়, ই ভাৰতৰ মহান বৈচিত্ৰ্যও প্রদর্শন কৰা বুলি উল্লেখ কৰি প্রধানমন্ত্রীয়ে কয় যে উন্নয়ন আৰু সংস্কৃতিৰ দিশৰ পৰা অসম তথা উত্তৰ-পূর্বাঞ্চল অৱহেলিত হৈ আছিল ৷ তেওঁ লগতে এইবুলিও কয় যে এতিয়া তেওঁ নিজেই উত্তৰ-পূবৰ সংস্কৃতিৰ ব্ৰেণ্ড এম্বেছাদৰ হৈ পৰিছে। তেওঁ উল্লেখ কৰে যে তেওঁ অসমৰ কাজিৰঙাত থাকি ইয়াৰ জৈৱ বৈচিত্ৰ্যক বিশ্বৰ আগত প্ৰচাৰ কৰা প্ৰথমজন প্ৰধানমন্ত্ৰী। তেওঁ লগতে উল্লেখ কৰে যে কেইমাহমানৰ পূৰ্বে অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা প্ৰদান কৰা হৈছিল, যিটো স্বীকৃতিৰ বাবে অসমৰ জনসাধাৰণে দশক দশক ধৰি অপেক্ষা কৰি আছিল। ইয়াৰ উপৰি চৰাইদেউ মৈদামক ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। এয়া চৰকাৰৰ প্ৰচেষ্টাৰ বলতেই লাভ কৰা এক উল্লেখযোগ্য কৃতিত্ব বুলি তেওঁ উল্লেখ কৰে।

বিশ্ব গঁড় দিৱস উপলক্ষে গঁড় সুৰক্ষাৰ প্ৰতি পুনৰবাৰ দায়বদ্ধতা প্ৰকাশ প্ৰধানমন্ত্ৰীৰ

September 22nd, 12:17 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্ব গঁড় দিৱস উপলক্ষে গঁড় সুৰক্ষাৰ প্ৰতি দেশৰ দায়বদ্ধতাক পুনৰবাৰ দৃঢ়তাৰে উল্লেখ কৰিছে। ভাৰতত বৃহৎ সংখ্যক এশিঙীয়া গঁড় থকা অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান পৰিদৰ্শন কৰিবলৈও তেওঁ দেশবাসীক আহ্বান জনায়।

অসমৰ যোৰহাটত বিভিন্ন প্ৰকল্পৰ শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ

March 09th, 01:50 pm

অসমৰ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাজী, মোৰ মন্ত্ৰীসভাৰ সহকৰ্মী সৰ্বানন্দ সোণোৱালজী, ৰামেশ্বৰ তেলীজী, অসম চৰকাৰৰ মন্ত্ৰীসকল, উপস্থিত জনপ্ৰতিনিধিসকল, গণ্যমান্য ব্যক্তিসকল আৰু অসমৰ মোৰ মৰমৰ ভাই-ভনীসকল।

অসমৰ যোৰহাটত ১৭,৫০০ কোটি টকাতকৈ অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন, ৰাষ্ট্ৰক সমৰ্পিত আৰু আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰীয়ে

March 09th, 01:14 pm

প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে আজি অসমৰ যোৰহাটত ১৭,৫০০ কোটি টকাতকৈ অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ, ৰাষ্ট্ৰক সমৰ্পিত আৰু আধাৰশিলা স্থাপন কৰে। আজিৰ উন্নয়নমূলক প্ৰকল্পসমূহে স্বাস্থ্য, তেল আৰু গেছ, ৰে'ল আৰু গৃহ নিৰ্মাণ খণ্ডক সামৰি লৈছে।

অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ প্ৰধানমন্ত্ৰীৰ

March 09th, 10:00 am

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুৱা ইউনেস্ক’ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰে৷ শ্ৰী মোদীয়ে লগতে সকলো নাগৰিককে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰিবলৈ আৰু ইয়াৰ অতুলনীয় নৈসৰ্গিক সৌন্দৰ্য উপভোগ কৰিবলৈ আহ্বান জনায়৷ তেওঁ সংৰক্ষণ প্ৰচেষ্টাত অগ্ৰণী ভূমিকা পালন কৰা মহিলা বনৰক্ষীৰ দল, বন দুৰ্গাৰ সৈতে মত বিনিময় কৰে আৰু প্ৰাকৃতিক ঐতিহ্য ৰক্ষাৰ ক্ষেত্ৰত তেওঁলোকৰ নিষ্ঠা আৰু সাহসৰ প্ৰশংসা কৰে। প্ৰধানমন্ত্ৰী মোদীয়ে লক্ষীমাই, প্ৰদ্যুম্ন আৰু ফুলমাই নামৰ হাতী কেইটাক কুঁহিয়াৰ খুৱাই থকা কেইখনমান ফটোও শ্বেয়াৰ কৰে৷

প্ৰধানমন্ত্ৰীয়ে ৮-১০ মাৰ্চত অসম, অৰুণাচল প্ৰদেশ, পশ্চিমবংগ আৰু উত্তৰ প্ৰদেশ ভ্ৰমণ কৰিব

March 08th, 04:12 pm

৮ মাৰ্চত প্ৰধানমন্ত্ৰীয়ে অসমলৈ যাত্ৰা কৰিব। ৯ মাৰ্চৰ পুৱা প্ৰায় ৫:৪৫ বজাত প্ৰধানমন্ত্ৰীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিব। পুৱা ১০:৩০ বজাত তেখেতে ইটানগৰত ‘বিকশিত ভাৰত, বিকশিত উত্তৰ-পূব’ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰিব। ইয়াতে তেখেতে ছেলা টানেল ৰাষ্ট্ৰলৈ উৎসৰ্গা কৰিব আৰু প্ৰায় ১০,০০০ কোটি টকা মূল্যৰ উন্নতি আঁচনিৰ শুভাৰম্ভ কৰিব। এই কাৰ্য্যসূচীতে তেখেতে মণিপুৰ, মেঘালয়, নাগালেণ্ড, ছিকিম, ত্ৰিপুৰা আৰু অৰুণাচল প্ৰদেশত প্ৰায় ৫৫,৬০০ কোটি টকা মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন, উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰিব। ইয়াৰ পিছত প্ৰধানমন্ত্ৰীয়ে দিনৰ প্ৰায় ১২:১৫ বজাত যোৰহাটত উপস্থিত হৈ প্ৰখ্যাত আহোম সেনাপতি লাচিত বৰফুকনৰ সু-উচ্চ প্ৰতিমূৰ্তি উন্মোচন কৰিব। লগতে যোৰহাটত এক ৰাজহুৱা কাৰ্য্যসূচীত অংশগ্ৰহণেৰে অসমত ১৭,৫০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন, উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰিব।